সমললৈ যাওক

ফেমিলী প্লেনিং এছ'ছিয়েছন অৱ ইণ্ডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Family Planning Association of India
চমু  নাম FPA India
প্ৰতিষ্ঠা ১৯৪৯
উদ্দেশ্য যৌন আৰু প্ৰজনন স্বাস্থ্য আৰু অধিকাৰ, পৰিয়াল পৰিকল্পনা
প্ৰধান  কাৰ্যালয় মোম্বাই
সেৱা  ক্ষেত্ৰ ভাৰত
ভুক্তি ইণ্টাৰনেছনেল প্লেনড পেৰেণ্টহুড ফেডাৰেছন ( আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত অভিভাৱকত্ব ফেডাৰেচন)
ৱেবছাইট fpaindia.org

ফেমিলী প্লেনিং এছ'ছিয়েছন অৱ ইণ্ডিয়া বা ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা (FPA India) ইংৰাজী: Family Planning Association of India হৈছে ভাৰতৰ পঞ্জীয়নভুক্ত এটা দাতব্য সংস্থা। ১৯৪৯ চনত ধনবন্তী ৰামা ৰাও আৰু অৱবাই বোমাঞ্জী ৱাডিয়াই এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। [1][2] এই সংস্থাটোৰ সমগ্ৰ দেশতে ৪০টা স্থানীয় শাখা আছে যিয়ে যৌন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক প্ৰসাৰিত কৰে।[3] এই সংস্থা আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত পিতৃ-মাতৃত্ব ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সংযুক্ত প্ৰতিষ্ঠান। এই সংস্থাৰ যোগেদি অন্যান্য বিষয়ৰ লগতে প্ৰজনন পছন্দ, আইনী আৰু নিৰাপদ গৰ্ভপাত, যৌন সংক্ৰামক ৰোগ, আৰু যৌন আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে শিক্ষাৰ প্ৰসাৰ ঘটায়। এফ পি এ ইণ্ডিয়াত আছে ৩৯টা স্থায়ী ক্লিনিক। ইয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি ড° ৰত্নমালা এম দেশাই। এফ পি এ ইণ্ডিয়া হৈছে ভাৰতৰ ১৮খন ৰাজ্যত যৌন আৰু প্ৰজনন স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা আগবঢ়োৱা এক প্ৰভাৱশালী সামাজিক সংস্থা।

স্থানীয় শাখা

[সম্পাদনা কৰক]

এই সংস্থাৰ স্থানীয় শাখাসমূহ [4] আগ্ৰা, আহমেদাবাদ, বাংগালুৰু, বেলগাঁও, বেলাৰী, ভূপাল, ভুৱনেশ্বৰ, বিদাৰ, বিজাপুৰ, চেন্নাই, ধৰৱাদ, ডিণ্ডিগুল, গোমিয়া, গোৱালিয়ৰ, হায়দৰাবাদ, ইন্দোৰ, জবলপুৰ, জয়পুৰ, কলচিনি, কলকাতা, লক্ষ্ণৌ, মাদুৰাই, মহলী, মুম্বাই, মহীশূৰ, নাগালেণ্ড, নতুন দিল্লী, নীলগিৰি, উত্তৰ কানাৰা, পঞ্চকুলা, পাটনা, পুনে, ৰাইচুৰ, ৰাজকোট, শিমোগা, সিংভূম, সোলাপুৰ, দক্ষিণ কানাৰা, শ্ৰীনগৰ, ত্ৰিবান্দ্ৰম, থানে আৰু যমুনানগৰ ৷

সহযোগী অংশীদাৰ

[সম্পাদনা কৰক]
  • ৰাষ্ট্ৰীয় সংহত চিকিৎসা সংস্থা (NIMA) * ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংস্থাৰ ফেডাৰেচন (FICCI)
  • পেকাৰ্ড ফাউণ্ডেশ্যন
  • প্লেনড পেৰেণ্টহুড ফেডাৰেচন অৱ আমেৰিকা, ইউনিভাৰ্চিটি অৱ ৰচেষ্টাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
  • জাপান ট্ৰাষ্ট ফাণ্ড
  • UNFPA
  • ৱেষ্ট ৱাইন্দ ফাউণ্ডেশ্যন
  • ফৰ্ড ফাউণ্ডেচন
  • ভাৰত চৰকাৰ
  • ৰাজ্যিক এইডছ কোষ
  • Falmily Health International (FHI)
  • চেণ্টাৰ ফৰ অপাৰেচন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (CORT)
  • হুমানাছ
  • এভাৰ্ট

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Band of brothers". New Indian Express. 2 March 2010. Archived from the original on 23 October 2022. https://web.archive.org/web/20221023042448/https://www.newindianexpress.com/cities/bengaluru/2010/mar/02/band-of-brothers-135856.html. 
  2. Paul Bell (11 August 2005). "Obituary: Avabai Wadia". Web report (The Guardian). https://www.theguardian.com/news/2005/aug/11/guardianobituaries.india. 
  3. Dhar, Aarti (16 January 2012). "Web of love". The Hindu. http://www.thehindu.com/health/policy-and-issues/article2803792.ece। আহৰণ কৰা হৈছে: 13 March 2012. 
  4. Annual Report 2013. Family Planning Association of India. Archived from the original on 2015-09-24. https://web.archive.org/web/20150924015024/http://www.fpaindia.org/resources.html?cat=ar&val=resrc। আহৰণ কৰা হৈছে: 2015-06-12.