ফাতেমা পাহলৱী
ফাতেমা পাহলৱী (ইংৰাজী: Fatemeh Pahlavi) (জন্ম, ৩০ অক্টোবৰ ১৯২৮ – মৃত্যু,২৭ মে' ১৯৮৭) আছিল পাহলৱী বংশৰ এগৰাকী ইৰাণী ৰাজকুমাৰী। ৰেজা শ্বাহৰ দশম সন্তান আৰু মহম্মদ ৰেজা পাহলৱীৰ সতীয়া ভগ্নী। তেহৰাণত জন্মগ্ৰহণ কৰা তেখেতে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পূৰ্বে ইৰাণ এৰি থৈ যায়। ১৯৮৭ চনত লণ্ডনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় পাহলৱী। য়ছছঢ়ঢ়হহ
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯২৮ চনৰ ৩০ অক্টোবৰত তেহৰাণত ফাতেমা পাহলৱীৰ জন্ম হৈছিল।[1][2] ৰেজা শ্বাহ পাহলৱীৰ দশম সন্তান আৰু চতুৰ্থ আৰু শেষ পত্নী ইছমত দৌলাতশ্বাহীৰ চতুৰ্থ সন্তান। [3][4] তেওঁৰ মাতৃ কাজাৰ বংশৰ আছিল আৰু ১৯২৩ চনত ৰেজা শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[5] ফাতিমা আব্দুল ৰেজা পাহলৱী, আহমদ ৰেজা পাহলৱী আৰু মাহমুদ ৰেজা পাহলৱীৰ কনিষ্ঠ ভগ্নী আৰু হামিদ ৰেজা পাহলৱীৰ জ্যেষ্ঠ ভগ্নী আছিল। [6]
পাহলৱীয়ে দক্ষিণ কেৰ'লিনাৰ স্পাৰ্টানবাৰ্গৰ কনভাৰ্ছ কলেজ (বৰ্তমান কনভাৰ্ছ ইউনিভাৰ্চিটি)ত পঢ়িছিল।[7] ১৯৪৭–১৯৪৮ শিক্ষাবৰ্ষত পৰিচাৰিকা কোকাব মৌৰাফীৰ সৈতে কলেজত পঢ়িছিল যদিও ডিগ্ৰী লাভ নকৰিলে। [7][8][9] কিন্তু মোৱাৰেফি তাতেই থাকি ১৯৫০ চনত কনভাৰ্ছৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[9] তেওঁ আৰু তেওঁৰ ভাতৃদ্বয়ে পিতৃ-মাতৃৰ সৈতে তেহৰাণৰ মাৰ্বল পেলেচত বাস কৰিছিল। [4]
কাৰ্য্যাৱলী
[সম্পাদনা কৰক]
সতীয়া ভাতৃ মহম্মদ ৰেজা পাহলৱীৰ দিনত ফাতিমা পাহলৱীৰ বলিং ক্লাব আছিল আৰু এগৰাকী ডাঙৰ বৱসায়ী আছিল; তেওঁ নিৰ্মাণ, খাদ্য তেল উৎপাদন আৰু অভিযান্ত্ৰিকতাৰ সৈতে জড়িত কোম্পানীসমূহৰ শ্বেয়াৰৰ মালিক আছিল।[10] সেই সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫০ কোটি ডলাৰ বুলি অনুমান কৰা হৈছিল।[11] এই ধন-সম্পত্তি তেওঁৰ দ্বিতীয় স্বামী মহম্মদ আমিৰ খাটামীয়ে সামৰিক ঠিকাদাৰৰপৰা লাভ কৰা "কমিচন"ৰপৰা আহিছিল। পাহলৱী ইৰাণৰ উচ্চ শিক্ষাৰ সৈতেও জড়িত আছিল আৰু ইৰাণৰ ফুটবল দল পাৰ্চেপলিছ এফ.চি.ৰ শ্বেয়াৰৰ মালিক আছিল।[12]
পাহলাৱীয়ে এজন ব্ৰিটিছ পাইলটৰপৰা হেলিকপ্টাৰ উৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল, আৰু হেলিকপ্টাৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী ইৰাণী মহিলা হিচাপে পৰিগণিত হৈছিল।