সমললৈ যাওক

ফাৰ্জান আথাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাৰ্জান আথাৰী
জন্ম ২৬ জুন, ১৯৮৪ (৪২ বছৰ)
তেহৰান, ইৰান
পেচা মডেল, অভিনেতা, টিভি হিষ্ট
উচ্চতা 6 ফুট 2 ইঞ্চি (১৯০ cm)
ৱেবছাইট
farzanathari.com

ফাৰ্জান আথাৰী (ফাৰ্চী: فرزان اطهری; জন্ম ২৬ জুন ১৯৮৪) এগৰাকী ছুইডিছ ইৰানী টিভি হিষ্ট, মডেল আৰু অভিনেতা। তেওঁ ২৩খন বিভিন্ন দেশৰ ফেশ্বন আৰু মনোৰঞ্জন জগতত কাম কৰিছে আৰু ১০০ টাতকৈও অধিক ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰিছে। ইয়াৰ উপৰি তেওঁ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু টেলিভিছন শ্ব'ৰ আঁত ধৰিছে।[1]

জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

আথাৰীৰ জন্ম ইৰানৰ তেহৰানত হৈছিল। তেওঁ ছুইডেনত বসবাস কৰে আৰু পূৰ্বে সংযুক্ত আৰব আমিৰাততো বাস কৰিছিল। তেওঁ ডীজেল, নিভিয়া, নোকিয়া আৰু ককা-কলাৰ দৰে কেইবাটাও সুপৰিচিত ব্ৰেণ্ডৰ লগতে জি.কিউ. আৰু মেনছ হেলথ্-ৰ দৰে আলোচনীৰ বাবে মডেলিং কৰিছে।[2] ২০০৬ চনত তেওঁ ইৰানত মডেলিং চুক্তি স্বাক্ষৰ কৰা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেল হিচাপে পৰিগণিত হয়।[3]

তেওঁ ২০১৩ চনত লেবাননৰ প্ৰখ্যাত গায়িকা তথা অভিনেত্ৰী হাইফা ৱেহবেৰ এটা মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল, যিটো ইউটিউবত ২০ নিযুততকৈও অধিকবাৰ চোৱা হৈছে।[4] ২০১৬ চনত ফাৰ্জান আথাৰীয়ে কেৱল ধেমালিৰ ছলেৰে সংগীত জগতত ভৰি দিয়ে আৰু স্পটিফাই আৰু ৰেডিঅ' জাভানত ডেল ডেল ইৰুনীয়ে শীৰ্ষক তেওঁৰ প্ৰথমটো পাৰ্চী একক গীত মুকলি কৰে।

২০১৭ চনত আথাৰীয়ে মন্স চেলমাৰ্লভৰ সৈতে বেটছনৰ এটা টিভি বিজ্ঞাপনত অভিনয় কৰিছিল।[5] ২০১৯ চনত তেওঁ ছুইডেনৰ বিখ্যাত টিভি ধাৰাবাহিক মাই পাৰফেক্ট ফেমিলী-ত ফ্ল’ৰিয়ানৰ চৰিত্ৰত অভিনয় কৰে।[6]

তেওঁ ব্ৰিটিছ টেলিভিছন শ্ব’ গট টেলেণ্ট-ৰ ইৰানীয় সংস্কৰণ পাৰ্ছিয়াজ গট টেলেণ্ট-ৰ প্ৰথমটো ছিজনৰ সহ-আঁতধৰোঁতা আছিল।[7] এই শ্ব’টো ২০২০/২০২১ চনত ছুইডেনত নিৰ্মাণ কৰা হৈছিল।[8]

এই বছৰ তেওঁ ষ্টকহোমৰ স্কানচেনত ছুইডেনৰ নেচনেল ট্যুৰিং থিয়েটাৰে আয়োজন কৰা ৩৫ নিযুততকৈও অধিক টিভি দৰ্শক থকা দ্য ফায়াৰ ফেষ্টিৱেল-ৰ আঁতধৰোঁতা আছিল।[9] এই অনুষ্ঠানটো ইউটিউবতো লাইভ সম্প্ৰচাৰ কৰা হৈছিল আৰু এম.বি.চি. গ্ৰুপত কেইবাবাৰো দেখুওৱা হৈছিল। লাইভ টিভিত তেওঁ শিল্পী জেচমিন কাৰাৰ সৈতে মঞ্চত টুগেদাৰ এজ ৱান গীতটো পৰিৱেশন কৰিছিল। মূলতঃ মেলোডিফেষ্টিভেলেনৰ বাবে যুগুত কৰা এই গীতটো ফাৰ্জান আথাৰীৰ প্ৰথমটো ইংৰাজী/পাৰ্চী গীত হিচাপে স্পটিফাইডো মুকলি কৰা হয়।[10]

