সমললৈ যাওক

ফেৰুছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেৰুছা
নেৰেইডছ-ৰ সদস্য
নিবাস সাগৰ
পিতৃ-মাতৃ নেৰিয়াছ আৰু ড'ৰিছ
সহোদৰ সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল

ফেৰুছা (প্ৰাচীন গ্ৰীক: Φέρουσά, ইংৰাজী: Pherusa বা Pherousa; আক্ষৰিক অৰ্থ: 'কঢ়িয়াই আনোতা')[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড[1] তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছনেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[2] তেওঁ তেওঁৰ ভগ্নী ডাইনেমিনৰ সৈতে মহাসাগৰ উফন্দি উঠাৰ পৰাক্ৰম আৰু শক্তিৰ সৈতে জড়িত আছিল। হাইজিনাছৰ মতে এগৰাকী ঋতুৰ দেৱী হোৰাইৰ নামো ফেৰুছা।

কিংবদন্তি

[সম্পাদনা কৰক]

ফেৰুছা গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছনেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[3][4][1] হোমাৰইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত ফেৰুছাও আছিল।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9. 
  2. Hesiod. Theogony ll. 240-264. Retrieved 4 October 2020
  3. Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  4. Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
  5. Homer, Iliad 18.39