সমললৈ যাওক

ফেডেৰিক' ফেল্লিনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেডেৰিক' ফেল্লিনি
Cavaliere di Gran Croce OMRI

১৯৬৫ চনত ফেল্লিনি
জন্ম ২০ জানুৱাৰী, ১৯২০
ৰিমিনি, ইটালী
মৃত্যু ৩১ অক্টোবৰ, ১৯৯৩ (৭৩ বছৰ)
ৰ'ম, ইটালী
পেচা
  • চলচ্চিত্ৰ পৰিচালক
  • চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৪৫–১৯৯৩
দাম্পত্যসঙ্গী Giulietta Masina (বি. ১৯৪৩)

ফেডেৰিক' ফেল্লিনি (ইংৰাজী: Federico Fellini; ২০ জানুৱাৰী ১৯২০ – ৩১ অক্টোবৰ ১৯৯৩) আছিল এজন ইটালীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে স্বীকৃতি লাভ কৰিছে।

ফেল্লিনিৰ আটাইতকৈ পৰিচিত ছবিসমূহৰ ভিতৰত আই ভিটেলোনি (১৯৫৩), লা ষ্ট্ৰাডা (১৯৫৪), নাইটছ অৱ কেবিৰিয়া (১৯৫৭), লা ডলচে ভিটা (১৯৬০), (১৯৬৩), জুলিয়েট অৱ দ্য স্পিৰিটছ (১৯৬৫), ফেল্লিনি চেটিৰিকন (১৯৬৯), ৰোমা (১৯৭২), আমাৰকৰ্ড (১৯৭৩), আৰু ফেল্লিনিচ কাছানোভা (১৯৭৬)।

ফেল্লিনিয়ে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত ১৭টা একাডেমী বঁটাৰ বাবে মনোনীত হৈছিল আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে মুঠ চাৰিটা অস্কাৰ লাভ কৰিছিল (বঁটাৰ ইতিহাসৰ যিকোনো পৰিচালকৰ বাবে সৰ্বাধিক)। লছ এঞ্জেলছত অনুষ্ঠিত ৬৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত তেওঁ লাইফটাইম এচিভমেণ্টৰ সন্মানীয় বঁটা লাভ কৰে। ১৯৬০ চনত ফেলিনীয়ে লা ডলচে ভিটাৰ বাবে পালম ডি অৰ বঁটাও লাভ কৰে, ১৯৬৩ আৰু ১৯৮৭ চনত দুবাৰকৈ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ১৯৮৫ চনত ৪২ সংখ্যক ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কেৰিয়াৰ গোল্ডেন লায়ন লাভ কৰে আৰু সমালোচকৰ সমীক্ষাত ৭ম স্থান দখল কৰে।

১৯৯৩ চনৰ ৩১ অক্টোবৰত ৭৩ বছৰ বয়সত ৰোমত ফেল্লিনিৰ মৃত্যু হয়।[1]

ধৰ্মীয় মতামত

[সম্পাদনা কৰক]

ফেল্লিনি ৰোমান কেথলিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল আৰু নিজকে কেথলিক বুলি গণ্য কৰিছিল যদিও কেথলিক গীৰ্জাত আনুষ্ঠানিক কাৰ্য্যকলাপ এৰাই চলিছিল। ফেল্লিনিৰ চলচ্চিত্ৰসমূহত কেথলিক বিষয়বস্তু দুই ধৰণে প্ৰকাশ পায়; কিছুমানত কেথলিক শিক্ষাক উদযাপন কৰা দেখুওৱাৰ বিপৰীতে কিছুমানত গীৰ্জাৰ কিছুমান কামক সমালোচনা বা উপহাস কৰে।[2]

গীৰ্জাক সমালোচনা কৰাৰ পিছতো তেওঁ নিজকে খ্ৰীষ্টান বুলি পৰিচয় দি মন্তব্য কৰিছিল-

গীৰ্জাই মোক কেতিয়াও আনন্দ নিদিলে। ... (কিন্তু) মই এজন খ্ৰীষ্টান। মই ভগৱানৰ প্ৰয়োজনীয়তাত বিশ্বাস কৰোঁ। কাৰণ মই মানুহক বিশ্বাস কৰোঁ। আৰু ঈশ্বৰ হৈছে মানুহৰ প্ৰেম।[3]

ৰাজনৈতিক মতামত

[সম্পাদনা কৰক]

ফেল্লিনি ৰাজনীতিৰ প্ৰতি বেছিভাগ সময়তে উদাসীন আছিল।[4]