২০১৩ চনৰ মে’ মাহত আথাৰীক সংযুক্ত আৰব আমিৰাতৰ ডুবাইত অৱস্থিত বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাত থকা তেওঁৰ ফ্লেটৰ প্ৰৱেশদ্বাৰৰ বাহিৰৰপৰা গ্ৰেপ্তাৰ কৰা হয়। আথাৰীৰ বিৰুদ্ধে বিক্ৰীৰ উদ্দেশ্যে ড্ৰাগছ ৰখাৰ অভিযোগ উত্থাপন কৰা হয় আৰু আদালতত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। তিনিজনৰ ভিতৰত দুজন বিচাৰকে মৃত্যুদণ্ডৰ সপক্ষে ভোট দিয়াত তেওঁ প্ৰায় মৃত্যুদণ্ড পোৱাৰ উপক্ৰম হৈছিল। কিন্তু তেওঁ এটা অনলাইন আবেদন (পিটিচন) সৃষ্টি কৰাৰ পাছত,[11] য’ত ৬৫,০০০ লোকে তেওঁৰ গোচৰত ন্যায় বিচাৰি স্বাক্ষৰ কৰিছিল, আপীল আদালতে তেওঁৰ শাস্তি হ্ৰাস কৰি ১০ বছৰ কৰে।[12][2][13][14] উচ্চতম ন্যায়ালয়ত তেওঁৰ শাস্তিৰ কোনো সালসলনি নোহোৱাকৈ ৰায় বাহাল থকাৰ পিছত, তেওঁ এটা ৰেপ গীত তৈয়াৰ কৰাৰ পৰিকল্পনা কৰে। এই গীতটোৰ জৰিয়তে তেওঁ সংযুক্ত আৰব আমিৰাতৰ উপ-ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী আৰু ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰাছিদ অল মাকটুমক ক্ষমাদানৰ বাবে অনুৰোধ জনায়।[15][16][2] প্ৰায় ৩ বছৰ কাৰাগাৰত কটোৱাৰ পিছত এই ৰেপ গীতটোৰ বাবেই তেওঁ বিশেষ ক্ষমা লাভ কৰে। এনে ঘটনা ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল।[17]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Swedish singer-model pardoned in drug case after plea through a song" (en ভাষাত). Gulf News. 2018-09-16. https://gulfnews.com আহৰণ কৰা হৈছে: 2025-01-24.
  2. 1 2 3 "Swedish male model jailed for drugs in Dubai is parsed". Arabian Business. 14 December 2015. https://arabianbusiness.com.
  3. Oziran Magazine – Australia's First and Only Bilingual Magazine! (Page 27), "https://issuu.com"
  4. Stiban, Sam (producer) (20 April 2013). Haiifa – Ezzay Ansak Video / هيفا وهبي – ازاي انساك. Rotana (YouTube).
  5. "Se nya bilden på Madeleine – detta verkar hon ha gjort i helgen" (sv-SE ভাষাত). www.svenskdam.se. 2018-07-11. https://svenskdam.se আহৰণ কৰা হৈছে: 2025-01-24.
  6. Finaste Familjen, https://imdb.com
  7. Faghihi, Rohollah (13 December 2019). "Has Iran's award-winning actress left Iran to escape prosecution?". Al-Monitor. https://al-monitor.com.
  8. "TV-produktion i Älvsjö når miljonpublik – men tittarna finns inte i Sverige" (sv ভাষাত). Sveriges Television. https://svt.se.
  9. SVT – Nyheter, "https://svt.se"
  10. Together As One – Live på Skansen, "https://youtube.com"
  11. Change – org – Online Petiton,
  12. Aftonbladet, "https://aftonbladet.se"
  13. Za'za', Bassam (10 December 2015). "Swedish singer-model pardoned in drug case plea through a song". Gulf News. https://gulfnews.com.
  14. "Svenske modellen Farzan Athari benådad" (sv ভাষাত). Expressen. 8 December 2015. https://expressen.se.
  15. "Iranian model in Dubai Central Prison records rap song for Sheikh Mohammed". Yahoo! News. 15 December 2014. https://yahoo.com.
  16. Lifetime sentence – got pardoned through a RAP-SONG (Farzan Athari – Save My Life). Farzan Athari (YouTube). 10 November 2014.
  17. "Swedish singer-model pardoned in drug case after plea through a song" (en ভাষাত). Gulf News. 2018-09-16. https://gulfnews.com আহৰণ কৰা হৈছে: 2025-01-24.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]