ফাউজিয়া কুফী
ফাউজিয়া কুফী | |
|---|---|
فَوزیَه کوفی | |
চাথাম হাউচ, ২০১২ চনত ভাষণ দি কুফি | |
| ৰাষ্ট্ৰীয় বিধানসভাৰ উপ-সভাপতি।... | |
| কাৰ্যকাল ২০০৫ – ১৫ আগষ্ট ২০২১ | |
| বদাখশানৰ বাবে ৱোলেছি জিৰ্গাৰ সদস্য। | |
| কাৰ্যকাল ২০০৫ – ১৫ আগষ্ট ২০২১ | |
| ব্যক্তিগত তথ্য | |
| জন্ম | ফাউজিয়া কুফী ১৯৭৫ (বয়স ৫০–৫১) বদাখশান, আফগানিস্তান গণৰাজ্য। |
| সন্তান | ২ |
| বাসস্থান | লণ্ডন |
| শিক্ষানুষ্ঠান | প্ৰেষ্টন বিশ্ববিদ্যালয় |
| পেচা | ৰাজনীতিবিদ, নাৰী অধিকাৰ কৰ্মী |
ফাউজিয়া কুফী (ইংৰাজী: : Fawzia Koofi,জন্ম ১৯৭৫ )[1] এগৰাকী আফগান ৰাজনীতিবিদ, লেখিকা আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ বাদাখছান প্ৰদেশত জন্ম হৈছিল আৰু জাতিগতভাৱে তাজিক। কুফীয়ে শেহতীয়াকৈ ডোহা কাটাৰত তালিবানৰ সৈতে শান্তিৰ আলোচনাত মিলিত হোৱা আফগান প্ৰতিনিধি দলৰ সদস্য আছিল। কাবুলৰ প্ৰাক্তন সংসদ সদস্য হিচাপে ৰাষ্ট্ৰীয় বিধানসভাৰ উপ-সভানেত্ৰী আছিল।
জীৱনী
[সম্পাদনা কৰক]যুৱ আৰু শিক্ষা
[সম্পাদনা কৰক]কুফীৰ পিতৃ একেৰাহে ২৫ বছৰ ধৰি সংসদৰ সদস্য পদত(এম পি) আছিল যদিও আফগান যুদ্ধৰ শেষত (১৯৭৯–১৯৮৯) মুজাহিদিনে হত্যা কৰে।[1]
সাতগৰাকী মহিলাৰ বহুবিবাহিত পৰিয়ালত কুফীয়ে জন্মগ্ৰহণ কৰিছিল। ছোৱালী হৈ জন্ম গ্ৰহণ কৰা বাবেই প্ৰথমে পিতৃ-মাতৃয়ে প্ৰত্যাখ্যান কৰিছিল। দেউতাকে কম বয়ষৰ মহিলা এগৰাকীক বিয়া কৰাইছিল আৰু মাকে স্বামীৰ মৰম বজাই ৰাখিবলৈ পুত্ৰ সন্তান জন্ম দিবলৈ বিচাৰিছিল। কুফিৰ জন্মৰ পিছত তাইক ৰ’দত থৈ মৰিবলৈ এৰি দিয়া হৈছিল।[2]
কুফীয়ে মাক-দেউতাকক স্কুললৈ পঠিয়াবলৈ মান্তি কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত স্কুলত পঢ়িবলৈ যোৱা তাইয়েই পৰিয়ালটোৰ একমাত্ৰ ছোৱালী হৈ পৰিছিল । প্ৰথমে তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিছিল যদিও ১৯৯৬ চনত তালিবানে মহিলাসকলক সকলো শিক্ষা গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত তেওঁ আগবাঢ়িব পৰা নাছিল।[3] ২০০১ চনত তালিবানৰ পতনৰ পিছত তেওঁ স্কুললৈ উভতি যায় আৰু অৱশেষত প্ৰেষ্টন বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় আৰু পৰিচালনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]
কুফীয়ে আভ্যন্তৰীণভাৱে স্থানচ্যুত গৃহহীণ লোক (আইডিপি) আৰু সমাজৰ মূল সুঁতি বা সুবিধাৰ পৰা আঁতৰাই ৰখা, উপেক্ষিত বা অৱহেলিত হোৱা মহিলা আৰু শিশুৰ দৰে দুৰ্বল গোটৰ সৈতে কাম কৰিছিল আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈকে ইউনিচেফৰ বাবে শিশু সুৰক্ষা বিষয়া হিচাপে কাম কৰিছিল।[4]
