সমললৈ যাওক

ফুলকুমাৰী কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফুলকুমাৰী কলিতা

ফুলকুমাৰী কলিতা
জন্ম ১৯৪৯ চন
বৰপেটা
মৃত্যু ২০২০ চন
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
পেচা লোকসংস্কৃতিবিদ, শিক্ষাবিদ, শিল্পী, সাহিত্যিক, সুবক্তা, অভিনেত্ৰী, সমাজ সেৱিকা
দাম্পত্যসঙ্গী নবীন চন্দ্ৰ কলিতা
বঁটা, সন্মান, পুৰস্কাৰ আদি • ৰেবানাথ শৰ্মা বঁটা, ২০০৯
• পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা, ২০১৩
• নাট্যৰত্ন, ২০১৩


ফুলকুমাৰী কলিতা (ইংৰাজী: Phulkumari Kalita; ১৯৪৯– ২০২০) অসমৰ এগৰাকী লোক সংস্কৃতিৰ সংৰক্ষক-গৱেষক-প্ৰসাৰক, সাহিত্যিক, শিক্ষাবিদ, অভিনেত্ৰী, বক্তা তথা সমাজ সেৱিকা।[1] তেওঁ বিদ্যায়তনিক চিন্তা-চৰ্চাৰে লোক-কৃষ্টিৰ অধ্যয়নক অনন্য মাত্ৰা প্ৰদান কৰিছিল। লোক-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে আত্মোৎসৰ্গা কৰি জনসাধাৰণক লোককৃষ্টিৰ সংৰক্ষণ তথা প্ৰচলনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰতো তেওঁ ভূমিকা গ্ৰহণ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৪৯ চনত বৰপেটাৰ কনৰা সত্ৰত ফুলকুমাৰী কলিতাৰ জন্ম হয়। তেওঁৰ পিতৃ স্বৰ্গীয় চন্দ্ৰকান্ত বায়ন আৰু মাতৃ স্বৰ্গীয় প্ৰতিমা বায়ন।[1] শৈশৱতে সত্ৰীয়া পৰিৱেশত পিতৃ-মাতৃ,ককাক-আইতাকৰ পৰা শুনা গীত-পদ, নাম, ঘোষা-কীৰ্ত্তন, বৰগীত-বিয়াগীত আদিয়ে তেওঁৰ মনোজগতত ইয়াৰ অনুকূল প্ৰভাৱ পেলাইছিল। লোকসংস্কৃতিৰ দাপোন গ্ৰন্থৰ পাতনিত এই সম্পৰ্কে তেওঁ লিখছে যে

"পাৰিপাৰ্শ্বিকতা আৰু ঘৰুৱা পৰিৱেশে শৈশৱ কালতে লোক সংস্কৃতিৰ লগত গঢ়ি দিছিল আমাৰ তেজ-মঙহৰ সম্পৰ্ক, আত্মীয়তা আৰু সহৃদয়তা।" এনেবোৰ কাৰকেই তেওঁক পৰৱৰ্তী সময়ত লোককৃষ্টিৰ অধ্যয়ন আৰু গৱেষণাৰ প্ৰতি আকৰ্ষিত কৰিছিল।

বৰপেটাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰা ফুলকুমাৰীয়ে পোন প্ৰথমগৰাকী ছাত্ৰী হিচাপে ১৯৬৯ চনত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰে।[1] ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অসমীয়া বিষয়ৰ সাহিত্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৭১ চনত ফুলকুমাৰী কলিতাই বৰপটাৰোড হাউলী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপিকাৰ পদত যোগদান কৰে।[1] মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী,সাহিত্যিক বেণুধৰ শৰ্মা,লোকসাহিত্যৰ সাধক ৰামচন্দ্ৰ দাস,সাহিত্যৰ সাধক নন্দ তালুকদাৰ আদি ব্যক্তিৰ সান্নিধ্য লাভ কৰে আৰু লোক সংস্কৃতিৰ সম্পদ,সংগ্ৰহ,সংৰক্ষণ আৰু প্ৰচাৰ কাৰ্যৰ প্ৰেৰণা লাভ কৰে। পৰৱৰ্তী সময়ত ইয়াকেই তেওঁ জীৱনৰ ব্ৰত হিচাপে ধাৰণ কৰে।

