সমললৈ যাওক

ফিডেলিছ ৱাইনাইনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফিডেলিছ ৱাইনাইনা (ইংৰাজী: Fidelis Wainaina, ১৯৬২ – ৫ মাৰ্চ ২০০৮) মাচেনো ইণ্টাৰখ্ৰীষ্টান চাইল্ড চেল্ফ হেল্প গ্ৰুপ (MICH)ৰ প্ৰতিষ্ঠাপক, যিটো সংস্থাই কৃষিৰ জৰিয়তে আত্মবহনক্ষমতাৰ বাবে চেষ্টা কৰে৷ তেওঁলোকে পশ্চিম কেনিয়াৰ গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ বাবে কাম কৰি আছে। ২০০৬ চনত মোজাম্বিকৰ চেলিনা ক’ছাৰ সৈতে তেওঁ যুটীয়াভাৱে য়াৰা বঁটা লাভ কৰিছিল।[1]

বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী ৱাইনাইনাই শ্ৰেণীকোঠাৰ বাহিৰৰ জীৱনৰ বাস্তৱতাতকৈ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ বাবে অধিক প্ৰস্তুত কৰা পাঠ্যক্ৰমৰ প্ৰতি হতাশ হৈ পৰিল। তেওঁ দৰিদ্ৰ পৰিয়ালসমূহক তেওঁলোকৰ মাটি বহনক্ষমভাৱে খেতি কৰাত সহায় কৰি দৰিদ্ৰতা আৰু ক্ষুধা নিৰ্মূলৰ বাবে কাম কৰিছিল।[2] পশ্চিম কেনিয়াৰ লুও জনসাধাৰণে জনপ্ৰিয়ভাৱে নিয়াৰ অকুয়ো (কিকুয়ুৰ কন্যা) নামেৰে জনাজাত ৱাইনাইনা মহিলা সবলীকৰণৰ পোষকতাত "লিংগ বিপ্লৱ"ৰ বাটকটীয়া আছিল। বিকাশৰ ক্ষেত্ৰত তেওঁৰ লক্ষ্য গোট আছিল মূলতঃ ৰাজপথৰ শিশু আৰু বিধৱা, বিশেষকৈ এইচ আই ভি/এইডছ মহামাৰীয়ে বিধ্বস্ত কৰা শিশুসকল।[3]

২০০৮ চনৰ ৫ মাৰ্চত ৪৬ বছৰ বয়সত,[4]কৰ্কট ৰোগ ধৰা পৰাৰ পিছত তেওঁৰ মৃত্যু হয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]