ৰাজনৈতিক কেৰিয়াৰ
[সম্পাদনা কৰক]২০০১ চনত তালিবানৰ পতনৰ পিছত কুফীয়ে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁৰ "বেক টু স্কুল" অভিযানত ছোৱালীৰ শিক্ষাৰ অধিকাৰৰ প্ৰচাৰ কৰিছিল।
২০০১ চনৰ পৰা ২০০৪ চনলৈকে ফাউজিয়া কুফীয়ে ইউনিচেফৰ সৈতে শিশু সুৰক্ষা বিষয়া হিচাপে কাম কৰি শিশুসকলক হিংসা, শোষণ আৰু নিৰ্যাতনৰ পৰা ৰক্ষা কৰে।[4]
২০০৫ চনৰ সংসদীয় নিৰ্বাচনত তেওঁ দেশৰ উত্তৰ-পূব অংশৰ বাদাখছান জিলাৰ বাবে আফগান ৰাষ্ট্ৰীয় বিধানসভাৰ নিম্ন সদন ৱলেছি জিৰ্গালৈ নিৰ্বাচিত হয় আৰু নিম্ন সদনৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ উপ-সভাপতিৰ উপাধিও বহন কৰে।[1][4] আফগানিস্তানৰ ইতিহাসত প্ৰথমগৰাকী মহিলা সংসদৰ দ্বিতীয় উপ অধ্যক্ষ আছিল। ২০১০ চনৰ সংসদীয় নিৰ্বাচনত পুনৰ নিৰ্বাচিত হোৱাৰ পিছত বিধানসভাৰ মুঠ ৬৯ গৰাকী মহিলা সদস্যৰ পৰা সাংসদ নিৰ্বাচিত হয়।
সংসদত ফাউজিয়া কুফীয়ে মুখ্যভাৱে মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। [5] কিন্তু তাৰ উপৰি তেওঁ দূৰৱৰ্তী গাঁওসমূহক শিক্ষা আৰু স্বাস্থ্য সেৱা কেন্দ্ৰৰ সৈতে সংযোগ কৰিবলৈ পথ নিৰ্মাণৰ বাবেও আইন প্ৰণয়ন কৰিছিল। ২০০৯ চনত কুফিয়ে মহিলাৰ বিৰুদ্ধে হিংসা নিৰ্মূল(EVAW) শীৰ্ষক আইনখনৰ খচৰা প্ৰস্তুত কৰিছিল।[6] এই আইনখন ডিক্ৰী হিচাপে স্বাক্ষৰ কৰা হৈছিল যদিও, সংবিধানৰ আনুষ্ঠানিক দলিল হিচাপে স্বীকৃতি পাবলৈ সংসদত ভোটযোগে গৃহীত হ’ব লাগিছিল। ২০১৩ চনত আইনখন সংসদত উত্থাপন কৰা হৈছিল, কিন্তু কিছুমান ৰক্ষণশীল সদস্যই ইয়াৰ কেইবাটাও ধাৰা ইছলামৰ বিৰুদ্ধে যায় বুলি দাবী কৰি ইয়াক বাধা দিছিল। তথাপিও, এই আইনখন আফগানিস্তানৰ ৩৪খন প্ৰদেশতেই কাৰ্যকৰী কৰি ৰখা হৈছে, আৰু আদালতৰ গোচৰসমূহো এই আইনখনৰ ভিত্তিত সিদ্ধান্ত লোৱা হৈছে।[5]
২০১০ চনৰ ৮ মাৰ্চত টোৰা বৰা চহৰৰ ওচৰত হত্যাৰ চেষ্টাকে ধৰি কেইবাটাও হত্যাৰ চেষ্টাৰ পৰা ৰক্ষা পৰিছে।[7]
২০১৪ চনৰ আফগান ৰাষ্ট্ৰপতি নিৰ্বাচনত মহিলাৰ সম অধিকাৰৰ মঞ্চত আফগানিস্তানৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য আছিল কুফীয়ে, সাৰ্বজনীন শিক্ষাৰ প্ৰসাৰ, আৰু ৰাজনৈতিক দুৰ্নীতিৰ বিৰোধিতা,[8][9]কিন্তু ২০১৪ চনৰ জুলাই মাহত তেওঁ কয় যে নিৰ্বাচন আয়োগে পঞ্জীয়নৰ তাৰিখ ২০১৩ চনৰ অক্টোবৰলৈ স্থানান্তৰিত কৰে আৰু ফলস্বৰূপে তেওঁ নূন্যতম বয়সৰ প্ৰয়োজনীয়তা ৪০ বছৰৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল বয়স।[10]
