সমললৈ যাওক

ফাহ্ৰিয়ে এভচেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাহ্ৰিয়ে এভচেন ওজচিভিট

২০১৭ বৰ্ষত এভচেন
জন্ম ফাহ্ৰিয়ে এভচেন
৪ জুন, ১৯৮৬ (৪০ বছৰ)
ছোলিংগেন, উত্তৰ ৰাইন-ৱেষ্টফেলিয়া, পশ্চিম জাৰ্মানী
নাগৰিকত্ব জাৰ্মানী
তুৰস্ক
শিক্ষানুষ্ঠান বগাজিচি বিশ্ববিদ্যালয়
হাইনৰিখ হেইন বিশ্ববিদ্যালয় ডুলচেলডৰ্ফ
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
দাম্পত্যসঙ্গী বুৰাক ওজচিভিট (বিবাহ ২০১৭)
সন্তান

ফাহ্ৰিয়ে এভচেন ওজচিভিট (ইংৰাজী: Fahriye Evcen Özçivit; জন্ম: ৪ জুন ১৯৮৬) এগৰাকী জাৰ্মানীত জন্মগ্ৰহণ কৰা তুৰ্কী অভিনেত্ৰী আৰু মডেল। তেওঁ টিভি ধাৰাবাহিক য়াপ্ৰাক ডোকুমু-ত নেক্লা টেকিন আৰু টিভি ধাৰাবাহিক কালিকুচু-ত ফেৰিদে চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। এই দুয়োখন ধাৰাবাহিক ৰেচাট নুৰী গুণ্টেকিনৰ উপন্যাসৰ ওপৰত আধাৰিত।

জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

কম বয়সতে তুৰস্কত ছুটি কটাই থকা সময়ত তেওঁ ওৱা আইডোগানৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল, যিয়ে তেওঁক প্ৰযোজক ইব্ৰাহিম মেৰ্টোগ্লুৰ সৈতে চিনাকি কৰাই দিছিল। তেওঁৰ প্ৰথমটো উল্লেখযোগ্য চৰিত্ৰ আছিল টিভি ধাৰাবাহিক য়াপ্ৰাক ডোকুমু-ৰ নেক্লা। ২০০৮ চনত মুক্তি পোৱা চেন্নেট চলচ্চিত্ৰৰ জৰিয়তে তেওঁৰ চিনেমা জগতত অভিষেক ঘটে আৰু একে বছৰতে তেওঁ আস্ক টুটুলমাচি চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰে। যিহেতু এভচেনে জাৰ্মানীত তেওঁৰ পঢ়া-শুনা শেষ কৰা নাছিল, সেয়েহে তেওঁ বগাজিচি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ইতিহাস অধ্যয়ন কৰে। পিছলৈ তেওঁ টিমচ প্ৰডাকচনৰদ্বাৰা নিৰ্মিত টিভি ধাৰাবাহিক কালিকুচু-ত ফেৰিদে চৰিত্ৰত অভিনয় কৰে।[1] পৰৱৰ্তী সময়ত তেওঁ বুৰাক ওজচিভিটৰ বিপৰীতে আস্ক চানা বেনজাৰ চলচ্চিত্ৰত অভিনয় কৰে। ২০১৭ চনত তেওঁ এংগিন আকিউৰেকৰ বিপৰীতে ওলেনে কাদাৰ টিভি ধাৰাবাহিকত অভিনয় কৰে আৰু মুৰাট য়িল্ডিৰিমৰ বিপৰীতে চিনচুজ আস্ক চলচ্চিত্ৰতো অভিনয় কৰে।[2] ২০২১ চনত তেওঁ আল্পাৰচলান: বুয়ুক চেলচুকু-ত আকচা হাটুন হিচাপে অভিনয় কৰে,[3] আৰু একে বছৰতে তেওঁ আইভি পিপল নামেৰে নিজাকৈ কাপোৰৰ ব্ৰেণ্ড মুকলি কৰে।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁৰ মাতৃৰ পৰিয়াল চাৰকাচিয়ান বংশোদ্ভূত। আনহাতে তেওঁৰ পিতৃৰ পৰিয়াল অটোমান সাম্ৰাজ্যৰ কাভালাৰপৰা প্ৰব্ৰজন কৰা তুৰ্কী বংশোদ্ভূত।[5][6] ২০১৭ চনৰ ২৯ জুনত তেওঁ ইস্তানবুলত অভিনেতা তথা মডেল বুৰাক ওজচিভিটৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[7] ২০১৯ চনৰ ১৩ এপ্ৰিলত তেওঁলোকৰ প্ৰথম পুত্ৰ কৰণৰ জন্ম হয়।[8] ২০২৩ চনৰ ১৮ জানুৱাৰীত তেওঁলোকৰ দ্বিতীয় পুত্ৰ কেৰেমৰ জন্ম হয়।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Feride, Fahriye'nin gözlerinde canlandı". 21 September 2013. Archived from the original on 5 October 2015. https://web.archive.org/web/20151005052112/http://www.hurriyet.com.tr/cumartesi/24754934.asp.
  2. "Murat Yıldırım ve Fahriye Evcen'li Sonsuz Aşk seyirciyle buluşmak için gün sayıyor" (tr-TR ভাষাত). Gzt. 2017-02-03. https://www.gzt.com/jurnalist/murat-yildirim-ve-fahriye-evcenli-sonsuz-ask-seyirciyle-bulusmak-icin-gun-sayiyor-2607112 আহৰণ কৰা হৈছে: 2021-08-07.
  3. Özdemir, Eray Alpay (2022-07-03). "Fahriye Evcen: One of Turkey's Most Recognizable Women Figures" (en-US ভাষাত). DoYouKnowTurkey.com. Archived from the original on 2022-07-05. https://web.archive.org/web/20220705191107/https://www.doyouknowturkey.com/fahriye-evcen-one-of-turkeys-most-recognizable-women-figures/ আহৰণ কৰা হৈছে: 2022-07-05.
  4. "Fahriye Evcen moda dünyasına adım atti". Hürriyet. 30 June 2021. https://www.hurriyet.com.tr/kelebek/keyif/fahriye-evcen-moda-dunyasina-adim-atti-41842864 আহৰণ কৰা হৈছে: 30 June 2021.
  5. "Burak Özçivit'in eşi güzel oyuncu Fahriye Evcen'in eski sevgilisi şok etti! Fahriye Evcen'den iddialı sözler". takvim.com.tr. 22 July 2019. https://www.takvim.com.tr/galeri/magazin/burak-ozcivitin-esi-guzel-oyuncu-fahriye-evcenin-eski-sevgilisi-sok-etti-fahriye-evcenden-iddiali-sozler.
  6. "Fahriye Evcen Kimdir?". Sabah. https://www.sabah.com.tr/fahriye-evcen-kimdir আহৰণ কৰা হৈছে: 20 May 2020.
  7. "Fahriye Evcen ve Burak Özçivit'in düğünü". 29 June 2017. http://www.haberturk.com/magazin/sipsak/haber/1546599-fahriye-evcen-ve-burak-ozcivit-in-dugunu/9 আহৰণ কৰা হৈছে: 29 June 2017.
  8. "Burak Özçivit-Fahriye Evcen çiftinin bebekleri Karan dünyaya geldi". Archived from the original on 25 May 2021. https://web.archive.org/web/20210525183800/https://www.haberturk.com/burak-ozcivit-fahriye-evcen-ciftinin-bebekleri-karan-dunyaya-geldi-magazin-haberleri-2431996-magazin আহৰণ কৰা হৈছে: 25 May 2021.
  9. "Fahriye Evcen ikinci kez anne oldu! Burak Özçivit ile Fahriye Evcen'in mutlu günü bakın Karan'ın kardeşinin adı ne oldu". Takvim. 18 January 2023. https://takvim.com.tr/galeri/magazin/fahriye-evcen-ikinci-kez-anne-oldu-burak-ozcivit-ile-fahriye-evcenin-mutlu-gunu-bakin-karanin-kardesinin-adi-ne-oldu/2 আহৰণ কৰা হৈছে: 18 January 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]