সমললৈ যাওক

ফেৰান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেৰান

ফেৰান পৰিহিত কাশ্মীৰী ককা আৰু নাতি
প্ৰকাৰ পাৰম্পৰিক সাজ
পদাৰ্থ ঊল আৰু কপাহ
উৎপত্তিৰ স্থান কাশ্মীৰ

ফেৰান বা ফিৰান (ইংৰাজী: Pheran) কাশ্মীৰ উপত্যকাৰ পুৰুষ আৰু মহিলা উভয়ৰে পৰম্পৰাগত পোছাক।[1] ফেৰান দুতৰপীয়া এটাৰ ওপৰত আনটো সজ্জিত বহল কাপোৰেৰে গঠিত।[2] পৰম্পৰাগত ফেৰান ভৰিলৈকে বিস্তৃত আছিল। ১৯ শতিকাৰ শেষলৈকে ভৰিলৈকে বিস্তৃত ফেৰান জনপ্ৰিয় আছিল।[3] কিন্তু ইয়াৰ তুলনামূলকভাৱে আধুনিক ৰূপ আঁঠুৰ তললৈকে বিস্তৃত হৈ থাকে।[4] ইয়াক আফগানিস্তানত পিন্ধা শৈলীৰ দৰেই চুথানৰ (চালৱাৰৰ ঢিলা ৰূপ) সৈতে পিন্ধা হয়।[5][6]

পৰম্পৰাগতভাৱে ফেৰানৰ সৈতে শৰীৰৰ নিম্ন অংশত কাপোৰ পিন্ধা নহয়। সেয়ে দীঘল ফিৰানৰ সৈতে চুথান পিন্ধাটো বৈকল্পিক। পৰম্পৰাগত ফেৰানত কাষৰ ফাট নাথাকে।

গ্ৰীষ্মকালত ফেৰান কপাহেৰে তৈয়াৰ কৰা হয় যদিও শীতকালত ফেৰাণ ঊলৰ পৰা তৈয়াৰ কৰা হয়। ই বিশেষকৈ তুষাৰপাতৰ সময়ত শৰীৰক আবৰি ৰাখি প্ৰচণ্ড শীতৰ ৰক্ষা কৰে। কাশ্মীৰ উপত্যকা আৰু চেনাব উপত্যকাত বাস কৰা কাশ্মীৰীসকলে এই পোছাক ব্যৱহাৰ কৰে।

ফেৰান কাশ্মীৰী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ইয়াক বিশেষকৈ ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা চিলাই কলন অৰ্থাৎ শীতকালৰ আটাইতকৈ শীতল পৰ্যায়ৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পিন্ধা হয়। সেয়ে ২১ ডিচেম্বৰক বৰ্তমান কাশ্মীৰ উপত্যকাত ফেৰান দিৱস হিচাপে পালন কৰা হয়।

ব্যুৎপত্তি আৰু ইতিহাস

[সম্পাদনা কৰক]

ফেৰান শব্দটো পাৰ্চী শব্দ 'পেৰাহান' অৰ্থাৎ পোছাকৰ পৰা আহিছে।[7] কাশ্মীৰত এই পোছাক ১৫ শতিকাৰ আগৰ পৰাই প্ৰচলিত আছিল।[8] হিউৱেন-চাঙে লিপিবদ্ধ কৰা অনুসৰি ইছলামিক প্ৰভাৱৰ আগমনৰ আগতে কাশ্মীৰৰ মানুহে ফেৰানৰ পৰিৱৰ্তে ঢিলা আহল-বহল দুতৰপীয়া চামৰাৰ চোলা পিন্ধিছিল।[9]

কিছুমান সূত্ৰৰ মতে ১৫৮৬ খ্ৰীষ্টাব্দত মোগল সম্ৰাট আকবৰে কাশ্মীৰ উপত্যকা জয় কৰাৰ সময়ত ফেৰানৰ প্ৰচলন কৰিছিল।[10] কিন্তু ইতিহাসবিদ পৃথিৱীনাথ কৌল বামজাইৰ মতে পাৰস্য আৰু মধ্য এছিয়াৰ পৰা চুফী সন্ত আৰু মুছলমান ধৰ্মতত্ত্ববিদৰ আগমনৰ লগে লগে কাশ্মীৰীসকলে তেওঁলোকৰ দীঘল চোলা আৰু ঘূৰণীয়া পাগুৰি গ্ৰহণ কৰিলে। তেওঁলোকে ব্যৱহাৰ কৰা দীঘল চোলাটোক ফেৰানৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়।[11] বৰ্তমান ই কাশ্মীৰীৰ পৰম্পৰাগত সাজ।