২০১৪ চনত পুনৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল যদিও এইবাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা নাছিল। বৰ্তমান তেওঁ আফগানিস্তানৰ মহিলা, নাগৰিক সমাজ আৰু মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[11]
২০২০ চনৰ ১৪ আগষ্টত ভগ্নী মৰিয়াম কুফীৰ সৈতে উত্তৰ প্ৰদেশ পাৰৱান ভ্ৰমণ কৰি উভতি অহাৰ সময়ত কাবুলৰ ওচৰত বন্দুকধাৰীয়ে তেওঁক হত্যা কৰাৰ চেষ্টা চলাইছিল। এই আক্ৰমণটো তেওঁক হত্যা কৰাৰ উদ্দেশ্যেৰে কৰা হৈছিল, যদিও তেওঁ জীৱিন্তে ৰক্ষা পৰিছিল।[12]
২০২১ চনৰ গ্ৰীষ্মকালত তালিবানৰ দ্ৰুত অগ্ৰগতিৰ মাজতে আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ সন্দৰ্ভত তেওঁৰ চিন্তাধাৰাৰ বিষয়ে এক সাক্ষাৎকাৰত সোধাত ফাউজিয়া কুফীয়ে কয় যে যে যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ মহিলাসকলক পৰিত্যাগ কৰিছে, আৰু বৰ্তমান যি ঘটনা-প্ৰৱাহ চলি আছে তাৰ বাবে তেওঁ অত্যন্ত নিৰাশ আৰু হতাশ।[13]
মহিলাৰ অধিকাৰৰ নিয়োগ
[সম্পাদনা কৰক]আফগানিস্তানত মহিলাৰ অধিকাৰ ৰক্ষা কৰাটো কুফীয়ে অগ্ৰাধিকাৰ দিছে। বদাখচান প্ৰদেশত তেওঁৰ সমষ্টিবাসীৰ বাবে ভাল বিদ্যালয়ৰ সুবিধাৰ পোষকতা কৰি আৰু অনানুষ্ঠানিক শিক্ষাৰ সুযোগ সৃষ্টি কৰি মহিলা আৰু শিশুসকলৰ বাবে শিক্ষাৰ প্ৰসাৰ ঘটাইছে। ২০০৫ চনত উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত কুফীয়ে দুৰ্গম প্ৰদেশত ছোৱালীৰ বিদ্যালয় নিৰ্মাণৰ বাবে ব্যক্তিগত ধন সংগ্ৰহ কৰে।[14] ২০০৯ চনত বিশ্ব অৰ্থনৈতিক মঞ্চই তেওঁক যুৱ গ্ল'বেল লিডাৰ হিচাপে নিৰ্বাচিত কৰে।[15] ২০২০ চনত লালেহ ওছমানীৰ নেতৃত্বত #WhereIsMyName অভিযানে আফগান পৰিচয় পত্ৰত মহিলাৰ নাম অন্তৰ্ভুক্ত কৰাৰ ফলত আফগান আইন পৰিৱৰ্তনক সমৰ্থন কৰিছিল আৰু ইয়াক "মানৱ অধিকাৰ" বুলি অভিহিত কৰিছিল।[16]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]কুফীৰ বিয়া হৈছিল হামিদ নামৰ এজন অভিযন্তা আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষকৰ সৈতে। তেওঁ পৰিয়ালৰ অসন্মতিত বিয়া হৈছিল। বিয়াৰ দহ দিনৰ পাছত তালিবান সৈন্যই তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰি ৰাখিছিল। কাৰাগাৰত তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু ২০০৩ চনত মুক্তি পোৱাৰ কিছু দিনৰ পিছতে তেওঁৰ মৃত্যু হয়।[1][17] ২০২১ চনৰ আগষ্ট মাহত তালিবানে দখল কৰাৰ পিছত ফৌচিয়া কুফীক কাবুলত গৃহবন্দী কৰা হৈছিল। তাৰ পিছৰ পৰাই তেওঁ নিজৰ গৃহভূমি এৰি দুগৰাকী কন্যাৰ সৈতে লণ্ডনত নিৰ্বাসিত হৈ থাকে।[18]
