সমললৈ যাওক

ফতেহ সিং ৰাথোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফতেহ সিং ৰাথোৰ

২০০৮ চনত ফতেহ সিং ৰাথোৰ
জন্ম ১০ আগষ্ট, ১৯৩৮
চোৰাদিয়া গাঁও, যোধপুৰ জিলা, ৰাজস্থান, ব্ৰিটিছ ভাৰত
মৃত্যু ১ মাৰ্চ, ২০১১ (৭২ বছৰ)
সাৱাই মাধোপুৰ, ৰাজস্থান, ভাৰত
ক্ষেত্ৰ বন্যপ্ৰাণী সংৰক্ষণ
কৰ্মস্থান ৰাজস্থান বন বিভাগ, টাইগাৰ ৱাচ
শিক্ষানুষ্ঠান ৰাজপুতনা বিশ্ববিদ্যালয় ১৯৬০, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ১৯৬৯
জনা যায় বাঘ সংৰক্ষণ
উল্লেখনীয় বঁটা বিশ্ব বন্যপ্ৰাণী পুঁজিৰ আজীৱন কৃতিত্বৰ বঁটা
দাম্পত্যসঙ্গী খেম কানৱাৰ

ফতেহ সিং ৰাথোৰ (ইংৰাজী: Fateh Singh Rathore; ১০ আগষ্ট ১৯৩৮ - ১ মাৰ্চ ০১১) এগৰাকী ভাৰতীয় বাঘ সংৰক্ষণবিদ। ফতেহ সিঙে ১৯৬০ চনত ভাৰতীয় বন সেৱাত যোগদান কৰিছিল আৰু প্ৰথম প্ৰজেক্ট টাইগাৰ দলৰ অংশ আছিল। বাঘ সম্পৰ্কে তেওঁৰ অসাধাৰণ জ্ঞানৰ বাবে তেওঁক বাঘ গুৰু হিচাপে স্বীকৃতি দিয়া হৈছিল।[1] তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত পঞ্চাছ বছৰৰো অধিক কাল কাম কৰিছিল।[2] ১৯৭৩–৭৫ চনত ৰন্থাম্ভূৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰপৰা গাঁওসমূহ স্থানান্তৰিত কৰাৰ বাবে ৰাথোৰ বিখ্যাত হৈছিল। মূলতঃ মিষ্টাৰ ৰাথোৰৰ বাবেই "ৰন্তম্ভূৰ হৈ পৰিল এনে এখন ঠাই যিয়ে বাঘক বিশ্বৰ মানুহৰ চেতনালৈ লৈ আহিল।" [1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ফতেহ সিং ৰাথোৰৰ জন্ম ৰাজস্থানৰ যোধপুৰ জিলাৰ চোৰাদিয়া গাঁৱত। ৬ জন ল’ৰা আৰু ৫জনী ছোৱালীৰ পৰিয়ালত তেওঁ আছিল ডাঙৰ পুত্ৰ। তেওঁৰ ককাক লক্ষ্মণ সিং ৰাথোৰ সেনাবাহিনীত মেজৰ আছিল আৰু ৰাথোৰৰ পিতৃ সগত সিং আছিল লক্ষ্মণ সিংহৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ পিতৃ সগত সিং এজন আৰক্ষী বিষয়া আছিল আৰু যোধপুৰৰ ওচৰৰ তেওঁলোকৰ গাঁৱৰ পৰিয়ালটোৰ মাটি-সম্পত্তি পৰিচালনা কৰিছিল।[3] ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ মাতৃৰ মৃত্যু হয়।

ৰাথোৰৰ খুড়াক, এজন সেনাবাহিনী সৈনিক আৰু আনজনে উকালতি কৰি তেওঁক ডাঙৰ-দীঘল কৰাত সহায় কৰিছিল। তেওঁক ডেৰাডুনৰ বৰ্ডিং স্কুল কৰ্ণেল ব্ৰাউন কেম্ব্ৰিজ স্কুললৈ পঠিওৱা হৈছিল আৰু পিছলৈ কলেজীয়া ছাত্ৰ হৈ থাকোঁতে এজন খুড়াকৰ লগত আছিল। খুড়াকে তেওঁক উকীল হোৱাটো বিচাৰিলেও পঢ়া-শুনাৰ প্ৰতি তেওঁৰ আগ্ৰহ নাছিল। ৰাথোৰে ১৯৬০ চনত ৰাজপুতনা বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ষ্ট’ৰ কেৰাণী হিচাপে কাম কৰি কয়লা বিক্ৰী কৰাৰ পাছত ৰাজস্থানৰ বন বিভাগৰ উপ-মন্ত্ৰী হোৱা এজন খুড়াকে‍ তেওঁক পাৰ্ক ৰেঞ্জাৰৰ চাকৰিৰ প্ৰস্তাৱ দিছিল।[1]

