ফাইলষ্টৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১৮২২ চনত পোৱা ৰষ্টকাৰ ফাইলষ্টৰ্চে প্ৰমাণ কৰিছিল যে শীতকালত চৰাইবোৰে শীতনিদ্ৰা বা ৰূপ সলনি কৰাৰ পৰিৱৰ্তে প্ৰব্ৰজন কৰে।

ফাইলষ্টৰ্চ (ইংৰাজী: Pfeilstorch) (জাৰ্মান উচ্চাৰণ [ˈpfaɪ̯l.ˌʃtɔɐ̯ç]) বা ফাইলষ্টৰ্ক হৈছে শীতকালত আফ্ৰিকালৈ প্ৰব্ৰজন কৰোঁতে শৰবিদ্ধ হৈ দেহত শৰডাল সোমাই থকা অৱস্থাতে ইউৰোপলৈ ঘূৰি অহা সাৰেং। ২০০৩ চনলৈকে ২৫টা ফাইলষ্টৰ্চৰ তথ্য সন্নিৱিষ্ট কৰা গৈছে।[1]

ইতিহাস[সম্পাদনা কৰক]

প্ৰথম আৰু আটাইতকৈ বিখ্যাত ফাইলষ্টৰ্চ আছিল ১৮২২ চনত মেকলেনবাৰ্গ-ভৰ্পমাৰ্ন ৰাজ্যৰ এখন জাৰ্মান গাঁও ক্লুটজৰ ওচৰত পোৱা এটা শুকুলা ৰঙৰ সাৰেং। ইয়াৰ ডিঙিত ৩০ ইঞ্চি দীঘল মধ্য আফ্ৰিকাৰ এডাল জোং পোৱা গৈছিল।[2][3] ইয়াক সংৰক্ষণ কৰি ৰষ্টক বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান সংগ্ৰহালয়ত ৰখা হৈছে। সেয়েহে ইয়াক ৰষ্টকাৰ ফাইলষ্টৰ্চ বুলি কোৱা হয়।[4][5][6]

এই ফাইলষ্টৰ্চসমূহ ইউৰোপীয় চৰাইৰ প্ৰব্ৰজনৰ বিষয়ে বুজিবলৈ গুৰুত্বপূৰ্ণ আছিল। প্ৰব্ৰজনৰ কথা বুজাৰ আগতে মানুহে সাৰেং আৰু চাতকৰ দৰে চৰাইসমূহ বছৰি হঠাতে নোহোৱা হোৱাৰ কথা বুজিব পৰা নাছিল। প্ৰব্ৰজনৰ উপৰিও সেই সময়ৰ কিছুমান তত্ত্বৰ মতে শীতকালত ইহঁত আন প্ৰকাৰৰ চৰাই বা এন্দুৰলৈ পৰিৱৰ্তিত হয় নাইবা পানীৰ তলত শীতনিদ্ৰাত থাকে। আনকি সেই সময়ৰ প্ৰাণীবিজ্ঞানীসকলেও এনে তত্ত্বৰ প্ৰচাৰ কৰিছিল।[7][8][9] ৰষ্টকাৰ ফাইলষ্টৰ্চে প্ৰমাণ কৰিলে যে চৰাইবোৰে শীতকালীন স্থানলৈ বুলি বহু দূৰলৈ প্ৰব্ৰজন কৰে।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Der Rostocker Pfeilstorch [The Rostock Pfeilstorch]". Der Sprössling. University of Rostock. 2003. পৃষ্ঠাসমূহ: 9–10. Archived from the original on 2015-02-13. https://web.archive.org/web/20150213064131/http://www.biofachschaft.uni-rostock.de/fileadmin/MathNat_Bio_Fachschaft/Sproessling_Nr._3_SS03.pdf. "Mittlerweile sind etwa 25 Fälle bekannt geworden, in denen Weißstörche ganze Pfeile oder Bruchstücke aus Afrika nach Deutschland mitbrachten." 
  2. Fone, Martin (11 January 2020). "Curious Questions: How did a stork with a spear through its neck solve the mystery of the migration of birds?". countrylife.co.uk. https://www.countrylife.co.uk/nature/curious-questions-stork-spear-neck-solve-mystery-migration-birds-210144। আহৰণ কৰা হৈছে: 18 December 2020. 
  3. Baykal, Hakan (20 May 2022). "Vogelzug: Die wahre Geschichte vom Pfeilstorch [Bird Migration: The True Story of the Arrow Stork]" (de ভাষাত). spektrum.de. https://www.spektrum.de/news/vogelzug-die-wahre-geschichte-vom-pfeilstorch/2019937। আহৰণ কৰা হৈছে: November 15, 2022. 
  4. "Zoologische Sammlung der Universität Rostock" (de ভাষাত). Archived from the original on 2 October 2011. https://web.archive.org/web/20111002041540/http://www.zoologie.uni-rostock.de/sammlung/. 
  5. "Flyer for the Rostock University Zoological Collection" (en ভাষাত). Archived from the original on 22 March 2012. https://web.archive.org/web/20120322113930/http://www.zoologie.uni-rostock.de/fileadmin/MathNat_Bio_Zoologie/ZSRO_Flyer_2007_Engl.pdf. 
  6. "Der Sproessling 3" (de ভাষাত). Archived from the original on 25 November 2014. https://web.archive.org/web/20141125180016/http://www.biofachschaft.uni-rostock.de/fileadmin/MathNat_Bio_Fachschaft/Sproessling_Nr._3_SS03.pdf. 
  7. Cocker, Mark; Mabey, Richard (2005). Birds Britannica. Chatto & Windus. পৃষ্ঠা. 315. ISBN 0-7011-6907-9. 
  8. Pomeroy, Ross (February 19, 2018). "The Weirdest Ideas About Bird Migration". www.realclearscience.com. https://www.realclearscience.com/blog/2018/02/19/the_weirdest_ideas_about_bird_migration.html। আহৰণ কৰা হৈছে: 2019-12-19. 
  9. . 2015-05-15. https://www.nytimes.com/2015/05/17/magazine/flight-paths.html. 
  10. Kinzelbach, Ragnar K. (2005) (de ভাষাত). Das Buch vom Pfeilstorch. Basilisken-Presse. ISBN 3-925347-78-X.