মহাবিদ্যালয়ৰ শৈক্ষিক-বিদ্যায়তনিক কাম-কাজত ব্ৰতী থকাৰ মাজতে অৱসৰৰ পৰত, বৰপেটা জিলাখনৰ গাওঁ-ভূই, চহৰে-নগৰে ঘূৰি-ফুৰি, অৰঙে-দৰঙে বিচৰণ কৰি লোক সংস্কৃতিৰ বিবিধ সম্ভাৰ সংগ্ৰহ কৰি ফুৰাটো তেওঁৰ এটা নিচা তথা চখ যেনেই হৈ পৰিছিল। গাঁৱে-ভূঞে, চহৰে-নগৰে অনেক বয়সীয়া মহিলাক সাক্ষাৎ কৰি, টেপৰেকৰ্ডাৰটো লগত কঢ়িয়াই লৈ ফুৰি তেওঁলোকৰ মুখৰ পৰা আপুৰুগীয়া গীত-পদ, মাত-কথাবোৰ সুৰসহ সংগ্ৰহ কৰি সংৰক্ষণ কৰি ৰাখি থৈছে। এনেদৰে ক্ৰমান্বয়ে হেৰাই যাব ধৰা বহুতো বিয়াগীত, আইনাম, ধাইনাম, জগন্নাথৰ নাম, তুলসীৰ নাম আদি সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ লগতে তাৰে বহুলাংশ গীত-পদ আদি সংকলন- সম্পাদন কৰি প্ৰকাশ-প্ৰচাৰ কৰিছে।

তেওঁ ১৯৯৯ চনত 'লোক সংস্কৃতি বিকাশ কেন্দ্ৰ' নামৰ এটি অনুষ্ঠানৰ জন্ম দি ইয়াৰ গুৰি- বঠা ধৰি আহিছিল।[1] এই অনুষ্ঠানৰ যোগেদি তেওঁ লোক সাহিত্য, লোক সংস্কৃতিৰ সমলৰ সন্ধান, উদ্ধাৰ, সংৰক্ষণ আৰু প্ৰচাৰ কৰি নতুন প্ৰজন্মক জাতীয় ঐতিহ্যৰ প্ৰতি সজাগ কৰি তোলাৰ লগতে এইবোৰৰ বিজ্ঞানসন্মত চিন্তা-চৰ্চা কৰাৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি কামত নিষ্ঠাসহকাৰে লাগি আছিল; থলুৱা কলা-সংস্কৃতিৰ প্ৰতি নৱ প্ৰজন্মক আকৃষ্ট কৰাৰ নিমিত্তে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছিল। এই কেন্দ্ৰৰ যোগেদি পৰিবেশ্য কলাৰ ৰূপ দিয়া 'মহোহো', 'মাগন গীত' আদিৰ লগতে বিভিন্ন গীত-পদৰ প্ৰতি নৱ প্ৰজন্মৰ অভূতপূৰ্ব সঁহাৰিয়ে তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছিল।

বৰপেটা জিলাৰ কেবাখনো থান, সত্ৰৰ লগতো ফুলকুমাৰী ওতপ্ৰোতভাবে জড়িত আছিল। বিশেষকৈ 'গুৱাগাছা সত্ৰ'ৰ লগত তেওঁ ঘনিষ্ঠ আৰু সক্ৰিয়ভাবে জড়িত আছিল, আনকি সংখ্যালঘু অধ্যুষিত কোনো কোনো অঞ্চলৰ কেবাখনো লুপ্তপ্ৰায় সত্ৰ পুনৰুদ্ধাৰ আৰু উন্নয়নৰ কামতো তেওঁ চিন্তা-চৰ্চা কৰিছিল, কৰ্ম আঁচনি গ্ৰহণ কৰিছিল।

১৯৮৫ চনত ফুলকুমাৰীৰ উদ্যম আৰু নেতৃত্বত কিছুসংখ্যক উদ্যমী মহিলাৰ সহযোগত বৰপেটাৰোডত প্ৰতিষ্ঠিত হৈছিল 'অবগুণ্ঠিতা শিল্পী সমাজ'।[1] এই অনুষ্ঠানৰ যোগেদি বৰপেটা জিলা ভিত্তিত আয়োজন কৰা হৈছিল মহিলাৰ গীত- মাত প্ৰতিযোগিতা। থলুৱা ভাষাৰ গীতে প্ৰতিযোগী সকলৰ লগতে সমূহ দৰ্শক-ৰাইজক আকৰ্ষণ কৰা কাৰ্য্যই থলুৱা গীত-মাত উদ্ধাৰৰ আগ্ৰহ তেওঁৰ মনত প্ৰবল কৰি তোলে আৰু উৎসাহী ছাত্ৰ-ছাত্ৰী কিছু সংখ্যকক লগত লৈ সদল বলে গৈ বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা গীত-পদ সংগ্ৰহৰ কামত পূৰ্ণোদ্যমে লাগে। তেওঁৰ আৰ্হিত উদ্বুদ্ধ হৈ আৰু উৎসাহত উৎসাহিত হৈ বৰপেটা জিলাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে থলুৱা গীত-মাতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল।

