সমললৈ যাওক

ফিচুইয়া সমুত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থাইলেণ্ডৰ ক’হ ছামেটত থকা ফিচুইয়া সমুতৰ মূৰ্তি

ফিচুইয়া সমুত, নাং ফিচুইয়া সমুদ্ৰা (থাই: นางผีเสื้อสมุทร) বুলিও কোৱা হয়, ফ্ৰা আফাই মণি (Phra Aphai Mani) নামৰ ছানথৰ্ন ফুৰ (Sunthorn Phu) মহাকাব্যত বৰ্ণিত এগৰাকী সাগৰীয় অগ্ৰেছ (ৰাক্ষসী) আৰু কাব্যখনৰ মূল নাৰী চৰিত্ৰ। এই গ্ৰন্থখনক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়।[1]

কিংবদন্তী

[সম্পাদনা কৰক]

ফ্ৰা আফাই মণি মহাকাব্য অনুসৰি ফিচুইয়া সমুত হৈছে সাগৰৰ তলৰ গুহাত বাস কৰা এগৰাকী সাগৰীয় অগ্ৰেছ (ৰাক্ষসী)। এদিন ৰত্তনা ৰাজ্যৰ ৰাজকুমাৰ ফ্ৰা আফাই মণিক তেওঁৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ পিছত সিংহাসনত আৰোহণ কৰাৰ যোগ্যতা অৰ্জন কৰাৰ উদ্দেশ্যেৰে বিদেশত অধ্যয়ন কৰিবলৈ পঠিয়াইছিল। আফাই পি যাদুকৰী বাঁহী বজোৱাত পাকৈত এজন নিপুণ বাঁহী বাদকো আছিল৷ বাঁহী বজায় মানুহক নিদ্ৰাত পেলোৱাৰ লগতে হত্যাও কৰিব পাৰিছিল। বাঁহীৰ সুন্দৰ সংগীতত মোহিত হৈ নাং ফিচুইয়া সমুদ্ৰাই ইয়াৰ উৎস বিচাৰি সাগৰৰ পৰা উঠি অহাৰ সিদ্ধান্ত লয়। অৱশেষত যেতিয়া তাই আফাইক লগ পালে, তেতিয়া তাই নিমিষতে তাৰ প্ৰেমত পৰিল আৰু তেওঁক বিয়া কৰাবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। আফাইৰ বাঁহীৰ শব্দত আফাইৰ সংগীসকলক টোপনি যোৱাৰ সময়ত ফিচুইয়া সমুদ্ৰাই তেওঁৰ লগত থাকিবলৈ এগৰাকী ধুনীয়া মহিলাৰ বেশ ধাৰণ কৰিলে। আফাইয়ে জানিছিল যে তাই ছদ্মবেশত থকা এগৰাকী অগ্ৰেছ, কিন্তু সি তাইৰ পৰা সাৰি যাব পৰা নাছিল। আফাই আৰু ফিচুইয়ে বহুদিন একেলগে বাস কৰিছিল আৰু তেওঁলোকৰ চিন সমুদ্ৰা (สินสมุทร) নামৰ এজন পুত্ৰৰ জন্ম হৈছিল। আঠ বছৰ ধৰি চিনক পৃথিৱীৰ পৰা বিচ্ছিন্ন কৰি ৰখা হৈছিল যেতিয়ালৈকে এদিন আফাইয়ে তেওঁক মাকৰ সত্যতা প্ৰকাশ কৰা নাছিল আৰু তেওঁলোক দুয়ো পলায়নৰ পৰিকল্পনা ৰচনা কৰিছিল। আফাইয়ে ফিচুইয়া সমুদ্ৰাক প্ৰবঞ্চনা কৰি দূৰৈৰ দ্বীপত ধ্যান কৰিবলৈ যাওঁ বুলি তিনিদিন উপবাসে থাকিল।[2]

যেতিয়া ফিচুইয়াই এই কথা গম পালে যে তাইক প্ৰতাৰণা কৰা হৈছে, তেতিয়া তাই উত্তেজিত হৈ পৰিল আৰু তাইৰ সৌন্দৰ্য্য হেৰুৱাই পেলাই পুনৰ এগৰাকী অগ্ৰেছলৈ ৰূপান্তৰিত হ’ল। তাই প্ৰিয়জনক বিচাৰি বিলৰ কাষে কাষে ঘূৰি ফুৰিছিল। কাহিনীটোৰ শেষত আফাই পলায়ন কৰিবলৈ সক্ষম হয় আৰু পাৰত উপস্থিত হয়, য'ত তেওঁ নিজৰ যাদুকৰী বাঁহী বজাই ফিচুইয়া সমুদ্ৰাৰ হৃদয় ভাঙি হত্যা কৰে।[3]

