সমললৈ যাওক

ফেৰেষ্টেহ হোছেইনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেৰেষ্টেহ হোছেইনী

২০১৯ চনৰ ফজৰ চলচ্চিত্ৰ মহোৎসৱত হোছেইনী
স্থানীয় নাম فرشته حسینی
জন্ম ২৬ এপ্ৰিল, ১৯৯৭
তেহৰাণ, ইৰান
নাগৰিকত্ব আফগানিস্তান, ইৰান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
অভিকৰ্তা Greensmith Artists
দাম্পত্যসঙ্গী নবীদ মোহম্মদজাদেহ (বিবাহ ২০২১)

ফেৰেষ্টেহ হোছেইনী (ফাৰ্চী: فرشته حسینی; জন্ম ২৬ এপ্ৰিল, ১৯৯৭) এগৰাকী আফগান-ইৰানীয় অভিনেত্ৰী। ফাৰ্চী ভাষাত তেওঁৰ নামটো ফ্ৰেশ্বটেহ হোছেইনী বুলি উচ্চাৰণ কৰা হয়। তেওঁ মুখ্যত পাৰ্টিং (২০১৬), দ্য ফ্ৰগ (২০২০-২০২১) আৰু ডুৱেলিং এমং দ্য গডছ (২০২৪) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। পাৰ্টিং চলচ্চিত্ৰখনত আগবঢ়োৱা উৎকৃষ্ট অভিনয়ৰ বাবে হোছেইনীয়ে ১৬ সংখ্যক মাৰাকেচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ফেৰেষ্টেহ হোছেইনীৰ জন্ম ১৯৯৭ চনৰ ২৬ এপ্ৰিলত ইৰানৰ তেহৰাণত হৈছিল।[2][3][4] তেওঁৰ পিতৃ-মাতৃ আছিল আফগানিস্তানৰ যুদ্ধৰ বাবে তেওঁৰ জন্মৰ পূৰ্বেই ইৰানলৈ প্ৰব্ৰজন কৰা দুজন আফগান হাজাৰা শৰণাৰ্থী। হোছেইনীৰ মাছুমেহ, মৰিয়ম, হানিয়েহ আৰু জাহ্ৰা নামেৰে চাৰিগৰাকী ভগ্নী আৰু মহম্মদ নামেৰে এজন ভাতৃ আছে। তেওঁৰ ভগ্নী মৰিয়মও এগৰাকী অভিনেত্ৰী।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
২০২২ চনৰ ফজৰ চলচ্চিত্ৰ মহোৎসৱত হোছেইনী আৰু নবীদ মোহম্মদজাদেহ।

২০২০ চনত হোছেইনী আৰু ইৰানৰ অভিনেতা নবীদ মোহম্মদজাদেহৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা বুলি উৰাবাতৰি ওলাইছিল। ২০২১ চনৰ এপ্ৰিল মাহত মোহম্মদজাদেহে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি এই বাতৰি সঁচা বুলি নিশ্চিত কৰে।[5] পৰৱৰ্তী সময়ত ২০২১ চনৰ জুলাই মাহত এই যুগল বিবাহপাশত আৱদ্ধ হয়।[6][7][8]

থিয়েটাৰ

[সম্পাদনা কৰক]
বৰ্ষ নাম (শীৰ্ষক) নাট্যকাৰ পৰিচালক মঞ্চলৈ টোকা তথ্যসূত্ৰ
আই এম এ ছালভাডৰ [9]
২০১৫ মাই চিনেমাছ মহম্মদ ৰহমানিয়ান চাৰছৌ চিনেপ্লেক্স
২০১৬ এ মেমৰি, এ মনলগ, এ ৰেণ্ট, এণ্ড এ প্ৰেয়াৰ বিভিন্ন মেহৰদাদ খামেনেই এন্তেজামি মিউজিয়াম
দ্য লিটল ব্লেক ফিশ্ব সামাদ বেহৰাংগি
২০১৭ দ্য লিটল প্ৰিন্স আন্তোৱান দ্য ছেইণ্ট-এক্সুপেৰী
২০১৭–২০১৮ আই এম এন ইম'শ্বনেল ক্ৰিয়েচাৰ: দ্য ছিক্ৰেট লাইফ অৱ গাৰ্লছ এৰাউণ্ড দ্য ৱৰ্ল্ড ইভ এন্সলাৰ
২০২৪–২০২৫ ফান্ফেয়াৰ নবীদ মোহম্মদজাদেহ লাবখান্দ থিয়েটাৰ কমপ্লেক্স পোছাক সজ্জাকাৰী হিচাপে [10]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
২০১৮ চনত হোছেইনী
বঁটা প্ৰদান অনুষ্ঠানৰ নাম, প্ৰদান কৰা বৰ্ষ, বিভাগ, মনোনীত কৰ্ম আৰু ফলাফলৰ তালিকা
বঁটা বৰ্ষ বিভাগ মনোনীত কৰ্ম ফলাফল তথ্যসূত্ৰ


