ফতোয়া
ফতোয়া বা ফাতওয়া (একবচনত "ফাতাওয়া" আৰবী: فتوى) আৰু বহুবচনত “ফাতাবী” (আৰবী:ﻓﺘﺎﻭﻯ) হ'ল বিধান আৰু সমাধান, যিটো কোনো ঘটনা বা অৱস্থাৰ প্ৰক্ষিতত ইছলামী শ্বৰীয়তৰ প্ৰমানৰ আলোকত মুফতিয়ে বা ইছলামী আইন-বিশেষজ্ঞই প্ৰদান কৰি থাক।[1] যেতিয়া কোনো ব্যক্তি পোনপটীয়াকৈ কোৰআন আৰু হাদিছ কিংবা ফিকহৰ আলোকত উদ্ভূত সমস্যাৰ সমাধান বাহিৰ কৰিবলৈ অপাৰগ হয় তেতিয়া তেখেতে মুফতীৰ ওচৰলৈ গৈ এই বিষয়ৰ সমাধান বিচাৰে। এইটোক ইছলামৰ পৰিভাষাত ইছতিফতা (আৰবীত:اِسْتِفْتَاء) বোলে। মুফতিয়ে ইছলামী শ্বৰীয়তৰ আলোকত সমস্যাৰ সমাধান জনাই দিয়ে। এই সমাধান প্ৰদান কৰাক ইছলামৰ পৰিভাষাত ইফতা (আৰবীত:إِفْتَاء ) বোলে আৰু প্ৰদত্ত সমাধান বা বিধানটোক ফতোয়া বোলে।[2][3]
সূচী
- 1 পাৰিভাষিক অৰ্থ
- 2 আল-কোৰআনত ফতোয়াঃ
- 3 বহু হাদিছত ফতোয়াৰ ব্যৱহাৰ আছে
- 4 শ্বৰীয়তৰ দৃষ্টিত ফতোয়াৰ মৰ্যাদাঃ
- 5 ফতোয়া প্ৰদানত পূৰ্ববৰ্তী আলিম সকলৰ সতৰ্কতা
- 6 ফতোয়াৰ ইতিহাসঃ
- 7 তাবিঈসকলৰ যুগত ফতোয়াঃ
- 8 ফতোয়াৰ ভিত্তিঃ
- 9 ফতোয়া প্ৰদানৰ যোগ্যতাঃ
- 10 ফতোয়াদানৰ ক্ষেত্ৰত চৰ্তাৱলীঃ
- 11 ফতোয়া লিখাৰ নিয়মাৱলীঃ
- 12 তথ্য সূত্ৰ
পাৰিভাষিক অৰ্থ[সম্পাদনা কৰক]
ইমাম আবু ৰাগিব ইছফাহানী (ৰহঃ)য়ে কৈছে, জটিল বিষয়ত সুস্থ সমাধান হ'ল ফতোয়া।
মুফতী আমিমুল ইহছান কৈছে, ফতোয়া হ'ল শ্বৰীয়তৰ বিধান।
আধুনিক পণ্ডিতসকলে কয়, ফতোয়া হ'ল ইছলামী আইনে বিশেষজ্ঞ কৰ্তৃক আনুষ্ঠানিক আইনগত মতামত প্ৰদান।
তাফছীৰ কাৰক সকলে কয়, কোনো ব্যক্তিৰ জিজ্ঞাসাৰ জবাবত দলীল-প্ৰমাণৰ ভিত্তিত শ্বৰীয়তৰ বিধান স্পষ্টভাবে বৰ্ণনা কৰা হ'ল ফতোয়া।