পিন্ধনশৈলী

[সম্পাদনা কৰক]

শিৰস্ত্ৰান

[সম্পাদনা কৰক]
কাশ্মীৰী পণ্ডিত মহিলাই পিন্ধা ফেৰান, ১৯২২

ফেৰানৰ সৈতে হিন্দু মহিলাসকলে "তৰংগ" (কাশ্মীৰী উচ্চাৰণ: [tarɨnɡɨ]) নামৰ শিৰস্ত্ৰান ব্যৱহাৰ কৰে। তৰংগ পিছফালৰ পৰা তললৈ, গোৰোহাৰ ফালে সৰু হৈ পৰে। কাশ্মীৰৰ কিছুমান অঞ্চলত ই জনপ্ৰিয়।

কাশ্মীৰী মুছলমান মহিলাসকলে "কাছাবা" (কাশ্মীৰী উচ্চাৰণ: [qasaːbɨ]) নামেৰে জনাজাত শিৰস্ত্ৰান ব্যৱহাৰ কৰে। কাছাবাক পাগুৰিৰ দৰে ভাঁজ কৰি একেলগে পিনেৰে খুচি ব্যৱহাৰ কৰা হয়। ডিঙিৰ পিছফালৰ ফালে নামি অহা কাছাবাৰ ওপৰত পশমিনা বা ৰেচমৰ পৰা তৈয়াৰী ওৰণি ব্যৱহাৰ কৰা হয়। কাছাবা দুবিধ: "থৌড কাছাবা" আৰু "বন কাছাবা।" থৌড কাছাবা (উচ্চ কাছাবা) মূৰত মুকুটৰ পিন্ধা হয় আৰু ইয়াক কেৱল অভিজাত পৰিয়ালৰ বিবাহিত মহিলাইহে পিন্ধে। নৈদ কদলৰ খোৱাজাৱাল ৰাজবংশয়ে আটাইতকৈ ধুনীয়া কাছাবা বনাইছিল।[12] বন কাছাবা (নিম্ন কাছাবা) মূৰত লাগি থাকে আৰু ইয়াক সাধাৰণ মানুহ আৰু জনজাতীয় মহিলাসকলে পিন্ধে।[12] আটাইতকৈ সজ্জাযুক্ত আৰু দামী কছাবাবোৰ কাশ্মীৰী কুণ্ডন কামেৰে তৈয়াৰ কৰা হৈছিল। ইয়াক "জাৰৰা" বুলি জনা যায়। ইয়াক বহুমূলীয়া ৰত্ন যেনে পদ্মৰাগ, আৰু পান্না ২৪ কেৰেটৰ সোণত স্থাপন কৰি বিভিন্ন কুণ্ডন অলংকাৰ (টিক্কা, তাৱেজ, হাং তাৱিজ, বাল হ'ৰ, কান ভাছ) ৰঙা টুপিটোত পিন কৰা জটিল কাশ্মীৰী "টিল্লা কাম" (ৰূপালী সূতাৰ কাম) আদিৰে সজোৱা হয়। কুণ্ডন কছাবা কেৱল ৰাজকীয় লোকেহে পিন্ধিছিল।[13] কুণ্ডন কাছাবা কেৱল খোৱাজা বজাৰৰ কুণ্ডনঘৰৰ ঘৰৰ দ্বাৰাহে তৈয়াৰ কৰা হৈছিল।[13]

কুণ্ডন কাছাবা আৰু বাল হুৰ (কুণ্ডন কাণফুলি) পৰিহিত খোৱাজাৱালৰ ৰাজবংশৰ বেগম মেহতাব

ফেৰান শৰীৰৰ ওপৰৰ অংশত পৰিধান কৰা হাতৰ মণিবন্ধৰ লৈকে বিস্তৃত ঢিলা কাপোৰ। ই সাধাৰণতে আহল-বহল হয়।[14] ইয়াক ঊল বা জামেৱাৰৰ অৰ্থাৎ ঊল আৰু কপাহৰ মিশ্ৰণৰ পৰা তৈয়াৰ কৰা হয়। ফেৰানৰ কাষৰ কোনো ফাট নাথাকে। ঊলৰ পৰা তৈয়াৰী ফেৰানক 'লোচ' বোলা হয়।[15] মহিলা ফেৰান সাজ ৰঙীন ফুলৰ দৰে ডিজাইন কৰা উপাদান আৰু শৈলীৰে ডিজাইন কৰা হয়। পুৰুষৰ ফেৰান সাজত কোনো ৰঙীন ডিজাইন নাথাকে।

