ফিল্মিস্তান
ফিল্মিস্তান (ইংৰাজী: Filmistan) ভাৰতৰ মুম্বাইৰ গোৰেগাঁৱত অৱস্থিত এটা চলচ্চিত্ৰ ষ্টুডিঅ'। পাঁচ একৰ মাটিত বিস্তৃত, এছ.ভি. ৰোডত পাটকাৰ কলেজৰ ওচৰত অৱস্থিত এই ষ্টুডিঅ'টোৰ সাতখন শ্বুটিং ফ্ল'ৰ আৰু আউটডোৰ লোকেচনত এটা মন্দিৰ আৰু বাগিচা আছে।[1] ষ্টুডিঅ’টোৰ বাবেই পাটকাৰ কলেজৰ সুনাম বাঢ়িছে। পূৰ্বতে ষ্টুডিঅ’টোৱে চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী হিচাপেও কাম কৰিছিল।
ইতিহাস
[সম্পাদনা কৰক]শশধৰ মুখাৰ্জী, ৰায় বাহাদুৰ চুনীলাল (সংগীত পৰিচালক মদন মোহনৰ পিতৃ), অশোক কুমাৰ, আৰু জ্ঞান মুখাৰ্জীয়ে পৰিচালক হিমাংশু ৰায়ৰ মৃত্যুৰ পিছত বম্বে টকীজ (চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী আৰু ষ্টুডিঅ' ১৯৩৪-১৯৫৩) এৰি ১৯৪৩ চনত ফিল্মিস্তান ষ্টুডিঅ' প্ৰতিষ্ঠা কৰে।[2]
১৯৪৮ চনত ফিল্মিস্তানত লেখক হিচাপে যোগদান কৰা নাছিৰ হুছেইনে অনাৰকলি, মুনিমজী, পেয়িং গেষ্ট আদি ছবিৰ চিত্ৰনাট্যকাৰ হিচাপে সফলতা লাভ কৰিছিল। তেওঁ তুমছা নহী দেখা ছবিখনেৰে চলচ্চিত্ৰ পৰিচালনা আৰম্ভ কৰি এজন সফল পৰিচালক হিচাপে পৰিগণিত হয়। ফিল্মিস্তানে ১৯৪০ আৰু ১৯৫০ দশকত বহু কেইখন সফল হিট ছবি নিৰ্মাণ কৰিছিল; যাৰ ভিতৰত আছে শ্বহীদ (১৯৪৮), শ্ববনম (১৯৪৯), সৰগম (১৯৫০), অনাৰকলী (১৯৫৩) আৰু নাগিন (১৯৫৪)। আন উল্লেখযোগ্য ছবিসমূহ হ’ল ১৯৫৬ চনত ফিল্মফেয়াৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা জাগৃতি (১৯৫৪) আৰু লগতে মুনিমজী (১৯৫৫), তুমছা নহী দেখা (১৯৫৭) আৰু পেয়িং গেষ্ট (১৯৫৭)।
কিন্তু ১৯৫৮ চনত মুখাৰ্জীয়ে ফিল্মিস্তান এৰি নিজাকৈ ফিল্মালয় ষ্টুডিঅ' স্থাপন কৰে আৰু লাভ ইন চিমলা (১৯৬০), এক মুছাফিৰ এক হাছিনা (১৯৬২) আদি ছবি নিৰ্মাণ কৰে।[2]
অৱশেষত তোলাৰাম জালানে ১৯৫০ দশকৰ শেষৰ ফালে শশধৰ মুখাৰ্জী আৰু অশোক কুমাৰৰ পৰা ষ্টুডিঅ'টো কিনি লয়।[1]
পিছৰ বছৰবোৰত ষ্টুডিঅ’টোত ছবি প্ৰযোজনাৰ কাম শেষ হৈ যায়। ১৯৬৪ চনত নিৰ্মিত, আৰু নীতিন বসুৰ পৰিচালনাত নিৰ্মিত দুজ কা চান্দ ফিল্মিস্তান ষ্টুডিঅ'ত নিৰ্মাণ শেষ ছবিসমূহৰ ভিতৰত অন্যতম। পিছলৈ ই একমাত্ৰ ষ্টুডিঅ' হিচাপেহে কাম কৰি থাকিল। শেহতীয়া ছবি যেনে ৰা.ৱান (২০১১) আৰু বডিগাৰ্ড (২০১১) তাত শ্বুটিং কৰা হয়।[3] যশ ৰাজ ফিল্মছৰ টেলিভিছন ধাৰাবাহিক খোটে ছিক্কে আৰু নৃত্য ৰিয়েলিটি শ্ব' ঝলক দিখলা জাৰ শ্বুটিঙো তাতেই কৰা হয়।[1]
