সমললৈ যাওক

ফুলন দেৱী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফুলন দেৱী
পৰিচালক অশোক ৰায়
প্ৰযোজক ৰাজীৱ কৌল
অভিনয়ত ৰীতা ভাদুৰী
সুৰেশ অ’বেৰয়
জয় মুখাৰ্জী
গোগা কাপুৰ
প্ৰেম নাৰায়ণ
সংগীত পৰিচালক ৰবীন্দ্ৰ জৈন
মুক্তি
১৯৮৫ (1985)
দেশ ভাৰতীয়
ভাষা বঙালী

ফুলন দেৱী (ইংৰাজী: Phoolan Devi) ১৯৮৫ চনত মুক্তি পোৱা, অশোক ৰায় পৰিচালিত আৰু ৰাজীৱ কৌল প্ৰযোজিত এখন বঙালী একচন ছবি।[1][2] এই ছবিখনত ভাৰতীয় ডকাইত আৰু পিছলৈ ৰাজনীতিবিদ হোৱা ফুলন দেৱীৰ জীৱনৰ ওপৰত শিথিলভাৱে আধাৰিত আছিল। ছবিখন হিন্দী ভাষাত কাহানী ফুলৱতী কী নামেৰে মুক্তি পাইছিল।[3] বলীউডী চলচ্চিচত্ৰৰ জনপ্ৰিয় নায়ক জয় মুখাৰ্জীয়ে মূল প্ৰতিপক্ষী চৰিত্ৰত অভিনয় কৰিছিল।[4]

কিশোৰী ফুলনক পিতৃ-মাতৃয়ে পুটিলাল নামৰ এজন বয়সীয়া মানুহলৈ বিয়া দিয়ে। পুটিলালৰ আনগৰাকী পত্নীয়ে ফুলনক অত্যাচাৰ কৰে। এদিন ফুলনে ঠাকুৰ ভাতৃসকলৰ হাতত অত্যাচাৰৰ সন্মুখীন হৈ ডকাইতলৈ ৰূপান্তৰিত হোৱা ঘনিষ্ঠ বন্ধু মীনাক লগ পায়। ঠাকুৰৰ বিশ্বাসৰ পাত্ৰ বিক্ৰম মাল্লা তেওঁলোকৰ এনে অমানৱীয় কাৰ্যকলাপৰ প্ৰতিবাদ কৰে।

যেতিয়া ঠাকুৰ ভাতৃসকলে ফুলনক আক্ৰমণ কৰে, বিক্ৰমে তেওঁলোকক বাধা দিয়ে আৰু বলপূৰ্বক ঠাকুৰৰ গেঙৰ নেতৃত্ব লয়। তাৰ পিছত তেওঁ ফুলনক বিয়া কৰায়। ঠাকুৰ ভাতৃসকলে বিক্ৰমক হত্যা কৰি ইয়াৰ প্ৰতিশোধ লয় আৰু ফুলনক ধৰ্ষণ কৰে। তেওঁলোকে নিৰ্দয়ভাৱে ফুলনক আবদ্ধ কৰি ৰাখে আৰু গোটেই দিনটো গাঁৱৰ কিছু সংখ্যক লোকেহে দলবদ্ধ ধৰ্ষণ কৰে। তেওঁলোকৰ হাতৰ পৰা পলায়ন কৰি ফুলনে নিজৰ গেং তৈয়াৰ কৰি ডকাইতৰ নেতা হৈ পৰে।

  1. "Phoolan Devi (1985) Cast - Actor, Actress, Director, Producer, Music Director". Cinestaan. https://www.cinestaan.com/movies/phoolan-devi-35391/cast-crew আহৰণ কৰা হৈছে: 2021-03-08.
  2. Meheli Sen, Anustup Basu (21 October 2013). Figurations in Indian Film. Springer. ISBN 9781137349781. https://books.google.com/books?id=gadEAgAAQBAJ&q=phoolan+devi+1985&pg=PA23 আহৰণ কৰা হৈছে: 15 July 2017.
  3. "Phoolan Devi (1985)". movies.sulekha.com. Archived from the original on 16 May 2018. https://web.archive.org/web/20180516194507/http://movies.sulekha.com/phoolan-devi-1985-hindi-movie আহৰণ কৰা হৈছে: 15 July 2017.
  4. Harris M. Lentz III (19 April 2013). Obituaries in the Performing Arts, 2012. McFarland, Incorporated, Publishers. ISBN 9781476603858. https://books.google.com/books?id=LO3ymSmVrlMC&q=phoolan+devi+1985&pg=PA209 আহৰণ কৰা হৈছে: 15 July 2017.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]