ফাৰাহ পাহলৱী
| ফাৰাহ পহলৱী | |
|---|---|
| শ্বাহবানু | |
| চৰকাৰী প্ৰতিকৃতি,১৯৭৩ চন | |
ইৰাণৰ ৰাণী/ সম্ৰাজ্ঞী পত্নী [টোকা 1] | |
| Tenure | ২১ ডিচেম্বৰ ১৯৫৯ – ১১ ফেব্ৰুৱাৰী ১৯৭৯ |
| মহম্মদ ৰেজা পাহলৱীৰ ৰাজ অভিষেক | ১৯৬৭ চনৰ ২৬ অক্টোবৰ |
পাহলৱী বংশৰ প্ৰতিনিধি শাসক | |
| Tenure | ২৭ জুলাই ১৯৮০ – ৩১ অক্টোবৰ ১৯৮০ |
| পূৰ্বসূৰী | মহম্মদ ৰেজা পাহলৱী |
| উত্তৰাধিকাৰী | ৰেজা পাহলৱী |
| দাম্পত্য সঙ্গী | মহম্মদ ৰেজা পাহলৱী (বি. ১৯৫৯; মহম্মদ ৰেজা পাহলৱীৰ মৃত্যু আৰু ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া ১৯৮০) |
| সন্তান | |
| |
| বাসগৃহ | পাহলৱী বংশ (বিবাহৰদ্বাৰা) |
| মাতৃ | ফৰিদেহ ঘোটবি |
| পিতৃ | সোহৰাব দিবা |
| স্বাক্ষৰ | [[Image: পাৰ্চী স্বাক্ষৰ |
| ধৰ্ম | বাৰ ছিয়া ইছলাম |
ফাৰাহ পাহলৱী (ইংৰাজী: Farah Pahlavi); (জন্ম: ১৪ অক্টোবৰ, ১৯৩৮) ইৰানৰ পাহলৱী ৰাজবংশৰ এগৰাকী সদস্য। ইৰাণৰ শেষ ৰাণী আৰু সম্ৰাজ্ঞী, আৰু ইৰাণৰ শেষৰ শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ তৃতীয় পত্নী আৰু বিধৱা।
ফাৰাহ ইৰাণৰ এক সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও তেখেতৰ পিতৃ সৰু কালতে মৃত্যুৰ বাবে পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল। পেৰিছত স্থাপত্যকলা অধ্যয়ন[3] কৰি থাকোঁতে ইৰাণৰ দূতাবাসত শ্বাহক লগ পায় আৰু ১৯৫৯ চনৰ ডিচেম্বৰ মাহত শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শ্বাহৰ প্ৰথম দুখন বিবাহৰপৰা পুত্ৰ সন্তান লাভ কৰা নাছিল। সিংহাসনত উত্তৰাধিকাৰীত্বৰ বাবে এজন ৰাজকুমাৰৰ প্ৰয়োজনীয়তা অনুভৱ হয়। সেয়েহে পিছৰ বছৰৰ অক্টোবৰ মাহত ক্ৰাউন প্ৰিন্স ৰেজাৰ জন্মদিনা সমগ্ৰ দেশতে উদ্যাপন কৰা হয়। এগৰাকী দানবীৰ হিচাপে তেওঁ অসংখ্য দাতব্য সংস্থা স্থাপন কৰি ইৰাণী সমাজৰ কল্যাণৰ প্ৰসাৰ ঘটাইছিল; তেওঁ শ্বিৰাজ বিশ্ববিদ্যালয়ও প্ৰতিষ্ঠা কৰিছিল। ইৰাণৰ প্ৰথমখন আমেৰিকাৰ শৈলীৰ বিশ্ববিদ্যালয় আৰু মহিলা ছাত্ৰীৰ সংখ্যা বৃদ্ধিত মূল ভূমিকা পালন কৰিছিল। বিদেশী সংগ্ৰহালয়ৰপৰা ইৰাণৰ সামগ্ৰী ইৰাণলৈ ঘূৰাই অনাত সহায় কৰিছিল।
