সমললৈ যাওক

ফাতমা ইছমাইল ছালমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাতমা ইছমাইল ছালমান
প্ৰকৃত নাম فاطمة ريما
জন্ম ১৪ ফেব্ৰুৱাৰী, ১৯৩৭
ছিলৱাদ, বৃটিছ অধিকৃত পেলেষ্টাইন
মৃত্যু ২ জুন ২০২০
ৰামাল্লা, উত্তৰ পাৰ, পেলেষ্টাইন
আনুগত্য ফাটাহ
যুদ্ধ-বিগ্ৰহ

ফাতমা ইছমাইল ছালমান; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৩৭ – মৃত্যু: ২ জুন ২০২০; আছিল এগৰাকী পেলেষ্টাইনী সক্ৰিয় কৰ্মী আৰু বিপ্লৱী।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৩৭ চনৰ ১৪ ফেব্ৰুৱাৰীত পশ্চিম পাৰৰ পেলেষ্টাইনৰ ছিলৱাদ চহৰত ফাতমাৰ জন্ম হৈছিল। পিতৃৰ কৰ্ম সংস্থানৰ বাবে তেওঁ ৪ বছৰ বয়সত জেৰুজালেমলৈ গুচি যায়। পুনৰ ১৯৪৫ চনত পিতৃ বদলি হোৱাৰ বাবে হাইফালৈ গুচি যায়। হাইফাৰ ইহুদী আৰু পেলেষ্টাইনী বাসিন্দাসকলৰ মাজত হিংসাত্মক পৰিস্থিতিৰ বাবে তেওঁৰ পৰিয়াল পিছত পুনৰ ছিলৱাদলৈ উভতি যায়।[2]

ছয়দিনীয়া যুদ্ধ

[সম্পাদনা কৰক]

ছয়দিনীয়া যুদ্ধৰ সময়ত ফাতমাই আহত পেলেষ্টাইনীসকলক সহায় কৰিবলৈ এটা সংস্থাত স্বেচ্ছাই কাম কৰিছিল। নাকচাৰ সময়ত তেওঁ পেলেষ্টাইনীসকলক ঘৰৰ পৰা বগা পতাকা ওলোমাই নিদিবলৈ আৰু জৰ্ডানলৈ পলায়ন নকৰিবলৈ পোষকতা কৰিছিল।[3]

ফাটাহত যোগদান কৰা

[সম্পাদনা কৰক]

১৯৬৮ চনত আব্দুল ইলাহৰ সহায়ত তেওঁ ককাক হাজ জৈন আল-দিন আল-নজ্জাৰৰ নেতৃত্বত এটা উগ্ৰপন্থী কোষত যোগদান কৰে। কোষটোত তেওঁৰ ভূমিকা আছিল অস্ত্ৰ লুকুৱাই ৰখা আৰু লজিষ্টিক সহায় আগবঢ়োৱা। ১৯৬৯ চনৰ আগষ্ট মাহত তেওঁক গ্ৰেপ্তাৰ কৰি তিনি বছৰৰ কাৰাদণ্ড বিহা হয়। কাৰাগাৰত থকা সময়ছোৱাত আইডিএফে তেওঁৰ ঘৰটো ধ্বংস কৰি পেলায়, আৰু ১৮ বছৰৰ বাবে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰে। মুক্তিৰ পিছত ১৯৭১ চনৰ মাৰ্চ মাহলৈকে তেওঁ পুনৰ উগ্ৰপন্থী কাৰ্যকলাপ আৰম্ভ কৰে আৰু তাৰ পিছত তেওঁক নিজৰ চহৰৰ আন মহিলাসকলৰ সৈতে পুনৰ গ্ৰেপ্তাৰ কৰা হয়। গোপন তথ্য মুকলি কৰিবলৈ ইজৰাইলী আৰক্ষীয়ে ছমাহ ধৰি তেওঁক জেৰা কৰিছিল যদিও তেওঁ কোনো তথ্য মুকলি কৰা নাছিল।[4]

৮৩ বছৰ বয়সত ৰামাল্লাত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত ফাটাহে শোক প্ৰকাশ কৰে।[4][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ""فتح تنعى ابنتها المناضلة فاطمة ريما"". Ma'an News Agency. https://www.maannews.net/news/2008003.html.
  2. "ذكرى رحيل المناضلة الحاجة فاطمة إسماعيل حامد (فاطمة ريما)" (en-US ভাষাত). 2021-06-03. Archived from the original on 2022-05-09. https://web.archive.org/web/20220509040511/https://www.fatehinfo.net/post/168961.
  3. 1 2 ""فتح" تنعى ابنتها المناضلة "فاطمة ريما"". 3 June 2020. https://www.falestinona.com/flst/Art/136119#gsc.tab=0.
  4. 1 2 ""فاطمة ريما": أيقونة ثورية وحب فطري للمقاومة" (ar ভাষাত). بنفسج. 2023-03-21. https://bnfsj.net/post/238/%22%D9%81%D8%A7%D8%B7%D9%85%D8%A9%20%D8%B1%D9%8A%D9%85%D8%A7%22:%20%D8%A3%D9%8A%D9%82%D9%88%D9%86%D8%A9%20%D8%AB%D9%88%D8%B1%D9%8A%D8%A9%20%D9%88%D8%AD%D8%A8%20%D9%81%D8%B7%D8%B1%D9%8A%20%D9%84%D9%84%D9%85%D9%82%D8%A7%D9%88%D9%85%D8%A9 আহৰণ কৰা হৈছে: 2025-05-31.