সমললৈ যাওক

ফেং প' প'

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফেং প’ প’ হৈছে চীনা ধৰ্ম-গল্পত বতাহৰ দেৱী। তেওঁ ধুমুহা আৰু আৰ্দ্ৰতাৰ ওপৰত নিয়ন্ত্ৰণ কৰে।[1] তেওঁক সাধাৰণতে "মহিলা বতাহ" বুলি কোৱা হয় আৰু জীৰ্ণ-শীৰ্ণ, বয়স্কা আৰু ক্ৰোণা ৰূপত দৰ্শন কৰা হয়। ফেং প’ প’ সাধাৰণতে বতাহৰ মাজেৰে এটি বাঘৰ পিঠিত আৰূঢ় হৈ যাত্ৰা কৰা অৱস্থাত দৰ্শিত হয়, যিয়ে সাহস আৰু বীৰত্বৰ প্ৰতীক হিচাপে গণ্য হয় আৰু চীন ধৰ্ম-গল্পত তেওঁৰ গুৰুত্ব সূচিত কৰে।[2][3] বাঘটো শৰৎ ঋতুৰো প্ৰতীক, যিয়ে বয়সৰ ক্ৰোণা অৱস্থাৰ লগত জড়িত আৰু ফলত দেৱীগৰাকীৰ সৈতে সংযুক্ত।

ফেং প’ প’ সাধাৰণতে ফেং বো (বতাহৰ পুৰুষ দেৱতা)ৰ ঠাইত বিবেচিত হয়। কিছুমান কাহিনীত তেওঁ ফেই লিয়ানক পৰিৱৰ্তন কৰে, আৰু কিছুমান কাহিনীত তেওঁ লেইজিৰ বিবাহৰ সময়ত বজ্ৰ দেৱতাৰ কাৰ্য্যবোৰ পৰিচালনা কৰে।[4]

ফেং প’ প’ নিজৰ কোলাত বতাহৰ এটা থলি লৈ বাঘৰ পিঠিত আৰূঢ় হয়। শান্ত দিনত তেওঁ বতাহবোৰ থলিৰ ভিতৰত ৰাখে, কিন্তু যেতিয়া তেওঁৰ মনোবৃত্তি বেয়া হয় বা থলিটো অতিপূৰ্ণ হয়, তেতিয়া তেওঁ সংগ্ৰহীত বতাহবোৰ মুকলি কৰি তীব্ৰ ধুমুহা সৃষ্টি কৰে।[5]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]
  • Marvel Comics-ত ফেং প’ প’ৰ নামত এক সুপাৰহিৰ’ সৃষ্টি কৰা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Feng Po-po, Chinese Goddess of Wind". Goddess A Day. 2009-01-15. http://www.goddessaday.com/southeast-asian/feng-po-po। আহৰণ কৰা হৈছে: 2012-07-09. 
  2. Charles Russell Coulter, Patricia Turner: Encyclopedia of Ancient Deities
  3. "gabfinalI2". goddessschool.com. http://goddessschool.com/projects/gabfinalI2.html। আহৰণ কৰা হৈছে: 2021-03-25. 
  4. Greenberg, Mike; PhD (2020-12-29). "Leizi: The Chinese Goddess of Lightning" (en-US ভাষাত). https://mythologysource.com/leizi-chinese-goddess-lightning/। আহৰণ কৰা হৈছে: 2021-03-25. 
  5. Baribeau, Renee (2019-06-29). "Feng Po Po, Madame Wind" (en-US ভাষাত). Renee Baribeau. https://thepracticalshaman.com/feng-po-po-madame-wind/। আহৰণ কৰা হৈছে: 2021-03-25.