সমললৈ যাওক

ফণীশ্বৰনাথ ৰেণু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফণীশ্বৰনাথ ৰেণু
জন্ম ৪ মাৰ্চ, ১৯২১
আৰাৰিয়া, বিহাৰ, ভাৰত
মৃত্যু ১১ এপ্ৰিল, ১৯৭৭ (৫৬ বছৰ)
পেচা ঔপন্যাসিক
উল্লেখনীয় কৰ্মৰাজি মৈলা আঁচল (The Soiled Linen, 1954)
সন্তান কবিতা ৰায়, পদ্ম পৰাগ ৰেণু, নাভনীত, অপৰাজিত, দক্ষিণেশ্বৰ প্ৰসাদ ৰায়

ফণীশ্বৰনাথ মণ্ডল ‘ৰেণু’[1] (৪ মাৰ্চ ১৯২১ – ১১ এপ্ৰিল ১৯৭৭) আধুনিক হিন্দী সাহিত্যৰ অতি সফল আৰু প্ৰভাৱশালী সাহিত্যিকসকলৰ অন্যতম, প্ৰেমচন্দ–উত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক। তেওঁৰ ৰচিত মৈলা আঁচলক, প্ৰেমচন্দগোদানৰ পিছত, হিন্দী সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ উপন্যাস হিচাপে গণ্য কৰা হয়।[2]

ফণীশ্বৰনাথ (মণ্ডল) ৰেণুৰ জন্ম হৈছিল ৪ মাৰ্চ ১৯২১ তাৰিখে বিহাৰৰ সিমৰাহা ৰেলৱে ষ্টেচন দেৰিদি অৱস্থিত এখন সৰু গাঁৱ, অউৰাহী হিংনাত। তেওঁৰ পিতা শীলানাথ মণ্ডল ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় আছিল আৰু আধুনিক চিন্তাধাৰা, সংস্কৃতি আৰু কলাৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছিল।[3]

ফণীশ্বৰনাথ ৰেণু সমগ্ৰ গ্ৰাম্য ভাৰতৰ কণ্ঠস্বৰক ‘‘আঞ্চলিক উপন্যাস’’ৰ জৰিয়তে প্ৰসাৰ কৰাৰ বাবে বিশেষভাৱে জনাজাত। আঞ্চলিক ভাষা-ভাৱৰ মূলসুঁতি সাহিত্যৰ মূলধাৰালৈ নিয়া হিন্দী সাহিত্যিকসকলৰ ভিতৰত তেওঁ এগৰাকী অগ্ৰদূত স্বৰূপ। ৰেণু বঙালী ঔপন্যাসিক সতীনাথ ভাদুৰীৰ ঘনিষ্ঠ বন্ধু আছিল। বঙালী ভাষাত তেওঁৰ লিখিত স্মৃতিচাৰণ ভাদুৰিজী (ভাদুৰী মহাশয়) বিশেষজনপ্ৰিয়।[3]

তেওঁৰ ‘‘মাৰে গয়ে গুলফাম’’ নামৰ গল্পটো বাসু ভট্টাচাৰ্য দ্ৰোহে নিৰ্মিত ১৯৬৬ চনৰ তৃতীয় কসম চলচ্চিত্ৰৰ মূল কাহিনীৰূপে গ্ৰহণ কৰা হৈছিল, যাৰ কথোপকথনো ৰেণুৱে লিখিছিল।[4] তেওঁৰ ‘‘পাঞ্চলাইট’’ গল্পখনত আধাৰিত টিভি চলচ্চিত্ৰো নিৰ্মাণ কৰা হৈছিল। ২০১৭ চনৰ বলিউড চলচ্চিত্ৰ পাঞ্চলাইট–ও এই গল্পৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ কৰা হৈছিল।[5]

