সমললৈ যাওক

ফাদুমো দায়িব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাদুমো কাছিম দায়িব
ব্যক্তিগত তথ্য
জন্ম ১৯৭২ (বয়স ৫৩৫৪)
থকা, কেনিয়া
শিক্ষা ল'ৰিয়া বিশ্ববিদ্যালয় (বি এছ)
ইষ্টাৰ্ন ফিনলেণ্ড বিশ্ববিদ্যালয় (এম পি এইচ, এম এছ),
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (MPA)
হেলচিংকি বিশ্ববিদ্যালয়

ফাদুমো কাছিম দায়িব, ডাকনাম ডেকো -যাৰ অৰ্থ ছোমালি ভাষাত "উপহাৰ"-, এগৰাকী ছোমালি ৰাজনীতিবিদ আৰু ২০১৬ চনৰ নৱেম্বৰ মাহত নিৰ্বাচনত অৱতীৰ্ণ হোৱা ছোমালিয়াৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী মহিলা

ইষ্টাৰ্ন ফিনলেণ্ড বিশ্ববিদ্যালয় (এম পি এইচ, এম এছ) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (MPA)


প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭২ চনত কেনিয়াৰ থিকাত ছোমালি পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰিছিল দায়িবে।[1][2] চিকিৎসাৰ উপায় নথকা ৰোগত পূৰ্বৰ এঘাৰটা সন্তান হেৰুৱাই মাকে তালৈ যাত্ৰা কৰিছিল।[3] ট্ৰাক চালক দেউতাকে মাক আৰু সৰু ভায়েকক ট্ৰাকত তুলি লৈ গৈছিল। কেনিয়ালৈ যোৱাৰ পথত দুয়োৰে বিয়া হৈ থিকাত বসতি স্থাপন কৰে। ফাদুমোৰ মাক-দেউতাক দুয়োজনেই নিৰক্ষৰ আছিল তথাপিও দেউতাকে কেইবাটাও ভাষা ক’ব জানিছিল। আৰু মাক আছিল এগৰাকী উদ্যমী ব্যৱসায়ী, যিয়ে ৰাস্তাৰ কাষত চাহ বিক্ৰী কৰিছিল।[3] কেনিয়াত তেওঁৰ আৰু দুজন ভাই-ভনীৰ জন্ম হৈছিল।[2] সৰুতে তাইৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল।[2] ১৯৮৯ চনত নাইৰোবিৰ পৰা তেওঁৰ পৰিয়ালক বহিষ্কাৰ কৰা হয় আৰু মোগাদিছুলৈ বিতাড়িত কৰা হয়।[4] তেওঁৰ মাকক সাময়িকভাৱে কাৰাগাৰত ভৰাই থোৱা হয় কাৰণ তেওঁৰ ভাতৃয়ে ছিয়াদ বাৰেৰ বিৰোধী এটা গোটক ধন আগবঢ়োৱাৰ সন্দেহ কৰা হৈছিল।[5] দায়িব আৰু তেওঁৰ ভাই-ভনীসকলক শৰণাৰ্থী হিচাপে ফিনলেণ্ডলৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল আৰু থকা সকলো বিক্ৰী কৰি দিছিল, য’ত তেওঁ ১৯৯০ চনৰ পৰা বাস কৰি আহিছে।[6][4]

দায়িবে চৈধ্য বছৰ বয়সলৈকে পঢ়া-শুনা শিকিব পৰা নাছিল।[2] ফিনলেণ্ডত অধ্যয়ন কৰি ক্ৰিটিকেল কেয়াৰ নাৰ্ছ হিচাপে দুটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4][2] তেওঁ হাৰ্ভাৰ্ড কেনেডি স্কুলত ৰাজহুৱা প্ৰশাসন বিষয়ত অধ্যয়ন কৰিবলৈ ফেল'শ্বিপ লাভ কৰে।[6][7] ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৩২৫ নং প্ৰস্তাৱ (শান্তি, মহিলা আৰু নিৰাপত্তা)ৰ ওপৰত গৱেষণা কৰি হেলচিংকি বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীৰ প্ৰাৰ্থী আছিল।[1][2][7]

কেৰিয়াৰ

[সম্পাদনা কৰক]

দায়িব এগৰাকী সমাজ সংস্কাৰক কৰ্মী, এক জনস্বাস্থ্য বিশেষজ্ঞ আৰু এক উন্নয়নৰ ব্যৱসায়ী। শৰণাৰ্থীসকলৰ বাবে নিয়োগৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডত কাম কৰি আহিছে।[4] ২০০৫ চনত ছোমালিয়াত ৰাষ্ট্ৰসংঘৰ বাবে মাতৃ স্বাস্থ্য ক্লিনিক স্থাপন কৰি কাম কৰিছিল যদিও নিৰাপত্তাজনিত চিন্তাত তেওঁক আঁতৰ কৰা হৈছিল। ইয়াৰ পিছত তেওঁ এইচ আই ভি প্ৰতিৰোধ কাৰ্যালয় স্থাপন কৰে আৰু ফিজি আৰু লাইবেৰিয়াত ৰাষ্ট্ৰসংঘৰ বাবে স্বাস্থ্যসেৱা প্ৰদানকাৰীক প্ৰশিক্ষণ দিয়ে। ফাডুমো ৰাষ্ট্ৰসংঘৰ ছোমালিয়াত দেশীয় পৰিচালকৰ পদত অধিষ্ঠিত হোৱা “প্ৰথমগৰাকী ছোমালি মহিলা’’ হিচাপে পৰিগণিত হয়।[5]