'অৱগুণ্ঠিতা' শিল্পী সমাজে সমাজ, সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰত বিবিধ উল্লেখযোগ্য কাম সম্পাদিত কৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ, দূৰদৰ্শন কেন্দ্ৰ আদিত অনুষ্ঠান পৰিবেশন কৰাৰ লগতে পোন পহিলাবাৰৰ বাবে বৰপেটা জিলাত কেৱল মহিলা সকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি মহিলা সমাজত এটি জাগৰণ আনিবলৈ সক্ষম হৈছিল। অবগুণ্ঠিতা শিল্পী সমাজৰ দ্বাৰা প্ৰকাশিত 'অৱগুণ্ঠিতা' নামৰ আলোচনীখনিয়ে বৰপেটা জিলাৰ মহিলাৰ আলোচনীৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লৈছিল। ফুলকুমাৰীৰ সম্পাদনাত, 'অৱগুণ্ঠিতা শিল্পী সমাজ'ৰ দ্বাৰা প্ৰকাশিত প্ৰথম প্ৰবন্ধ-নিৱন্ধ সংগ্ৰহ 'লোক কৃষ্টি আৰু নাৰী'।

এনেদৰে একক প্ৰচেষ্টাৰ বাহিৰেও সামুহিক ভাবেও তেওঁ হেৰাই যাবলৈ ধৰা লোক সাংস্কৃতিক সম্পদ-সম্ভাৰ উদ্ধাৰ- সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰত আত্মনিয়োগ কৰিছিল। নিজ বাসভৱন সংলগ্ন এটি কোঠাত সংগ্ৰহালয় এটি স্থাপন কৰি সংগৃহীত সমল সমূহ সৰংক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছিল। তেওঁৰ অধ্যয়ন, অনুসন্ধান, গৱেষণাৰ ফলশ্ৰুতি আৰু সংগৃহীত বিবিধ তথ্য আৰু সমলৰ আধাৰত লোক সাহিত্য আৰু লোক সংস্কৃতি বিষয়ক বিভিন্ন প্ৰবন্ধ-নিবন্ধও লেখি কাকত-পত্ৰ মুখপত্ৰ আলোচনীত প্ৰকাশ কৰিছিল।[1]

ইয়াৰোপৰি লোক সংস্কৃতি বিকাশ কেন্দ্ৰ, জিলা প্ৰাপ্তবয়স্ক শিক্ষা সমিতি, বৰপেটাৰোড সৰ্বজনীন ৰঙালী বিহু সম্মিলন, সদৌ অসম লেখিকা সমিতিৰ বৰপেটা জিলা সমিতি, সত্ৰ পুনৰুদ্ধাৰ সমিতি, বৰপেটাৰোড সৰ্বজনীন ৰাস মহোৎসৱ, সদৌ অসম নাট্য সম্মিলনৰ বৰপেটাৰোড অধিবেশন (২০০১), বৰপেটাৰোড ৰবীন্দ্ৰ জয়ন্তী উদ্যাপন সমিতি, বৰপেটাৰোড মহিলা সমাজ, বৰপেটাৰোড সাহিত্য সভা, বৰপেটা জিলা সত্ৰ সংৰক্ষণ সমিতি, বৰপেটা জিলা সত্ৰ মহাসভা, গুৱাগাছা সত্ৰ, পোৰাভৰাঁল সত্ৰ, মইনবড়ি সত্ৰ, কালঝাৰ সত্ৰ, মদনমোহন গোঁসাই থান, অসম সাহিত্য সভা, সদৌ অসম মইনা পাৰিজাত, অসম জনকৃষ্টি সমাজ, সদৌ অসম লেখিকা সমাৰোহ সমিতি, বৰপেটা জিলা সমাজ কল্যাণ সমিতি, বৰপেটা জিলা আইন সাহায্য সমিতি, গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ নাৰী উন্নয়ন সমিতি, বৰপেটাৰোড থানাৰ অন্তৰ্গত নাৰী সবলীকৰণ সমিতি, বৰপেটাৰোড শঙ্কৰ-জ্যোতি চেমনীয়া চ'ৰা, বৰপেটাৰোড বৰদৈচিলা বিহুৱা দল, জয়ন্ত হাজৰিকা সংঘ, মানাস দৰ্পণ পত্ৰিকা, বৈঠক সাহিত্য- সাংস্কৃতিক মঞ্চ, বৰপেটা জিলা নাট্য সম্মিলন, কামৰূপ সাহিত্য পৰিষদ, অসম সাংস্কৃতিক মহাসভাকে আদি কৰি অলেখ সৰু-বৰ, জীৱিত-অধুনালুপ্ত অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেখেত জড়িত হৈ আছিল। অধ্যয়ন, অধ্যাপনা, অভিনয়, সংস্কৃতি চৰ্চাৰ উপৰিও ফুলকুমাৰী কলিতাই এই অনুষ্ঠান সমূহলৈ বিশেষ অৰিহণা আগবঢ়াইছে।[1]