১৯৭৮ চনলৈকে ধনী আৰু দুখীয়াৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বৈষম্যৰ বাবে সমগ্ৰ ইৰাণতে সাম্ৰাজ্যবাদ বিৰোধী অশান্তি দ্ৰুতগতিত বৃদ্ধি পাইছিল আৰু এই অশান্তিয়ে স্পষ্টভাৱে আগতীয়া বিপ্লৱৰ সংকেত দিছিল। এই ভাবুকিৰ সন্মুখীন হৈ ফাৰাহ আৰু শ্বাহে মৃত্যুদণ্ডৰ আশংকাত ১৯৭৯ চনৰ জানুৱাৰী মাহত দেশ এৰি পলায়ন কৰে। ইয়াৰ বাবেই বেছিভাগ দেশেই তেওঁলোকক আশ্ৰয় প্ৰদান কৰিবলৈ দ্বিধাবোধ কৰিছিল; কেৱল আনোৱাৰ সাদাতৰ ইজিপ্ত ৰাষ্ট্ৰইহে তেওঁলোকক আশ্ৰয় দিছিল। তেওঁলোক ঘূৰি অহা হ’লে মৃত্যুদণ্ডৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন। এই ভয় আৰু দুৰ্বল স্বাস্থ্যৰ বাবেই ১৯৮০ চনৰ জুলাই মাহত মহম্মদ ৰেজাৰ নিৰ্বাসনত মৃত্যু হয়। [4] ১৯৮০ চনৰ অক্টোবৰ মাহলৈকে ফাৰাহে পাহলৱী বংশৰ প্ৰতিনিধি শাসক হিচাপে বাঘজৰী দখল কৰে। ১৯৮০ চনৰ অক্টোবৰ মাহত তেওঁৰ পুত্ৰ ৰেজা পাহলৱীয়ে নিজকে ইৰাণৰ শ্বাহ ঘোষণা কৰি মাতৃ ফাৰাহৰ প্ৰতিনিধি শাসকৰ ভূমিকা অন্ত পৰে।
প্ৰাথমিক জীৱন আৰু শৈশৱ
[সম্পাদনা কৰক]১৯৩৮ চনৰ ১৪ অক্টোবৰত ইৰাণৰ তেহৰাণত এটা উচ্চ সম্ভ্ৰান্ত পৰিয়ালত ফাৰাহ ডিবাৰ জন্ম হৈছিল।[5][6][7] কেপ্তেইন সোহৰাব দিবা (১৮৯৯–১৯৪৮) আৰু তেওঁৰ পত্নী ফৰিদেহ ঘোটিবি (১৯২০–২০০০)ৰ একমাত্ৰ সন্তান। ফাৰাহৰ পিতৃৰ পৰিয়াল আজাৰবাইজান মূলৰ ইৰাণী আছিল। প্ৰাক্তন শ্বাহবানু ফাৰাহৰ স্মৃতিগ্ৰন্থই ইংগিত দিয়ে যে তেওঁৰ পিতৃৰ পৰিয়ালটো আজাৰবাইজান মূলৰ ইৰাণী আছিল আৰু মাকৰ পৰিয়ালটো কাস্পিয়ান সাগৰৰ ইৰাণৰ উপকূলৰ লাহিজানৰ গিলক বংশৰ আছিল।
দেউতাকৰ যোগেদি ফাৰাহ তুলনামূলকভাৱে ধনী পৰিয়ালৰ সন্তান আছিল। ১৯ শতিকাৰ শেষৰফালে তেওঁৰ ককাক আছিল এজন সফল কূটনীতিবিদ যিয়ে ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত থকা ৰোমানভ আদালতত ইৰাণৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8] তেওঁৰ পিতৃ আছিল ছ’ভাৰেইন ইৰাণী সশস্ত্ৰ বাহিনীৰ এজন বিষয়া যিয়ে চেণ্ট চাইৰৰ ফৰাচী সামৰিক একাডেমীৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
ফাৰাহে তেওঁৰ স্মৃতিগ্ৰন্থত লিখিছে যে তেওঁৰ পিতৃৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু ১৯৪৮ চনত তেওঁৰ অভাৱনীয় মৃত্যুৱে তেওঁক গভীৰভাৱে প্ৰভাবিত কৰিছিল। সেই সময়ত তাইৰ পৰিয়ালৰ আৰ্থিক অৱস্থা কঠিন হৈ পৰিছিল। এনে পৰিস্থিতিত উত্তৰ তেহৰাণৰ বৃহত্তৰ পৰিয়ালৰ ভিলাৰপৰা মাতৃ ফৰিদা ঘাটাবীৰ ভাতৃদ্বয়ৰ এপাৰ্টমেণ্টলৈ গুচি যাবলৈ বাধ্য হয়।
