ফিলছান আবদি
ফিলছান আব্দুল্লাহী আহমেদ ([1]জন্ম ১৯৯২), ফিলছান আবদি বুলিও কোৱা হয়,[2] ছোমালি অঞ্চলৰ এগৰাকী ইথিঅ'পিয়ান কৰ্মী আৰু ৰাজনীতিবিদ। তেখেতে নাবাদ প্ৰকল্পৰ প্ৰতিষ্ঠাপক, যিটো ছমালি অঞ্চলত, সোমালি আৰু অৰোমো সম্প্ৰদায়ৰ মাজত যোগাযোগ আৰু শান্তিৰ প্ৰসাৰৰ বাবে এটা উপগ্ৰহ টেলিভিছন ষ্টেচন।[2][3]
ফিলছানক ২০২০ চনৰ ১২ মাৰ্চত মহিলা, শিশু আৰু যুৱ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়৷[4] তেওঁ আবি আহমেদৰ মন্ত্ৰীসভাৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি[5] আৰু ফেডাৰেল চৰকাৰৰ পদত নিযুক্তি পোৱা প্ৰথমজন ছোমালি ইথিঅ'পিয়ান।[6] ২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। ২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁ দ্য ৱাশ্বিংটন পোষ্টক জনাইছিল যে তেওঁ আবিয়ে টাইগ্ৰে যুদ্ধ চম্ভালাৰ সম্পৰ্কত পদত্যাগ কৰিছে।[7]
ফিলছান আব্দুল্লাহী আহমেদৰ জন্ম হৈছিল ১৯৯১ বা ১৯৯২ চনত দিৰে দাৱাত। তেওঁৰ পিতৃ-মাতৃ ইথিঅ'পিয়াৰ ছোমালি অঞ্চলৰ ৰাজধানী জিগজিগাৰ পৰা অহা জনগোষ্ঠীয় ছোমালি।[2] ফিলছানৰ মাতৃ এগৰাকী ব্যৱসায়ী আৰু পিতৃ এজন পেট্ৰলিয়াম অভিযন্তা যিয়ে জীৱনৰ বেছিভাগ সময় চৌদি আৰৱত কাম কৰিছিল।[8] ফিলছানে আদিছ আবাবাত অধ্যয়ন কৰি বাস কৰে য'ত তেওঁ ইউনিটি বিশ্ববিদ্যালয়ৰ পৰা নেতৃত্ব আৰু পৰিচালনাৰ ডিগ্ৰী লাভ কৰে৷ ইংলেণ্ডত তেওঁ হাৰ্টফোৰ্ডশ্বাইৰ বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ বিজ্ঞানত ডিগ্ৰী লাভ কৰে।[2] পিছলৈ তেওঁ ইংলেণ্ডত কেইবাবছৰ ধৰি বক্তৃতা আৰু ভাষা চিকিৎসক হিচাপে কাম কৰে।[9]
২০২০ চনৰ আৰম্ভণিতে ফিলছানে ইথিওপিয়াৰ ফেডাৰেল চৰকাৰে দিয়া সদিচ্ছা ৰাষ্ট্ৰদূতৰ মৰ্যাদা লাভ কৰে।[3]
২০২২ চনৰ ২ নৱেম্বৰত দ্য গাৰ্ডিয়ানৰ বাবে লিখা এটা প্ৰবন্ধত ফিলছানে ইথিঅ'পিয়াত শান্তিৰ প্ৰতি তেওঁৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰে আৰু কয় যে চৰকাৰে "সঁচা অৰ্থত শান্তি আৰু মিলনৰ পথ অনুসৰণ কৰিব লাগিব", আৰু যুদ্ধৰ সময়ত যৌন হিংসাৰ সন্দৰ্ভত সকলো পক্ষৰ পৰা জবাবদিহি হ'বলৈ আহ্বান জনায়।[6] তাৰ পিছদিনা প্ৰিট'ৰিয়া চুক্তিৰ বিষয়ে আলোচনা কৰি পিবিএছ নিউহাউৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফিলছানে কয় যে যুদ্ধৰ অন্ত পেলাবলৈ চুক্তিত উপনীত হোৱাটো প্ৰয়োজনীয়, কিন্তু বিশেষকৈ যৌন হিংসা আৰু নিৰ্বিচাৰ আক্ৰমণৰ ক্ষেত্ৰত মানৱ অধিকাৰ উলংঘাৰ বলি হোৱা লোকসকলৰ বাবে "ন্যায় আৰু জবাবদিহিতা বিচৰা"ত জড়িত লোক আৰু গোটসমূহক বাধা দিব নালাগে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Filsan Cabdullaahi Axmed oo iska casishay Golaha Wasiirada Abiy Ahmed" (so ভাষাত). Voice of America. AFP. 27 September 2021. https://www.voasomali.com/a/6247340.html.
- ↑ 2.0 2.1 2.2 2.3 "The Interview: The Nabad Project: In pursuit of healing bitter divisions". Addis Standard. 11 February 2019. https://addisstandard.com/the-interview-the-nabad-project-in-pursuit-of-healing-bitter-divisions.
- ↑ 3.0 3.1 "Goodwill Ambassador Filsan Abdullahi speaks – Youths are the leaders of today". Ethiopian Herald. Ethiopian Press Agency. 6 March 2020. Archived from the original on 9 March 2021. https://archive.today/20210309141315/https://www.press.et/english/?p=19780%23.
- ↑ "House Approves Appointment of 4 Ministers". Ethiopian News Agency. 2020-03-12. https://www.ena.et/en/?p=13185.
- ↑ "H.E Ms. Filsan Abdullahi hosted H.E Mr. Ousmane Dione and his team of Experts in her office.". Ministry of Women, Children and Youth (Ethiopia). 2020. Archived from the original on 31 January 2021. https://archive.today/20210131221949/http://mowcy.gov.et/en/newsfeed/270-h-e-ms-filsan-abdullahi-hosted-h-e-mr-ousmane-dione-and-his-team-of-experts-in-her-office। আহৰণ কৰা হৈছে: 1 February 2021.
- ↑ 6.0 6.1 Filsan Abdi (2 November 2022). "I resigned over war crimes against women and girls in Ethiopia. I want justice" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/global-development/2022/nov/02/i-resigned-over-war-crimes-against-women-and-girls-in-ethiopia-i-want-justice.
- ↑ Bearak, Max (30 December 2021). "She was in Abiy Ahmed's cabinet as war broke out. Now she wants to set the record straight." (en-US ভাষাত). The Washington Post. ISSN 0190-8286. https://www.washingtonpost.com/world/2021/12/30/ethiopia-abiy-tigray-war/.
- ↑ Yared Tsegaye (11 February 2019). "The Interview: The Nabad Project: In pursuit of healing bitter divisions". Addis Standard. https://addisstandard.com/wp-content/uploads/2019/02/The-Interview-with-Filsan-Abdi-.pdf.
- ↑ "Ethiopian Parliament approves youngest minister, Filsan Abdi". Somaliland. 2020-03-12. https://www.somaliland.com/news/featured-news/ethiopian-parliament-approves-youngest-minister-filsan-abdi.
- ↑ Schifrin, Nick; Warsi, Zeba; Aranda, Teresa Cebrian (3 November 2022). "Ethiopian government, Tigrayan rebels reach truce, but enormous challenges remain". PBS NewsHour. https://www.pbs.org/newshour/show/ethiopian-government-tigrayan-rebels-reach-truce-but-enormous-challenges-remain.