সাহিত্যকৰ্মৰ বিৱৰণ

[সম্পাদনা কৰক]

ফুলকুমাৰী কলিতাই প্ৰধানতঃ লোকসংস্কৃতি সম্পৰ্কীয় ভালেমান গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰিছিল। সেইসমূহ তলত বিশদভাৱে উল্লেখ কৰা হ'ল--

আয়তীৰ উৰুলি (১৯৯২, ২০১৩)
ফুলকুমাৰী কলিতাই সংগ্ৰহ, সংকলন আৰু সম্পাদনা কৰি ১৯৯২ চনত প্ৰকাশ কৰি উলিওৱা 'আয়তীৰ উৰুলি' লোক সাহিত্যিক আৰু লোক সাংগীতিক-সাংস্কৃতিক দিশৰ পৰা এখন আপুৰুগীয়া গ্ৰন্থ। ইয়াত সুৱাগৰ ধান বন্ধা গীত, সান্দহ খুন্দা গীত, তেলৰ ভাৰ দিবলৈ যোৱা গীত, তেলৰ ভাৰ দি উভতি আহোঁতে গোৱা গীত, পানী তোলা গীত, পানী কটা গীত, নান্দীমুখ শ্ৰাদ্ধৰ গীত, টিকধৰা গীত, পিণ্ড সনা গীত, কইনাক গা ধুওৱা গীত, সুবাগ তোলা, সুৱাগ জাৰা গীত, দৰা সোমোৱা আৰু বিবাহ যাত্ৰাৰ গীত, দৰা বৰি নিয়া গীত, হোম পতা গীত, পৰোহিতক খিচা গীত প্ৰমুখ্যে শুভ বিবাহৰ বিভিন্ন ক্ৰম আৰু পৰ্য্যায়ৰ লগত সংগতি ৰাখি ৰচা আৰু গোৱা গীত সঙ্কলিত হোৱাৰ উপৰিও বৰশী বোৱা গীত, ধুৱেনীৰ (তোলনী বিয়াৰ) গীত, বাট বুলনিৰ গীত, তুলসীৰ গীত, তুলসীৰ নাম, উপনয়নৰ গীত, আইনাম, পাঁচতিৰ নাম, দৌলৰ গীত, পুহন বিয়া বা জেউৰাৰ নাম আৰু গীত, সাতশাক তোলা গীত, জগন্নাথৰ নাম আদি সন্নিবিষ্ট হৈছে। আৱশ্যকানুযায়ী অধুনা অপ্ৰচলিত কিন্তু বিগত সময়ত লোক সমাজত প্ৰচলিত অৰ্থবহ শব্দ, প্ৰকাশভঙ্গী আৰু ৰীতি-পদ্ধতি সম্পৰ্কে টোকা ব্যাখ্যা দিয়াত পুথিখনৰ ব্যৱহাৰৰ উপযোগিতা আৰু গুৰুত্ব বাঢ়িছে।
লোক কৃষ্টি আৰু নাৰী (প্ৰথম খণ্ড)
ইতিপূৰ্বে উল্লেখ কৰা দৰেই ফুলকুমাৰী কলিতাই সম্পাদনা কৰা এই গ্ৰন্থখনত (১৯৯৩) বিভিন্নজন পুৰুষ-নাৰীয়ে লিখা সৰ্বমুঠ একৈশটি নাৰীকেন্দ্ৰিক লোককৃষ্টি বিষয়ক প্ৰবন্ধই-নিৱন্ধই ঠাই পাইছে। ন-কইনাৰ স্বামী গৃহত প্ৰৱেশৰ পৰা আৰম্ভ কৰি বিবাহত আয়তীৰ ভূমিকালৈকে বিবিধ বিষয়ত বিভিন্নজনে আলোকপাত কৰিছে। বিগত সময়ৰ আমাৰ সমাজ জীৱনৰ আচাৰ-অনুষ্ঠান, মাত-বচন, ৰীতি-নীতি ইত্যাদি প্ৰতিফলিত কৰা এনেবোৰ আলোচনা-বিলোচনা নিশ্চয় সমাজ বিজ্ঞানী সকলৰ নিমিত্তে সহায়ক হোৱাৰ লগতে গৱেষক সকলৰ বাবেও বিশেষভাৱে কামত লগা হ'ব।
