সমললৈ যাওক

ফিলিপ এগ্যঁ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফিলিপ এগ্যঁ

২০১৫ চনত বষ্টন বিশ্ববিদ্যালয়ত এগ্যঁ
জন্ম ফিলিপ মাৰিয়' এগ্যঁ
১৭ আগষ্ট, ১৯৫৬ (৭০ বছৰ)
পেৰিছ, ফ্ৰান্স
জনা যায় অন্তৰ্নিহিত বিকাশ তত্ত্ব
সৃষ্টিশীল ধ্বংস
শৈক্ষিক পটভূমি
শিক্ষা École normale supérieure de Cachan (now ENS Paris-Saclay, University of Paris-Saclay)
Paris 1 Panthéon-Sorbonne University (DEA)
Harvard University (PhD)
শৈক্ষিক কৰ্ম
শাখা Innovation
Economic growth
Organisations
Contract theory
বিদ‍্যালয় বা পৰম্পৰা নব্য-চাম্পেটাৰীয়[1]
প্ৰতিষ্ঠানসমুহ Collège de France
INSEAD
London School of Economics
Harvard University
University College London
Nuffield College, Oxford
Massachusetts Institute of Technology
Awards বি বি ভি এ' ফাউণ্ডেচন ফ্ৰণ্টিয়াৰ্ছ অৱ নজেজ বঁটা (২০১৯)
অৰ্থনীতিৰ নোবেল স্মাৰক বঁটা (২০২৫)

ফিলিপ এগ্যঁ (FBA, ফৰাচী: Philippe Mario Aghion French: [filip aɡjɔ̃]) এগৰাকী ফৰাচী অৰ্থনীতিবিদ আৰু কলেজ দে ফ্ৰান্স, ইঞ্চিয়াড, পেৰিছ স্কুল অৱ ইকনমিক্স আৰু লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল চাইন্সৰ অধ্যাপক।[2][3] তেওঁৰ জন্ম ১৯৫৬ চনৰ ১৭ আগষ্টত হৈছিল।[4]

২০০২ৰপৰা ২০১৫লৈ তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ৰবাৰ্ট চি ৱেগনাৰ প্ৰফেচৰ অৱ ইকনমিক্স আছিল। তাৰ আগত তেওঁ ইউনিভাৰ্ছিটি কলেজ লণ্ডনত অধ্যাপক আছিল। নাফিল্ড কলেজ অক্সফ'ৰ্ড আৰু মেচেচুচেটছ ইন্ষ্টিট্যুট অৱ টেকনলজিৰ সৈতেও তেওঁ জড়িত আছিল।[5]

২০২৫ চনত তেওঁ পিটাৰ হৱিটৰ সৈতে অৰ্থনীতিৰ নোবেল বঁটাৰ আধা অংশ লাভ কৰিলে "সৃষ্টিশীল ধ্বংসৰ মাজেৰে অৰ্থব্যৱস্থাৰ দীৰ্ঘজীৱী বিকাশৰ তত্ত্ব"ৰ বাবে।[6]

শৈশৱ আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৫৬ চনত ফিলিপ এগ্যঁৰ জন্ম হৈছিল পেৰিছৰ এটা ইহুদী পৰিয়ালত। এগ্যঁই ইকল নৰ্মাল চুপিৰিয়ৰ দে কাশ্বাঁৰপৰা গণিত শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পেৰিছ ১ পেঁথিয়ঁ-চৰ্বনৰপৰা গাণিতিক অৰ্থনীতিত তেওঁ তৃতীয় চক্ৰৰ ডক্টৰেটো লাভ কৰিছিল। ১৯৮৭ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰপৰা তেওঁ পি এইচ ডি লাভ কৰিছিল।[7]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

