সমললৈ যাওক

ফাৰাংগিছ য়েগানেগী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাৰাংগিছ_য়েগানেগী
জন্ম ১১ মে', ১৯১৬
তেহৰাণ, ইৰাণ
মৃত্যু ১৩ ফেব্ৰুৱাৰী, ২০১০ (৯৩ বছৰ)
কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষানুষ্ঠান
  • তেহৰাণ বিশ্ববিদ্যালয়
  • ইউ এছ চি চুজেন ড্ৱ'ৰাক-পেক স্কুল অৱ ছ'চিয়েল ৱৰ্ক
জনা যায়
  • ইৰাণী হস্তশিল্প সংস্থাৰ প্ৰতিষ্ঠাপক
  • ইৰাণৰ মহিলা সংগঠন
ৰ সহকাৰী মহাসচিব
দাম্পত্যসঙ্গী
  • আৰ্দেশ্বিৰ য়েগানেগী
  • এছপি ইঞ্জিনিয়াৰ
সন্তান ফিৰুজেহ, পাৰভিজ আৰু কাম্বিজ য়েগানেগী


ফাৰাংগিছ য়েগানেগী (শ্বাহৰোখ) ইংৰাজী: Farangis Yeganegi (Shahrokh)(১১ মে' ১৯১৬ তেহৰাণ – ১৩ ফেব্ৰুৱাৰী ২০১০, কেলিফৰ্ণিয়া) ইৰাণী হস্তশিল্প সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল। তেওঁ ইৰাণৰ মহিলা সংগঠনৰ সহকাৰী মহাসচিব আছিল।[1]তেহৰাণত তেওঁ এটা পুথিভঁৰাল নিৰ্মাণ কৰি মৃত স্বামী "আৰ্দেশ্বিৰ য়েগানেগী" নামেৰে নামকৰণ কৰিছে।

১৯১৬ চনত তেহৰাণত ফাৰাংগিছ য়েগানেগীয়ে জন্মগ্ৰহণ কৰিছিল। ইৰাণৰ সংসদত তেওঁৰ পিতৃ কেইখোছৰ’ শ্বাহৰোখ আছিল জৰদস্তিসকলৰ প্ৰতিনিধি, আৰু মাতৃৰ নাম আছিল ফিৰুজেহ ফাৰাহী। য়েগানেগীয়ে ইৰাণ স্কুলত প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল যিখন জৰদস্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আছিল। ইয়াৰ পিছত তেহৰাণৰ ঋষি আমেৰিকান কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেহৰাণ বিশ্ববিদ্যালয়ৰ সাহিত্য মহাবিদ্যালয়ৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[2]ইয়াৰ পিছত তেওঁ আমেৰিকালৈ যায় আৰু ইউ এছ চি চুজেন ড্ৱ'ৰাক-পেক স্কুল অৱ ছ'চিয়েল ৱৰ্কত শিক্ষা অব্যাহত ৰাখে আৰু পৰৱৰ্তী সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3]১৯৩৩ চনত তেওঁ আৰ্দেশ্বিৰ য়েগানেগীক বিয়া কৰায়৷ দম্পতীটোৰ ফিৰুজেহ, পাৰভিজ আৰু কাম্বিজ নামৰ তিনিটা সন্তান জন্ম হয়। পিছলৈ তেওঁ ভাৰতীয় এয়াৰ মাৰ্শ্বাল আৰু ইৰাণৰ ৰাষ্ট্ৰদূত এছপি ইঞ্জিনিয়াৰক বিয়া কৰায়।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Oral History interview of Farangis Yeganegi Saharokh". Foundation for Iranian Studieslocation=Bethesda, MD, USA. http://fis-iran.org/en/oralhistory/Yeganegi-Saharokh-Farangis। আহৰণ কৰা হৈছে: 30 April 2010. 
  2. "Ardeshir Yeganegi Library Symbol of Religious Tolerance in Iran". Library, Museum and Document Center of Iran Parliament. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304115433/http://archive.ical.ir/files/english/pl-05-05.pdf। আহৰণ কৰা হৈছে: 28 November 2015. 
  3. "farangis, kaykhosrow shahrokh (yeganegi)". hamzoor, zoroastrian news website. Archived from the original on 13 May 2015. https://archive.today/20150513084902/http://hamazoor.com/persian/index.php?option=com_content&task=view&id=3293&Itemid=154। আহৰণ কৰা হৈছে: 28 November 2015. 
  4. Kotwal, Firoze M. P. (2018) (en ভাষাত). The Collected Scholarly Writings of Dastur Firoze M. Kotwal. Parzor Foundation. পৃষ্ঠা. 196. ISBN 978-81-910957-3-9.