সংৰক্ষণৰ কাম

[সম্পাদনা কৰক]

খুড়াকৰ পৰামৰ্শ মতে ৰাথোৰে ৰাজস্থান বন সেৱাত যোগদান কৰে। তেওঁৰ প্ৰথম কামবোৰৰ ভিতৰত এটা আছিল ১৯৬১ চনৰ জানুৱাৰী মাহত ৰাণী এলিজাবেথ দ্বিতীয় আৰু এডিনবাৰ্গৰ ড্যুকৰ ভ্ৰমণৰ সময়ত এই অঞ্চলত বাঘ চিকাৰৰ দিহা কৰা। তেওঁ সেই সময়ৰ কথা মনত পেলাই কৈছিল যে, তেওঁ যিটো বাঘ প্ৰথম দেখা পাইছিল সেইটো আছিল ড্যুকৰ এটা গুলীত ঢলি পৰা বাঘ, "সেই সময়ত মই বাঘটোৰ প্ৰেমত পৰা নাছিলোঁ। গতিকে গুলিবিদ্ধ হোৱা বাবে আমি সফল হোৱাত অতি সুখী হৈছিলো।"

পিছলৈ তেওঁ বনানঞ্চলত সেৱা আগবঢ়াই সন্তোষ পাইছিল, আৰু সংৰক্ষণৰ প্ৰতি অতি আগ্ৰহী হৈ পৰিছিল। ছাৰিক্সাবনানঞ্চলত তেতিয়া বাঘ থকাৰ সময়ত তেওঁক গেম ৱাৰ্ডেন হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৬৩ চনৰপৰা ১৯৭০ চনৰ ভিতৰত মাউণ্ট আবু গেম ৰিজাৰ্ভত কাম কৰিছিল। ১৯৭১ চনত ৰাথোৰক ৰণথাম্ভূৰত গেম ৱাৰ্ডেন হিচাপে নিযুক্তি দিয়া হয়।[3] যদিওবা আৰ এন পি বনানঞ্চলৰ অৱনতি ঘটিছিল, তথাপি জয়পুৰৰ ৰাজপৰিয়ালৰ গেম ৰিজাৰ্ভ হোৱাৰ বাবে অৰণ্য হিচাপে নামত বৰ্তি আছিল। ১৯৬৯ চনত ৰাথোৰক ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানলৈ প্ৰশিক্ষণৰ বাবে পঠিওৱা হয়,আৰু তেওঁ আছিল তাত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰথমটো গোটৰ বন বিষয়া। প্ৰশিক্ষণৰ কালছোৱাত ৰাথোৰৰ ক্ষেত্ৰভিত্তিক কামৰ প্ৰতি অধিক আগ্ৰহ দেখি তেওঁৰ গুৰু এছ আৰ চৌধুৰীয়ে, তেওঁৰ মাজত এজন ভাল বন বিষয়া হোৱাৰ সম্ভাৱনাক ভাল দৰেই চিনি পাইছিল।

"প্ৰকল্প বাঘ"

[সম্পাদনা কৰক]

প্ৰজেক্ট টাইগাৰ (PT) ১৯৭৩ চনত ইন্দীৰা গান্ধীৰৰ উদ্যোগত আৰম্ভ কৰা হৈছিল। চিকাৰৰ বাবে বনৰীয়া বাঘৰ সংখ্যা ধীৰে ধীৰে হ্ৰাস পাই থকা বিষয়টো লৈ তেখেত গভীৰ চিন্তিত আছিল। সেই সময়ৰপৰা চিকাৰ নিষিদ্ধ কৰা হয়, আৰু প্ৰজেক্ট টাইগাৰৰ অধীনত ৯টা সংৰক্ষিত অঞ্চল নিৰ্বাচন কৰা হয়। ৰন্থমভূৰ ৰাষ্ট্ৰীয় উদ্যান তাৰে এটা আছিল। ৰাথোৰক তাত সহকাৰী ক্ষেত্ৰ পৰিচালক হিচাপে পঠোৱা হৈছিল, আৰু ঊৰ্ধ্বতন বিষয়াই তেওঁক তাৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিছিল।