এগ্যঁৰ কৰ্ম জীৱনৰ আৰম্ভণি হৈছিল ১৯৮৭ চনত যেতিয়া তেওঁ এম আই টিত যোগদান দিছিল এজন সহকাৰী অধ্যাপক হিচাপে। ১৯৯০ চনত তেওঁক ইউৰোপিয়ান বেংক ফৰ ৰিকনষ্ট্ৰাক্সন এণ্ড ডেভেলপমেণ্টৰ উপ-মুখ্য অৰ্থনীতিবিদ নিযুক্ত কৰা হৈছিল। তাৰ পাছত তেওঁ অক্সফ'ৰ্ডত নাফিল্ডলৈ আৰু তাৰো পাছত ইউনিভাৰ্চিটি কলেজ লণ্ডনলৈ কাম কৰিবলৈ গৈছিল। ২০০২ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰিছিল। তেওঁ তাতেই ২০১৫লৈকে আছিল অধ্যাপক হিচাপে। ২০১৫ চনত তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সত চেণ্টেনিয়েল প্ৰফেচৰ অৱ ইকনমিক্স হিচাপে যোগদান কৰিছিল।[8]

এগ্যঁৰ গৱেষণাৰ মূল বিষয় আছিল অৰ্থনৈতিক বিকাশ, বিশেষকৈ উদ্ভাৱনৰ ভূমিকা। পিটাৰ হৱিটৰ সৈতে তেওঁ জোচেফ শ্বাম্পেটাৰৰ সৃষ্টিশীল ধ্বংসৰ ধাৰণাক বিকশিত কৰিছিল, কেইবাটাও দিশে বিয়পাইছিল আৰু এই ধাৰণাক এক দৃঢ় গাণিতিক প্ৰকাশ প্ৰদান কৰিছিল। তেওঁলোকৰ কাৰ্য এণ্ডজেনাছ গ্ৰৌথ থিয়ৰি (অন্তৰ্নিহিত বিকাশ তত্ত্ব) নামৰ গ্ৰন্থত বুজোৱা হৈছে।

তেওঁ আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সৰ সদস্য।[9] ২০১৭ চনত তেওঁ ইউৰোপিয়ান ইকনমিক এচচিয়েচনৰ সভাপতি আছিল।[10] তেওঁ ২০১৮ চনৰপৰা এনুৱেল ৰিভিউ অৱ ইকনমিক্সৰ সম্পাদক।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Philippe Aghion, Peter Howitt and Joel Mokyr win 2025 Nobel Prize in Economics" (en ভাষাত). 2025-10-13. https://www.lemonde.fr/en/economy/article/2025/10/13/philippe-aghion-peter-howitt-and-joel-mokyr-win-2025-economics-nobel-prize_6746386_19.html.
  2. "Philippe Aghion" (en ভাষাত). The London School of Economics and Political Science. https://www.lse.ac.uk/people/philippe-aghion আহৰণ কৰা হৈছে: 2025-10-13.
  3. "Philippe Aghion". PSE. 16 May 2024. https://www.parisschoolofeconomics.eu/en/people/philippe-aghion/.
  4. "Philippe Aghion". Nobel Prize. https://www.nobelprize.org/prizes/economic-sciences/2025/aghion/facts/.
  5. "Philippe Aghion". scholar.harvard.edu. https://scholar.harvard.edu/files/aghion/files/cv_may2022.pdf আহৰণ কৰা হৈছে: 5 October 2024.
  6. Ahlander, Johan; Allen, Jonathan; Johnson, Simon. "Trio win Nobel economics prize for work on innovation, growth and 'creative destruction'". Reuters. https://www.reuters.com/world/mokyr-aghion-howitt-win-2025-nobel-economics-prize-2025-10-13 আহৰণ কৰা হৈছে: 13 October 2025.
  7. Aghion, Philippe (May 2022). "Curriculum Vitae". https://scholar.harvard.edu/files/aghion/files/cv_may2022.pdf.
  8. "Philippe Aghion" (en ভাষাত). The London School of Economics and Political Science. https://www.lse.ac.uk/people/philippe-aghion আহৰণ কৰা হৈছে: 13 October 2025.
  9. "Eighteen faculty, affiliates named to 2009 class of AAAS Fellows". Harvard Gazette. 20 April 2009. https://news.harvard.edu/gazette/story/2009/04/eighteen-faculty-affiliates-named-to-2009-class-of-aaas-fellows/ আহৰণ কৰা হৈছে: 13 October 2025.
  10. "Past Presidents | EEA". https://www.eeassoc.org/governance/executive-committee/past-presidents.
  11. "Annual Review of Economics, Planning Editorial Committee - Volume 10, 2018". Annual Reviews Directory. https://www.annualreviews.org/db/directory?2018,economics আহৰণ কৰা হৈছে: 15 September 2021.