সমললৈ যাওক

ফেদা গীৰ্জা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেদা গীৰ্জা

গীৰ্জাটোলৈ দৃষ্টিপাত
স্থান
দেশ নৰৱে
স্থান ক্ৱিনেছডাল মিউনিচিপেলিটী,
আগ্দেৰ
স্থানাংক 58°15′46″N 6°49′12″E / 58.2629°N 06.8199°E / 58.2629; 06.8199স্থানাংক: 58°15′46″N 6°49′12″E / 58.2629°N 06.8199°E / 58.2629; 06.8199

ফেদা গীৰ্জা হৈছে চাৰ্চ অৱ নৰৱেৰ এখন পাৰিচ গীৰ্জা, যি নৰৱেৰ আগ্দেৰ জিলাৰ ক্ৱিনেছডাল মিউনিচিপেলিটীৰ ফেদা গাঁৱৰ ফেদাফিঅৰ্ডেনৰ কাষত অৱস্থিত। এই গীৰ্জাখন লিষ্টাৰ অগ মানডাল প্ৰ'স্তি (ডীনাৰী)ৰ অন্তৰ্গত ফেদা পাৰিচৰ অংশ। সেউজীয়া, কাঠৰে নিৰ্মিত এই‌ গীৰ্জাখন এম্পায়াৰ শৈলীৰ ক্ৰুচিফৰ্ম নক্সাত ১৮০২ চনত গঢ়ি তুলিছিল, অৱশ্যে ইয়াৰ স্থপতিকৰ নাম অজ্ঞাত। গীৰ্জাখনত প্ৰায় ২৪০ গৰাকী লোক বহিব পৰা যায়।[1][2][3]

গীৰ্জাখনৰ আটাইতকৈ পুৰণি লিখিত ইতিহাস ১৩০২ চনৰ পৰা পোৱা গৈছে, যদিও এই গীৰ্জাখন তাৰ আগতেই অৱস্থিত আছিল বুলি বিশ্বাস কৰা হয়। প্ৰাৰম্ভিক গীৰ্জাখন সম্ভৱতঃ এখন ষ্টেভ গীৰ্জা আছিল। ১৫৯৩ চনত, পুৰণি গীৰ্জাখন ভাঙি পেলাই কাঠেৰে গঢ়ি তোলা এখন আয়তাকাৰ আকৃতিৰ নেভ আৰু ঠেক আয়তকাৰ চেন্সেলযুক্ত নতুন গীৰ্জা নিৰ্মাণ কৰা হয়। ১৮০০ চনত এই গীৰ্জাখনো ভাঙি তাতেই নতুন ক্ৰুচিফৰ্ম আকৃতিৰ গীৰ্জা নিৰ্মাণ আৰম্ভ কৰা হয়। এই নতুন গীৰ্জাখন ১৮০২ চনত উদ্‌ঘাটিত হৈছিল। ১৮৫০ চনৰ দশকৰ ভিতৰত গীৰ্জাখনত দ্বিতীয় তলাৰ নতুন আসন, এখন পাল্পিট, এখন বেদীৰ ছবি আৰু এখন বাপ্তিস্মৰ সঁজুলি সংযুক্ত কৰা হয়। ১৮৫৪ চনত শ্মশানখন প্ৰায় ৯০০ বৰ্গ মিটাৰলৈ সম্প্ৰসাৰণ কৰা হৈছিল।[4]

ফটো গেলাৰী

[সম্পাদনা কৰক]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Feda kirke". Kirkesøk: Kirkebyggdatabasen. https://kirkesok.no/kirke/103700101 আহৰণ কৰা হৈছে: 2020-12-28.
  2. "Oversikt over Nåværende Kirker" (Norwegian ভাষাত). KirkeKonsulenten.no. http://www.kirkekonsulenten.no/kirker.htm আহৰণ কৰা হৈছে: 2020-12-28.
  3. "Feda kirke" (Norwegian ভাষাত). Kvinesdal kirkelige fellesråd. Archived from the original on 2016-07-04. https://web.archive.org/web/20160704084245/http://kvinesdal.kirken.no/kirkene/feda-kirke/ আহৰণ কৰা হৈছে: 2016-09-21.
  4. "Feda kirkested" (Norwegian ভাষাত). Norwegian Directorate for Cultural Heritage. http://www.kulturminnesok.no/kulturminnesok/kulturminne/?LOK_ID=84119 আহৰণ কৰা হৈছে: 2020-12-28.