লোক সংস্কৃতিৰ দাপোন (২০০০)
লোক সংস্কৃতি বিষয়ক কেইটিমান মূল্যবান প্ৰবন্ধৰ লগতে আন দুটিমান প্ৰবন্ধৰ সমষ্টি হ'ল এই গ্ৰন্থখন। প্ৰবন্ধ কেইটিৰ মাজেদি লেখিকাৰ লোক সংস্কৃতি বিষয়ক আৰু অন্যান্য সংশ্লিষ্ট বিষয়ক অধ্যয়ন-অনুসন্ধান, চিন্তা-চৰ্চা সুন্দৰকৈ প্ৰতিফলিত হৈছে। 'লোক সংস্কৃতি অধ্যয়ন: এটি দৃষ্টিপাত' শীৰ্ষক নিবন্ধটোত লোক সংস্কৃতি সম্পৰ্কে থোৰতে আলোকপাত কৰিছে। নিবন্ধটোৰ প্ৰথম বাক্যটিৰ যোগেদিয়ে লোক সংস্কৃতিৰ উদ্দেশ্য-বিধেয় সকলো কথাই সামৰি ল'ব পাৰিছেঃ "লোক সংস্কৃতি জাতিৰ পৰিচয় পত্ৰ, জনজীৱনৰ চিন্তা আৰু কৰ্মৰ অভিব্যক্তি।” কম কথাতে বহু ভাব প্ৰকাশৰ ক্ষমতা ফুলকুমাৰীৰ ৰচনাত পৰিস্ফুট হয়। "অসম, বঙ্গদেশৰ বিবাহ আৰু লোকাচাৰ” শীৰ্ষক প্ৰবন্ধটোত অসম-বঙ্গৰ বিবাহ আৰু লোকাচাৰৰ তুলনামূলক বিচাৰ বিশ্লেষণ দাঙি ধৰিছে। "বৰপেটাৰ গালি-শপনি: ফকৰা-যোজনাত ইয়াৰ প্ৰভাব” শীৰ্ষক প্ৰবন্ধটো লেখিকাৰ সাহসিকতাৰ নিদৰ্শন; বৰপেটাৰ লোক-সমাজত প্ৰচলিত গালি-শপনি সমূহ সংগ্ৰহ কৰি, প্ৰকাশ কৰি সেইবোৰজন সমাজক জনাই দিছে মুক্তভাবে। বৰপেটা ভকত পাৰাৰ এগৰাকী আই মাতৃয়ে লেখিকাৰ আগত এনেদৰে ব্যক্ত কৰিছিল: "... পেটৰ জ্বালাত গালি অলায়।” কথাষাৰ অৰ্থবহ। লেখিকাই এই কথাষাৰো যোগ দিছেঃ "অৱশ্যে কথাই কথাই 'মইনা মাত' নামাতিলে বহুতৰে আকৌ গা জুৰ নপৰে।” লেখিকাৰ দৃষ্টিভঙ্গী স্পষ্ট হৈছে এই উক্তিষাৰৰ মাজেদি:

".... লোক সংস্কৃতি অধ্যয়নৰ উত্তম আহিলা এই গালি শপনি, অবাইচ মাত কথাবোৰ উদ্ধাৰ কৰিব পাৰিলে শাপমুক্ত হ'ব বহুতো সমাজতান্ত্ৰিক তথ্য।”

