সমললৈ যাওক

ফিডান গাচিমোভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফিডান গাচিমোভা
ফিডান গাচিমোভা
পৃষ্ঠভূমি
জন্ম ১৭ জুন, ১৯৪৭
বাকু, আজাৰবাইজান এছ এছ আৰ, চোভিয়েত ইউনিয়ন
সংগীতৰ ধৰণ শাস্ত্ৰীয়
পেচা গায়িকা, কণ্ঠশিল্পী
বাদ্যযন্ত্ৰ গায়িকা

ফিডান গাচিমোভা(ইংৰাজী: :Fidan Gasimova,জন্ম: ১৭ জুন ১৯৪৭)যি গৰাকী ফিডান আক্ৰাম গিজি গাচিমোভা নামেৰেও জনাজাত এগৰাকী আজাৰবাইজান অপেৰাটিক ছ’প্ৰানো যিয়ে ১৯৮৮ চনত ইউ এছ এছ আৰৰ পিপলছ আৰ্টিষ্ট হিচাপে নিৰ্বাচিত হৈছিল।[1]

গাচিমোভাৰ জন্ম হৈছিল আজাৰবাইজান এছ এছ আৰৰ বাকুত। তেওঁৰ পিতৃ আক্ৰাম গাচিমোভা আৰু মাতৃ টুকেজবান গাচিমোভা সংগীতৰ অনুৰাগী আছিল। ১৯৬৬ চনত বুলবুলৰ অধীনত অধ্যয়ন কৰি আজাৰবাইজান ষ্টেট কনজাৰ্ভেটৰীত প্ৰৱেশ কৰে। ভায়লিন আৰু কণ্ঠৰ প্ৰতি থকা একাগ্ৰতাৰ ফলত সেই বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি গাচিমোভাই পুনৰ মস্কো কনজাৰ্ভেটৰীত স্নাতক শাখাত অধ্যয়ন আৰম্ভ কৰে। ডিগ্ৰী লাভ কৰাৰ পাছত গাচিমোভা বাকুলৈ উভতি আহিল।

১৯৭৩ চনত জেনেভাত অনুষ্ঠিত হোৱা যুৱ কণ্ঠশিল্পীৰ প্ৰতিযোগিতাত গাচিমোভাই ৰূপৰ পদক লাভ কৰে আৰু পিছৰ বছৰত তেওঁ আজাৰবাইজান ষ্টেট একাডেমিক অপেৰা আৰু বেলেট থিয়েটাৰৰ সৈতে এককবাদ্যযন্ত্ৰবাদক হয়। ১৯৭৭ চনত ইটালীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে। ১৯৯৩ চনৰপৰা গাচিমোভাই কমল কেৰিমভৰ পিছত বাকু একাডেমী অৱ মিউজিকৰ কণ্ঠ বিভাগৰ অধ্যক্ষতা পদত কাৰ্য্যনিৰ্বাস কৰি আহিছে।

বাকু একাডেমী অৱ মিউজিকত অধ্যাপিকা পদৰ উপৰি গাচিমোভাই ১৯৯২ চনৰপৰা ১৯৯৮ চনলৈকে ইস্তানবুল কনজাৰ্ভেটৰীত অধ্যাপনা কৰিছিল, পিছলৈ ভ্ৰমণৰ লগতে বিভিন্ন মাষ্টাৰ ক্লাছৰ নেতৃত্ব দিছিল। ১৯৯৭ চনত তেওঁ আজাৰবাইজান ৰিপাব্লিকৰ সভাপতি ইলহাম আলিয়েভৰপৰা অৰ্ডাৰ অৱ গ্ল'ৰী উপাধি লাভ কৰে।[2]

পৰিয়াল

[সম্পাদনা কৰক]