[13] প্ৰথম একক বিমান সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ নিজৰ প্ৰশিক্ষকক ওমেগা স্পীডমাষ্টাৰ ঘড়ী উপহাৰ দিলে; ১৯৬৯ চনত ইৰাণ ভ্ৰমণৰ সময়ত এপ'ল' ১১ মহাকাশচাৰীসকলে প্ৰথম চন্দ্ৰত অৱতৰণ উদ্যাপনৰ অংশ হিচাপে এই ঘড়ীটো শ্বাহক উপহাৰ দিছিল। ২০২১ চনৰ আৰম্ভণিতে এই ঘড়ীটো নিলামত ১৮ হাজাৰ পাউণ্ডত বিক্ৰী কৰা হৈছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ফাতেমা পাহলৱীয়ে দুবাৰ বিবাহপাশত আবদ্ধ হয়। ১৯৫০ চনৰ ১৩ এপ্ৰিলত ইটালীৰ চিভিটাভেচিয়াত অনুষ্ঠিত হোৱা এক নাগৰিক অনুষ্ঠানত ভিনচেণ্ট লি হিলাৰ (১৯২৪ – ৭ জুলাই ১৯৯৯)ৰ সৈতে তেওঁৰ বিবাহ হয়।[3] হিলিয়াৰে ইছলাম ধৰ্ম গ্ৰহণ কৰে। [3]১০ মে'ত পেৰিছত ইৰাণৰ দূতাবাসত ধৰ্মীয় অনুষ্ঠানত তেওঁলোকৰ বিবাহ হয়।[3][14] হিলিয়াৰ তেওঁৰ ভাতৃ আব্দুল ৰেজা পাহলাৱীৰ বন্ধু আছিল।[15] ফাতেমেহ আৰু হিলিয়াৰে ইৰাণ ভ্ৰমণৰ সময়ত ইৰাণত লগ পাইছিল। ইৰাণৰ নেতিবাচক প্ৰতিক্ৰিয়াৰ বাবেই সম্ভৱতঃ শ্বাহ মহম্মদ ৰেজাই এই বিবাহক সম্পূৰ্ণৰূপে সমৰ্থন কৰা নাছিল। তেওঁলোকৰ তিনিটা সন্তান, দুজন পুত্ৰ কায়ভান আৰু দাৰিউছ আৰু এগৰাকী কন্যা ৰানা, যি ১৯৫৪ চনত শিশু অৱস্থাত আকস্মিকভাৱে পৰি মৃত্যুবৰণ কৰে। ১৯৫৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।[16][17]
হিলিয়াৰৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত ১৯৫৯ চনৰ ২২ নৱেম্বৰত ইৰাণৰ বায়ুসেনাৰ কমাণ্ডিং জেনেৰেল মহম্মদ আমিৰ খাটামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। [17][18]
শেষৰ বছৰ আৰু মৃত্যু
[সম্পাদনা কৰক]১৯৭৯ চনত ইছলামিক বিপ্লৱৰ পূৰ্বে পাহলৱীয়ে ইৰাণ এৰি যায়। জীৱনৰ শেষ বয়সত তেওঁ লণ্ডনত বাস কৰিছিল।
১৯৮৭ চনৰ ২৭ মে’ত কৰ্কট ৰোগত আক্ৰান্ত হৈ লণ্ডনৰ বাসগৃহত পাহলৱীৰ মৃত্যু হয়। [2][19] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ আৰু ইহসংসাৰত চাৰিজন পুত্ৰক এৰি থৈ যায়। [20][19]
সন্মান
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয়
[সম্পাদনা কৰক]বিদেশৰ
[সম্পাদনা কৰক]তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Iranian princess dies at age 58". The Lewiston Journal. 2 June 1987. https://news.google.com/newspapers?id=INlGAAAAIBAJ&pg=1479,167212&dq=reza+shah+and+his+children&hl=en.
- 1 2 "Princess Fatimeh Pahlavi". Associated Press (London). 2 June 1987. https://apnews.com/5d7f9d9ddceb0c0a9b941d16111f9e6f.
- 1 2 3 4 "Shah of Iran's half-sister dies". Rome News Tribune. 2 June 1987. https://news.google.com/newspapers?id=NQMIAAAAIBAJ&pg=3428,192801&dq=reza+shah+and+his+children&hl=en.
- 1 2 Diana Childress (2011). Equal Rights Is Our Minimum Demand: The Women's Rights Movement in Iran 2005. প্ৰকাশক Minneapolis, MN: Twenty-First Century Books. পৃষ্ঠা. 40. ISBN 978-0-7613-7273-8. https://archive.org/details/equalrightsisour0000chil.
