ফাটবাৰ্ধা গেগা
ফাটবাৰ্ধা গেগা | |
---|---|
জন্ম | ফাটবাৰ্ধা গেগা ১৯১৯ ফিয়েৰ, আলবেনিয়া |
মৃত্যু | ১৯৯৯ |
পেচা | লেখক, নাৰীবাদী, সমাজকৰ্মী, শিক্ষয়িত্ৰী |
ভাষা | আলবেনিয়ান |
ফাটবাৰ্ধা গেগা (ইংৰাজী: Fatbardha Gega, ১৯১৯–১৯৯৯) আছিল এগৰাকী আলবেনিয়ান শিক্ষাবিদ, আৰু আলবেনিয়াত বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত আলবেনিয়ান শিক্ষাবিজ্ঞান আৰু মানসিক চিন্তাৰ অন্যতম পৰিচিত শিক্ষাবিদ।[1]
জীৱনী
[সম্পাদনা কৰক]গেগাৰ জন্ম হৈছিল আলবেনিয়াৰ ফিয়েৰত। টিৰানাৰ মহিলা প্ৰতিষ্ঠান নানা ম্ব্ৰেটনেশ্বে( Woman's Institute Nana Mbretneshë) উত্তীৰ্ণ হৈ অহাৰ পাছত তেওঁ ইটালীৰ ফ্ল’ৰেন্স বিশ্ববিদ্যালয়ৰ চিকিৎসা অনুষদত অধ্যয়ন কৰে।
১৯৪২ চনত শ্বকোডাৰৰ "ডনিকা কাষ্ট্ৰিঅ'টি" স্কুলত ইতিহাসৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। এই বিদ্যালয়ৰ পৰিচালক আৰু টিৰানা মাধ্যমিক শিক্ষাবিজ্ঞান বিদ্যালয় "১৭ নেণ্টোৰী"ৰ ইতিহাস, শিক্ষাবিজ্ঞান আৰু মনোবিজ্ঞানৰ উপ-সঞ্চালিকা আছিল। ১৯৬৫ চনত ইনষ্টিটিউট অৱ ষ্টাডিজ এণ্ড স্কুল পাব্লিকেচনত বৈজ্ঞানিক সহযোগী হিচাপে কাম কৰাৰ বিপৰীতে ১৯৬৬ চনৰ পৰা শিক্ষা মন্ত্ৰালয়ৰ পেডাগজিকেল ষ্টাডিজ সঞ্চালকালয়ত কাম কৰে।
কৰ্ম
[সম্পাদনা কৰক]গেগাই আলবেনিয়ান শিক্ষাবিজ্ঞানৰ পুঁজিৰ বাবে বহুতো সৃষ্টিশীল কামক ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়াই থৈ গৈছিল। তেওঁ "মনোবিজ্ঞান" গ্ৰন্থখন (মাধ্যম শিক্ষাবিজ্ঞান বিদ্যালয়ৰ বাবে) সংকলন কৰিছিল আৰু "শিক্ষণৰ পদ্ধতি – বিদ্যালয়ত শিক্ষামূলক কাম" (১৯৭২) গ্ৰন্থখনৰ সহ-লেখিকা আছিল। টু ফৰ্গ ষ্ট্ৰং কেৰেক্টাৰচ্ ("To forge strong characters") (১৯৬৮) নামৰ কিতাপখনত তেওঁ শিক্ষাবিজ্ঞানৰ আমোলাতন্ত্ৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছিল আৰু আধুনিক আলবেনিয়ান শিক্ষাবিজ্ঞানৰ এক মৌলিক নিৰাময়ৰ উপায় আগবঢ়াইছে। তেওঁৰ ৰচনাবোৰতো একেই কাম কৰিছিল। "বিদ্যালয় আৰু পৰিয়াল, (শিশুৰ নাগৰিক শিক্ষাৰ গুৰুত্বপূৰ্ণ কাৰক)", "শিক্ষক – ছাত্ৰৰ সম্পৰ্ক" আৰু অন্যান্য। তেওঁৰ প্ৰবন্ধবোৰত ডিডাকটিক আৰু ঐতিহাসিক শিক্ষাবিজ্ঞানৰ চিন্তাৰ নতুন পৃষ্ঠা লিখা হৈছিল। তেওঁৰ প্ৰধান ৰচনাসমূহ সংগ্ৰহ কৰি টিৰানাত "আপোনাৰ শিক্ষক আৰু অভিভাৱকৰ বাবে" (২০০২) শিৰোনামেৰে প্ৰকাশ কৰা হয়।[1][2][3][4]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Hajrullah Koliqi:Gruaja ndër shekuj (Arsimimi dhe emancipimi i saj), Libri Shkollor, Prishtinë, 2009, fq. 376 আই.এচ.বি.এন. 978-9951-07-716-3
- ↑ Fatbardha Gega: Për ju mësues dhe prindër, KAD, Tiranë, 2002.
- ↑ Murat Gecaj:Fatbardha Gega - Mësuese e Popullit dhe edukatore e talentuar 15.12.2009.http://www.zemrashqiptare.net/ 24.05.2016.
- ↑ Fatbardha Gega: To forge strong characters (Extracted from the book “Distinguished Albanian Women” – Edi Shukriu) Archived 2016-09-22 at the Wayback Machine, September 14, 2016, www.gentlewomen.al, Accessed 10.16.2016. সাঁচ:Archive url