সমললৈ যাওক

ফাৰুখ গাফ্ফাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাৰুখ গাফ্ফাৰী
স্থানীয় নাম فرخ غفاری
জন্ম মহম্মদ-ইব্ৰাহিম ফাৰুখ গাফ্ফাৰী
২৬ ফেব্ৰুৱাৰী, ১৯২২
তেহৰান, ইৰান
মৃত্যু ১৭ ডিচেম্বৰ, ২০০৬ (৮৪ বছৰ)
পেৰিছ, ফ্ৰান্স
পেচা পৰিচালক, চলচ্চিত্ৰ সমালোচক, লেখক, অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৫৮–১৯৮০
উল্লেখযোগ্য কৰ্ম শাব-এ কুজি
দা ফাল্কনেট
দাম্পত্যসঙ্গী মাহছিদ আমিৰশাহী

ফাৰুখ গাফ্ফাৰী (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৯২২[1] – মৃত্যু: ১৭ ডিচেম্বৰ, ২০০৬) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সমালোচক আৰু লেখক আছিল। ইব্ৰাহিম গোলেস্তান আৰু ফেৰেডাউন ৰাহনেমাৰ সৈতে তেওঁ ইৰানৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।[2] ১৯৪৯ চনত ইৰান বাস্তান সংগ্ৰহালয়ত প্ৰথম ৰাষ্ট্ৰীয় ইৰানী চলচ্চিত্ৰ সমাজ প্ৰতিষ্ঠা কৰি আৰু প্ৰথম চলচ্চিত্ৰ সপ্তাহ আয়োজন কৰি য’ত ইংৰাজী চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল, গাফ্ফাৰীয়ে ইৰানত বৈকল্পিক আৰু অনা-ব্যাৱসায়িক চলচ্চিত্ৰৰ ভেটি স্থাপন কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

গাফ্ফাৰীৰ জন্ম তেহৰানত হৈছিল, কিন্তু তেওঁ বেলজিয়াম আৰু ফ্ৰান্সৰ গ্ৰেনোবল বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।

১৯৫৮ চনত গাফ্ফাৰীয়ে ইৰানীয় চিনেমাৰ অন্যতম প্ৰথম নব্য-বাস্তৱবাদী চলচ্চিত্ৰ জনৌব-এ শ্বাহৰ (চহৰৰ দক্ষিণ অংশ) নিৰ্মাণ কৰে। শ্ৰমিক শ্ৰেণীৰ দৰিদ্ৰতা প্ৰদৰ্শন কৰাৰ বাবে শ্বাহৰ চৰকাৰে এই চলচ্চিত্ৰখন নিষিদ্ধ কৰিছিল। চৰকাৰে ভয় কৰিছিল যে ছোভিয়েট ইউনিয়নে ইয়াক ইৰানৰ নিম্ন শ্ৰেণীৰ দুৰ্বল অৰ্থনৈতিক অৱস্থা দেখুৱাবলৈ এক প্ৰচাৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিব।[3] ১৯৬৩ চনত চলচ্চিত্ৰখনৰ এটা গধুৰভাৱে সম্পাদিত সংস্কৰণ ৰেঘাবত দৰ শ্বাহৰ (নগৰীয়া প্ৰতিদ্বন্দ্বিতা) নামেৰে অৱশেষত মুক্তি দিয়া হয়। ১৯৬৪ চনত তেওঁ তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰ শব-এ কুজি (কুঁজা মানুহজনৰ ৰাতি) প্ৰযোজনা আৰু পৰিচালনা কৰে। এহাজাৰ আৰু এনিশাৰ কাহিনীৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখনৰ পটভূমি প্ৰথমতে খলিফা হাৰুণ অল-ৰছিদৰ সময়ৰ আছিল, কিন্তু চেন্সৰৰ আপত্তিৰ বাবে ইয়াক সমসাময়িক সময়লৈ সলনি কৰা হয়। শব-এ কুজি হৈছে চোৰাং ব্যৱসায়ীসকলৰ ওপৰত নিৰ্মিত এটা ব্লেক কমেডী, যিসকলে তেওঁলোকৰ দুৱাৰমুখত পৰি থকা এজন মৃত কুঁজা মানুহৰ মৃতদেহ লুকুৱাবলৈ চেষ্টা কৰে। এই চলচ্চিত্ৰখনত গাফ্ফাৰী আৰু মহম্মদ-আলি কেশাভাৰ্জে অভিনয় কৰিছিল, যিটো কেশাভাৰ্জৰ প্ৰথম চলচ্চিত্ৰ আছিল।[4] গাফ্ফাৰীয়ে এই সময়ছোৱাত নেচনেল ইৰানীয় টেলিভিছনৰ বাবে কাম কৰিছিল। ১৯৭৫ চনত গাফ্ফাৰীয়ে পাৰভিজ ছাইয়াড আৰু শাহনাজ তেহৰাণী অভিনীত তেওঁৰ শেষ চলচ্চিত্ৰ জানবুৰাক (দা ৰানিং কেনন) মুক্তি দিয়ে। ১৯৭৯ চনত ইৰানীয় বিপ্লৱৰ সূচনা হোৱাৰ লগে লগে গাফ্ফাৰী পেৰিছলৈ যায়, য’ত তেওঁ পজিটিফ পত্ৰিকাৰ চলচ্চিত্ৰ সমালোচক হিচাপে কাম কৰে। ২০০৬ চনত মৃত্যুৰ সময়লৈকে তেওঁ পেৰিছত নিৰ্বাসিত জীৱন কটায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "روزنامه همدلی: بازخوانی نقش فرخ غفاری در نو شدن سینمای ایران به بهانه سالروز درگذشت او؛ سی نمایی که نمک گیر فرخ است". Archived from the original on 2026-04-12. https://web.archive.org/web/20260412032845/https://www.pishkhan.com/ আহৰণ কৰা হৈছে: 2026-05-31.
  2. Mirbakhtyar, Shahla (2006). Iranian cinema and the Islamic revolution. McFarland. পৃষ্ঠা. 40. ISBN 0-7864-2285-8.
  3. Nader Takmil Homayoun (2007). L'Iran: une révolution cinématographique [Iran, A Cinematographic Revolution] (DVD) (in English, French, and Persian). Arte and Avenue B Productions. Event occurs at 12:50–14:32.
  4. Riz̤ā Ṣadr, Ḥamīd (2006). Iranian cinema: a political history. I. B. Tauris. পৃষ্ঠা. 125. ISBN 1-84511-147-8.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]