গাচিমোভাৰ কনিষ্ঠ ভগ্নী খুৰামান গাচিমোভা এগৰাকী সুপৰিচিত গায়িকা আৰু আজাৰবাইজানৰপিপলছ আৰ্টিষ্ট উপাধিৰে সন্মানিত মহিলা; তেওঁলোকে আজাৰবাইজান আৰু বিদেশত একেলগে অনুষ্ঠান পৰিৱেশন কৰিছে। ২০০৭ চনৰ অক্টোবৰ মাহত গাচিমোভা ভগ্নীদ্বয়ৰ শেষৰটো কনচাৰ্ট মস্কো কনজাৰ্ভেটৰীত অনুষ্ঠিত হৈছিল।[3]ফিডান গাচিমোভাৰ ফৰিদ নামৰ এজন পুত্ৰ সন্তান আছে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

ফিডান গাচিমোভাই আজাৰবাইজান, ৰাছিয়া আদি দেশৰ ক্লাছিক অপেৰাৰপৰা কেইবাটাও চৰিত্ৰত বিভিন্ন ভূমিকাত গীত পৰিৱেশন কৰিছে। তেওঁৰ চৰিত্ৰ সমূহ হ’ল, ভাৰ্ডিৰ অটেলোত ‘ডেছডেমোনা’, লা বোহেমপুচিনিটস্কা আৰু টুৰাণ্ডোট আৰু মিমি, বিজেটকাৰ্মেনত মিকায়েলা, ছাইকোভস্কিইউজিন অনেগিনত টাটিয়ানা, হাজিবেয়ভৰ ক’ৰ’ঘলুত নিগাৰ, গৌণোডফাউষ্টত মাৰ্গাৰিটা আৰু আমিৰভৰ শিৰোনাম চৰিত্ৰত চেভিল

তেওঁ গীত পৰিৱেশন কৰা দেশবোৰৰ ভিতৰত আমেৰিকা, জাৰ্মানী, গ্ৰেট ব্ৰিটেইন, ছুইডেন, নৰৱে, ছুইজাৰলেণ্ড, অষ্ট্ৰিয়া, মেক্সিকো, ৰাছিয়া, ফ্ৰান্স, ডেনমাৰ্ক, কিউবা আৰু তুৰস্ক আদি প্ৰধান। গাচিমোভাই মস্কো চিম্ফণিক অৰ্কেষ্ট্ৰাৰ সৈতে আৰু আজাৰবাইজানত অনুষ্ঠান পৰিৱেশন কৰিছে।

২০০৮ চনত গাচিমোভাই আজাৰবাইজানৰ প্ৰথম মহিলা মেহৰিবান আলিয়েভাৰ বাবে উৎসৰ্গিত "বেছামে মুচো"ৰ সংস্কৰণ মুকলি কৰে। ২০০৯ চনৰ ২৩ জুনত গাচিমোভা আৰু পিয়ানোবাদক তথা ৰাছিয়াৰ পিপলছ আৰ্টিষ্ট ইউৰি ৰ'জুমে আজাৰবাইজান ষ্টেট ফিলহাৰমনিক হলত (মুছলিম মাগোমায়েভৰ নামেৰে নামকৰণ কৰা) অনুষ্ঠান পৰিৱেশন কৰে।

২০১০ চনৰ ২ এপ্ৰিলত গাচিমোভাই মস্কো আন্তৰ্জাতিক সংগীত ঘৰৰ চেম্বাৰ হলত ​​একক আবৃত্তি কৰিছিল।[4][5] ছ’প্ৰানোগৰাকীয়ে, ৰাছিয়ান পিয়ানোবাদক চাৰ্গেই ভ'ৰ'নভৰ সৈতে পশ্চিমীয়া, ৰাছিয়ান আৰু আজাৰবাইজানৰ সুৰকাৰসকলৰ গীত পৰিৱেশন কৰিছিল, তেওঁ গাচিমোভাৰ পুত্ৰ ফৰিদ আখুন্দ-গাচিমোভৰ এটা ৰচনাও অভিনয় কৰিছিল। ২০১১ চনৰ মাৰ্চ মাহত ফিডান আৰু খুৰামান গাচিমোভাই যৌথ আবৃত্তিত গীত গাইছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]