২০১১ চনত জালানে সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত ষ্টুডিঅ’টো বিক্ৰি কৰিব বুলি ওলোৱা বাতৰি খণ্ডন কৰে।[1][4] ফিল্মিস্তান ষ্টুডিঅ'ৰ বৰ্তমানৰ ষ্টুডিঅ' মেনেজাৰ যশৰাজ পুৰোহিত।[1] শেহতীয়াকৈ ২ ষ্টেটছ (২০১৪) ছবিখনৰ "অফো" গীতটো আংশিকভাৱে ফিল্মিস্তান ষ্টুডিঅ'ত চিত্ৰগ্ৰহণ কৰা হৈছে।[5]
নিৰ্মিত ছবি
[সম্পাদনা কৰক]- চল চল ৰে নজোৱান (১৯৪৪)
- মজদুৰ (১৯৪৫)
- এইট দেইজ (১৯৪৬)
- চিকাৰী (১৯৪৬)
- দো ভাই (১৯৪৭)
- নদীয়া কে পাৰ (১৯৪৮)
- শ্বহীদ (১৯৪৮)
- শবনম (১৯৪৯)
- সৰগম (১৯৫০)
- শাবিস্তান (১৯৫১)
- আনন্দমঠ (১৯৫২)
- আনাৰকলী (১৯৫৩)
- জাগৃতি (১৯৫৪)
- নাগিন (১৯৫৪)
- নাস্তিক (১৯৫৪)
- চৰ্ত (১৯৫৪)
- মুনীমজী (১৯৫৫)
- অৱ হী হায়াট (১৯৫৫)
- ভাৱবত মহিমা (১৯৫৫)
- দুৰ্গেশ নন্দিনী (১৯৫৬)
- হম সব চোৰ হ্যায় (১৯৫৬)
- হীৰ (১৯৫৬)
- তুমছা নহী দেখা (১৯৫৭)
- পেয়িং গেষ্ট (১৯৫৭)
- চম্পাকলী (১৯৫৭)
- হুলাৰে (পাঞ্জাবী, ১৯৫৭)
- মুকলাৰে (পাঞ্জাবী, ১৯৫৭)
- সংস্কাৰ (১৯৫৮)
- সুনতো লো হাছিনা (১৯৫৮)
- খুবসুৰত ধোখা (১৯৫৯)
- মেইনে জীনা শিখ লিয়া (১৯৫৯)
- বাবৰ (১৯৬০)
- দুজ কা চান্দ (১৯৬৪)
- শশী পুন্নু (পাঞ্জাবী, ১৯৬৫)
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Gulzar, p. 593
- ↑ 2.0 2.1 "Filmistan not for sale, says studio owner". The Hindu. 16 February 2011. http://www.thehindu.com/todays-paper/tp-national/filmistan-not-for-sale-says-studio-owner/article1459911.ece। আহৰণ কৰা হৈছে: 2014-04-29.
- ↑ Filmistan at Bollywood Hungama.
- ↑ Desk, News. "Bollywood rues Filmistan's closure". Ticket Please News Desk. Archived from the original on 17 July 2011. https://web.archive.org/web/20110717054045/http://ticketplease.com/review/bollywood_movie/story/Bollywood_rues_Filmistan_s_closure.aspx.
- ↑ "Festival soiree". The Indian Express. 16 April 2014. http://indianexpress.com/article/entertainment/screen/festival-soiree/। আহৰণ কৰা হৈছে: 2014-04-29.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Gulzar; Govind Nihalani; Saibal Chatterjee (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT617.