শিক্ষা আৰু পৰিয়াল
[সম্পাদনা কৰক]
ফাৰাহে তেহৰাণৰ ইটালিয়ান স্কুলত, তাৰ পিছত ষোল্ল বছৰ বয়সলৈকে ফৰাচী জিন ডি আৰ্ক স্কুলত আৰু পিছলৈ লিকি ৰাজী স্কুলত শিক্ষা গ্ৰহণ কৰে। সৰুতে ফাৰা এগৰাকী খেলুৱৈ আৰু নিজৰ স্কুলৰ বাস্কেটবল দলৰ অধিনায়ক আছিল।
তেহৰাণৰ লিকি ৰাজীত অধ্যয়ন সমাপ্ত কৰাৰ পাছত ফাৰাহৰ স্থাপত্যৰ প্ৰতি আগ্ৰহে পেৰিছৰ ইক'ল স্পেচিয়েল ডি আৰ্কিটেকচাৰত [9] পঢ়িবলৈ বাধ্য হয়,য'ত তেওঁ ফৰাচী পৰিষ্কাৰ-পৰিচ্ছন্নতাবিদ এলবাৰ্ট বেছনৰ অধীনত অধ্যয়ন কৰে।
সেই সময়ত বিদেশত অধ্যয়ন কৰা বহু ইৰাণী ছাত্ৰ-ছাত্ৰী ৰাজ্যিক অনুদানৰ ওপৰত নিৰ্ভৰশীল আছিল। সেয়ে শ্বাহে যেতিয়া ৰাষ্ট্ৰপতি হিচাপে চৰকাৰী ভ্ৰমণত বিদেশ ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ প্ৰায়ে নিৰ্বাচিত স্থানীয় ইৰাণী ছাত্ৰ-ছাত্ৰীৰ সৈতে সাক্ষাৎ কৰিছিল। ১৯৫২ চনত পেৰিছত থকা ইৰাণৰ দূতাবাসত এখন বৈঠকৰ সময়ত মহম্মদ ৰেজা পাহলৱীৰ সৈতে ফাৰাহ ডিবাৰ প্ৰথম চিনাকি হৈছিল।
১৯৫৯ চনৰ গ্ৰীষ্মকালত ফাৰাহ তেহৰাণলৈ উভতি অহাৰ পাছত মহম্মদ ৰেজা পাহলাৱী আৰু ফাৰাহ দিবাই আনুষ্ঠানিক নৃত্যত অংশ লয়, যিটো শ্বাহৰ কন্যা ৰাজকুমাৰী শ্বাহনাজ পাহলৱীয়ে পূৰ্বতে আয়োজন কৰিছিল।
১৯৫৯ চনৰ ২৩ নৱেম্বৰত এই দম্পতীহালে নিজৰ বিবাহ ঠিক হোৱাৰ কথা ঘোষণা কৰে।
দম্পতীহালৰ চাৰিটা সন্তান আছিল:
- ইৰাণৰ ক্ৰাউন প্ৰিন্স ৰেজা পাহলৱী (জন্ম ৩১ অক্টোবৰ ১৯৬০)। তেওঁৰ পত্নী ইয়াছমিনৰ তিনিগৰাকী কন্যা আছে।
- ৰাজকুমাৰী নূৰ পাহলৱী (জন্ম ৩ এপ্ৰিল ১৯৯২)
- ৰাজকুমাৰী ইমান পাহলৱী (জন্ম ১২ ছেপ্টেম্বৰ ১৯৯৩)
- ৰাজকুমাৰী ফাৰাহ পাহলৱী (জন্ম ১৭ জানুৱাৰী ২০০৪)
- ইৰাণৰ ৰাজকুমাৰী ফাৰাহনাজ পাহলৱী (জন্ম ১২ মাৰ্চ ১৯৬৩)
- ইৰাণৰ ৰাজকুমাৰ আলী ৰেজা পাহলৱী (২৮ এপ্ৰিল ১৯৬৬ – ৪ জানুৱাৰী ২০১১)। তেওঁৰ আৰু তেওঁৰ সংগী ৰহা দিদেৱৰৰ এগৰাকী কন্যা আছিল।[10]
- ইৰিয়ানা লেইলা পাহলৱী (জন্ম ২৬ জুলাই ২০১১)
- ইৰাণৰ ৰাজকুমাৰী লেইলা পাহলৱী (২৭ মাৰ্চ ১৯৭০ – ১০ জুন ২০০১)
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Shahbanou (Documentary)". Farah Pahlavi's Official YouTube Channel. 25 December 2016. https://www.youtube.com/watch?v=32Uu7SJMUYA.
- ↑ "Queen Farah Pahlavi". farahpahlavi.org. https://farahpahlavi.org/queen-farah-pahlavi/। আহৰণ কৰা হৈছে: 27 January 2024.
