ফেৰেইডুন ফাৰোখজাদ
| ফেৰেইডুন ফাৰোখজাদ | |
|---|---|
| স্থানীয় নাম | فریدون فرخزاد |
| জন্ম | ০৭ অক্টোবৰ, ১৯৩৮ তেহৰান, পাহলৱী ইৰান |
| মৃত্যু | ০৫ আগষ্ট, ১৯৯২ (৫৫ বছৰ) বন, জাৰ্মানী |
| শিক্ষানুষ্ঠান | লুডৱিগ-মেক্সিমিলিয়ানছ-ইউনিভাৰ্চিটি মুনচেন (ৰাজনীতি বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ) |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৬২–১৯৯২ চন |
| দাম্পত্যসঙ্গী |
|
| সন্তান | ৰষ্টম |
| আত্মীয়-স্বজন | ফৰুগ ফাৰোখজাদ (ভগ্নী ) পূৰাণ ফাৰোখজাদ (ভগ্নী) |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | পপ |
| লেবেল |
|
ফেৰেইডুন ফাৰোখজাদ (ইংৰাজী: Fereydoun Farrokhzad) তেওঁৰ টেলিভিছন ভেৰাইটি শ্ব' দ্য ছিলভাৰ কাৰ্নেচনৰ বাবে বেছিকৈ পৰিচিত, এই শ্ব'য়েই বহু শিল্পীক চিনাকি কৰাই দিছিল আৰু অভিনয় জগতখনত; যেনে এবি, লেইলা ফ'ৰৌহাৰ, শ্বোহৰেহ, ছাত্তাৰ, হায়েদেহ, আৰু বহুতো।
১৯৭৯ চনৰ ইৰাণী বিপ্লৱৰ পিছত ফাৰোখজাদ নিৰ্বাসন কৰিবলৈ বাধ্য হৈছিল। জাৰ্মানীলৈ স্থানান্তৰিত হোৱাৰ পিছত ইৰাণৰ শৃংখলাবদ্ধ হত্যাকাণ্ডৰ অংশ হিচাপে ইছলামিক ৰিপাব্লিক চৰকাৰে স্থাপন কৰা হত্যাকাণ্ডৰ বলি হয়। [1][2][3]
আৰম্ভণি জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]ফেৰেইডুন ফাৰোখজাদৰ জন্ম হৈছিল তেহৰাণত। তেওঁৰ পিতৃ কৰ্ণেল মহম্মদ বাকিৰ ফাৰোখজাদ (মূলতঃ তাফ্ৰেছৰ) এজন পেছাদাৰী সামৰিক বিষয়া আছিল আৰু মাতৃ তুৰান বজিৰি-তাবা। পৰিয়ালৰ সাতটা সন্তানৰ ভিতৰত চতুৰ্থজন সন্তান (পুৰান, আমিৰ (মাছুদ), ফৰুগ, ফেৰিডুন, গ্ল’ৰিয়া, মেহৰদাদ আৰু মেহৰান)। হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ উচ্চ শিক্ষাৰ বাবে জাৰ্মানী আৰু অষ্ট্ৰিয়ালৈ গুচি যায়। লুডৱিগ-মেক্সিমিলিয়ানছ-ইউনিভাৰ্চিটি মিউনিখৰপৰা ৰাজনীতি বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
সৰুৰেপৰা ফেৰেইডুনে কবিতা আৰু গীত মাতৰ প্ৰতি আকৰ্ষিত আছিল। ১৯৬২ চনত তেওঁ জাৰ্মান ভাষাত কবিতা লিখিবলৈ আৰম্ভ কৰাৰ সময়ত এই আৱেগক বাস্তৱলৈ ৰূপান্তৰিত কৰে; এই কবিতাবোৰ জাৰ্মানীৰ দুখন কাকতত প্ৰকাশ পাইছিল। ১৯৬৪ চনত তেওঁৰ কবিতা সংকলন "ফছলে দিগাৰ" (Another Season) প্ৰকাশ কৰে। এই গ্ৰন্থখন সমালোচকসকলে অতিশয় প্ৰশংসা কৰিছিল আৰু কেইবাজনো জাৰ্মান কবিয়ে সন্মান জনাইছিল। "ফাছলে দিগাৰ" মুক্তি পোৱাৰ পাঁচ মাহৰ পাছত ফৰিদৌন ফাৰোখজাদে বাৰ্লিন কবিতা বঁটা লাভ কৰে। কেইবাবছৰ ধৰি ফাৰোখজাদ মিউনিখ একাডেমী অৱ পয়েট্ৰিৰ সদস্যও আছিল। ১৯৬৬ চনত তেওঁক মিউনিখ টেলিভিছন আৰু ৰেডিঅ’ত কাম কৰাৰ চাকৰিৰ প্ৰস্তাৱ দিয়া হয়। তেওঁ ৰেডিঅ’ত এটা কমেডী আৰু সংগীত অনুষ্ঠান সম্প্ৰচাৰ কৰিছিল, য’ত মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সংগীত আছিল। বিশেষকৈ ইৰাণৰ সংগীত। টেলিভিছনত তেওঁ "খিয়াবান-হায়ে আল্প" (আলপাইন ৰোডছ) নামৰ এটা অনুষ্ঠান সৃষ্টি আৰু প্ৰযোজনা কৰে। ১৯৬৭ চনত ইৰাণলৈ উভতি আহি সফল ৰেডিঅ’ আৰু টেলিভিছন অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰে। তেওঁৰ আটাইতকৈ সফল টিভি অনুষ্ঠান আছিল "মিখাকে নোঘ্ৰেই" (ৰূপালী কাৰ্নেচন), যাৰ জৰিয়তে গায়িকা/অভিনেত্ৰী নুছাফাৰিনে "কিবলা" গীতটোৰে নিজৰ গায়ক কেৰিয়াৰ আৰম্ভ কৰে। তেওঁৰ "জোম'বজাৰ" (শুকুৰবাৰৰ বজাৰ) নামৰ ৰেডিঅ' অনুষ্ঠান এটাও আছিল, যিটো প্ৰতি আনটো শুকুৰবাৰে পুৱা সম্প্ৰচাৰিত হৈছিল। এই টিভি অনুষ্ঠানটো লাখ লাখ ইৰাণী দৰ্শকে চাইছিল। এই অনুষ্ঠানৰ জৰিয়তে ফাৰোখজাদে ইৰাণীৰ বহু শিল্পীক চিনাকি কৰাই দিছিল আৰু স্বীকৃতি দিছিল, য’ত আছিল সাত্তাৰ, শ্বোহৰেহ, শ্বাহৰাম ছ’লদাতি, আবি, মৰ্তেজা, ৰুহি ছাভোজী, হামিদ শ্বাবখিজ, লাইলা ফৌৰৌহাৰ, ছাইদ মহম্মদী, ইত্যাদি বহুতো। ১৯৭৯ চনৰ বিপ্লৱৰ পিছত ফাৰোখজাদক কাৰাগাৰত ভৰাই থোৱা হয় যদিও পিছলৈ মুকলি কৰি দিয়া হয়। পৰৱৰ্তী সময়ত তেওঁ দেশ এৰি জাৰ্মানীত বসতি স্থাপন কৰে। [4]
ৰাজনীতি আৰু সক্ৰিয়তা
[সম্পাদনা কৰক]ৰাজনৈতিক মতামত
[সম্পাদনা কৰক]ভইচ অৱ আমেৰিকাৰ মতে, ফাৰোখজাদ তেওঁৰ অনুৰাগীসকলৰ মাজত এজন "শিক্ষিত দেশপ্ৰেমিক" হিচাপে পৰিচিত আছিল যিয়ে ইছলামিক ৰিপাব্লিক আৰু ইয়াৰ নেতাসকলক সঘনাই সমালোচনা কৰিছিল, আৰু যিয়ে ধৰ্মগুৰু শাসিত চৰকাৰৰ বিৰুদ্ধে অসংখ্য বিক্ষোভত উপস্থিত আছিল।
ফাৰোখজাদে "ইৰাণৰ স্বাধীনতা সংস্থাৰ পতাকাৰ কণ্ঠ"ৰ বাবে সাপ্তাহিক ৰেডিঅ' অনুষ্ঠান প্ৰস্তুত কৰিছিল; এইটো আছিল ইৰাণী ৰাজতন্ত্ৰৰ নিৰ্বাসিত সমৰ্থকসকলৰ সংগঠন "কাভিয়ানি বেনাৰ অৰ্গেনাইজেচন"ৰ ৰেডিঅ' ষ্টেচন। [5] ফাৰোখজাদে "আই লাভ ভিয়েনা" নামৰ এখন ছবিতো অভিনয় কৰিছিল,[6] যিখন ছবিক ইৰাণৰ কিছুমান বিষয়াই ইছলাম বিৰোধী বুলি গণ্য কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ফাৰোখজাদে দুবাৰ বিয়া হৈ বিবাহ বিচ্ছেদ কৰে। ১৯৬২ চনত অক্সফৰ্ডত লগ পোৱা আনিয়া বুচকোভস্কি নামৰ জাৰ্মান-পোলেণ্ডৰ মহিলাগৰাকীৰ সৈতে তেওঁৰ প্ৰথম বিবাহ হয়। ফাৰোখজাদৰ দৰেই তায়ো কবিতা আৰু নাট্যৰ প্ৰতি আকৰ্ষিত আছিল; তাইক লগ পোৱাৰ পিছত ফাৰোখজাদে কবিতা লিখিবলৈ আৰম্ভ কৰে। বিবাহৰ ফলত ৰোষ্টম নামৰ এজন পুত্ৰ জন্ম হয়। পিছত ফাৰোখজাদ আৰু আনিয়াৰ বিচ্ছেদ ঘটি বিবাহ বিচ্ছেদ হয়। ১৯৭৪ চনত তেওঁ টাৰানেহ নামৰ ইৰাণী মহিলাক বিয়া কৰায়।[7]