এই দৃষ্টিভঙ্গী আগত ৰাখিয়েই, ফুলকুমাৰীয়ে সমাজতান্ত্ৰিক তথ্য শাপমুক্ত কৰাৰ আশা বুকুত বান্ধিয়েই ফুলকুমাৰীয়ে "লোক সংস্কৃতিত গালি-শপনি" নামৰ স্বয়ং সম্পূৰ্ণ গ্ৰন্থ এখন ৰচনা কৰি প্ৰকাশ কৰিছিল ২০০৯ চনত।

লোক সাহিত্যাৰ ৰহঘৰা ফকৰা-যোজনা (২০০৩/২০১২)
P.R.T Gordon চাহাবে ১৮৯৫ চনত ৩০১টা ফকৰা-যোজনা সংগ্ৰহ আৰু প্ৰকাশ কৰি যি অভিযানৰ সূচনা কৰিছিল সেই অভিযান অব্যাহত ৰাখি ফুলকুমাৰীয়েও "লোক সাহিত্যৰ ৰহঘৰা ফকৰা-যোজনা” প্ৰস্তুত কৰি উলিয়াইছিল। ২০০৩ চনত প্ৰথম সংস্কৰণ আৰু ২০১২ চনত শ্ৰীবিপুল খাটনিয়াৰৰ দ্বাৰা সম্পাদিত ৰূপত দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছিল। বৰপেটাক কেন্দ্ৰ কৰি এটা বিস্তৃত অঞ্চলত তেওঁৰ অনুগত আৰু এই বিষয়ত অনুসন্ধিৎসু এদল ছাত্ৰ-ছাত্ৰীক লগত লৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন-অনুসন্ধান কৰি এই গ্ৰন্থৰ সমল যোগাৰ কৰিছিল। উল্লেখযোগ্য যে আশীৰ দশকতে তেওঁ নামনি অসমৰ, বিশেষকৈ বৰপেটা অঞ্চলৰ গাওঁ সমূহত দলে-বলে সোমাই গৈ পুৰণি গীত-পদ, ফকৰা-যোজনা আদি সংগ্ৰহ কৰিছিল। এইবোৰৰ সংগ্ৰহ-সংৰক্ষণৰ আৱশ্যকতা নিবেদন কৰি গোহাৰি-পত্ৰ বিতৰণ কৰিছিল। এই পুথিখনত বৰপেটা অঞ্চলত ক্ষেত্ৰ অধ্যয়ন কালত বুটলি অনা ফকৰা-যোজনাবোৰেহে অধিক ঠাই দখল কৰিছে। এই সংকলনত সৰ্বমুঠ তিনি হাজাৰ দুশ এটা ফকৰা-যোজনা অন্তৰ্ভুক্ত হৈছে। ফকৰা-যোজনা সমূহ বিভিন্ন অধ্যায়ত বিভক্ত কৰি বিষয়বস্তু ভেদে পদ্ধতিমূলক ভাবে সজাই-পৰাই পৰিবেশন কৰাত সৰ্বসাধাৰণ পাঠক আৰু গবেষক সকলৰ কাৰণেও সুবিধাজনক হৈছে। নক'লেও হ'ব যে গবেষক তথা সমাজতাত্ত্বিক পণ্ডিত সকলৰ নিমিত্তে ই এখন কামত অহা পুথি। সৰ্বসাধাৰণে পঢ়িও ৰস পাব পৰা পুথি।
গুৱাগাছা সত্ৰৰ চমু আভাস (১৯৯৬)
লোক সংস্কৃতিৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰতিও আবাল্য আকৰ্ষিত ফুলকুমাৰীয়ে, থান-সত্ৰ সমূহৰ লগতো সঘন যোগাযোগ ৰক্ষা কৰি, বিশেষকৈ অবহেলিত, পাহৰণিৰ গৰ্ভত বিলুপ্ত হৈ যাব ধৰা থান-সত্ৰ সমূহৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কলম হাতত তুলি লৈছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ প্ৰতিষ্ঠিত, শঙ্কৰী কলা-কৃষ্টিৰ এসময়ৰ প্ৰশিক্ষণ কেন্দ্ৰ স্বৰূপ গুৱাগাছা সত্ৰৰ বিষয়ে আলোকপাত কৰি লেখিছিল "গুৱাগাছা সত্ৰৰ চমু আভাস” (১৯৯৬) নামৰ সৰু পুথি এখন। আকাৰত সৰু হ'লেও সত্ৰখনৰ চমু ইতিবৃত্ত দাঙি ধৰাৰ লগতে গুৱাগাছা অঞ্চলৰ সামাজিক, সাংস্কৃতিক পৰম্পৰা আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰো আভাস ইয়াত দিছে। তদুপৰি পুথিখনিত সেই অঞ্চলৰ গীত-মাত, বোলবোলনিৰ বচন, থানৰ বাতৰি, বিবেকৰ গীত, চোক্ৰাৰ গীত, ধেমেলীয়া গীত, গান্ধীৰ গীত সন্নিৱিষ্ট কৰাত ইয়াৰ মূল্য মান বৃদ্ধি পাইছে।
