সমললৈ যাওক

ফণী ভূষণ চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফণী ভূষণ চৌধুৰী
সংসদ সদস্য, লোকসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ জুন ২০২৪
পূৰ্বসূৰী আব্দুল খালেক
সমষ্টি বৰপেটা
খাদ্য আৰু নাগৰিক যোগান, উপভোক্তা বিষয়, পেঞ্চন আৰু জনঅভিযোগ মন্ত্ৰী, অসম চৰকাৰ
কাৰ্যকাল
২৬ এপ্ৰিল ২০১৮  ২ মে' ২০২১
সমষ্টি বঙাইগাঁও
অসম বিধানসভা সদস্য
কাৰ্যকাল
১৯৮৫  ৯ জুন ২০২৪
সমষ্টি বঙাইগাঁও
অসম বিধানসভাৰ গৃহ সমিতিৰ সদস্য, অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্য, মন্ত্ৰী
কাৰ্যকাল
১৯৯৬  ২০০১
চেয়াৰমেন, ৰাজহুৱা হিচাপ সমিতি
কাৰ্যকাল
২০০৯  ২০১১
দলপতি, অগপ বিধানমণ্ডলীয় দল
কাৰ্যকাল
২০১১  ২০১৬
ব্যক্তিগত তথ্য
জন্ম ০১ মে', ১৯৫২ (৭৪ বছৰ)
গাওঁ – বাখৰাপাৰা, দ্বিতীয় খণ্ড, ৱাৰ্ড নম্বৰ ২৩, প’ষ্ট - বঙাইগাঁও, অসম
ৰাজনৈতিক দল অসম গণ পৰিষদ
দাম্পত্যসঙ্গী দিপ্তিময়ী চৌধুৰী
সন্তান
পিতৃ-মাতৃ দেউতা: স্বৰ্গীয় ৰমেশ চৌধুৰী
মাতৃ স্বৰ্গীয়া সুনীতা চৌধুৰী
বাসস্থান কটেজ নম্বৰ ১৭, পুৰণি বিধায়ক নিবাস, দিছপুৰ, অসম
পেচা ৰাজনীতিবিদ

ফণী ভূষণ চৌধুৰী (জন্ম ১ মে' ১৯৫২)[1] এগৰাকী ভাৰতীয় ৰাজনীতিবিদ।[2] তেওঁ বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আছে আৰু অসম গণ পৰিষদৰ এগৰাকী নেতা।[3] তেওঁ ১৯৮৫ চনৰপৰা অবিৰতভাৱে ৮বাৰকৈ বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ অভিলেখ গঢ়ে। ২০১৮ পৰা ২০২১ চনলৈ তেওঁ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত খাদ্য আৰু নাগৰিক যোগান, উপভোক্তা বিষয়, পেঞ্চন আৰু জনঅভিযোগ মন্ত্ৰী আছিল। ১৯৯৬ চনৰপৰা ২০০১ চনলৈকে তেওঁ অসম বিধানসভাৰ গৃহ সমিতি আৰু ৰাজহুৱা উদ্যোগ সমিতিৰ সদস্য আছিল। ২০০৯ চনৰপৰা ২০১১ চনলৈ তেওঁ ৰাজহুৱা হিচাপ সমিতিৰ চেয়াৰমেন আছিল আৰু ২০১১ৰপৰা ২০১৬ চনলৈ অগপৰ বিধানমণ্ডলীয় দলৰ দলপতি আছিল। চৌধুৰী অসম গণ পৰিষদৰ এজন আঞ্চলিক নেতা।[4] ২০২১ চনত তেওঁ অসম বিধানসভাৰ প্ৰ’টেম স্পীকাৰ হিচাপে নিৰ্বাচিত হৈছিল।[5]

নিৰ্বাচনী ৰেকৰ্ড

[সম্পাদনা কৰক]
ফলাফল বছৰ দল সমষ্টিৰ নাম ভোট
জয় ১৯৮৩ নিৰ্দলীয় বঙাইগাঁও
১৯৮৫
১৯৯১ অসম গণ পৰিষদ
১৯৯৬
২০০১
২০০৬
২০১১
পৰাজয় ২০১৪ বৰপেটা ৭৩,৭৩৩
জয় ২০১৬ বঙাইগাঁও ৭৭,২৯২
২০২১ ৮২,৮০০
২০২৪ বৰপেটা ৮,৬০,১১৩

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Know Your New Minister Phani Bhusan Choudhury". NE Now Newsmyneta.info. 2018-12-07. https://nenow.in/north-east-news/know-new-minister-phani-bhusan-choudhury.html.
  2. বঙাইগাঁও নিৰ্বাচনৰ ফলাফল ২০১৬
  3. "List of Lok Sabha members". https://sansad.in/ls/members/biography/5569?from=members.
  4. "AGP has not drifted away from goals: Atul Bora". Archived from the original on 7 December 2018. https://web.archive.org/web/20181207145905/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct1516/state053 আহৰণ কৰা হৈছে: 16 October 2016.
  5. ফণী ভূষণ চৌধুৰী অসম বিধানসভাৰ প্ৰ’টেম স্পীকাৰ হিচাপে শপতগ্ৰহণ