সেই সময়ত অঞ্চলটো দেখাত বৰ্তমান অৱস্থাতকৈ বহুত বেলেগ আছিল। যত এতিয়া পদম তালাও আছে তাত আগতে ঘেঁহুৰ পথাৰ আছিল – তাত কৃত্ৰিমভাৱে সৃষ্টি কৰা হ্ৰদ এটা আছিল, যিটোৰপৰা গাঁৱৰ মানুহে খেতিৰ বাবে পানী আহৰণ কৰিছিল। ৰাথোৰে ৰাজ বাগ আৰু মালিক তালাওৰ সৈতে পদম তালাও বিলখন পুনৰ নিৰ্মাণ কৰিছিল। গোটেই অঞ্চলটোত ১৬খন গাঁৱৰ মানুহবোৰ অ’ত-ত’ত সিঁচঁৰিতহৈ বিয়পি আছিল, আৰু গাঁওবোৰৰ মাজত কোনো বাট-পথ নাছিল। গাঁৱৰ মানুহে অত্যন্ত দৰিদ্ৰতা আৰু বঞ্চনাৰ মাজেদি জীৱন-নিৰ্বাহ কৰিছিল, কোনো স্বাস্থ্যসেৱা বা শিক্ষাৰ সুবিধা নাছিল। গছ-গছনিবোৰ সকলো ঘৰচীয়া গৰু-ম’হে খাই পেলাইছিল। চাৰিওফালে বনৰীয়া জন্তু আছিল যদিও বেছিভাগেই ৰাতি ওলাইছিল আৰু খুব কমেইহে দেখা গৈছিল।

ৰাথোৰে এলেকাটোত ৰাস্তা বনাবলৈ আৰম্ভ কৰিলে, নিয়মীয়াকৈ টহল দিলে, আৰু তেওঁ বুজি পালে যে বাঘবোৰে ভালদৰে বাচি থাকিবলৈ হ’লে গাঁওবোৰ তাতৰপৰা আঁতৰাব লাগিব। মানুহক নিজৰ ঘৰ-ভেটি এৰি যাবলৈ বুজাবলৈ বহুত বুদ্ধি আৰু ধৈৰ্যৰ প্ৰয়োজন হৈছিল, আৰু বহুসময়ত ৰাথোৰে গাঁওবাসীৰ সৈতে একেলগে কান্দিব লগা হৈছিল। কোনোমতে তেওঁ এজন যুৱ স্কুলশিক্ষকক আন ঠাইলৈ স্থানান্তৰিত হোৱাৰ উপকাৰিতাৰ বিষয়ে বুজাবলৈ সক্ষম হৈছিল, আৰু তাক তেওঁৰ পত্নীৰ “ৰাখী ভাই” হিচাপে গ্ৰহণ কৰিছিল। গাঁওবাসীক যথেষ্ট পৰিমাণৰ ক্ষতিপূৰণ দিয়া হৈছিল, আৰু শেষত তেওঁলোকক নতুনকৈ স্থাপন কৰা “কৈলাসপুৰী” নামৰ গাঁৱলৈ স্থানান্তৰ কৰা হৈছিল, য’ত এটা স্বাস্থ্যকেন্দ্ৰ, এখন বিদ্যালয় আছিল, আৰু উদ্যানৰ বাহিৰত উন্নত কৃষিভূমি আছিল।