পৰম্পৰাগত ফেৰান দুতৰপীয়া ভৰিৰ ওপৰলৈ বিস্তৃত থাকে।[16] এই শৈলী কাশ্মীৰী হিন্দু আৰু কাশ্মীৰী মুছলমান সম্প্ৰদায়ে খ্ৰীষ্টীয় ১৯ শতিকাৰ শেষলৈকে সৰ্বজনীনভাৱে পৰিধান কৰিছিল।[17] কিন্তু মুছলমানসকলে পিন্ধা আধুনিক সংস্কৰণ আঁঠুলৈ দৈৰ্ঘ্যৰ, ঢিলা আৰু সন্মুখৰ ফালে চিলাই কৰা। আনহাতে হিন্দুসকলে এতিয়াও প্ৰায়ে এতিয়াও ভৰিৰ তললৈ বিস্তৃত ফেৰান দীঘলকৈ পিন্ধে। গোৰোহাৰ পৰ্যন্ত দৈৰ্ঘ্যৰ ফেৰান[18] কঁকালত বান্ধি থোৱা হয়।[19] জটিল এম্ব্ৰয়ডাৰী বা ফুলৰ শৈলীৰে সমৃদ্ধ ফেৰান কাশ্মীৰী মহিলাসকলৰ মাজত জনপ্ৰিয়। এম্ব্ৰয়ডাৰী বা ফুলৰ ডিজাইনবোৰ পাতল ধাতুৰ সূতাৰে তৈয়াৰ কৰা হয়। এই ধৰণৰ এম্ব্ৰয়ডাৰীক কাশ্মীৰী ভাষাত ‘টিল্লা’ বা 'টিল্লে' বুলি জনা যায়।

পুট্‌ছ (কাশ্মীৰী উচ্চাৰণ: [poːt͡sʰ]) ফেৰানৰ সৈতে একে যদিও লঘু পদাৰ্থৰে নিৰ্মিত। ইয়াক ফেৰানৰ তলত পিন্ধা হয়। সাধাৰণতে ফেৰাণক কাংৰিৰ পৰা জ্বলা-পোৰাৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও শীতকালত অতিৰিক্ত উষ্ণতা, শীতকালৰ ঠাণ্ডা দিনৰ পৰা দুতৰপীয়া শীত-তাপ নিয়ন্ত্ৰণ প্ৰদান কৰে।

চুথান/চালৱাৰ

[সম্পাদনা কৰক]

পৰম্পৰাগতভাৱে ফেৰান আৰু পট শৰীৰৰ নিম্ন অংশৰ কাপোৰ নোহোৱাকৈ পিন্ধা হৈছিল।[20][21] হুঞ্জাত মহিলাসকলে ১৮৯০ চনলৈকে আৰু নগৰত ১৯২৫ চনলৈকে পায়জামা পিন্ধা নাছিল।[22] ১৯ শতিকাৰ শেষৰ ফালৰ পৰা পঞ্জাৱ অঞ্চলৰ ঢিলা চুথান (চালৱাৰ) আৰু চুৰিদাৰ পায়জামা কাশ্মীৰত জনপ্ৰিয় হৈ উঠে।[23][24] সেই অনুসৰি চুথান বা চুৰিদাৰ পায়জামা ফেৰান সমষ্টিৰ অংশ হ’ব পাৰে যদিও ই আৱশ্যকীয় নহয়। কাশ্মীৰী চুথান ঢিলা আৰু জম্মু অঞ্চলত পৰিধান কৰা ডগ্ৰী চুথানৰ সৈতে মিল আছে। কিছুমান সংস্কৰণ আফগানিস্তানত পিন্ধা শ্বালৱাৰৰ সৈতে মিল আছে। কিন্তু ১৯৬০ চনৰ পৰা পাঞ্জাবী চালৱাৰ জনপ্ৰিয় হৈ পৰিছে।[25][26][27]

আধুনিক ৰূপ

[সম্পাদনা কৰক]