মাতৃভাষা পাৰ্চী ভাষাৰ উপৰি তেওঁ জাৰ্মান ভাষাও কব পাৰিছিল।[8]
হত্যা আৰু তাৰ পিছৰ পৰিণতি
[সম্পাদনা কৰক]
৫ আগষ্টৰ সন্ধিয়া ফাৰোখজাদ বাস কৰা অট্টালিকাটোত সহায়ৰ বাবে চিঞৰ-বাখৰত আৰক্ষী বিষয়াসকলে সঁহাৰি জনায় যদিও চিঞৰবোৰ কোনটো এপাৰ্টমেণ্টৰপৰা আহিছিল সেইটো চিনাক্ত কৰিব পৰা নাছিল।[9][10] ১৯৯২ চনৰ ৮ আগষ্টত জাৰ্মানীৰ বনত থকা তেওঁৰ এপাৰ্টমেণ্টৰ পাকঘৰত ফাৰ’খজাদৰ মৃতদেহ উদ্ধাৰ হয়, কাৰণ চুবুৰীয়াই তেওঁৰ কুকুৰ দুটা অবিৰতভাৱে ভুকি থকা শুনা গৈছিল। ফাৰোখজাদক নিৰ্মমভাৱে হত্যা কৰা হৈছিল।[11] তেওঁৰ মুখ আৰু শৰীৰৰ ওপৰৰ অংশত বাৰে বাৰে ছুৰীৰে আঘাত কৰা হৈছিল। ফাৰোখজাদৰ মৃত্যুক লৈ অসংখ্য নগৰীয়া কিংবদন্তি প্ৰচাৰিত হৈছে, য’ত তেওঁৰ মূৰ কাটি পেলোৱা বুলি বহুলভাৱে বাৰে বাৰে কোৱা মিথটোও প্ৰচাৰিত হৈছে।
হত্যাৰ পূৰ্বে ফাৰুখজাদে বিৰোধীৰ ৰেডিঅ’ অনুষ্ঠানৰ প্ৰযোজনাৰ সৈতে জড়িত আছিল আৰু তেওঁক মৃত্যুৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে। লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত তেওঁৰ অনুষ্ঠানৰ সময়ত তেওঁ খোমেইনীক সমালোচনা কৰিছিল আৰু তেওঁৰ ৰেছালেহ নামৰ কিতাপখনত খোমেইনীৰ যৌনতাৰ প্ৰতি থকা আকৰ্ষণক উপহাস কৰিছিল; ইয়াৰ ফলত মৃত্যুৰ ভাবুকি আৰু তেওঁৰ সুৰক্ষাৰ চিন্তাৰ সৃষ্টি হয়।[5]
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]মৃত্যুৰ পাছতো ফাৰোখজাদ ইৰাণৰ এগৰাকী উল্লেখযোগ্য সাংস্কৃতিক ব্যক্তিত্ব হৈয়েই আছে। তেওঁৰ জনপ্ৰিয় সংগীত আৰু টেলিভিছনৰ অনুষ্ঠানসমূহ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত। তেওঁৰ হত্যাকাণ্ড,এজন তাৰকা, কৰ্মী আৰু মনোৰঞ্জকৰ ৰাজনৈতিক হত্যাকাণ্ড ইৰাণীসকলৰ মাজত এক সুপৰিচিত আৰু পাহৰিব নোৱাৰা পৰিঘটনা।
জাভাদ আলিপুৰৰ নাটক (Things Hidden Since the Foundation of the World’ ) "বিশ্বৰ ভেটিৰ পিছৰপৰা গোপনীয়তা"ত তেওঁৰ মৃত্যুৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰেক্ষাপট অন্বেষণ কৰা হৈছে।[12]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "48 Hours remembered the great showman Fereydoun Farrokhzad". VOA News. June 23, 2008. http://www.voanews.com/persian/news/a-31-2008-06-23-voa10-62465437.html.