- ↑ Gholam Reza Afkhami (2008). The Life and Times of the Shah. প্ৰকাশক Berkeley, CA: University of California Press. পৃষ্ঠা. 605. ISBN 978-0-520-94216-5. https://books.google.com/books?id=pTVSPmyvtkAC&pg=PA605.
- ↑ "Reza Shah Pahlavi". Iran Chamber Society. Archived from the original on 13 February 2026. https://web.archive.org/web/20260213005511/https://www.iranchamber.com/history/reza_shah/reza_shah.php। আহৰণ কৰা হৈছে: 16 July 2013.
- 1 2 "Milestones, Apr. 24, 1950". Time. 24 April 1950. https://content.time.com/time/subscriber/article/0,33009,812269,00.html। আহৰণ কৰা হৈছে: 15 June 2023.
- ↑ "Y's and Other Y's, 1948. Converse Yearbook 1948". Spartanburg County Public Libraries. পৃষ্ঠাসমূহ: 78–79. https://cdm17281.contentdm.oclc.org/digital/collection/p17281coll8/id/766/rec/50। আহৰণ কৰা হৈছে: 15 June 2023.
- 1 2 Nancy Atkins (12 April 1979). "Shah of Iran's Sister Attended Converse in 1947-1948". Spartanburg Herald: পৃষ্ঠা 1.
- ↑ The Leader Post. Associated Press (Tehran). 22 January 1979. https://news.google.com/newspapers?id=7X5VAAAAIBAJ&pg=1063,1948802&dq=abdul+reza+pahlavi&hl=en.
- ↑ David Harris (2005). "Buying Loyalty in Iran". The Long Term View খণ্ড 6 (3): 88–96. Archived from the original on 14 October 2013. https://web.archive.org/web/20131014043151/http://www.mslaw.edu/MSLMedia/LTV/6.3.pdf#page=88। আহৰণ কৰা হৈছে: 14 November 2012.
- ↑ Houchang Chehabi (Autumn 2002). "A Political History of Football in Iran". Iranian Studies খণ্ড 35 (4): 387. doi:10.1080/14660970600615328.
- ↑ "Women in the IIAF". iiaf.net. https://www.iiaf.net/women-in-the-iiaf/। আহৰণ কৰা হৈছে: 3 May 2023.
- ↑ "Iran. Part II (1950–1955)". Iranian Hotline. http://www.iranianhotline.com/IranPhotos/Iran-1950-1955.pdf। আহৰণ কৰা হৈছে: 16 July 2013.
- ↑ Ali Akbar Dareini (1999). The Rise and Fall of the Pahlavi Dynasty: Memoirs of Former General Hussein Fardust. প্ৰকাশক Delhi: Motilal Banarsidass Publications. পৃষ্ঠা. 123. ISBN 978-81-208-1642-8. https://books.google.com/books?id=SJZ_xgqCOMQC&pg=PR7.
- ↑ "US aided in ouster of Shah". St. Joseph News Press. Associated Press. 9 August 1980. https://news.google.com/newspapers?id=hd1eAAAAIBAJ&pg=3597,1525053&dq=fatimeh+pahlavi&hl=en.
- 1 2 "Shah engaged". Toledo Blade. 23 November 1960. https://news.google.com/newspapers?id=LgwwAAAAIBAJ&pg=3241,6006532&dq=princess+fawzia&hl=en.
- ↑ Abbas Milani (2008). Eminent Persians: The Men and Women who Made Modern Iran, 1941-1979. প্ৰকাশক Syracuse, NY: Syracuse University Press. পৃষ্ঠা. 457. ISBN 978-0-8156-0907-0. https://books.google.com/books?id=ixU33FaG_dgC&pg=PA196.
- 1 2 "Births, Marriages, Deaths". The Times (London) (62783): পৃষ্ঠা 15. 1 June 1987. https://link.gale.com/apps/doc/IF0501714468/TTDA?u=wikipedia&sid=bookmark-TTDA&xid=5b2f454b.
- ↑ "Fatemeh Pahlevi Dies at 58, A Half Sister to Shah of Iran". The New York Times. Associated Press. 3 June 1987. https://www.nytimes.com/1987/06/03/obituaries/fatemeh-pahlevi-dies-at-58-a-half-sister-to-shah-of-iran.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ফাতেমা পাহলৱী সম্পৰ্কীয় মিডিয়া ফাইল।