১৯৬৭ চনৰ পিছত অনুষ্ঠিত হোৱা প্ৰথমটো গণতান্ত্ৰিক নিৰ্বাচনত ২০১৪ চনত দায়িবে ছোমালিয়াৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে।[8] ২০১৬ চনত বৰ্তমানৰ হাছান শ্বেখ মহম্মদ আৰু অৱশেষত বিজয়ী মহম্মদ আব্দুল্লাহী মহম্মদকে ধৰি আঠাইশজন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ ভিতৰত অন্যতম আছিল। তেওঁ আছিল একমাত্ৰ মহিলা প্ৰাৰ্থী। ৰাষ্ট্ৰপতি পদৰ বাবে থিয় দিয়াৰ সিদ্ধান্তই মৃত্যুৰ ভাবুকি লাভ কৰিছিল।[6][4] তেওঁৰ কৰ্মক্ষেত্ৰত দুৰ্নীতি বিৰোধী নীতি, মহিলাৰ যৌনাংগ বিকৃত কৰা ৰোধ, ৪.৫ বংশভিত্তিক শাসন ব্যৱস্থাৰ অন্ত পেলোৱা আৰু আল-ছাবাবৰ সৈতে আলোচনা কৰি গোটটোক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ আৰু ছোমালিক হত্যামুক্ত কৰিবলৈ উৎসাহিত কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছিল।[4][3] দুৰ্নীতি আৰু ৪.৫ বংশভিত্তিক শাসন ব্যৱস্থাৰ বাবে তেওঁৰ জয়ী হোৱাৰ সম্ভাৱনা অতি কম বুলিও কয়।[1]....

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

দায়িবৰ চাৰিটা সন্তান আছে।[4][7] নিৰ্বাচনৰ পিছতো ছোমালিয়াৰ উন্নতিৰ কামত জড়িত হৈ থকাৰ উদ্দেশ্য ঘোষণা কৰিছে।[8][5] বৰ্তমান ফাডুমো পৰিয়ালৰ সৈতে নাইৰোবিত থাকে।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Hussein, Leyla (12 October 2016). "Somalia's female presidential candidate: 'If loving my land means I die, so be it'". The Guardian. https://www.theguardian.com/global-development-professionals-network/2016/oct/12/somalias-female-presidential-candidate-fadumo-dayib আহৰণ কৰা হৈছে: 19 November 2016.
  2. 1 2 3 4 5 6 Buchanan, Elsa (11 August 2016). "Who is Fadumo Dayib, Somalia's first female presidential hopeful?". International Business Times. http://www.ibtimes.co.uk/who-fadumo-dayib-somalias-first-female-presidential-hopeful-1573842 আহৰণ কৰা হৈছে: 19 November 2016.
  3. 1 2 Lamb, Christina (10 October 2016). "Ex-model Fadumo Dayib defies Islamists to run for Somali presidency". The Australian. http://www.theaustralian.com.au/news/world/the-times/exmodel-fadumo-dayib-defies-islamists-to-run-for-somali-presidency/news-story/546033c2f89d0576447df93d9d0ca4b8 আহৰণ কৰা হৈছে: 19 November 2016.
  4. 1 2 3 4 5 6 7 Burke, Jason (8 September 2016). "Somali refugee Fadumo Dayib runs for president 26 years after fleeing civil war". The Guardian. https://www.theguardian.com/world/2016/sep/08/fadumo-dayib-the-somali-refugee-vying-to-return-home-as-first-female-president আহৰণ কৰা হৈছে: 19 November 2016.
  5. 1 2 3 Gaffey, Conor (30 April 2016). "The Somali Woman Who Would Be President". Newsweek. http://www.newsweek.com/somali-woman-who-would-be-president-450817 আহৰণ কৰা হৈছে: 19 November 2016.
  6. 1 2 3 "Fadumo Dayib: 44yo refugee-turned-academic is the first female in Somalia's history to run for president". ABC News. 13 October 2016. http://www.abc.net.au/news/2016-10-13/fadumo-dayib-first-female-in-somalia-to-run-for-president/7927552 আহৰণ কৰা হৈছে: 19 November 2016.
  7. 1 2 3 Pazzanese, Christina (20 May 2015). "A onetime refugee aims high". Harvard Gazette. http://news.harvard.edu/gazette/story/2015/05/a-onetime-refugee-aims-high/ আহৰণ কৰা হৈছে: 19 November 2016.
  8. 1 2 Chowdhury, Jennifer (11 May 2015). "Fadumo Dayib Is Risking Her Life to Be Somalia's First Female Presidential Candidate". Marie Clarie. http://www.marieclaire.com/culture/news/a14294/beating-the-odds-to-become-somalias-first-female-president/ আহৰণ কৰা হৈছে: 19 November 2016.