সমললৈ যাওক

ফাইলাও বসুমতাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফাইলাও বসুমতাৰী (ইংৰাজী : Pwilao Basumatary; জন্ম: ৫ মাৰ্চ ১৯৯৩) এজন ভাৰতীয় বক্সাৰ।[1] ২০১১ চনৰ আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (এমেচাৰ) মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত আণ্টালিয়াত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।[2] গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে।[3] জাৰ্মানীত অনুষ্ঠিত কলন বক্সিং বিশ্বকাপত তেওঁ ৰূপৰ পদক লাভ কৰে।[4] বুলগেৰিয়াত অনুষ্ঠিত ৭০ সংখ্যক ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে।[5]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কৃষক পৰিয়ালৰ জন্ম গ্ৰহণ কৰা বসুমতাৰী চিৰাং জিলাৰ এখন দুৰ্গম গাঁৱত ডাঙৰ-দীঘল হৈছিল।[6] তেওঁৰ শৈশৱ ভোক আৰু দৰিদ্ৰতাৰ সৈতে যুঁজি পাৰ হৈছিল আৰু তেওঁৰ পৰিয়াল ২০১২ চনৰ অসমত হোৱা হিংসাৰ বলি হৈছিল।[7] কোকৰাঝাৰৰ স্প'ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া স্পেচিয়েল এৰিয়া গেমছ চেণ্টাৰত স্থান লাভেৰে তেওঁৰ ক্ৰীড়া কেৰিয়াৰ আৰম্ভ কৰিছিল।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "About the Awardee: Pwilao Basumatary". NDTV. 12 February 2016. https://sites.ndtv.com/women-of-worth/about-the-awardee-pwilao-basumatary/। আহৰণ কৰা হৈছে: 31 July 2021. 
  2. "About the Awardee: Pwilao Basumatary". NDTV. 12 February 2016. https://sites.ndtv.com/women-of-worth/about-the-awardee-pwilao-basumatary/। আহৰণ কৰা হৈছে: 31 July 2021. 
  3. "Mary Kom, Shiva Thapa, Jamuna Boro dominate finals of the India Open International Boxing Tournament". NDTV. https://www.sentinelassam.com/north-east-india-news/local-sports/mary-kom-shiva-thapa-jamuna-boro-dominate-finals-of-the-india-open-international-boxing-tournament/। আহৰণ কৰা হৈছে: 25 May 2019. 
  4. "Cologne Boxing WC: Meena Bags Gold, India Finishes With 5 Medals" (en ভাষাত). 27 February 2022. Archived from the original on 15 April 2019. https://web.archive.org/web/20190415145609/https://www.thequint.com/sports/cologne-boxing-world-cup-meena-kumari-clinches-gold. 
  5. "Assam boxers Lovlina Borgohain and Pwilao Basumatary bag bronze in Bulgaria" (en ভাষাত). 19 February 2019. https://nenow.in/north-east-news/assam-boxers-lovlina-borgohain-and-pwilao-basumatary-bag-bronze-in-bulgaria.html. 
  6. "About the Awardee: Pwilao Basumatary". NDTV. 12 February 2016. https://sites.ndtv.com/women-of-worth/about-the-awardee-pwilao-basumatary/। আহৰণ কৰা হৈছে: 31 July 2021. 
  7. "About the Awardee: Pwilao Basumatary". NDTV. 12 February 2016. https://sites.ndtv.com/women-of-worth/about-the-awardee-pwilao-basumatary/। আহৰণ কৰা হৈছে: 31 July 2021. 
  8. "About the Awardee: Pwilao Basumatary". NDTV. 12 February 2016. https://sites.ndtv.com/women-of-worth/about-the-awardee-pwilao-basumatary/। আহৰণ কৰা হৈছে: 31 July 2021.