ফি তাই হং
| শ্ৰেণী | ভূত |
|---|---|
| উপশ্ৰেণী | প্ৰতিশোধপৰায়ণ ভূত, undead |
| সম্পৰ্কীয় জীৱ | তাই থাং ক্লম, ‘তাই থং ক্লম’ |
| লোকগাথা | থাইলেণ্ডৰ পৌৰাণিক আখ্যান |
| দেশ | থাইলেণ্ড |
| স্থান | দক্ষিণ পূব এছিয়া |
ফি তাই হং(Phi Tai Hong) (থাই: ผีตายโหง) হৈছে থাই লোককথাৰ এটা ভূত। ই হৈছে হঠাৎ ভয়ংকৰ বা নিষ্ঠুৰ মৃত্যুৰ সন্মুখীন হোৱা এজন ব্যক্তিৰ প্ৰতিহিংসাপৰায়ণ আৰু অশান্ত আত্মা।
উৎপত্তি
[সম্পাদনা কৰক]ফি তাই হং সাধাৰণতে সেইসকল পুৰুষ বা মহিলাৰ আত্মা যাৰ আকস্মিকভাৱে মৃত্যু হৈছিল আৰু প্ৰায়েই ঠিকমতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাছিল।[1] থাই ৰয়েল ইনষ্টিটিউট ডিকশ্বনাৰী ১৯৯৯ অনুসৰি, তাই হংৰ অৰ্থ হৈছে "অস্বাভাৱিক আৰু হিংসাত্মক মৃত্যু হোৱা, যেনে হত্যা বা পানীত বুৰ যোৱা।" ফি তাই হংৰ অৰ্থ এনে ৰূপত মৃত্যুবৰণ কৰা ব্যক্তিৰ আত্মা।
"হং" (โหง) শব্দটোৰ দুটা মূল ভাগ আছে: "বৃহৎ যন্ত্ৰণা" আৰু "আকস্মিক বা অপ্ৰত্যাশিত অৱস্থা।" ইয়াত দ্বিতীয় অৰ্থটো বেছি গুৰুত্বপূৰ্ণ, কাৰণ ফি তাই হং হোৱা ব্যক্তিসকলে মৃত্যুৰ বাবে নিজকে প্ৰস্তুত কৰিব নোৱাৰিছিল। এই ভূতবোৰ জীৱন কিমান অনিশ্চিত আৰু মৃত্যু কিদৰে আকস্মিকভাৱে আহিব পাৰে, তাৰ প্ৰতীক স্বৰূপ।
সেইবাবে, কেঞ্চাৰ ৰোগীৰ দৰে যিসকলে দীঘলীয়া সময় ধৰি কষ্ট ভোগ কৰে কিন্তু নিজৰ অৱস্থাৰ বিষয়ে অৱগত থাকে, তেওঁলোকক ফি তাই হং বুলি গণ্য কৰা নহয়।[2] ঠিক তেনেকৈ আত্মহত্যাকৰা ব্যক্তি বা মৃত্যুদণ্ড কাৰ্যকৰ কৰা বন্দীসকলো এই শ্ৰেণীত নপৰে, কাৰণ তেওঁলোকৰ মৃত্যু আগতীয়াকৈ অনুমান কৰিব পৰা হৈছিল।
থাই জনশ্ৰুতি অনুসৰি, ফি তাই হং আটাইতকৈ ভয়ংকৰ আৰু আক্ৰমণাত্মক প্ৰেতাত্মা সমূহৰ অন্যতম। আকস্মিক আৰু দুখজনক মৃত্যুৰ ফলত, নিজৰ বাসনা আৰু স্বপ্নসমূহ পূৰণ কৰিব নোৱৰা বাবে ইহঁতৰ আত্মাই আক্ৰোশ আৰু দুখত প্ৰতিশোধপৰায়ণ ভূত হিচাপে আত্মপ্ৰকাশ কৰে।[3]
মৃত্যুৰ প্ৰথম ৭ দিনত আটাইতকৈ সক্ৰিয় থাকে আৰু এই সময়তে প্ৰতিশোধ লোৱাৰ চেষ্টা কৰে। সেইকাৰণে যি ঠাইত ইহঁতৰ মৃত্যু হৈছিল, সেই ঠাইলৈ নাযাবলৈ সকলোকে পৰামৰ্শ দিয়া হয়। ফি তাই হঙে সিহঁতে যিদৰে মৃত্যুবৰণ কৰিছিল, ঠিক সেইদৰে আনকো মাৰিবলৈ চেষ্টা কৰে। এই কাৰণেই ইহঁতক থাই সংস্কৃতিত আটাইতকৈ ভয়ংকৰ প্ৰেতাত্মা হিচাপে গণ্য কৰা হয়।[4]
এই ভূত খেদাটো অতি জটিল আৰু ইয়াৰ বাবে বিশেষ মন্ত্ৰ, গোপন আচাৰ আৰু পূজা-পদ্ধতি পালন কৰা হয়। ভূত খেদোৱাৰ কাহিনীবোৰ থাই সাহিত্য আৰু জনপ্ৰিয় গ্ৰন্থসমূহত বহুল পৰিমাণে উল্লেখ আছে।[5]
‘তাই থাং ক্লম’ (Tai Thang Klom) বা ‘তাই থং ক্লম’ (Tai Thong Klom) নামৰ আন এবিধ ফি তাই হং আছে।[6] এইবোৰ হৈছে গৰ্ভস্থ সন্তানসহ মৃত্যু হোৱা মাতৃৰ প্ৰেতাত্মা।
এই ভূতবোৰ অতি শক্তিশালী বুলি বিশ্বাস কৰা হয়, কিয়নো অজাত শিশুটিয়েও মাতৃৰ সৈতে একেলগে মৃত্যু বৰণ কৰে। ফলত ভূতৰ শক্তি দ্বিগুণ হয়।[7]
থাই সমাজত ফি তাই হং আৰু তাই থাং ক্লমৰ ভয় এতিয়াও গভীৰভাৱে সাঙোৰ খাই আছে, আৰু ই বহুতো ভয়ঙ্কৰ কাহিনী, চলচ্চিত্ৰ, আৰু কুসংস্কাৰক প্ৰভাৱিত কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Spirits
- ↑ Textor, Robert B. (1973). Roster of the gods : an ethnography of the supernatural in a Thai village. Human Relations Area Files. OCLC 643609275.
- ↑ Guelden, Marlane. (2007). Thailand : spirits among us. Guelden, Marlane.. প্ৰকাশক Singapore: Marshall Cavendish Editions. ISBN 9789812610751. OCLC 173273339.
- ↑ Guelden, Marlane. (2007). Thailand : spirits among us. Guelden, Marlane.. প্ৰকাশক Singapore: Marshall Cavendish Editions. ISBN 9789812610751. OCLC 173273339.
- ↑ Phi Tai Hong book
- ↑ Ghosts in Thai Culture
- ↑ ผีตายท้องกลม