- ↑ "Payvand News Dialogue of Murder". Archived from the original on June 4, 2011. https://web.archive.org/web/20110604061756/http://www.payvand.com/news/03/jan/1058.html। আহৰণ কৰা হৈছে: March 10, 2007.
- ↑ "Former IRGC Minister Admits to Directing International Assassinations". IranWire. March 9, 2025. https://iranwire.com/en/politics/139765-former-irgc-minister-admits-to-directing-international-assassinations/। আহৰণ কৰা হৈছে: April 18, 2025.
- ↑ "Final Report of the Special Representative". unhchr.ch. http://www.unhchr.ch/Huridocda/Huridoca.nsf/(Symbol)/E.CN.4.1993.41.En?Opendocument.
- 1 2 "Refworld. Chronology of Events: June 1989 -July 1994, (see: 3 August)". unhcr.org. Archived from the original on October 10, 2012. https://web.archive.org/web/20121010211832/http://www.unhcr.org/refworld/country,,IRBC,COUNTRYREP,IRN,,3ae6a8170,0.html.
- ↑ Hezelayagh, Hassan (June 25, 2012). "I Love Vienna (1991)". IMDb. https://www.imdb.com/title/tt0102087/.
- ↑ "Pre-Revolutionary Iranian Pop: Googoosh to Farrokhzad". Public Radio International. Archived from the original on August 18, 2022. https://web.archive.org/web/20220818161945/https://theworld.org/2013/08/iran-googoosh-farrokhzad। আহৰণ কৰা হৈছে: August 20, 2013.
- ↑ "The Early German Poetry of Fereydoun Farrokhzad". Stanford University. https://iranian-studies.stanford.edu/events/lecture-series/early-german-poetry-fereydoun-farrokhzad.
- ↑ "Revelations In Grisly Death Of Iconic Iranian Dissident: Did Tehran Hire A Friend To Kill Him?". rferl.org. 10 December 2021. https://www.rferl.org/a/iran-farrokhzad-chain-murders-investigation-farda/31545582.html। আহৰণ কৰা হৈছে: 9 August 2022.
- ↑ "Iranian entertainer murdered in Germany". United Press Internationalupi.com. 9 August 1992. https://www.upi.com/Archives/1992/08/09/Iranian-entertainer-murdered-in-Germany/4166713332800/। আহৰণ কৰা হৈছে: 9 August 2022.
- ↑ "IRANIAN OPPOSITION FIGURE SLAIN IN GERMANY". Reuters News. August 8, 1992.
- ↑ Love, Catherine (2022-11-04). "Things Hidden Since the Foundation of the World review – a theatrical revelation" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/stage/2022/nov/04/things-hidden-since-the-foundation-of-the-world-review-a-theatrical-revelation.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ফেৰেইডুন ফাৰোখজাদ সম্পৰ্কীয় মিডিয়া ফাইল।- Fereydoun Foundation on Official Farrokhzad Foundation Website Archived September 27, 2020, at the Wayback Machine
- Farrokhzad's biography on BBC
- ফেৰেইডুন ফাৰোখজাদ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Farrokhzad's documentaries[usurped]
- Radio Farda investigation documentary.