গাঁওবোৰ সেই ঠাইৰপৰা স্থানান্তৰিত হোৱাৰ পিছত, (১৯৭৩–৭৫)চনত উদ্যানখনৰ গছ-গছনি নিজাববীয়াকৈ পুনৰুত্পাদন হ’বলৈ ধৰিলে। অলপ দিনৰ পিছতে ৰাথোৰে বাঘৰ পদচিহ্ন দেখিবলৈ পালে, কিন্তু সেইবোৰ তেতিয়াও নিশাচৰ। গাঁৱৰ মানুহে এটা খোঁড়া ম’হ এৰি থৈ গৈছিল আৰু সেই অঞ্চলত বাঘ আৰু পোৱালিৰ পদচিহ্ন দেখি তেওঁ গম পালে যে বাঘজনীয়ে অতি সোনকালে জন্তুটোক মাৰি পেলাব। এদিন ম'হটো মাৰি পেলোৱা গম পাই ৰাথোৰ গছ এজোপালৈ উঠি তাতেই অপেক্ষা কৰি ৰৈ থাকিল। অলপ পাছতে বাঘিনীজনীয়ে পোৱালিবোৰৰ সৈতে সেই ঠাইত আবিৰ্ভাৱ হৈ খাদ্য খুৱাবলৈ ধৰিলে। গছজোপাৰ ওপৰত ৰাথোৰৰ উপস্থিতিত সচেতন হৈ তাই দুবাৰমান গৰ্জন কৰিলে। এই দৃশ্য দেখি তেওঁ ইমানেই উত্তেজিত হৈ পৰিল যে ফটো উঠাওঁতে হাত দুখন কঁপি উঠিল। পিছলৈ তেওঁ ডাঙৰ জীয়েক ‘পদ্মিনী’ৰ নামেৰে এই বাঘজনীৰ নামকৰণ কৰে। এই বাঘিনীজনীক অধ্যয়ন কৰাৰ বহু সুযোগ পাইছিল আৰু তেওঁৰ উপস্থিতি তাই সৌজন্যৰে সহ্য কৰিছিল।

১৯৮১ চনৰ আগষ্ট মাহত গাঁৱৰ এটা দলে ৰাথোৰক প্ৰায় মাৰিয়েই পেলাইছিল। গাঁওবাসীৰ মাজৰ কিছুলোক উদ্যান এলেকাৰপৰা স্থানান্তৰ কৰাৰ বাবে ক্ষোভিত হৈ আছিল, কাৰণ তেওঁলোকে আগতে আন মানুহৰ গৰু-ম’হ তাত চৰাবলৈ দিয়াৰ বাবে সেইসকলৰপৰা মাচুল সংগ্ৰহ কৰিছিল। তেওঁক প্ৰহাৰ কৰি শৰীৰৰ কেইবাডালো হাড়ভাঙি আৰু মূৰত আঘাত কৰি মৃত বুলি এৰি থৈ গৈছিল। এনে অৱস্থাত তেওঁক সুস্থ হ’বলৈ কেইবামাহো সময় লাগিছিল। পিছত তেওঁক ইয়াৰ বাবে বীৰত্বৰ বঁটা দিয়া হয়। সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পিছত তেওঁ পুনৰ ৰন্থমভূৰলৈ উভতি গৈ গাঁৱৰ মানুহৰ সৈতে মুখা-মুখি হ’ল। ইয়াৰ পিছত বাঘবোৰক বচাবলৈ চেষ্টা কৰাত ৰাথোৰক একোৱেই বাধা দিব পৰা নাছিল।

টাইগাৰ ৱাচ

[সম্পাদনা কৰক]