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
বছৰ শিৰোনাম পৰিচালক লিখক টোকা
১৯৪২ Knights of the Desert নহয় হয়
Before the Postman নহয় হয়
১৯৪৩ The Peddler and the Lady নহয় হয়
L'ultima carrozzella নহয় হয়
১৯৪৫ Tutta la città canta নহয় হয়
Rome, Open City নহয় হয়
১৯৪৬ Paisà নহয় হয়
১৯৪৭ Il delitto di Giovanni Episcopo নহয় হয়
১৯৪৮ Senza pietà নহয় হয়
Il miracolo নহয় হয়
১৯৪৯ Il mulino del Po নহয় হয়
১৯৫০ Francesco, giullare di Dio নহয় হয়
Il Cammino della speranza নহয় হয়
Variety Lights হয় হয় আলবেৰ্তো লাট্টুৱাদাৰ সৈতে সংযুক্ত পৰিচালনা
১৯৫১ La città si difende নহয় হয়
Persiane chiuse নহয় হয়
১৯৫২ The White Sheik হয় হয়
Il brigante di Tacca del Lupo নহয় হয়
১৯৫৩ I Vitelloni হয় হয়
Love in the City কিছু অংশ কিছু অংশ খণ্ড: "Un'agenzia matrimoniale"
১৯৫৪ La Strada হয় হয়
১৯৫৫ Il bidone হয় হয়
১৯৫৭ Nights of Cabiria হয় হয়
১৯৫৮ Fortunella নহয় হয়
১৯৬০ La Dolce Vita হয় হয়
১৯৬২ Boccaccio '70 কিছু অংশ কিছু অংশ খণ্ড: "Le tentazioni del Dottor Antonio"
১৯৬৩ ৮½ হয় হয়
১৯৬৫ Juliet of the Spirits হয় হয়
১৯৬৮ Spirits of the Dead কিছু অংশ কিছু অংশ খণ্ড: "Toby Dammit"
১৯৬৯ Fellini: A Director's Notebook হয় হয় টিভি তথ্যচিত্ৰ
Fellini Satyricon হয় হয়
১৯৭০ I Clowns হয় হয়
১৯৭২ Roma হয় হয়
১৯৭৩ Amarcord হয় হয়
১৯৭৬ Fellini's Casanova হয় হয়
১৯৭৮ Orchestra Rehearsal হয় হয়
১৯৮০ City of Women হয় হয়
১৯৮৩ And the Ship Sails On হয় হয়
১৯৮৬ Ginger and Fred হয় হয়
১৯৮৭ Intervista হয় হয়
১৯৯০ The Voice of the Moon হয় হয়

টেলিভিছন বাণিজ্যিক

  • টিভি বাণিজ্যিক: Campari Soda (১৯৮৪)
  • টিভি বাণিজ্যিক: Barilla Pasta (১৯৮৪)
  • তিনিটা টিভি বাণিজ্যিক: Banca di Roma (১৯৯২)

ফেলিনিৰ ছবিসমূহে লা ষ্ট্ৰাডা (১৯৫৬), নাইটছ অৱ কেবিৰিয়া (১৯৫৭), (১৯৬৩), আৰু আমাৰকৰ্ড (১৯৭৪)ৰ বাবে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ চাৰিটা একাডেমী বঁটা লাভ কৰিছে। ১৯৯২ চনত তেওঁ চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে একাডেমী সন্মানীয় বঁটা লাভ কৰিছিল। ১৯৮৭ চনত পাঁচটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ পিছত ফেলিনিয়ে বাফটা ফেল'শ্বিপ লাভ কৰে।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Federico Fellini, Film Visionary, Is Dead at 73, nytimes.com; accessed 28 August 2017.
  2. Staff (2 September 2005). "The Religious Affiliation of Director Federico Fellini". Adherents.com. Archived from the original on 29 January 2019. https://web.archive.org/web/20190129021313/http://www.adherents.com/people/pf/Federico_Fellini.html। আহৰণ কৰা হৈছে: 28 June 2016. 
  3. Carrera, Alessandro (2019). Fellini's Eternal Rome: Paganism and Christianity in the Films of Federico Fellini. প্ৰকাশক London and New York: Bloomsbury Academic. ISBN 9781474297615. https://www.cambridge.org/core/journals/classical-review/article/abs/fellini-and-rome-a-carrera-fellinis-eternal-rome-paganism-and-christianity-in-the-films-of-federico-fellini-pp-xii-186-london-and-new-york-bloomsbury-academic-2019-cased-75-us102-isbn-9781474297615/64E9518F7928E4E5D53647D0547B3A77#access-block. 
  4. Kezich 2006, পৃষ্ঠা. 45.