ফিচুইয়াৰ প্ৰতিমূৰ্তি কোহ ছামেটৰ পাৰত তেওঁৰ প্ৰবল প্ৰেমৰ স্মৃতিত স্থাপন কৰা হৈছিল।[4] তেওঁৰ স্মৃতিসৌধ সমগ্ৰ ৰায়ং প্ৰদেশতে পোৱা যায়, য'ত তেওঁক মাতৃ সাগৰীয় পখিলা (Mother Sea Butterfly) নামৰ দেৱী হিচাপে পূজা কৰা হয়।[note 1][5][6][7][8] সমুদ্ৰাৰ কাহিনী এতিয়াও জনপ্ৰিয় থাই থিয়েটাৰত প্ৰদৰ্শিত কৰা হয়, আৰু তেওঁক এগৰাকী দুখী ৰোমাণ্টিক প্ৰেমিকা হিচাপে চিত্ৰিত কৰা হয়।[9][10]

  1. “Butterfly” (not an insect) is distorted from the word “ghost” and literally translates as “ancestral ghost”.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Lantz, Victoria Pettersen; Sweigart-Gallagher, Angela (2014-07-11) (en ভাষাত). Nationalism and Youth in Theatre and Performance. Routledge. ISBN 978-1-317-81200-5. https://books.google.com/books?id=rPMABAAAQBAJ&dq=Phra+Aphai+Mani++Thailand's+national+epics&pg=PA233.
  2. "กราบขอพร "ยักษ์แม่ใหญ่" พระนางสุวรรณอัปสรจอมเทวี วัดนางตะเคียน จ.สมุทรสงคราม" (th ভাষাত). trueid. https://travel.trueid.net/detail/rzB4yA5k1ym6 আহৰণ কৰা হৈছে: 2023-02-10.
  3. แย้มเดช, นิพัทธ์ (2023-01-01). "พระอภัยมณีได้นางเงือกเป็นเมีย "รักที่ฉาบฉวยหรือยั่งยืน"?" (th-TH ভাষাত). ศิลปวัฒนธรรม. https://www.silpa-mag.com/culture/article_34707.
  4. "บวงสรวงนางยักษ์ผีเสื้อสมุทร" (th ভাষাত). บ้านเมือง. https://www.banmuang.co.th/news/region/79798 আহৰণ কৰা হৈছে: 2023-02-10.
  5. "ชาวเกาะเสม็ด ทำพิธีเปลี่ยนชุดให้ 'ผีเสื้อสมุทร' อัศจรรย์ฝนหยุดตกทันที" (th ভাষাত). Thairath. 2017-05-01. https://www.thairath.co.th/news/local/928146 আহৰণ কৰা হৈছে: 2023-02-10.
  6. "เหนือฟ้าใต้บาดาล : ศาลนางผีเสื้อสมุทร พลังศรัทธาที่มีแต่รัก" (th ভাষাত). Thairath. 2019-11-24. https://www.thairath.co.th/lifestyle/travel/thaitravel/1710386 আহৰণ কৰা হৈছে: 2023-02-10.
  7. เหล่ามานะเจริญ, ศิริพจน์ (2019-07-04). "ศิริพจน์ เหล่ามานะเจริญ : ผีเสื้อสมุทร ของสุนทรภู่ ได้แรงบันดาลใจมาจากทั้งรามายณะ และพงศาวดารลังกา" (th-TH ভাষাত). มติชนสุดสัปดาห์. https://www.matichonweekly.com/column/article_207499.
  8. ""นางแบบสาว" ไหว้นางยักษ์ ผีเสื้อสมุทร ขอดลใจอดีตคนรักนำจยย. มาคืน" (th ভাষাত). Onbnews. 2020-06-09. Archived from the original on 2023-02-10. https://web.archive.org/web/20230210103312/https://www.onbnews.today/post/30292 আহৰণ কৰা হৈছে: 2023-02-10.
  9. "ซ้อมปั่นเพื่อพ่อระยองเก๋ไก๋ นางยักษ์ตามหาพระอภัยมณีหนีไป Bike for Dad" (th ভাষাত). Thairath. 2015-12-04. https://www.thairath.co.th/news/local/east/544638 আহৰণ কৰা হৈছে: 2023-02-10.
  10. OoHmusic.com. "น้ำตาผีเสื้อสมุทร - Khaimoog CNY นี่แหละ T-Pop กลิ่นไอความเป็นไทย" (th-TH ভাষাত). OoHmusic.com. https://www.oohmusic.com/news_story/261/khaimoog-cny-t-pop আহৰণ কৰা হৈছে: 2023-02-10.