নব্বৈৰ দশকত এদল বন্ধু একত্ৰিত হৈ টাইগাৰ ৱাচ (TW) নামৰ এটা এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰে, য’ত ৰাথোৰক উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হয়। প্ৰথমতে ৰাজস্থানৰ বন বিভাগে টাইগাৰ ৱাচক উদ্যানখনত গৱেষণা কৰিবলৈ অনুমতি দিছিল। ২০০৩ চনত ধৰ্মেন্দ্ৰ খণ্ডল (DK) নামৰ এজন যুৱ বন্যপ্ৰাণী জীৱবিজ্ঞানীক টাইগাৰ ৱাচে গৱেষণা কৰিবলৈ নিৰ্বাচিত কৰে। ২০০৪ চনত ডি কেয়ে এটা প্ৰতিৱেদন প্ৰস্তুত কৰি বন বিভাগৰ দাবীৰ বিৰোধিতা কৰিছিল যে লোকপিয়লত উদ্যানখনত ৪৫টা বাঘ দেখা গৈছে। ডি কেৰ প্ৰতিৱেদন অনুসৰি মাত্ৰ ২৬টা বাঘঁহে আছিল। তেওঁ কেমেৰাৰ ফান্দেৰে তোলা ফটোৰে নিজৰ দাবীৰ প্ৰমাণ দিছিল, যিটো পদচিহ্ন (পাগমাৰ্ক)ৰ প্লাষ্টাৰ কাষ্ট লোৱাৰ পুৰণি পদ্ধতিতকৈ বাঘৰ জনসংখ্যা অনুমানৰ অধিক ফুলপ্ৰুফ পদ্ধতি। বন বিভাগে এই কথা অস্বীকাৰ কৰাই নহয়, টাইগাৰ ৱাচক এতিয়াৰপৰা উদ্যানখনৰ ভিতৰত কোনো ধৰণৰ গৱেষণা কৰাত নিষেধাজ্ঞা আৰোপ কৰে। টাইগাৰ ৱাচে চোৰাং চিকাৰ বিৰোধী প্ৰকল্প এটা স্থাপন কৰিছিল, আৰু আৰক্ষীৰ সহায়ত কেইবাজনো চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাত সফল হৈছিল, কেইবাবাৰো চোৰাংচিকাৰীৰ অভিযানৰ আগতেই গম পাইছিল। চোৰাং চিকাৰীৰ স্বীকাৰোক্তি ভিডিঅ'ত ৰেকৰ্ড কৰা হৈছিল আৰু "কাৰ্বিং দ্য ক্ৰাইছিছ" নামৰ এখন ডিভিডি প্ৰস্তুত কৰা হৈছিল। তথাপি বন বিভাগৰ অস্বীকাৰ আৰু ক্ষোভ টাইগাৰ ৱাচৰ প্ৰতি অব্যাহত থাকিল।

চোৰাংচিকাৰীসকল মূলতঃ যাযাবৰী চিকাৰী-সংগ্ৰাহকৰ মোগ্যা জনগোষ্ঠীৰ বুলি উপলব্ধি কৰি টি ডব্লিউৱে তেওঁলোকৰ বাবে পুনৰ্বাসন কাৰ্যসূচী আৰম্ভ কৰিছে, য’ত মহিলাসকলক হস্তশিল্প উৎপাদনত জড়িত কৰা হৈছে, আৰু তেওঁলোকৰ সন্তানক কাপোৰ পিন্ধা, খুৱাই-বুৱাই শিক্ষিত কৰিব পৰাকৈ এখন হোষ্টেল স্থাপন কৰা হৈছে, যাতে ভৱিষ্যতে তেওঁলোকক কিছু মৰ্যাদা আৰু উন্নত সম্ভাৱনা প্ৰদান কৰিব পাৰে। এই ব্যৱস্থা কেবল তেতিয়ালৈহে সম্ভৱ, যেতিয়ালৈকে পুৰুষসকলে চোৰাংচিকাৰ সম্পূৰ্ণভাৱে এৰি দিব। এই সমগ্ৰ ব্যৱস্থাটো শুভাকাংক্ষী লোকসকলৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে ধন সংগ্ৰহ সদায় এটা সমস্যাৰ বিষয় হৈ থিয় দিছে, তথাপি এই প্ৰচেষ্টা অব্যাহত আছে।

টি ডব্লিউৰ এটা ভগ্নী সংগঠন আছে প্ৰাকৃতিক ছ’চাইটি, যিটো ৰাথোৰৰ পুত্ৰ গোভাৰধানে স্থাপন কৰিছে। এই সংস্থাটোৱে জনগোষ্ঠী সংৰক্ষণৰ দিশত কৰা প্ৰচেষ্টাৰ অংশ হিচাপে স্থানীয় জনগোষ্ঠীৰ বাবে এখন চিকিৎসালয় (ৰন্তমভৌৰ সেৱিকা) আৰু ফাতেহ পাব্লিক স্কুল স্থাপন কৰিছে।

তেওঁ দ্য জেফ কৰ্উইন এক্সপিৰিয়েন্সৰ এটা খণ্ডত অভিনয় কৰিছিল।

ৰাথোৰে সদায় জনসাধাৰণৰ সৈতে মিলি বাঘ সংৰক্ষণ কৰাৰ ওপৰত বিশ্বাস কৰিছিল, আৰু এখন বৃহৎ জনসংখ্যাৰ দেশত এই মানুহ-কেন্দ্ৰিক পদ্ধতিয়েই কাৰ্যকৰী বুলি তেওঁ ভাবিছিল। ৰাথোৰৰ হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০১১ চনৰ ১ মাৰ্চত ছাৱাই মাধোপুৰৰ ঘৰত ৭২ বছৰ বয়সত মৃত্যু হয়।[2] ৰাথোৰে পত্নী খেন; তেওঁৰ পুত্ৰ গোভাৰধান; দুগৰাকী কন্যা ‘পদ্মিনী’ আৰু জয়া; চাৰিজন ভাতৃ; চাৰিগৰাকী ভগ্নী; আৰু চাৰিজন নাতিক এৰি থৈ যায়।

বাঘ সংৰক্ষণৰ প্ৰতি তেওঁৰ অঙ্গীকাৰ ১৯৯৩ চনত এইদৰে প্ৰকাশ পাইছিল—“বন আৰু ইয়াৰ সকলো জীৱ ঈশ্বৰৰ সৃষ্টি,” তেওঁ গাঁৱৰ জুইৰ ওচৰত আলোচনা কৰোঁতে কৈছিল, “দৈত্যবধ কৰা দেবী দুৰ্গাই নিজেও বাঘত আৰোহণ কৰা নাছিলনে? কোনো মানুহৰ এই দিৱ্য সৃষ্টি বিঘ্নিত কৰাৰ অধিকাৰ নাই। অৰণ্যখন নিজে নিজে পুনৰ গজিবলৈ এৰি দিব লাগিব।”[1]

সন্মান আৰু বঁটা

[সম্পাদনা কৰক]

বাঘ সংৰক্ষণৰ কামৰ স্বীকৃতি স্বৰূপে ৰাথোৰে কেইবাটাও বঁটা আৰু সন্মান লাভ কৰে।

  • ১৯৮২ চনত সংৰক্ষিত অঞ্চলৰ সংৰক্ষণৰ লক্ষ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসাধাৰণ সেৱা আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে আই ইউ চি এন কমিচন অন নেচনেল পাৰ্কছ এণ্ড প্ৰটেক্টেড এৰিয়াছৰদ্বাৰা ফ্ৰেড এম পেকাৰ্ড বঁটা। এডিনবাৰ্গৰ ড্যুকৰ দ্বাৰা।
  • ১৯৮৩ - সংৰক্ষণৰ ক্ষেত্ৰত সাহসীতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় শৌৰ্য্য বঁটা
  • বাঘ সংৰক্ষণৰ ক্ষেত্ৰত আজীৱন সাফল্যৰ বাবে [[এছ’ বঁটা] ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আই.কে.গুজৰালৰদ্বাৰা।
  • ১৯৯৯ চনত ৰন্থাম্ভৰ ৰাষ্ট্ৰীয় উদ্যানৰ সন্মানীয় বন্যপ্ৰাণী ৱাৰ্ডেন।
  • ২০১১ - বিশ্ব বন্যপ্ৰাণী পুঁজিৰ আজীৱন কৃতিত্ব বঁটা।

প্ৰকাশন

[সম্পাদনা কৰক]

ৰন্থামভূৰৰ বন্য বাঘৰ বিষয়ে এফ এছ আৰৰ ছবি আৰু প্ৰবন্ধ কেইবাখনো কিতাপ আৰু সাময়িকীত প্ৰকাশ পাইছে য'ত আছে:

==তথ্যসূত্ৰ==
  1. 1 2 3 4 Dennis Hevesi (9 March 2011), "Fateh Singh Rathore, the 'Tiger Guru,' Dies at 73", New York Times (New York City), https://www.nytimes.com/2011/03/09/world/asia/09rathore.html?_r=1, আহৰণ কৰা হৈছে: 14 August 2011
  2. 1 2 , 2 March 2011, archived from the original on 25 October 2011, https://web.archive.org/web/20111025093157/http://articles.timesofindia.indiatimes.com/2011-03-02/india/28646198_1_fateh-singh-rathore-project-tiger-ngo-tiger-watch
  3. 1 2 Obituaries (3 March 2011), "Fateh Singh Rathore", The Telegraph (Kent, UK: Telegraph Media Group Limited), https://www.telegraph.co.uk/news/obituaries/8360331/Fateh-Singh-Rathore.html, আহৰণ কৰা হৈছে: 14 August 2011