ফায়াৰ (১৯৯৬ চলচ্চিত্ৰ)
| ফায়াৰ | |
|---|---|
![]() পোষ্টাৰ | |
| পৰিচালক | দীপা মেহতা |
| ৰচনা | দীপা মেহতা |
| প্ৰযোজক | ববী বেদী দীপা মেহতা |
| অভিনয়ত | নন্দিতা দাস শাবানা আজমী |
| সংগীত পৰিচালক | এ আৰ ৰহমান |
মুক্তি |
৬ ছেপ্টেম্বৰ ১৯৯৬ (TIFF) ৫ নৱেম্বৰ ১৯৯৮ (India) |
দৈৰ্ঘ্য |
১০৮ মিনিট[1] |
| দেশসমূহ | ভাৰত কানাডা |
| ভাষা | ইংৰাজী |
| বাজেট | $800,000 |
| সৰ্বমুঠ আয়-45 কোটি টকা | $501,533[2] |
ফায়াৰ (ইংৰাজী: Fire) দীপা মেহতা ৰচিত আৰু পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰত-কানাডিয়ান ইৰ’টিক ৰোমান্টিক নাট্যধৰ্মী ছবি। ইয়াক শাবানা আজমী আৰু নন্দিতা দাসে অভিনয় কৰিছে। মেহতাৰ এলিমেণ্টছ ত্ৰিল’জীৰ এইখন প্ৰথম ছবি; পৰৱৰ্তী ছবি দুখন হ’ল আৰ্থ (১৯৯৮) আৰু ৱাটাৰ (২০০৫)।
ফায়াৰ ১৯৪২ চনৰ ইছমত চুগটাইৰ কাহিনী "লিহাফ"ৰ ওপৰত শিথিলভাৱে আধাৰিত।[3] এইখন সমকামী সম্পৰ্ক স্পষ্টভাৱে দেখুওৱা প্ৰথম মূলসুঁতিৰ বলীউডৰ ছবিসমূহৰ ভিতৰত অন্যতম আৰু সমলৈংগিক সম্বন্ধ দেখুওৱা প্ৰথম ছবি।[4][5] ১৯৯৮ চনত ভাৰতত মুক্তি পোৱাৰ পিছত বহু কেইটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে, যাৰ ফলত সমকামিতা আৰু বাক স্বাধীনতাৰ দৰে বিষয়ক কেন্দ্ৰ কৰি ৰাজহুৱা আলোচনাৰ ঢৌ আৰম্ভ হয়।[6][7]
প্ৰতিক্ৰিয়া
[সম্পাদনা কৰক]১৯৯৮ চনৰ মে' মাহত ভাৰতৰ চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ডে (চেণ্ট্ৰেল ব'ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন) প্ৰাপ্তবয়স্ক ৰেটিং দি কোনো কাটকুট নকৰাকৈ গৃহীত কৰে; একমাত্ৰ চৰ্ত আছিল সীতাৰ চৰিত্ৰটোৰ নাম নীতালৈ সলনি কৰা।[9] ব'ৰ্ডে ভাৰতীয় মহিলাসকলৰ বাবে কাহিনীটোৰ গুৰুত্ব আছে বুলি কোৱাৰ ভিত্তিত এই সিদ্ধান্ত লয়।[8] ১৯৯৮ চনৰ ১৩ নৱেম্বৰত প্ৰথম প্ৰদৰ্শিত হোৱা এই ছবিখন সমগ্ৰ ভাৰতৰ প্ৰায়বোৰ মহানগৰৰ ৪২ টা ছবিগৃহত প্ৰায় তিনি সপ্তাহ ধৰি হাউচফুল চলিছিল।[9]
২ ডিচেম্বৰত ২০০ৰো অধিক শিৱ সেনাই মুম্বাইৰ উপনগৰ গোৰেগাঁৱৰ চিনেমেক্স থিয়েটাৰত আক্ৰমণ চলায়,[12] ছবিগৃহটোৰ কাঁচোবৰ ভাঙি পোষ্টাৰ জ্বলাই দিয়ে আৰু শ্লোগান দিয়ে।[10][11] তেওঁলোকে ছবিগৃহসমূহক চিনেমা চোৱা লোকসকলক টিকট ঘূৰাই দিবলৈ বাধ্য কৰাইছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Fire (15)". British Board of Film Classification. 1 October 1998. http://bbfc.co.uk/releases/fire-1998-0। আহৰণ কৰা হৈছে: 30 November 2014.
- ↑ "Fire (1997) - Financial Information". The Numbers. http://www.the-numbers.com/movie/Fire#tab=summary। আহৰণ কৰা হৈছে: 30 November 2016.
- ↑ Gopinath, Gayatri (2005). Impossible Desires. প্ৰকাশক Durham and London: Duke University press. ISBN 9780822386537.
- ↑ Choudhury, Aishwarya (25 November 2015). "So, This Is What Went into The Making of Bollywood's First-Ever Lesbian Kiss Back in The '90s". https://www.scoopwhoop.com/entertainment/fire-first-lesbian-kiss-bollywood/.
- ↑ Darren, Alison (2000). Lesbian Film Guide (1st সম্পাদনা). প্ৰকাশক London: Cassell. পৃষ্ঠা. 74–75. ISBN 030433376X. https://books.google.com/books?id=9aCvAwAAQBAJ&q=Fire&pg=PA74.
- ↑ North, Madline (10 December 1998). "Women: Fighting Fire; Last week, activists ran riot at a cinema in Delhi in protest at the screening of Fire, a film about lesbians. Shabana Azmi a member of both India's parliament and the film's cast, explains why it should be shown". The Guardian (London).
- ↑ Gopinath, Gayatri (2005). Impossible desires: Queer diasporas and south asian public cultures. প্ৰকাশক Durham: Duke University Press. পৃষ্ঠা. 131. ISBN 0822335018.
- ↑ "City Theatre Puts Lid on 'Fire' again". The Times of India. 19 December 1998.
- ↑ Bearak, Barry (1998-12-24). "New Delhi Journal; A Lesbian Idyll, and the Movie Theaters Surrender" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/1998/12/24/world/new-delhi-journal-a-lesbian-idyll-and-the-movie-theaters-surrender.html.
- ↑ "Rediff on the NeT: The fire against 'Fire' spreads to Surat". Rediff.com. 1998-12-04. https://m.rediff.com/news/1998/dec/04fir.htm। আহৰণ কৰা হৈছে: 2019-08-11.
- ↑ Jain, Madhu; Raval, Sheela (21 December 1998), "Ire over Fire", India Today, archived from the original on 24 November 2010, https://web.archive.org/web/20101124074658/http://india-today.com/itoday/21121998/cinema.html, আহৰণ কৰা হৈছে: 2008-03-14
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Fire সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন টমাট'জ ৱেবছাইটত Fire।
- সাঁচ:Metacritic film