আধুনিক ধাৰাত চালৱাৰ কামিজৰ তুলনাত ফেৰানৰ ব্যৱহাৰ হ্ৰাস পাইছে।[28] কিন্তু শেহতীয়াকৈ ফেৰান আধুনিক ফেশ্বনৰ অংশ হৈ পৰাৰ লগে লগে ইয়াৰ পুনৰুজ্জীৱন ঘটিছে।[29] বৰ্তমান কাশ্মীৰৰ লগতে অন্যান্য অঞ্চলৰ মহিলাসকলেও ইয়াক পিন্ধে।[30] কাশ্মীৰী পুৰুষসকলেও ফেশ্বনেবল সাজ-পোছাক হিচাপে ফেৰান পিন্ধিবলৈ লৈছে।[31] জিন্সৰ সৈতে মিলি ফেৰানে অফিচৰ সাজ হিচাপে স্থান লাভ কৰিছে।[32] আধুনিক ফেৰান পৰম্পৰাগত গোৰোহা বা আঁঠুৰ দৈৰ্ঘ্যৰ সংস্কৰণৰ দৰে বহল আৰু দীঘল নহয়[33] আৰু কেতিয়াবা ইয়াৰ কাষৰ ফাট থাকে। খুব কম সংখ্যক পুৰুষে চালৱাৰৰ সৈতে ফিৰান পিন্ধে।[34] ৰেগলান ফেৰান বুলি জনাজাত আধুনিক ফেৰান পশ্চিমীয়া ৰেগলান কোট আৰু পৰম্পৰাগত পৰিধানৰ সংকৰ।[35]