লোক সংস্কৃতিৰ সুবাস (২০১৩)
নামৰ গ্ৰন্থখনত একৈশটি প্ৰবন্ধ-নিৱন্ধ সন্নিবিষ্ট হৈছে। গ্ৰন্থখনে "নামনি অসমৰ মহোহো উৎসৱ”, “ফকৰা-যোজনা, প্ৰবাদ-প্ৰবচনত অসম আৰু বঙ্গদেশৰ পাৰিবাৰিক সম্পৰ্ক”, “লোক সাহিত্যত আইতাৰ স্থান”, “সাঁথৰ আৰু ধাঁধা : এটি তুলনাত্মক আলোচনা”, “বিহঙ্গম দৃষ্টিত অসম আৰু মণিপুৰৰ ৰাস মহোৎসৱ”, “জেঠত জেউঠা খোৱা”, “বৰপেটাৰ বিহৈজা” ইত্যাদি ৰচনা সামৰিছে। অধ্যয়ন-অনুসন্ধান-অনুধাৱনৰ ছাপ সম্বলিত লেখা সমূহত বচন-প্ৰবচন, ফকৰা-যোজনা-পটন্তৰৰ খাপ খোৱা উদ্ধৃতিয়ে সোণত সুৱগা চৰাইছে।
আমাৰ সত্ৰ আমাৰ ঐতিহ্য (২০১৩)
ফুলকুমাৰী কলিতাৰ এখন মূল্যবান গ্ৰন্থ। মূল্যবান এই কাৰণে ই যে অসমৰ বৃহত্তৰজন সমাজে অৱগত নোহোৱা, বহু সময়ত অবহেলিত হৈ ৰোৱা ভালেসংখ্যক সৰু-বৰ থান-সত্ৰৰ বিষয়ে তেওঁ ক্ষেত্ৰভিত্তিক অধ্যয়ন-অনুসন্ধান কৰি সমল-তথ্য সংগ্ৰহ কৰি লেখি উলিয়াইছে এই পুথিখন। গুৱাগাছা, কলবাৰী, কালঝাৰ, মৈৰামাৰা, ন- মাটি/বৰগোলা, জনীয়া, অকয়া, বাৰাদি, জাৰাবাৰী, বেতবাৰী, ধূপৰগুৰি, ৰামপুৰ, দলগোমা, ভাটৌকুচীয়া, ঠাকুৰপাৰা, কমলপুৰ, বেলগুৰি, ময়নবড়ি, প্ৰভৃতি জ্ঞাত-অজ্ঞাত, জনা-শুনা, অচিন-অজান ভালে সংখ্যক থান-সত্ৰৰ বিষয়ে আলোকপাত কৰিছে এই পুথিত। তদুপৰি ইয়াত “হাউলীৰ সত্ৰ, নামঘৰ আৰু সাংস্কৃতিক ঐতিহ্য”, “জগন্নাথ পুৰীৰ বিগ্ৰহৰ ৰহস্য”, “শাস্ত্ৰীয় আৰু লোক বিশ্বাসৰ আধাৰত মহাপ্ৰভু জগন্নাথ”, “থানৰ বাতৰি সোধা পৰম্পৰা”, “আই কনকলতা আৰু বৰদোৱা থান”, “বলাই মাতৃ আই সুমতি”, “অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়া আৰু তেৰাৰ দুটি কবিতা” প্ৰভৃতি ভালেকেইটি নিবন্ধও অন্তৰ্ভুক্ত হোৱাত পুথিখনৰ আয়তন বৃদ্ধিপ্ৰাপ্ত হৈছে।
সখী ঐ সখী (১৯৯২)
লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতি সম্বন্ধে অনুসন্ধান-অৱলোকন-গৱেষণা আৰু লেখা-মেলা কৰা ফুলকুমাৰী কলিতাই কিন্তু গ্ৰন্থকাৰৰূপে আত্মপ্ৰকাশ কৰিছিল ১৯৯২ চনৰ ১৮ জানুৱাৰী তাৰিখে - “সখী ঐ সখী” নামৰ পুথিখনেৰে। বাৰটি স্বৰচিত শিশু কবিতাৰ সংকলন এই পুথিখন। পুথিখনৰ পাতনিত উল্লেখ কৰাৰ দৰে ফুলকুমাৰীয়ে সুদীৰ্ঘ পোন্ধৰ বছৰ বৰপেটাৰোড মইনা পাৰিজাতৰ জৰিয়তে বৰপেটা জিলাৰ, আনকি সদৌ অসমৰ মইনা সকলৰ মাজত 'বাইদেউ' হৈ সোমাই মইনা সকলৰ মাজত আত্মীয়তা গঢ়ি তোলাৰ সুযোগ পাইছিল। সেই মইনা সকলৰ তাড়না-প্ৰেৰণাতে তেওঁ 'সখী ঐ সখী' ত সন্নিবিষ্ট কবিতাকেইটি লিখিছিল। এই মইনা সকলৰ উদ্দেশ্যে তেওঁ গীত, গীতি-নৃত্য নাটিকা, সৰু সৰু একাঙ্কিকা নাট আদিও লিখিছিল।[1]