- ↑ Meng, J. I. (29 July 2013) (en ভাষাত). Translation, History and Arts: New Horizons in Asian Interdisciplinary Humanities Research. Cambridge Scholars Publishing. ISBN 9781443851176. https://books.google.com/books?id=8NIwBwAAQBAJ&q=farah+diba+studied+architecture+at+the+Ecole+sp%C3%A9ciale+d'architecture&pg=PA93.
- ↑ "The last days of the Shah" (en ভাষাত). The Friday Times. 2017-01-13. http://www.thefridaytimes.com/2017/01/13/the-last-days-of-the-shah/। আহৰণ কৰা হৈছে: 2026-04-18.
- ↑ Afkhami, Gholam Reza (12 January 2009). The life and times of the Shah (1 সম্পাদনা). University of California Press. পৃষ্ঠা. 44. ISBN 978-0-520-25328-5. https://archive.org/details/lifetimesshah00afkh.
- ↑ Shakibi, Zhand (2007). Revolutions and the Collapse of Monarchy: Human Agency and the Making of Revolution in France, Russia, and Iran. I.B. Tauris. পৃষ্ঠা. 90. ISBN 978-1-84511-292-9. https://books.google.com/books?id=ZlptU4A2HkUC.
- ↑ Taheri, Amir. The Unknown Life of the Shah. Hutchinson, 1991. আই.এচ.বি.এন. 0-09-174860-7; p. 160
- ↑ Manshadi, Nooshin Saeidosadat (29 June 2022). Farewell My Queens: from Marie Antoinette to Farah Diba. Marjorie S. Maman. পৃষ্ঠা. 125. ISBN 9782382362716. https://books.google.com/books?id=Wqp4EAAAQBAJ&dq=Farah+Diba+ambassador+Russia&pg=PA125.
- ↑ Meng, J. I. (29 July 2013) (en ভাষাত). Translation, History and Arts: New Horizons in Asian Interdisciplinary Humanities Research. Cambridge Scholars Publishing. ISBN 9781443851176. https://books.google.com/books?id=8NIwBwAAQBAJ&q=farah+diba+studied+architecture+at+the+Ecole+sp%C3%A9ciale+d'architecture&pg=PA93.
- ↑ "Announcement of Birth". Reza Pahlavi. http://www.rezapahlavi.org/details_article.php?english&article=535। আহৰণ কৰা হৈছে: 5 August 2011.
টোকা
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ফাৰাহ পাহলৱী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |