ফিমেন
| প্ৰকাৰ | প্ৰতিবাদী আৰু সক্ৰিয়তাবাদী গোট |
|---|---|
| Focus | "মহিলাৰ মুক্তি লাভৰ বাবে পিতৃতন্ত্ৰ বিলোপ কৰা" |
| Location | |
Key people |
আন্না হুটচোল[3] ওক্সানা শাচকো আলেকজেন্দ্ৰা শ্বেভচেংকো[4] ইন্না শ্বেভচেংকো ইয়ানা ঝদানোভা |
ফিমেন (ইংৰাজী: Femen; ৰাছিয়ান আৰু ইউক্ৰেইনীয়: Фемен, বেলাৰুছিয়ান: Фэмэн) হৈছে এক ইউক্ৰেইনীয় উগ্ৰ নাৰীবাদী সক্ৰিয়তাবাদী গোট, যাৰ লক্ষ্য হৈছে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা। যৌন পৰ্যটন, ধৰ্মীয় প্ৰতিষ্ঠান, লিংগ বৈষম্য, সমকামিতা ভীতি আৰু অন্যান্য সামাজিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ বিৰুদ্ধে বিতৰ্কিত টপলেছ প্ৰতিবাদ সাব্যস্ত কৰি এই সংগঠনটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈ পৰে।[5][6][3][7][8] ইউক্ৰেইনত প্ৰতিষ্ঠিত এই গোটটো বৰ্তমান ফ্ৰান্সত অৱস্থিত। ফিমেনে নিজৰ আদৰ্শক "চেক্সট্ৰিমিজম, নাস্তিকতা আৰু নাৰীবাদ" বুলি বৰ্ণনা কৰে।[9]
সংগঠনটোৱে নিজকে "পিতৃতন্ত্ৰৰ তিনিটা স্বৰূপ – মহিলাৰ যৌন শোষণ, একনায়কত্ববাদ আৰু ধৰ্মৰ বিৰুদ্ধে যুঁজ দিয়া" বুলি অভিহিত কৰে[10] আৰু লগতে কয় যে ইয়াৰ লক্ষ্য হৈছে "মহিলাৰ অধিকাৰ ৰক্ষাৰ বাবে চেক্সট্ৰিমিজম ব্যৱহাৰ কৰা"।[11] প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ফিমেনৰ কৰ্মীসকলক আৰক্ষীয়ে নিয়মিতভাৱে আটক কৰি আহিছে।[10]

ইতিহাস
[সম্পাদনা কৰক]
২০০৮ চনৰ ১০ এপ্ৰিলত আন্না হুটচোলে ফিমেন আন্দোলন প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব লাভ কৰে। বিদেশলৈ যোৱাৰ নামত প্ৰতাৰিত হৈ যৌন শোষণৰ বলি হোৱা ইউক্ৰেইনীয় মহিলাসকলৰ কাহিনী জানিব পৰাৰ পিছত তেওঁ এই পদক্ষেপ লৈছিল।[12][13] অৱশ্যে কিটি গ্ৰীনৰ ২০১৩ চনৰ তথ্যচিত্ৰ ইউক্ৰেইন ইজ নট এ ব্ৰথেল অনুসৰি, ভিক্টৰ স্ভিয়াটস্কিয়েহে ফিমেন প্ৰতিষ্ঠা কৰিছিল। ২০১৩ চনৰ ছেপ্টেম্বৰত ইন্না শ্বেভচেংকোৱে এই তথ্যচিত্ৰখনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে স্ভিয়াটস্কিয়ে "কিছু সময়ৰ বাবে আন্দোলনটো পৰিচালনা কৰিছিল। ...আমি এয়া মানি লৈছিলোঁ কাৰণ ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব লাগে বা ইয়াৰ বিৰুদ্ধে কেনেকৈ যুঁজিব লাগে আমি জনা নাছিলোঁ। ...তাৰ পিছতেই মই ইউক্ৰেইন এৰি ফ্ৰান্সলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ যাতে এটা নতুন ফিমেন গঢ়িব পৰা যায়।"[14][15] ২০১৪ চনৰ জানুৱাৰীত দ্য ইণ্ডিপেণ্ডেন্টৰ সৈতে হোৱা এক বাৰ্তালাপত ইন্না শ্বেভচেংকোৱে স্ভিয়াটস্কিৰ বিষয়ে আলোচনা কৰিছিল আৰু 'প্ৰতিষ্ঠাপক' শব্দটো ব্যৱহাৰ নকৰাকৈ কৈছিল: "মই কেতিয়াও অস্বীকাৰ নকৰোঁ যে তেওঁ এজন বুদ্ধিমান ব্যক্তি। তেওঁৰ বাবেই আমি ইজনে সিজনক চিনি পাইছিলোঁ। তেওঁ আৰম্ভণিতে আমাৰ আশে-পাশে থকা সেইসকল বুদ্ধিমান ব্যক্তিৰ ভিতৰত এজন আছিল, যিসকল অধিক অভিজ্ঞ আছিল।"[16] ২০১৩ চনৰ পৰা ইন্না শ্বেভচেংকোৱে ফিমেনৰ নেতৃত্ব দি আহিছে।
আৰম্ভণিতে ফিমেনে চুটি বা উত্তেজক পোছাক পিন্ধি প্ৰদৰ্শন কৰি দৃষ্টি আকৰ্ষণ কৰিছিল। উদাহৰণস্বৰূপে, ২০০৮ চনৰ ২১ ছেপ্টেম্বৰত কিয়ভৰ তুৰ্কী দূতাবাসৰ সন্মুখত প্ৰায় এক ডজন ফিমেন সদস্যই মেকআপ লৈ আৰু গুলপীয়া হাই হিল পিন্ধি নাৰ্ছৰ পোছাকত প্ৰতিবাদ কৰিছিল; অৱশ্যে ২০০৯ চনৰ ২৪ আগষ্টত ইউক্ৰেইনৰ স্বাধীনতা দিৱসত ওক্সানা শাচকোৱে 'টপলেছ' হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।[17] যিহেতু এই পদ্ধতিয়ে যথেষ্ট চৰ্চা লাভ কৰিছিল, সেয়েহে ই অতি সোনকালেই ফিমেনৰ এক পৰিচয় হৈ পৰে।[18] বেছিভাগ প্ৰতিবাদ কেৱল অনাবৃত বক্ষৰ দ্বাৰাই কৰা হৈছিল যদিও, ২০১০ চনৰ অক্টোবৰ মাহত শাচকোৱে কিয়ভত পাব্লিক টয়লেটৰ অভাৱৰ প্ৰতিবাদত এটা বন্ধ টয়লেটৰ বাহিৰত নিজৰ নিতম্ব প্ৰদৰ্শন কৰিছিল,[19] আৰু ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত গোটটোৰ চাৰিগৰাকী সদস্যই কিয়ভত অনুৰূপ প্ৰতিবাদ সাব্যস্ত কৰিছিল।[20]

২০১১ চনৰ মে’ মাহৰ পৰা বহুতো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সংগঠনটোৰ কাৰ্যকলাপৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে; ইয়াৰ ফলত ফিমেনৰ আন্তঃৰাষ্ট্ৰীয় পৰিচয় দ্ৰুতগতিত বৃদ্ধি পায়।[21][22]
২০১১ চনৰ শেষৰ ফালৰ পৰা ইউক্ৰেইনৰ ফিমেন কৰ্মীসকলে অধিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিবাদ অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰে।[23]
সংগঠন
[সম্পাদনা কৰক]
ফিমেনৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় শাখা আছে।[24] তেওঁলোকৰ জন্মস্থান কিয়ভত থকা ফিমেনৰ কাৰ্যালয়টো বন্ধ কৰি দিয়া হৈছিল আৰু ২০১৩ চনৰ আগষ্ট মাহত সংগঠনটোৰ নেতৃত্বই ("প্ৰাণ আৰু স্বাধীনতাৰ শংকাত") ইউক্ৰেইন ত্যাগ কৰিছিল।[25][26][27]
২০১২ চনৰ অক্টোবৰ মাহত সংগঠনটোৱে জনাইছিল যে ইউক্ৰেইনত তেওঁলোকৰ প্ৰায় ৪০ গৰাকী সক্ৰিয় কৰ্মী আছে আৰু আন ১০০ গৰাকীয়ে বিদেশত তেওঁলোকৰ প্ৰতিবাদত যোগদান কৰিছে।[7] ইয়াৰ উপৰিও ছচিয়েল নেটৱৰ্ক 'ভিকনটাক্টে'ৰ জৰিয়তে তেওঁলোকৰ ১২,০০০ অনুগামী আছিল।[28][29]
২০১৩ চনৰ অক্টোবৰ মাহত ফ্ৰান্সত ফিমেনৰ আটাইতকৈ বেছি সদস্য আছিল।[11] ২০১৩ চনৰ জানুৱাৰী মাহত ফিমেন ফ্ৰান্সৰ ৩০ গৰাকী স্থানীয় কৰ্মী আছিল।[30] ২০১০ চনত গোটটোত প্ৰায় ৩২০ গৰাকী কৰ্মী আছিল,[19][31] যাৰ ভিতৰত প্ৰায় ৩০০ গৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী কিয়ভৰ আছিল।[32] ২০১০ চনৰ এটা সাক্ষাৎকাৰত আন্না হুটচোলে কৈছিল যে ২০ গৰাকী মূল উদ্যোক্তাৰ উপৰিও কিয়ভত ৩০০ গৰাকী কৰ্মী আছে, লগতে ভিকনটাক্টেৰ ওপৰত ভিত্তি কৰি প্ৰায় ২০,০০০ ব্যক্তিৰ এটা সামাজিক নেটৱৰ্ক আছে।[29] ২০০৮ চনত যেতিয়া এই আন্দোলন গঢ়ি উঠিছিল, তেতিয়া ১৮ ৰ পৰা ২০ বছৰ বয়সৰ মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকল ইয়াৰ মূল শক্তি আছিল,[12] য’ত পুৰুষ সদস্যৰ সংখ্যা আছিল নগণ্য।[3] ২০১১ চনত বিভিন্ন উৎসই উল্লেখ কৰিছিল যে আন্না হুটচোলে এটা সাক্ষাৎকাৰত আন্দোলনটোৰ ১.৫ লাখ সমৰ্থক থকা বুলি কৈছিল।[30][33]
২০১০ চনৰ জুলাই মাহত হুটচোলে কৈছিল: "আমি যিকোনো সংবাদ সংস্থাতকৈ ভালদৰে কাম কৰি আছোঁ। আমাৰ এজন ফটোগ্ৰাফাৰ, চিনেমাটোগ্ৰাফাৰ, ডিজাইনাৰ আৰু কন্টেন্ট মেনেজাৰ আছে।"[34] ইউক্ৰেইনত ফিমেনৰ বেছিভাগ প্ৰদৰ্শন কিয়ভত অনুষ্ঠিত হৈছিল, কিন্তু সংগঠনটোৱে ওডেছা, ড্নিপ্ৰ’ আৰু জাপ’ৰিজিয়াকে ধৰি অন্যান্য চহৰতো কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ২০১০ চনৰ এপ্ৰিল মাহত সংগঠনটোৱে ২০১২ চনৰ অক্টোবৰৰ ইউক্ৰেইনৰ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এটা ৰাজনৈতিক দল হোৱাৰ কথা বিবেচনা কৰিছিল।[3][32][35] অৱশ্যে তেওঁলোকে এই নিৰ্বাচনত অংশগ্ৰহণ কৰা নাছিল।[7][36]

ফিমেনে তেওঁলোকৰ 'টপলেছ' প্ৰতিবাদৰ পদ্ধতিৰ ব্যাখ্যা দি কৈছিল: "এইখন দেশত নিজৰ কথা শুনোৱাৰ ইয়াৰ বাহিৰে আন কোনো উপায় নাই। যদি আমি বেনাৰ লৈ সাধাৰণ প্ৰতিবাদ কৰিলোঁহেঁতেন, তেন্তে আমাৰ দাবীসমূহ কোনেও মন নকৰিলেহেঁতেন"। সংগঠনটোৱে ইউৰোপৰ আটাইতকৈ ডাঙৰ আৰু প্ৰভাৱশালী আন্দোলন হোৱাৰ পৰিকল্পনা কৰিছে।[32][37]
ফেব্ৰুকে প্ৰথম অৱস্থাত ফিমেনৰ পেজটো অশ্লীল বুলি সন্দেহ কৰি ব্লক কৰি দিছিল।[38] ইয়াৰ উপৰিও ফিমেনে তেওঁলোকৰ ফেব্ৰুক পেজত কেইবাখনো উত্তেজক ছবি প্ৰদৰ্শন কৰিছিল, যাৰ ভিতৰত আছিল ভ্লাদিমিৰ পুটিন আৰু মস্কোৰ কিৰিল প্ৰথমৰ মূৰত চেইনশ্ব’ (chainsaw) চলাই থকা ছবি।[39]
২০১০ আৰু ২০১১ চনত ইউক্ৰেইনীয় সদস্যসকলে কৈছিল যে ফিমেনৰ সৈতে জড়িত হোৱাৰ বাবে তেওঁলোকৰ পৰিয়ালে তেওঁলোকক ত্যাগ কৰিছে।[32][38] ইন্না শ্বেভচেংকো আৰু ওক্সানা শাচকোকে ধৰি ফিমেনৰ কিছুমান সদস্যই ভাবুকি, অপহৰণ, মাৰপিট আৰু অন্যান্য নিৰ্যাতনৰ সন্মুখীন হৈছিল।[40]
সংগঠনটোৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ
[সম্পাদনা কৰক]ইউক্ৰেইনত সংগঠনটোৰ বিৰুদ্ধে "গুণ্ডাগিৰি" আৰু "ৰাষ্ট্ৰীয় প্ৰতীকৰ অবমাননা"ৰ দৰে অভিযোগত কেইবাটাও ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে আৰু গোটটোক জৰিমনা বিহা হৈছে।[41][42] ইয়াৰ উপৰিও প্ৰতিবাদৰ পিছত বেছিভাগ ফিমেন কৰ্মীকে আৰক্ষীয় আটক কৰে; এটা বিশেষ ঘটনাত বেলাৰুছৰ ৰাষ্ট্ৰীয় সুৰক্ষা সমিতিয়ে ফিমেন কৰ্মীসকলক গ্ৰেপ্তাৰ কৰি "ছুৰীৰে ভয় খুৱাইছিল আৰু তেওঁলোকৰ চুলি কাটি দিছিল"।[43] ফিমেনৰ মতে, ২০১০ চনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ভিক্টৰ ইয়ানুকোভিচ নিৰ্বাচিত হোৱাৰ পিছত ইউক্ৰেইনৰ সুৰক্ষা সেৱাই ফিমেন কৰ্মীসকলক ভয় খুৱাবলৈ চেষ্টা কৰিছিল।[38]
ইউক্ৰেইনৰ আৰক্ষীয়ে ২০১৩ চনৰ ২৭ আগষ্টত কিয়ভত থকা ফিমেনৰ কাৰ্যালয়ত তালাচী চলাই এটা টিটি পিষ্টল আৰু এটা গ্ৰেনেড উদ্ধাৰ কৰা বুলি দাবী কৰি সংগঠনটোৰ বিৰুদ্ধে এক ফৌজদাৰী গোচৰ ৰুজু কৰে।[44] ফিমেনে এক বিবৃতিত জনাইছিল যে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থা আৰু ইউক্ৰেইনৰ গোপন সেৱাৰ এক ষড়যন্ত্ৰৰ অংশ হিচাপেহে আৰক্ষীয়ে এই সামগ্ৰীসমূহ তাত ৰাখিছিল, যদিও আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰে।[44][45][46][47][nb 1] ২০১৩ চনৰ ৩০ আগষ্টত ফিমেন কৰ্মী ইয়ানা ঝদানোভা, আন্না হুটচোল আৰু আলেকজেন্দ্ৰা শ্বেভচেংকোক সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল; ইয়াৰ পৰিৱৰ্তে (ফিমেনৰ এক বিবৃতি অনুসৰি), "প্ৰাণ আৰু স্বাধীনতাৰ শংকাত কৰ্মীসকলে ফিমেনৰ কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ ইউক্ৰেইনৰ পৰা ইউৰোপলৈ পলায়ন কৰে"।[26][27] ২০১৩ চনৰ ২৩ অক্টোবৰত কিয়ভৰ পূৰ্বৰ কাৰ্যালয়টো এখন কিতাপৰ দোকানলৈ ৰূপান্তৰ কৰা হয়।[25] মাৰ্চৰ আৰম্ভণিতে হুটচোলে কৈছিল যে যদিও তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰা চৰকাৰখনৰ পতন ঘটিছিল, তথাপিও "ইউক্ৰেইনলৈ উভতি যোৱাটো অতি বিপদজনক আছিল"; ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ এটা সাক্ষাৎকাৰত হুটচোলে এইটোও উল্লেখ কৰিছিল যে ইউক্ৰেইনত থকা ফিমেন কৰ্মীসকলে ইউৰোমাইডান প্ৰতিবাদৰ সময়ত সহায় কৰিছিল যাৰ ফলত শেষত সেই শাসনকালৰ অন্ত পৰিছিল।[48][49][50] ২০১৪ চনৰ গ্ৰীষ্মকালত কিয়ভত পুনৰ ফিমেনৰ কিছু কাৰ্যসূচী দেখা গৈছিল।[51]
আন্তঃৰাষ্ট্ৰীয় শাখাসমূহ
[সম্পাদনা কৰক]ফিমেন ফ্ৰান্স
[সম্পাদনা কৰক]
ফিমেন ফ্ৰান্স হৈছে ফিমেনৰ ফৰাচী শাখা। ২০১২ চনৰ আগষ্ট মাহত কিয়ভৰ মাইদান নেজালেঝনষ্টিৰ ওচৰত এটা ক্ৰুচিফিক্স কাটি পেলোৱাৰ পিছত,[52] ইন্না শ্বেভচেংকোৱে দেশ ত্যাগ কৰে আৰু কৰ্মীসকলৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈ পেৰিছলৈ যায়।[53] এই আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰটো ২০১২ চনৰ ১৮ ছেপ্টেম্বৰত মুকলি কৰা হৈছিল।[1]
২০১৩ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিৰ তথ্য অনুসৰি, সংগঠনটোত ৩০ গৰাকী স্থানীয় কৰ্মী আছিল।[30] তাত নিয়মিতভাৱে উপস্থিত থকা একমাত্ৰ ইউক্ৰেইনীয়সকল আছিল ওক্সানা শাচকো আৰু ইন্না শ্বেভচেংকো।[30] ২০১৩ চনৰ ৬ মাৰ্চত ফিমেন কৰ্মীসকলে ফৰাচী লেখিকা গালিয়া একৰমেনৰ সৈতে মিলি তেওঁলোকৰ প্ৰথমখন গ্ৰন্থ ফিমেন (Femen) মুকলি কৰে।[54]
আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি হোৱাৰ দিনা ১৫ গৰাকী কৰ্মীয়ে মেট্ৰ’ ষ্টেচন চেটো ৰুজৰ পৰা লাভোৱাৰ মডাৰ্ণ পেৰিছিয়ানলৈ (য’ত তেওঁলোকৰ নতুন মুখ্য কাৰ্যালয় অৱস্থিত) টপলেছ হৈ সমদল কৰিছিল আৰু তাত এখন সংবাদ মেলৰ আয়োজন কৰিছিল।[1]
২০১২ চনৰ ৩ অক্টোবৰত ফৰাচী কৰ্মী এলইজ বুটন, এলভিৰ ডুভেল-চাৰ্লছ, মিয়াবি কে., জুলিয়া জাভেল, জেনি বাহ, নাথালি ভিগনেছ আৰু ইন্না শ্বেভচেংকোৱে ল্যুভৰ মিউজিয়ামৰ ভেনাচ ডি মিলো মূৰ্তিটোৰ সন্মুখত টপলেছ হৈ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ফিমেন কৰ্মীসকলে চিঞৰি উঠিছিল, "ধৰ্ষণ বন্ধ কৰিবলৈ আমাৰ হাত আছে"। তেওঁলোকে জনাইছিল যে তেওঁলোকে ভেনাচ ডি মিলোক নিৰ্বাচন কৰিছিল কিয়নো ইয়াৰ কোনো হাত নাই আৰু এয়া এগৰাকী মহিলাৰ অসহায় অৱস্থা আৰু দুৰ্বলতাৰ প্ৰতীক। এই প্ৰতিবাদ টিউনিছিয়াৰ এটা ঘটনাৰ পিছত কৰা হৈছিল য’ত এগৰাকী মহিলাই আৰক্ষীৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱাৰ কথা কোৱাৰ পিছত তেওঁৰ বিৰুদ্ধেহে অশ্লীলতাৰ গোচৰ ৰুজু কৰা হৈছিল।[55]

২০১২ চনৰ ১৫ অক্টোবৰত পেৰিছৰ প্লেচ ভেণ্ডমস্থিত ফৰাচী ন্যায় মন্ত্ৰালয়ৰ সন্মুখত আঠগৰাকী কৰ্মীয়ে টপলেছ হৈ প্ৰতিবাদ কৰে। কিশোৰী কন্যাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত ১৪ জন পুৰুষৰ বিচাৰৰ ৰায়দানৰ প্ৰতিবাদত এই কাৰ্যসূচী লোৱা হৈছিল।[56] পেৰিছৰ ওচৰৰ ফন্টেন-চাউচ-বছত চাৰি সপ্তাহৰ বিচাৰৰ অন্তত অভিযুক্ত চাৰিজনৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণত অংশ লোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰা হয় আৰু দহজনক খালাছ কৰা হয়।[57] চৰকাৰী অধিবক্তাই আঠজন পুৰুষৰ বাবে পাঁচৰ পৰা সাত বছৰৰ কাৰাদণ্ডৰ দাবী কৰিছিল যদিও আদালতে অতি পাতল শাস্তি প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে ফৰাচী কৰ্তৃপক্ষক নাবালিকাক ধৰ্ষণ কৰা কাৰ্যক প্ৰশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰে।[56]
২০১৩ চনৰ ৩ এপ্ৰিলত টিউনিছিয়াৰ ফিমেন কৰ্মী আমিনা টাইলাৰৰ মুক্তিৰ দাবীত পেৰিছৰ গ্ৰেণ্ড মছজিদৰ সন্মুখত ফিমেন কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকে তাত ছালাফিষ্ট পতাকাও পুৰি পেলাইছিল। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত পেৰিছত অনুষ্ঠিত এখন ৰক্ষণশীল মুছলমান সন্মিলনৰ মঞ্চত দুগৰাকী টপলেছ ফিমেন কৰ্মীয়ে জঁপিয়াই পৰিছিল।[58]
অন্যান্য শাখা
[সম্পাদনা কৰক]২০১১ চনৰ শেষৰ ফালৰ পৰা ফিমেনে ইউক্ৰেইনৰ বাহিৰত সমদল অনুষ্ঠিত কৰি আহিছে।[59][60] ২০১১ চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে সংগঠনটোৱে ৱাৰ্ছ’, জুৰিখ, ৰোম, তেল আভিভ আৰু ৰিঅ’ ডি জেনেইৰ’ত আন্তঃৰাষ্ট্ৰীয় শাখা স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল।[61][62] ২০১১ চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে ৰাছিয়াৰ ৰাজধানী মস্কোত 'আৰইউ ফিমেন' (RU Femen) নামৰ এটা গোটৰ দ্বাৰা কৰা এক প্ৰদৰ্শনক লগে লগে ফিমেনৰ এক ভুৱা শাখা হিচাপে গৰিহণা দিয়া হৈছিল।[63] ফিমেনে ৰাছিয়াৰ ৰাজনৈতিক দল 'ইউনাইটেড ৰাছিয়া'ক 'আৰইউ ফিমেন' গঠন কৰাৰ অভিযোগ উত্থাপন কৰিছিল।[61][62] ২০১৩ চনৰ আৰম্ভণিতে ফিমেনে জনাইছিল যে ব্ৰাজিল, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, চুইজাৰলেণ্ড, ইটালী, বুলগেৰিয়া আৰু টিউনিছিয়াত তেওঁলোকৰ সদস্য আছে।[30]
২০১৩ চনৰ ২৩ জানুৱাৰীত আলেকজেন্দ্ৰা শ্বেভচেংকোৱে জাৰ্মানীত ফিমেনৰ তৃতীয়টো ৰাষ্ট্ৰীয় শাখা আনুষ্ঠানিকভাৱে মুকলি কৰে। তেওঁ বাৰ্লিন আৰু হামবাৰ্গৰ ঘাটিৰ পৰা এই গোটটোক প্ৰশিক্ষণ আৰু নেতৃত্ব দিয়াৰ প্ৰস্তাৱ দিছিল।[4][24] ফিমেনৰ জাৰ্মান শাখা ইৰিনা খানোভা, হেলেন লেংহৰ্ষ্ট আৰু ক্লাৰা মাৰ্টিন্সৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। গোটটোৱে লোৱা এক উল্লেখযোগ্য পদক্ষেপ আছিল বাৰ্লিনৰ আলেকজেণ্ডাৰপ্লেটজত 'বাৰ্বী ড্ৰিম হাউচ' মুকলিৰ সময়ত কৰা প্ৰতিবাদ। গুলপীয়া প্লাষ্টিকৰ অট্টালিকাটো মুকলি হোৱাৰ ঠিক আগতে এগৰাকী ফিমেন সদস্যই এটা মডেল হাই-হিল জোতাৰ পৰা টপলেছ হৈ ওলাই আহি এটা বাৰ্বী পুতলা পুৰি পেলাইছিল। ছোৱালীবোৰক জীৱনৰ এক অবাস্তৱ ছবি প্ৰদান কৰাৰ বিৰুদ্ধে এয়া আছিল এক প্ৰতিবাদ। সেই সদস্যগৰাকীয়ে নিজৰ বুকুত লিখি লৈছিল: "Life in plastic is not fantastic" (প্লাষ্টিকৰ জীৱন চমৎকাৰ নহয়)।[64]
কুইবেকত ভিক্তি থকা এটা ফিমেন গোটো সক্ৰিয়, যিটো ইউক্ৰেইনত জন্মগ্ৰহণ কৰা আৰু কুইবেকত ডাঙৰ-দীঘল হোৱা জেনিয়া চেৰ্নিছ’ভাৰ দ্বাৰা প্ৰতিষ্ঠিত।[65][66]
২০১৩ চনৰ ১০ ছেপ্টেম্বৰত বেলজিয়ামৰ ফিমেন শাখা স্বইচ্ছাই ভংগ কৰি দিয়া হয়।[nb 2][67]
২০১৩ চনৰ শেষৰ ফালে প্ৰতিষ্ঠা হোৱা তুৰস্কৰ এটা ফিমেন শাখা সক্ৰিয় হৈ আছে।[68]
২০১৪ চনৰ জুন মাহত ফিমেনে ১৫ গৰাকী মহিলাৰ সৈতে ইজৰাইলত এটা শাখা মুকলি কৰে। ইয়াৰ সদস্যসকল ১৭ ৰ পৰা ৩০ বছৰ বয়সৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা।[69]
২০১৬ চনৰ আগষ্ট মাহত ৱাশ্বিংটনৰ ছিয়েটলত জৰ্ডান ৰবচনৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰত ফিমেনৰ এটা শাখা মুকলি কৰা হয়। বৰ্তমানলৈকে তেওঁলোকৰ আটাইতকৈ চৰ্চিত কাৰ্যসূচী আছিল ২০১৬ চনৰ ৮ নৱেম্বৰত নিউয়ৰ্ক চহৰত ডোনাল্ড ট্ৰাম্পে ব্যৱহাৰ কৰা ভোটকেন্দ্ৰত কৰা এক প্ৰতিবাদ।[70]
টোকা আৰু তথ্যসূত্ৰ
[সম্পাদনা কৰক]টোকা
[সম্পাদনা কৰক]- ↑ ২০১৩ চনৰ ২৮ আগষ্টত কিয়ভ আৰক্ষীৰ এজন মুখপাত্ৰই জনাইছিল যে গোটটোৰ কাৰো বিৰুদ্ধে এতিয়াও অভিযোগনামা দাখিল কৰা হোৱা নাই, কিন্তু অবৈধভাৱে অস্ত্ৰ ৰখাৰ অভিযোগত ফৌজদাৰী তদন্ত অব্যাহত আছে আৰু মহিলাসকলক অধিক সোধা-পোছাৰ বাবে মাতি অনা হ’ব পাৰে।[45]
- ↑ ইয়াৰ ফেচবুক পেজত দিয়া কাৰণটো আছিল: "আন্তঃৰাষ্ট্ৰীয় ফিমেন আন্দোলনৰ আভ্যন্তৰীণ সংগঠনৰ বিষয়ে মতানৈক্য"।[67]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 Eichhorn, Lorenz (19 September 2012). "Naked March in Paris to Open New Office of Femen Feminist Group – SPIEGEL ONLINE". http://www.spiegel.de/international/europe/naked-march-in-paris-to-open-new-office-of-femen-feminist-group-a-856780.html.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "IP29713NH" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - 1 2 3 4 "Femen wants to move from public exposure to political power" (en ভাষাত). Kyiv Post. https://www.kyivpost.com/post/7705। আহৰণ কৰা হৈছে: 2023-06-26.
- 1 2 "FEMEN". FEMEN. 2013-01-24. Archived from the original on 2013-05-09. https://web.archive.org/web/20130509142453/http://femen.org/en/news/id/216। আহৰণ কৰা হৈছে: 2013-04-22.
- ↑ "Ukraine's Ladies of Femen". Movements.org. 2011-08-16. http://www.movements.org/case-study/entry/ukraines-ladies-of-femen/। আহৰণ কৰা হৈছে: 2013-04-22.
- ↑ Tayler, Jeffrey (13 March 2013). "The Woman Behind Femen's Topless Protest Movement". The Atlantic. https://www.theatlantic.com/international/archive/2013/03/the-woman-behind-femens-topless-protest-movement/273970/.
- 1 2 3 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "BBCobservOct12" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Topless FEMEN Protesters Drench Belgian Archbishop André-Jozef Léonard, Protest Homophobia in Catholic Church (PHOTOS)". Huffington Post. 24 April 2013. https://www.huffingtonpost.com/2013/04/24/topless-femen-protest-andre-jozef-leonard_n_3146609.html.
- ↑ Reestorff, Camilla Møhring (2018) (English ভাষাত). The Routledge companion to media and activism. প্ৰকাশক New York: Routledge. ISBN 9781138202030. "The activist movement Femen is notorious for topless protests and the ideology ‘sextremism, atheism and feminism’."
- 1 2 "Femen activists jailed in Tunisia for topless protest" (en-GB ভাষাত). BBC News. 2013-06-12. https://www.bbc.com/news/world-africa-22881163.
- 1 2 Holman, Zoe (2013-10-19). "Fearless … and topless: Femen activists to bring 'sextremism' to the UK" (en-GB ভাষাত). The Observer. ISSN 0029-7712. https://www.theguardian.com/world/2013/oct/20/femen-activists-uk-branch-feminism.
- 1 2 "Feminine Femen targets 'sexpats'" (en ভাষাত). Get the Latest Ukraine News Today - KyivPost. https://www.kyivpost.com/post/10934। আহৰণ কৰা হৈছে: 2023-06-26.
- ↑ "How they protest prostitution in Ukraine" (en ভাষাত). France 24. 2009-08-28. https://observers.france24.com/en/20090828-how-they-protest-prostitution-ukraine-femen-sex-tourism। আহৰণ কৰা হৈছে: 2023-06-26.
- ↑ MacNab, Geoffrey (3 September 2013). "The man who made Femen: New film outs Victor Svyatski as the mastermind behind the protest group and its breast-baring stunts". The Independent (London). https://www.independent.co.uk/arts-entertainment/films/news/the-man-who-made-femen-new-film-outs-victor-svyatski-as-the-mastermind-behind-the-protest-group-and-its-breastbaring-stunts-8797042.html.
- ↑ Shevchenko, Inna (2013-09-05). "Femen let Victor Svyatski take over because we didn't know how to fight it" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/commentisfree/2013/sep/05/victory-svyatski-femen-man.
- ↑ McNabb, Geoffrey (17 January 2014). "'I don't want to be liked': Inna Shevchenko, leader of women's rights group Femen, talks dictators, documentaries and death threats". The Independent (London). https://www.independent.co.uk/news/people/profiles/i-dont-want-to-be-liked-inna-shevchenko-leader-of-womens-rights-group-femen-talks-dictators-documentaries-and-death-threats-9062734.html.
- ↑ (in French) Femen Les féministes venues du froid Archived 10 January 2013 at the Wayback Machine, Paris Match (18 February 2012)
- ↑ Ortiz, Isabel; Burke, Sara; Berrada, Mohamed; Saenz Cortés, Hernán (2022) (en ভাষাত). World Protests: A Study of Key Protest Issues in the 21st Century. প্ৰকাশক Cham: Springer International Publishing. পৃষ্ঠা. 44. ISBN 978-3-030-88512-0. https://commonslibrary.org/new-study-reveals-a-world-of-growing-protests/.
- 1 2 Topless protesters gain fame in Ukraine, Associated Press (19 November 2010) Archived 1 February 2012 at the Wayback Machine
- ↑ https://vimeo.com/26783818 (Retrieved 10 July 2025)
- ↑ "Unorthodox protest in Ukraine: Indecent exposure". The Economist. 20 May 2011. https://www.economist.com/blogs/easternapproaches/2011/05/unorthodox_protest_ukraine.
- ↑ Bidder, Benjamin (5 May 2011). "Kyiv's Topless Protestors: 'The Entire Ukraine Is a Brothel'". Spiegel Online. http://www.spiegel.de/international/europe/Kyiv-s-topless-protestors-the-entire-ukraine-is-a-brothel-a-760697.html.
- ↑ "Des féministes ukrainiennes manifestent contre DSK". L'Express. 2011-11-01. http://www.lexpress.fr/actualite/societe/des-feministes-ukrainiennes-manifestent-contre-dsk_1046496.html। আহৰণ কৰা হৈছে: 2013-04-22.
- 1 2 "Bare-chested protesters take on Berlin". DW.DE. 26 February 2013. http://www.dw.de/bare-chested-protesters-take-on-berlin/a-16627222। আহৰণ কৰা হৈছে: 2013-11-12.
- 1 2 "uk:У колишньому офісі Femen відкрили книжкову крамницю [A bookstore was opened in the former office of Femen]" (uk ভাষাত). Ukrainska Pravda. https://www.pravda.com.ua/news/2013/10/23/7000584/। আহৰণ কৰা হৈছে: 2023-06-26.
- 1 2 "uk:Активістки Femen втекли з України [Femen activists fled from Ukraine]" (uk ভাষাত). Ukrainska Pravda. https://www.pravda.com.ua/news/2013/08/31/6997008/। আহৰণ কৰা হৈছে: 2023-06-26.
- 1 2 "uk:Femen закриє офіс в Україні, але діяльність не припинить [Femen closes office in Ukraine, however, the activities do not stop]" (uk ভাষাত). Ukrainska Pravda. https://www.pravda.com.ua/news/2013/08/27/6996762/। আহৰণ কৰা হৈছে: 2023-06-26.
- ↑ "FEMEN". http://vk.com/femen_femen। আহৰণ কৰা হৈছে: 29 September 2016.
- 1 2 "Девушки хотят. Интервью с Анной Гуцол, лидером FEMEN" Archived 25 July 2018 at the Wayback Machine, 15 July 2010, Анастасия Рингис, Focus (Ukrainian magazine) website (retrieved 6 February 2013) (in Russian)
- 1 2 3 4 5 Tayler, Jeffrey (2013-01-02). "Femen in Paris: Ukraine's Topless Warriors Move West" (en ভাষাত). The Atlantic. https://www.theatlantic.com/international/archive/2013/01/femen-in-paris-ukraines-topless-warriors-move-west/266755/। আহৰণ কৰা হৈছে: 2023-06-26.
- ↑ Ukraine's topless group widens political role, Reuters (15 November 2010)
- 1 2 3 4 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "ТаблоID" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ (ru-UA ভাষাত)Гендерные исследования. http://kcgs.net.ua/gurnal/20-21/26.pdf.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "Focus" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ (in Russian) Мужественный протест (The courageous protest), Lenta.Ru (15 February 2012)
- ↑ (in Ukrainian) Information on the registration of electoral lists of candidates Archived 23 February 2019 at the Wayback Machine, Central Election Commission of Ukraine
- ↑ FENEM, Organisation's MySpace page
- 1 2 3 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "FEMENHell" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Après les guitares de Pussy Riot, la tronçonneuse de Femen". Les Nouvelles Calédoniennes. 20 August 2012. Archived from the original on 24 September 2012. https://web.archive.org/web/20120924011802/http://www.lesnouvellesnews.fr/index.php/contre-courant-articles-section/contre-courant/2083-apres-les-guitares-de-pussy-riot-la-tronconneuse-de-femen.
- ↑ Taylor, Jerome (2011-12-23). "Topless protester was 'abducted and beaten' in Belarus". The Independent (London). https://www.independent.co.uk/news/world/europe/topless-protester-was-abducted-and-beaten-in-belarus-6280702.html.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "FIU29713" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ (in Russian) На FEMENисток завели два уголовных дела за "обнаженку", Информационно-аналитический центр "ЛІГА" (17 February 2012)
- ↑ "FEMEN: у Білорусі дівчат побили і кинули в лісі" (uk ভাষাত). 20 December 2011. https://www.radiosvoboda.org/a/24428163.html.
