ফাশা সান্ধা
ফাশা সান্ধা | |
---|---|
![]() ২০১৬ চনত ফাশা সান্ধা | |
জন্ম | নুৰ ফাশা সান্ধা বিন্তি হাসান ২৮ মাৰ্চ, ১৯৮৪ (৪১ বছৰ) জহোৰ বাৰু, জহোৰ, মালয়েছিয়া |
পেচা | অভিনেত্ৰী, প্ৰযোজক, পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ২০০২–বৰ্তমান |
দাম্পত্যসঙ্গী |
|
সন্তান | ৩ |
নুৰ ফাশা সান্ধা হাসান (জন্ম ২৮ মাৰ্চ ১৯৮৪) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী। তেওঁ চলচ্চিত্ৰ, দূৰদৰ্শন অনুষ্ঠান আৰু বাণিজ্যিক বিজ্ঞাপনসমূহত উপস্থিত হৈছে।[1][2]
জীৱন আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]ফাশা সান্ধাৰ জন্ম জহোৰ বাৰুত হৈছিল, কিন্তু পাছত তেওঁ পেনাংলৈ স্থানান্তৰিত হয়। তেওঁৰ পিতৃৰ কৰ্মসূত্ৰে তেওঁ কুৱালালামপুৰ আৰু তাৰ পিছত পেৰলিছলৈ গুচি যায়। ২০১২ চনত তেওঁ ব্যৱসায়ী ৰিজাল আশৰাম ৰামলিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।তেওঁলোকৰ দুজন সন্তান আছে।
২০০২ চনত কুৱালালামপুৰস্থিত ৰাষ্ট্ৰীয় সংস্কৃতি প্ৰতিষ্ঠান (Institut Kebudayaan Negara)ৰ পৰা স্নাতক হোৱাৰ পিছত, তেওঁ ব্লেক মাৰিয়া,[3] বুজাং সেনাং,[4] গং[5] আৰু চিচাক মেন আদি চলচ্চিত্ৰত অভিনয় কৰে।
২০০৫ চনৰ জনপ্ৰিয় তাৰকা বঁটা (Anugerah Bintang Popular)ত নাতাছিয়া শৃংখলৰ বাবে তেওঁ সৰ্বাধিক জনপ্ৰিয় নতুন অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০১১ চনত চিন্তা শৃংখলৰ বাবে তেওঁ আকৌ জনপ্ৰিয় তাৰকা বঁটা লাভ কৰে, য’ত তেওঁ টিজ জাকিয়াহ আৰু লিছা সূৰিহানীক পৰাস্ত কৰিছিল।
২০০৭ চনত তেওঁ মেবেলিন)ৰ প্ৰতিনিধি হিচাপে নিযুক্ত হৈছিল, যিয়ে চিটি নুৰহালিজাক প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ ৰূপে পৰিবৰ্তন কৰিছিল।[6]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১২ চনত, তেওঁ ব্যৱসায়ী ৰিজাল আশৰাম ৰামলিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী কন্যা আছিল, কিন্তু ২০১৬ চনত তেওঁলোকৰ বিবাহবিচ্ছেদ হয়।
২০১৯ চনত, তেওঁ অভিনেতা আইদিল আজিজৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে।[7]
পুৰস্কাৰ আৰু মনোনয়ন
[সম্পাদনা কৰক]বছৰ | পুৰস্কাৰ | শ্ৰেণী | ফলাফল |
---|---|---|---|
২০০৫ | আনুগেৰাহ বিন্তাং পপুলাৰ বেৰিটা হাৰিয়ান | আটাইতকৈ জনপ্ৰিয় টিভি অভিনেত্ৰী | বিজয়ী |
২০০৬ | বিজয়ী | ||
আটাইতকৈ জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী | বিজয়ী | ||
২০০৭ | বিজয়ী | ||
২০১০ | আটাইতকৈ জনপ্ৰিয় টিভি অভিনেত্ৰী | বিজয়ী | |
২০২১ | আনুগেৰাহ মেলিট'প এৰা ২০২১ | পেলাক'ন মেলিট'প - চিহিৰ পেমিছাহ (এষ্ট্ৰ' চিত্ৰ) | বিজয়ী |
২০২৪ | আনুগেৰাহ বিন্তাং পপুলাৰ বেৰিটা হাৰিয়ান | জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী | বিজয়ী |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Fasha Sandha = Filmography
- All Fasha Sandha's News
- Fasha Sandha সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Fasha Sandha bersyukur kekal relevan
- ↑ "Fasha Sandha - Saya senang bersikap selektif". Archived from the original on 26 February 2018. https://web.archive.org/web/20180226213431/http://ww1.utusan.com.my/utusan/info.asp?y=2003&dt=1215&pub=Utusan_Malaysia&sec=Hiburan&pg=hi_01.htm। আহৰণ কৰা হৈছে: 26 February 2018.
- ↑ "Black Maria". IMDb. 3 July 2003. https://www.imdb.com/title/tt0373727.
- ↑ "Bujang Senang (2006)". http://sg.movies.yahoo.com/Bujang+Senang/movie/13660.
- ↑ "Gong (2006)". http://sg.movies.yahoo.com/Gong/movie/13866.
- ↑ "ফাশা সান্ধা মেবেলিনৰ নতুন মুখ". Archived from the original on 2018-09-09. https://web.archive.org/web/20180909113009/http://ww1.utusan.com.my/utusan/info.asp?y=2007&dt=0105&pub=Utusan_Malaysia&sec=Hiburan&pg=hi_02.htm। আহৰণ কৰা হৈছে: 2025-03-16.
- ↑ "ফাশা তেওঁৰ গৰ্ভাৱস্থাৰ কথা গোপন ৰাখিছে". https://www.thestar.com.my/news/nation/2019/11/04/fasha-keeping-mum-about-news-of-her-pregnancy.