সমললৈ যাওক

ফকিৰা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফকিৰা
চিত্ৰ:Fakira.jpg
Poster
পৰিচালক চি.পি. দীক্ষিত
ৰচনা এছ. এম আব্বাছ
আৰ.কে. বেনাৰ্জী
ধ্ৰুৱ চেটাৰ্জী
প্ৰযোজক এন.এন. ছিপি
অভিনয়ত শশী কাপুৰ
শ্বাবানা আজমী
আছৰানী
অৰুণা ইৰাণী
ডেনি ডেংজংপা
ইফটেখৰ
চিত্ৰগ্ৰহণকাৰী ফলি মিস্ত্ৰি
সম্পাদনা ৱামন বি ভোছলে
গুৰুদত্ত শিৰালি
সংগীত পৰিচালক ৰবীন্দ্ৰ জৈন
মুক্তি
 ছেপ্টেম্বৰ ১৯৭৬ (1976-09-06)
দেশ ভাৰত
ভাষা হিন্দী
সৰ্বমুঠ আয় ₹5 crore[1]

ফকিৰা (ইংৰাজী: Fakira) হৈছে এন.এন. ছিপি প্ৰযোজিত আৰু চি.পি. দীক্ষিত পৰিচালিত ১৯৭৬ চনৰ ভাৰতীয় হিন্দী ভাষাৰ অপৰাধমূলক একচনধৰ্মী চলচ্চিত্ৰ। চলচ্চিত্ৰখনত অভিনয় কৰিছে শশী কাপুৰ, শ্বাবানা আজমী, আছৰানী, অৰুণা ইৰাণী, ডেনি ডেনজংপা, অসিত সেন, ৰমেশ দেও আৰু মদন পুৰীয়ে। সংগীত ৰবীন্দ্ৰ জৈনৰ। বোলছবিখন বক্স অফিচত হিট হৈ বছৰটোৰ ৬ষ্ঠ সৰ্বাধিক উপাৰ্জন কৰা বোলছবি হিচাপে আত্মপ্ৰকাশ কৰিছিল।[2][3] ছবিখনৰ প্ৰযোজক (এন.এন. চিপ্পী), অভিনেতা-অভিনেত্ৰী (শশী কাপুৰ, আছৰানী, ডেনি ডেনজংপা, মদন পুৰী) আৰু সংগীত সুৰকাৰ (ৰবীন্দ্ৰ জৈন)ৰ দলটোৱে ইয়াৰ পূৰ্বেও বক্স অফিচত হিট ছবি চ’ৰ মাচায়ে শ্ব’ৰ (১৯৭৪)ৰ বাবে একেলগে কাম কৰিছিল। পৰৱৰ্তী সময়ত ফকিৰাক তেলেগু ছবি ডংগালাকু ডংগা (১৯৭৮) হিচাপে‍ পুনৰ নিৰ্মাণ কৰা হয়।

দুই ভায়েকে‍ জুইত নিজৰ মাক-দেউতাকক হেৰুৱাইছে। বেয়া মানুহৰ হাৰাশাস্তিৰ ফলত দুয়ো বিচ্ছিন্ন হৈ পৰে। ডাঙৰ হৈ অপৰাধী হৈ পৰে। এজনৰ চৰিত্ৰত অভিনয় কৰিছে শশী কাপুৰে, আনজনৰ চৰিত্ৰত অভিনয় কৰিছে ডেনি ডেনজংপাৰে৷ ককাই-ভাই বুলি নজনাকৈ দুয়ো পৰস্পৰৰ শত্ৰু হৈ পৰে। আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰা শ্বাবানা আজমীৰ আণ্ডাৰকাভাৰ হৈ পৰে‍ অপৰাধী গোটৰ আছৰানী আৰু অৰুণা ইৰানীকে ধৰি শশী কাপুৰ৷ শ্বাবানা আজমী আৰু শশী কাপুৰৰ প্ৰেমত পৰে, কিন্তু অৰুণা ইৰাণীয়ে তাইক বিশ্বাস নকৰে কিয়নো তাই নিজে শশী কাপুৰক ভাল পায়। মদন পুৰী খলনায়ক।

চৰিত্ৰাভিনয়

[সম্পাদনা কৰক]

গানৰ তালিকা

[সম্পাদনা কৰক]

পুৰস্কাৰ আৰু মনোনয়ন

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Boxofficeindia.com". 15 January 2013. Archived from the original on 20 October 2013. https://web.archive.org/web/20131020100250/http://www.boxofficeindia.com/showProd.php?itemCat=182&catName=MTk3Ng== আহৰণ কৰা হৈছে: 23 July 2026.
  2. "BoxOffice India.com". Archived from the original on 20 October 2013. https://web.archive.org/web/20131020100250/http://www.boxofficeindia.com/showProd.php?itemCat=182&catName=MTk3Ng==.
  3. "Top movies of Shashi Kapoor | 'Fakira'". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/top-movies-of-shashi-kapoor/fakira/photostory/61927804.cms.
  4. "1st Filmfare Awards 1953". ২৮ জুলাই ২০২১. http://deep750.googlepages.com/FilmfareAwards.pdf.