সমললৈ যাওক

ফাৰ্জানেহ কাবোলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাৰ্জানেহ কাবোলী

২০১৫ চনৰ ১৬ মাৰ্চত ফাৰ্জানেহ কাবোলী
স্থানীয় নাম فرزانه کابلی
জন্ম ২ মে', ১৯৪৯ (৭৭ বছৰ)
টেহৰাণ, ইৰান
শিক্ষা ইৰানী নেচনেল এণ্ড ফোকলোৰিক ডান্স একাডেমী
জনা যায় নৃত্য, ক'ৰিওগ্ৰাফী, অভিনয়

ফাৰ্জানেহ কাবোলী (জন্ম ২ মে' ১৯৪৯) এগৰাকী ইৰানী নৃত্যশিল্পী, ক'ৰিওগ্ৰাফাৰ আৰু অভিনেত্ৰী। তেওঁ ইৰানী লোক-নৃত্য আৰু ৰাষ্ট্ৰীয় নৃত্যকলাৰ এগৰাকী অগ্ৰণী ব্যক্তি।[1] ইয়াৰ উপৰি তেওঁ ইৰানী থিয়েটাৰ জগতৰ এগৰাকী দক্ষ ক'ৰিওগ্ৰাফাৰ।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ফাৰ্জানেহ কাবোলীৰ জন্ম আৰু শৈশৱ তেহৰাণত অতিবাহিত হৈছিল। তেওঁৰ পিতৃ-মাতৃ দুয়ো সংগীতজ্ঞ আছিল। তেওঁৰ খুৰাক আলী আছগৰ গৰ্মচিৰী ইৰানী থিয়েটাৰৰ এজন পথ-প্ৰদৰ্শক আছিল আৰু আন এজন খুৰাক হুচাং শোকতি এজন বিখ্যাত ইৰানী গায়ক আছিল।[1]

১৮ বছৰ বয়সৰপৰা কাবোলীয়ে তিনি বছৰ ধৰি ইৰানী নেচনেল এণ্ড ফোকলোৰিক ডান্স একাডেমীত অধ্যয়ন কৰিছিল, যিখন ইৰাণৰ ৰাষ্ট্ৰীয় লোক-সংস্কৃতি সমাজৰ এখন বিদ্যালয় আছিল।[2][3] এই একাডেমীত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নৃত্য প্ৰশিক্ষক আৰু ক’ৰিওগ্ৰাফাৰসকলক নিযুক্তি দিয়া হৈছিল। ইংলেণ্ডৰ ৰবাৰ্ট ডি ৱাৰেন আৰু তেওঁৰ পত্নী জেকেলিন ইয়াৰ প্ৰধান শিক্ষক আছিল।[1][2] পৰৱৰ্তী সময়ত তেওঁ একাডেমীৰ নৃত্য দল মাহাল্লীৰ এগৰাকী প্ৰধান নৃত্যশিল্পী হৈ পৰে।[3]

ইৰানী বিপ্লৱৰ পূৰ্বে তেওঁ এগৰাকী বিখ্যাত বেলাৰিনা আছিল, কিন্তু ১৯৭৯ চনৰ পিছত তেওঁক ইৰাণত নৃত্য কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল।[4][3] বিপ্লৱৰ পিছত তেওঁ টেহৰাণত থকা নিজৰ ফ্লেটত এক গোপন নৃত্য আন্দোলনৰ অংশ হিচাপে ব্যক্তিগত নৃত্য শ্ৰেণী আৰম্ভ কৰে।[2][4][5] সেই সময়ত ৰাজহুৱাকৈ নৃত্য প্ৰদৰ্শন কৰাৰ অৰ্থ আছিল কাৰাগাৰ বা জৰিমনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা।[3] ১৯৯৮ চনৰ গ্ৰীষ্মকালত দীৰ্ঘ ২২ বছৰৰ বিৰতিৰ পিছত কাবোলীয়ে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ৱাহদত হলত মঞ্চত প্ৰথমবাৰৰ বাবে নৃত্য পৰিৱেশন কৰে।[4] ১৯৯৯ চনত তেওঁ 'হাৰেকাট' নামৰ নিজা নৃত্য দল গঠন কৰে আৰু দূতাবাসসমূহৰ ভিতৰত কেৱল মহিলা দৰ্শকৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিছিল।[3]

কাবোলীৰ কেইবাজনো উল্লেখযোগ্য নৃত্য শিক্ষাৰ্থী আছে, যাৰ ভিতৰত উলডুজ আহমদজাদেহ আৰু ইডা মেফ্টাহী অন্যতম।[5][3]

নৃত্যৰ উপৰি কাবোলী এগৰাকী অভিনেত্ৰী। ইৰানী বিপ্লৱৰ পিছত তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।[3] অভিনেত্ৰী হিচাপে তেওঁৰ প্ৰথমটো মুখ্য ভূমিকা আছিল আকবৰ জঞ্জনপুৰৰ পৰিচালনাত আৰ্থাৰ মিলাৰৰ নাট অল মাই চনছত। সেই নাটকত তেওঁ খচৰো চাকিবায়ি, হাদী মাৰ্জবান আৰু সুৰায়া ঘাচেমীৰ দৰে অভিনেতা-অভিনেত্ৰীসকলক সহযোগিতা কৰিছিল। তেওঁ ১৯৮২ চনত হাদী মাৰ্জবানৰ নিৰ্দেশনাত মেমইৰ্ছ অৱ দা এক্টৰ ইন এ চাপৰ্টিং ৰোল নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Farzaneh-kaboli". WomenIran.com. Archived from the original on 2004-10-19. https://web.archive.org/web/20041019081632/http://womeniran.com/new-pages/Farzaneh-kaboli.htm আহৰণ কৰা হৈছে: 2007-05-03.
  2. 1 2 3 "What It's Like to Be a Dancer in the Islamic Republic of Iran" (en ভাষাত). Dance Magazine. 2019-07-02. https://www.dancemagazine.com/dance-in-iran-2638945653.html?rebelltitem=4#rebelltitem4?rebelltitem=4 আহৰণ কৰা হৈছে: 2021-04-26.
  3. 1 2 3 4 5 6 7 Citron, Paula (August 7, 2008). "It's dance. Just don't call it that". The Globe and Mail (The Globe and Mail Inc.). https://www.theglobeandmail.com/arts/its-dance-just-dont-call-it-that/article657700/.
  4. 1 2 3 Entekhabi-Fard, Camelia (May 2001). "Behind the Veil" (en-US ভাষাত). Mother Jones. https://www.motherjones.com/politics/2001/05/behind-veil/ আহৰণ কৰা হৈছে: 2021-04-26.
  5. 1 2 Khorsand, Solmaz. "Iran - Schonungsloser Körpereinsatz" (de ভাষাত). Österreich Politik - Nachrichten - Wiener Zeitung Online. https://www.wienerzeitung.at/nachrichten/politik/oesterreich/565967-Schonungsloser-Koerpereinsatz.html আহৰণ কৰা হৈছে: 2021-04-26.
  6. Farzaneh Kaboli