আত্মজীৱনীমূলক স্মৃতিগ্ৰন্থ
[সম্পাদনা কৰক]দ্য ফেভাৰড ডাউটাৰ: ৱান উইমেনছ ফাইট টু লিড আফগানিস্তান ইনটু দ্য ফিউচাৰ, হৈছে ফাউজিয়া কুফীয়ে নাডেন ঘৌৰীৰ সহায়ত লিখা এখন আত্মজীৱনীমূলক স্মৃতিগ্ৰন্থ।[19] মূলতঃ লেটাৰছ টু মাই ড'টাৰ নামেৰে প্ৰকাশ কৰা এই সংস্কৰণটো ২০১২ চনত পালগ্ৰেভ মেকমিলান পাব্লিচাৰ্ছে প্ৰকাশ কৰে।[20] কিতাপখনত কুফীৰ গোটেই শৈশৱৰ জীৱন, শিক্ষা আৰু ৰাজনীতিৰ লগত জড়িত হোৱাৰ কাহিনী লিখা আছে। ই এখন আত্মজীৱনীমূলক স্মৃতিগ্ৰন্থ হোৱাৰ উপৰিও, তেওঁৰ দুগৰাকী কন্যালৈ লিখা চিঠিও য’ত তেওঁৰ জীৱনৰ আখ্যান লিখা আছে ।
কাম
[সম্পাদনা কৰক]- ফাউজিয়া কুফি (এপ্ৰিল ২০১১)। ''লেটাৰচ্ টু মাই ডাউটাৰ''। কানাডা: ডগলাছ এণ্ড মেচিনটাইৰ। আই এছ বি এন ৯৭৮-১-৫৫৩৬৫-৮৭৬-৪।
- ফাউজিয়া কুফি (৩ জানুৱাৰী ২০১২)। ''দ্য ফেভাৰড ডাউটাৰ: ৱান উইমেনছ ফাইট টু লিড আফগানিস্তান ইনটু দ্য ফিউচাৰ'' । আমেৰিকা: পালগ্ৰেভ মেকমিলান। আই এছ বি এন ৯৭৮-০-২৩০-১২০৬৭-৯।
মিডিয়াত
[সম্পাদনা কৰক]বিবিচি HARDtalk 08 Jun 2022 ফাউজিয়া কুফি: আফগানসকলৰ এতিয়াও আশা আছেনে?[21]
স্বীকৃতি
[সম্পাদনা কৰক]২০১৩ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰে।[22]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Malbrunot, Georges (2011-02-25). "Fawzia, un défi aux talibans" (French ভাষাত). Le Figaro: পৃষ্ঠা 18. http://www.lefigaro.fr/mon-figaro/2011/02/25/10001-20110225ARTFIG00652-fawzia-un-defi-aux-talibans.php.
- ↑ "A 'Favored Daughter' Fights For The Women Of Afghanistan". NPR. 2012-02-22. https://www.npr.org/2012/02/22/147060923/a-favored-daughter-fights-for-afghan-women। আহৰণ কৰা হৈছে: 2013-05-19.
- ↑ Qazi, Shereena. "Who are the Afghan women negotiating peace with the Taliban?". Aljazeera. https://www.aljazeera.com/features/2020/10/7/who-are-the-afghan-women-negotiating-peace-with-taliban। আহৰণ কৰা হৈছে: 14 October 2021.
- 1 2 3 4 "Guests of First Lady Laura Bush". ABC News. January 31, 2006. https://abcnews.go.com/Politics/StateOfTheUnion/story?id=1562924। আহৰণ কৰা হৈছে: February 14, 2013.
- 1 2 "In conversation with Fawzia Koofi member of Parliament from Badakshan" 7 June 2014, www.youtube.com, accessed 8 November 2020
- ↑ "Women MP's come together to demand equal representation". Archived from the original on 2017-05-29. https://web.archive.org/web/20170529195629/http://www.afghanzariza.com/2014/05/26/women-mps-come-together-to-demand-equal-representation। আহৰণ কৰা হৈছে: 2014-12-18.
- ↑ Bryony Gordon (February 23, 2012). "'The Taliban want to kill me. But I am fighting for my daughters' freedom' Fawzia Koofi hopes to be Afghanistan's first woman president. The Taliban are determined to stop her.". The Daily Telegraph. https://www.telegraph.co.uk/news/worldnews/asia/afghanistan/9098660/The-Taliban-want-to-kill-me.-But-I-am-fighting-for-my-daughters-freedom.html.
- ↑ Graeme Woods (February 14, 2013). "Fawzia Koofi Member of Parliament, Afghanistan". theatlantic.com. https://www.theatlantic.com/magazine/archive/2012/11/fawzia-koofi/309134/#.
- ↑ "Woman of the week - Fawzia Koofi Championing feminism in a country where male-chauvinism reigns". platform51.org. March 16, 2012. Archived from the original on April 21, 2012. https://web.archive.org/web/20120421154200/http://www.platform51.org/news/Woman_of_the_week_-_Fawzia_Koofi। আহৰণ কৰা হৈছে: February 15, 2013.
- ↑ Fawzia Koofi, the female politician who wants to lead Afghanistan 18 December 2013, www.newstatesman.com, accessed 8 November 2020
- ↑ "Fawzia Koofi on Afghanistan Women's Rights Under Ashraf Ghani" 5 November 2014 fawziakoofi.org, accessed 8 November 2020
- ↑ "Female Afghan peace negotiator wounded in assassination bid". The Guardian. https://www.theguardian.com/world/2020/aug/16/female-afghan-peace-negotiator-wounded-in-assassination-bid। আহৰণ কৰা হৈছে: 16 August 2020.
- ↑ She risked everything for women's rights in Afghanistan. Now she could lose it all, cbc.ca, Aug 12, 2021
- ↑ “900 Afghani girls need a building for their school.” Fundraiser at www.indiegogo.com, accessed 8 November 2020
- ↑ "Support Committee for Fawzia Koofi: Mission". fawziakoofi.org. Archived from the original on 2012-04-17. https://web.archive.org/web/20120417025404/http://www.fawziakoofi.org/mission.html। আহৰণ কৰা হৈছে: 8 November 2020.
- ↑ "WhereIsMyName: Afghan women campaign for the right to reveal their names" (en-GB ভাষাত). BBC News. 2020-07-24. https://www.bbc.com/news/world-asia-53436335.
- ↑ Sachs, Susan (January 21, 2011). "Fawzi Koofi: The face of what Afghanistan could be". The Globe and Mail. https://www.theglobeandmail.com/news/world/asia-pacific/fawzi-koofi-the-face-of-what-afghanistan-could-be/article1879540/page1/.
- ↑ Stéphanie Fillion (2022-09-01). "One Year After Leaving Afghanistan, Fawzia Koofi Is Determined To Go Back" (en ভাষাত). Forbes.com. https://www.forbes.com/sites/stephaniefillion/2022/09/01/one-year-after-leaving-afghanistan-fawzia-koofi-is-determined-to-go-back/। আহৰণ কৰা হৈছে: 2023-05-17.
- ↑ Fawzia Koofi: The Favored Daughter fawziakoofi.org, accessed 8 November 2020
- ↑ ‘Favored Daughter’: Fawzia Koofi on Making Women's History in Afghanistan Archived 21 April 2019 at the Wayback Machine Women's Voices for Change, accessed 8 November 2020
- ↑ "HARDtalk - Fawzia Koofi: Do Afghans still have hope? - BBC Sounds" (en-GB ভাষাত). www.bbc.co.uk. https://www.bbc.co.uk/sounds/play/w3ct32qy। আহৰণ কৰা হৈছে: 2022-08-30.
- ↑ "100 Women: Who took part?" (en-GB ভাষাত). BBC News. 2013-10-20. https://www.bbc.com/news/world-24579511.