সম্প্ৰতি, ড° হেমন্ত ডেকা আৰু ড° কমল নাৰায়ণ পাটোৱাৰীৰ সম্পাদনাত নলবাৰীৰ নিউ ডিজিটেল কম্পিউটাৰে ফুলকুমাৰী কলিতাৰ ৰচনাৰ একত্ৰ সংকলন ফুলকুমাৰী কলিতাৰ ৰচনা সম্ভাৰ নামেৰে প্ৰকাশ কৰি উলিয়াইছে।

বঁটা-সন্মান

[সম্পাদনা কৰক]
  • লোক সংস্কৃতিৰ দাপোন' (২০০০) শীৰ্ষক গ্ৰন্থৰ বাবে প্ৰদান কৰা গুৱাহাটী সাহিত্য কাননৰ 'ৰেবানাথ শৰ্মা বঁটা
  • ২০০৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰদত্ত 'পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা
  • ২০১৩ চনত অসম নাট্য সম্মিলনৰ বৰপেটা শাখাৰ দ্বাৰা 'নাট্যৰত্ন' উপাধি'।[1]
  • ২০১৯ চনত জীৱন্ত অৱস্থাতে বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড আঞ্চলিক ছাত্ৰ-সন্থাৰ উদ্যোগত তেওঁৰ সন্মানাৰ্থে এটি পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হয়।[2]

২০১৪ চনত ফুলকুমাৰী কলিতা আলঝেইমাৰ ৰোগত আক্ৰান্ত হয় আৰু তেওঁৰ স্মৃতিশক্তি ক্ৰমাৎ লোপ পাবলৈ লয়। অৱশেষত, ২০২০ চনৰ ৩০ আগষ্ট তাৰিখে ডিগবৈত তেওঁৰ দেহাৱসান ঘটে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 ডেকা হেমন্ত, কমল নয়ন পাটোৱাৰী, ed (২০১৭). ফুলকুমাৰী কলিতাৰ ৰচনা সম্ভাৰ. প্ৰকাশক নলবাৰী: নিউ ডিজিটেল কম্পিউটাৰ. 
  2. "জীয়াই থকা মহীয়সী বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন বাৰতী ৰোডত". ETV Bharat. 2019-10-04. https://www.etvbharat.com/amp/assamese/assam/state/barpeta/statue-of-a-living-laureate-inaugurated-in-barpeta-road/assam20191004184620489। আহৰণ কৰা হৈছে: 2025-05-13. 
  3. "Folk cultural researcher Phula Kumari Kalita passes away". Northeast Now. 2024-05-09. https://assam.nenow.in/folk-cultural-researcher-phula-kumari-kalita-pass-away/। আহৰণ কৰা হৈছে: 2025-05-13.