- 1 2 Police seize TT pistol and grenade in Kyiv office of Femen women’s rights group, Interfax-Ukraine (28 August 2013)
- 1 2 Femen moves out of 'bugged' Kyiv office, News24 (28 August 2013)
- ↑ Femen accuses Kyiv police of planting guns during raid, The Guardian (27 August 2013)
- ↑ FEMEN women’s rights group protests outside Ukrainian embassies in Europe following search of Kyiv office, Interfax-Ukraine (29 August 2013)
- ↑ Wallace, Ellen (1 March 2014). "Ukraine Femen leader asks for Swiss asylum (update)". GenevaLunch News. http://genevalunch.com/2014/03/01/ukraine-femen-leader-asks-for-swiss-asylum-update/.
- ↑ Clot, Lioudmila (27 March 2014). "Breasts are easy to get through metal detectors". SWI. http://origin.swissinfo.ch/eng/-breasts-are-easy-to-get-through-metal-detectors-/38212264.[সংযোগবিহীন উৎস]
- ↑ "Femen: Our war is somewhat different from Maidan". http://euroradio.fm/en/croissant। আহৰণ কৰা হৈছে: 23 March 2015.
- ↑ "Topless trio arrested during Ukraine protest". NBC News. http://www.nbcnews.com/watch/nbcnews-com/topless-trio-arrested-during-ukraine-protest-33976387817। আহৰণ কৰা হৈছে: 23 March 2015.
- ↑ "Cross sawn down by FEMEN activists in Kyiv turned out to be Catholic, not Orthodox". Interfax. 20 August 2012. Archived from the original on 17 January 2023. https://web.archive.org/web/20230117174418/http://interfax-religion.com/?act=news&div=9749.
- ↑ "Cross-chopping topless activist flees Ukraine". Indiatvnews.com. 6 September 2012. http://www.indiatvnews.com/news/world/cross-chopping-topless-activist-flees-ukraine-8798.html। আহৰণ কৰা হৈছে: 2012-10-10.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "femen-book" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Tunisia: Woman allegedly raped by police faces prosecution" (en ভাষাত). Amnesty International. 2012-09-27. https://www.amnesty.org/en/latest/news/2012/09/tunisia-woman-allegedly-raped-police-may-face-jail-time/। আহৰণ কৰা হৈছে: 2022-03-19.
- 1 2 "Topless FEMEN Activists Attempt French Justice Ministry Break-In". Avaxnews.com. 2012-10-16. Archived from the original on 2012-10-18. https://web.archive.org/web/20121018195450/http://avaxnews.com/fact/Topless_FEMEN_Activists_Attempt_French_Justice_Ministry_Break-In.html। আহৰণ কৰা হৈছে: 2012-11-19.
- ↑ Chrisafis, Angelique (11 October 2012). "Four guilty in gang-rape trial that shocked France". The Guardian (London). https://www.theguardian.com/world/2012/oct/11/gang-rape-trial-france.
- ↑ "Femen activists in topless protest at French Islam conference on women". France 24. 15 September 2015. http://www.france24.com/en/20150914-femen-topless-protest-french-islam-conference.
- ↑ FEMEN participate in Berlusconi protests, Kyiv Post (2 November 2011)
- ↑ Naked Protesters Draw Attention at Moscow Polling Station, The Wall Street Journal (4 March 2012)
- 1 2 (in Ukrainian) На FEMEN здiйснена рейдерська атака! Клятi মোস্কলi! Перший пост без цицьок, Ukrainska Pravda (28 April 2011)
- 1 2 (in Russian) Зассанные кремлевские матрасы!, LiveJournal blog of FEMEN (28 April 2011)
- ↑ (in Russian) Полуголые активистки прошлись по Москве, LifeNews (27 April 2011)
- ↑ Bacchi, Umberto (16 May 2013). "Femen Topless Protester Burns Barbie on Cross in Dream House Protest [PHOTOS"]. http://www.ibtimes.co.uk/femen-berlin-barbie-dream-house-topless-468268। আহৰণ কৰা হৈছে: 29 September 2016.
- ↑ Allard, Sophie (27 April 2013). "Notre arme est le sein nu" (fr ভাষাত). Plus.lapresse.ca. http://plus.lapresse.ca/screens/4671-d5c0-51795a58-90a7-35a6ac1c6068%7C.WHa1rfVIT.S.
- ↑ Edmiston, Jake (3 June 2003). "'My breasts become political': How a topless Montreal protestor invaded the speech of a former Tunisian PM". National Post. https://nationalpost.com/news/femen.
- 1 2 "Belgische Femen-afdeling stopt" (nl ভাষাত). Gazet van Antwerpen. Gazet van Antwerpen. 11 September 2013. http://www.gva.be/nieuws/binnenland/aid1451273/belgische-femen-tak-stopt.aspx.
- ↑ "FEMEN Turkey". https://twitter.com/FEMEN_Turkey। আহৰণ কৰা হৈছে: 23 March 2015.
- ↑ "Exposing Israelis to radical feminism". Haaretz.com. 17 June 2014. https://www.haaretz.com/news/features/.premium-1.599472। আহৰণ কৰা হৈছে: 23 March 2015.
- ↑ "Topless protesters, including Seattle woman, crash Donald Trump's Manhattan polling place". 8 November 2016. http://q13fox.com/2016/11/08/topless-protesters-crash-donald-trumps-manhattan-polling-place/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Femen সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- Femen blog
- BlaqSwans.org – an analysis of the Femen movement