চিত্ৰ বিথিকা

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Bakshi, S. R. (1997). Kashmir Through Ages (5 Vol) By S. R. Bakshi. Sarup & Sons. ISBN 9788185431710. https://books.google.com/books?id=ONDsQCO9yTQC&q=pheran+and+poots&pg=PA167. 
  2. Tikoo, Colonel Tej K.. Colonel Tej K Tikoo (2013) Kashmir: Its Aborigines and Their Exodus. Lancer Publishers LLC. ISBN 9781935501589. https://books.google.com/books?id=iuURFTHTU0EC&q=pheran&pg=PT157. 
  3. Letters from India and Kashmir (1874). 1874. https://books.google.com/books?id=1s5AAAAAIAAJ&q=letters+from+india+and+kashmir. 
  4. Raina, Mohini Qasba (13 November 2014). Raina, Mohini Qasba (2013) Kashur The Kashmiri Speaking People. Partridge Publishing Singapore. ISBN 9781482899450. https://books.google.com/books?id=Bb-QBQAAQBAJ&q=slightly+modified&pg=PA170. 
  5. Sengupta, Pradip Kumar (1991). Asoke Kumar Bhattacharyya, Pradip Kumar Sengupta Foundations of Indian Musicology: Perspectives in the Philosophy of Art and Culture (1991). Abhinav Publications. ISBN 9788170172734. https://books.google.com/books?id=8EJw6O4VFFsC&q=pheran&pg=PA110. 
  6. Bamzai, P. N. K. (1994). (1994) Culture and Political History of Kashmir, Volume 1. M.D. Publications Pvt.. ISBN 9788185880310. https://books.google.com/books?id=1eMfzTBcXcYC&q=phiran&pg=PA20. 
  7. (en ভাষাত) Glimpses of Kashmir, Jammu, and Ladakh: History and Culture : Prof. P.N. Pushp Memorial Volume. Gyan Sagar Publications. 2000. ISBN 978-81-7685-070-4. https://books.google.com/books?id=2DZuAAAAMAAJ&q=pheran+pairahan. 
  8. Dewan, Parvez (2004). Dewan, Parvez (2004) Parvéz Dewân's Jammû, Kashmîr, and Ladâkh: Kashmîr. Manas Publications. ISBN 9788170491798. https://books.google.com/books?id=LCZuAAAAMAAJ&q=pheran. 
  9. Hāṇḍā, Omacanda (1998) (en ভাষাত). Textiles, Costumes, and Ornaments of the Western Himalaya. Indus Publishing. ISBN 978-81-7387-076-7. https://books.google.com/books?id=JFPnh9B5zncC&dq=kashmiri+leather+jacket+pheran&pg=PA198. 
  10. "The Untold Story Of Kashmiri Pheran And Its Place In Kashmir's History". www.outlookindia.com/. https://www.outlookindia.com/blog/story/india-news-the-untold-story-of-kashmiri-pheran-and-its-place-in-kashmirs-history/4017। আহৰণ কৰা হৈছে: 2019-12-06. 
  11. Bamzai, Prithivi Nath Kaul (1962) (en ভাষাত). A History of Kashmir: Political, Social, Cultural, from the Earliest Times to the Present Day. Metropolitan Book Company. https://books.google.com/books?id=mzvRAAAAMAAJ&q=pheran+history+kashmir. 
  12. 12.0 12.1 "Of Dastar and Kasaba" (en-US ভাষাত). Greater Kashmir. 2015-03-14. https://www.greaterkashmir.com/news/opinion/of-dastar-and-kasaba/। আহৰণ কৰা হৈছে: 2020-12-03. 
  13. 13.0 13.1 "Kashmir Lost, the Last Professional Kundangar" (en-GB ভাষাত). Kashmir Life. 2019-01-22. https://kashmirlife.net/kashmirs-lost-the-last-professional-kundangar-199418/। আহৰণ কৰা হৈছে: 2020-12-03. 
  14. Forster, George (1808). Forster, George (1808) A Journey from Bengal to England, Through the Northern Part of India, Kashmire, Afghanistan, and Persia, and Into Russia, by the Caspian-Sea, Volume 2. https://books.google.com/books?id=SNcMAAAAIAAJ&q=shirt&pg=PA87. 
  15. The Phoenix, Volume 3 (1883). 1873. https://books.google.com/books?id=aTBBAQAAMAAJ&q=pheran&pg=PA83. 
  16. Jain, Simmi (2003). Jain, Simmi (2003) Encyclopaedia of Indian Women Through the Ages: The middle ages. Gyan Publishing House. ISBN 9788178351735. https://books.google.com/books?id=ps2oqipIN7cC&q=kashmiri+suthan&pg=PA27. 
  17. Letters from India and Kashmir (1874) Muslim women are shown as recent as 1870 wearing the long Pheran. 1874. https://books.google.com/books?id=1s5AAAAAIAAJ&q=letters+from+india+and+kashmir. 
  18. "How Kashmiris keep themselves warm during winter - Kazinag". https://sites.google.com/site/kazinag/how--kashmiris-keep-themselves-hot-during-winter। আহৰণ কৰা হৈছে: 2014-07-31. 
  19. Kashmir, Volumes 2-3 (1952)
  20. Cultural Heritage of India- Kashmiri Pandit Contribution. The Publication of Kashmir Sabha, Calcutta (1999-2000) [1] Archived 2016-03-04 at the Wayback Machine
  21. Irby, Augustus Henry (1863) The diary of a hunter from the Punjab to the Karakorum mountains [2]
  22. Chohan,Amar Singh (1893) Historical Study of Society and Culture in Dardistan and Ladakh [3]
  23. Kumar, Raj (2006) Paintings and Lifestyles of Jammu Region: From 17th to 19th Century A.D. [4]
  24. Kapur, Manohar Lal (1992) Social and economic history of Jammu and Kashmir State, 1885-1925 A.D. [5]
  25. India. Office of the Registrar General (1961) Census of India, 1961: Jammu and Kashmir [6]
  26. Dorris Flynn (1986) Costumes of India
  27. Shri Parmananda Research Institute, 1982 Glimpses of Kashmiri Culture, Volume 5 [7]
  28. Dhar, Somnath (1999( Jammu and Kashmir
  29. Piyali Bhattachary (14 April 2015)Khadi Couture: How to Wear Kashmiri Tweed Wall Street Journal [8]
  30. "Clothing in Kashmir". Kashmir Travel Information. http://www.kashmirhub.com/kashmir-culture/clothing.html। আহৰণ কৰা হৈছে: 2014-07-31. 
  31. Ishfaq-ul-Hassan (11 February 2015) DNA Real aping reel: Kashmir valley gripped by 'Haider' pheran fever [9]
  32. Rashid, Toufiq (29 November 2014) Hindustan Times. Pheran making a political statement in Kashmir [10]
  33. (Hassan, Firdous (11 February 2015) The Kashmir Monitor. With e-commerce 'Pheran' goes global [11]
  34. Medhora, Sarosh (2 September 2000) The Tribune. Focus on men’s formals
  35. "Raglan PHERAN". Kashmir Uzma. http://epaper.kashmiruzma.net/archives.aspx?editioncode=9। আহৰণ কৰা হৈছে: 2019-01-02.