তেওঁৰ প্ৰাথমিক শিক্ষা আৰাৰিয়া আৰু ফোৰ্বেছগঞ্জত তথা মেট্ৰিক পৰ্যন্ত শিক্ষা লাভ কৰিছিল নেপালৰ বিৰাটনগৰ আদৰ্শ বিদ্যালয়ত। তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ IA উত্তীৰ্ণ হোৱাৰ পিছত ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰে। পিছত ১৯৫০ চনৰ নেপালী বিপ্লৱতো অংশগ্ৰহণ কৰে, যাৰ ফলত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।[6][3] তেওঁ হিন্দী সাহিত্যত ‘‘আঞ্চলিক–কথা’’ৰ নতুন দিশ উন্মোচন কৰিছিল। তেওঁৰ সমসাময়িক কবি অজ্ঞেয়ৰ সৈতে তেওঁৰ ঘনিষ্ঠ বন্ধুত্ব আছিল।[7] তেওঁৰ ওপৰত নিৰ্মাণ কৰা ডকুমেণ্টাৰী–খনৰ নাম ‘‘উনকী নজৰ উনকা শহৰ’’।[8]

সাহিত্যিক ধাৰা

[সম্পাদনা কৰক]

তেওঁৰ প্ৰথম উপন্যাস, আৰু সৰ্বাধিক খ্যাতনামা কৃতি, মৈলা আঁচল, ১৯৫৪ চনত প্ৰকাশ পায়। ইয়াত বিহাৰৰ গ্ৰাম্য-জীৱন, বঞ্চিত সমাজৰ ভাষা–ভাৱ–অনুভৱ প্ৰগাঢ়ভাৱে প্ৰতিফলিত হৈছে। ১৯৭০ চনত তেওঁক ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছিল।[1] পিছত অভ্যন্তৰীণ জৰুৰী অৱস্থাৰ প্ৰতিবাদস্বৰূপে তেওঁ পদ্মশ্ৰী ঘূৰাই দিয়ে।[9]

সাহিত্য–কৰ্ম

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  • মৈলা আঁচল
  • পাৰ্টি পৰীকথা
  • জুলুচ
  • কৃষক কি কাহানী
  • কিতনে চৌৰাহে
  • পল্টু বাবু ৰোড
  • ইস জল প্ৰলয় মে’

স্মৃতিচাৰণ

[সম্পাদনা কৰক]
  • ৰিঞ্জল ধিঞ্জল
  • ৱন তুলসী কি গন্ধ
  • নেপালী ক্ৰান্তি কথা
  • শ্ৰুত–অশ্ৰুত পূৰ্ব
  • টোটাপুৰ
  • পাঞ্চলাইট

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ তিনিবাৰ বিবাহ কৰে— প্ৰথম পত্নী ৰেখা ৰেণু; দ্বিতীয় পত্নী পদ্মা; আৰু তৃতীয় পত্নী লতিকা। ‘‘মৈলা আঁচল’’, ‘‘পাৰ্টি পৰীকথা’’ আৰু ‘‘মাৰে গয়ে গুলফাম’’ৰ অনুপ্ৰেৰণা লতিকা ৰেণুৱেই। ৰেণুৰ জ্যেষ্ঠ কন্যা কবিতা ৰায়ক কাটিহাৰত দৰিদ্ৰ অৱস্থাত বাস কৰা দেখা গৈছিল। পদ্মা ৰেণুৰ পুত্ৰ পদ্ম পৰাগ ৰেণু ফোৰ্বেছগঞ্জৰ বিধায়ক আছিল। সৰ্বকনিষ্ঠ পুত্ৰ দক্ষিণেশ্বৰ ৰেণুৱে ‘‘ৰেণু সমাজ সেৱা সংস্থান’’ নামৰ সংগঠন চলাইছিল।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

আৰু পঢ়ক

[সম্পাদনা কৰক]
  • 1. फणीश्वरनाथ रेणु और सतीनाथ भादुड़ी के उपन्यासों का तुलनात्मक अध्ययन : डॉ ब्रजकिशोर झा, आनंद प्रकाशन, कोलकाता
  • 2. ढोंढायचरित मानस, सतीनाथ भादुड़ी (हिंदी अनुवाद : मधुकर गंगाधर), लोकभारती प्रकाशन, इलाहाबाद
  • Dr. Renu Shah (Associate Professor, J.N.V. University Jodhpur). Phanishwar Nath Renu Ka Katha Shilp. Published under University Grants Commission (UGC) Grant. 1990.
  • Maare Gaye Gulfaam by Phanishwar Nath 'Renu' (Hindi)
  • The Third Vow and Other Stories: and other stories. Tr. by Kathryn G. Hansen. Chanakya Publications, 1986. আই.এচ.বি.এন. 81-7001-013-6.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]