ইউৰো-বালকান চলচ্চিত্ৰ মহোৎসৱ ২০২৫ শ্ৰেষ্ঠ অভিনেত্ৰী


ডুৱেলিং এমং দ্য গডছ বিজয়ী


[11]
শ্ৰেষ্ঠ অভিনেতা বা অভিনেত্ৰীৰ বিশেষ উল্লেখ বিজয়ী
ফজৰ চলচ্চিত্ৰ মহোৎসৱ


২০২২ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী স্কোয়াড অৱ গাৰ্লছ


সাঁচ:Draw [12]
হাফেজ বঁটা


২০২১ শ্ৰেষ্ঠ অভিনেত্ৰী – টেলিভিছন ধাৰাবাহিক ড্ৰামা দ্য ফ্ৰগ


সাঁচ:Draw [13]
২০২৪ The Asphalt Jungle মনোনীত


[14]
ইৰান চিনেমা চেলিব্ৰেশ্যন


২০১৮ শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী পাৰ্টিং


মনোনীত [15]
হংকং লাইটছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ


২০২৫ শ্ৰেষ্ঠ অভিনেত্ৰী ডুৱেলিং এমং দ্য গডছ


বিজয়ী
মাৰাকেচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ


২০১৬ শ্ৰেষ্ঠ অভিনেত্ৰী পাৰ্টিং


বিজয়ী [16]
ওট্ৰাণ্টো চলচ্চিত্ৰ মহোৎসৱ


২০২৪ শ্ৰেষ্ঠ অভিনেত্ৰী ডুৱেলিং এমং দ্য গডছ


বিজয়ী [17]
পুলা চলচ্চিত্ৰ মহোৎসৱ


২০২৫ ক্ৰৱেচিয়ান মাইনৰিটী ক'-প্ৰডাকচনৰ শ্ৰেষ্ঠ অভিনেত্ৰী ডুৱেলিং এমং দ্য গডছ


বিজয়ী [18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Full List Of Marrakech International Film Festival Award Winners". theplaylist.net. https://theplaylist.net আহৰণ কৰা হৈছে: 2022-12-25.
  2. "مصاحبه تماشایی فرشته حسینی با تلویزیون افغانستان + ویدئو" (fa-IR ভাষাত). روزیاتو. 2021-04-27. https://rooziato.com আহৰণ কৰা হৈছে: 2021-12-28.
  3. "بازیگر افغانستانی فیلم رفتن: الگوی دختران افغانستان هستم" (fa ভাষাত). Fars News Agency. Archived from the original on 20 August 2009. https://web.archive.org/web/20090820140128/http://farsnews.com/ আহৰণ কৰা হৈছে: 4 March 2021.
  4. "فرشته حسینی بازیگر سریال قورباغه کیست" (fa ভাষাত). نمناک. Archived from the original on 2021-12-19. https://web.archive.org/web/20211219224539/https://namnak.com/ আহৰণ কৰা হৈছে: 2021-12-28.
  5. "تبریک تولد متفاوت "نوید محمدزاده" به "فرشته حسینی" در اینستاگرام" (fa ভাষাত). shahraranews.ir. https://shahraranews.ir....
  6. "نوید محمدزاده از ابد و یک روز تا ازدواج با فرشته حسینی + بیوگرافی و عکس" (fa ভাষাত). ایمنا. 2021-08-02. https://imna.ir আহৰণ কৰা হৈছে: 2021-12-28.
  7. "بیوگرافی فرشته حسینی بازیگر و همسرش نوید محمدزاده" (fa-IR ভাষাত). 2021-07-10. Archived from the original on 2021-11-29. https://web.archive.org/web/20211129225230/https://photokade.com/ আহৰণ কৰা হৈছে: 2021-12-28.
  8. Janković, Zoran. "PRODUCTION: Vuk Ršumović Shoots His Sophomore Feature Dwelling Among Gods - FilmNewEurope.com" (en-gb ভাষাত). ://filmneweurope.com. https://filmneweurope.com আহৰণ কৰা হৈছে: 2021-12-26.
  9. "بیوگرافی فرشته حسینی بازیگر افغانی و ماجرای ازدواجش با نوید محمدزاده" (fa ভাষাত). دلگرم. 22 April 2019. https://delgarm.com আহৰণ কৰা হৈছে: 2021-12-28.
  10. "سانس ویژه «شهر بازی» برای دانشجویان" (fa ভাষাত). Mehr News Agency. 2024-12-12. https://mehrnews.com%... আহৰণ কৰা হৈছে: 2025-02-19.
  11. "Afterwar crowned Best Film at the Euro Balkan Film Festival in Rome" (en ভাষাত). Cineuropa. 2025-11-07. https://cineuropa.org আহৰণ কৰা হৈছে: 2025-11-07.
  12. "نامزدهای سیمرغ بلورین چهلمین جشنواره فیلم فجر معرفی شدند/ پیشتازی "موقعیت مهدی"" (fa ভাষাত). https://ilna.news....
  13. "نامزدهای بخش تلویزیون بیست و یکمین جشن حافظ چه کسانی هستند؟" (fa ভাষাত). Borna News. https://borna.news... আহৰণ কৰা হৈছে: 2021-11-14.
  14. "بازیگران و سریال‌های نامزد دریافت تندیس حافظ را بشناسید". Mehr News Agency. https://mehrnews.com... আহৰণ কৰা হৈছে: 2024-11-18.
  15. "پایان جشن سینما با رکوردداری "بدون تاریخ، بدون امضاء"" (fa ভাষাত). ISNA. 2018-09-01. https://isna.ir আহৰণ কৰা হৈছে: 2021-12-28.
  16. "Full List Of Marrakech International Film Festival Award Winners". theplaylist.net. https://theplaylist.net আহৰণ কৰা হৈছে: 2022-12-25.
  17. "فرشته حسینی در نقش یک دختر افغان جایزه برد" (fa ভাষাত). Khabaronline. 2024-09-30. https://khabaronline.ir... আহৰণ কৰা হৈছে: 2024-09-30.
  18. "Here Are the Winners of the 72nd Pula Film Festival" (en-US ভাষাত). https://pulafilmfestival.hr আহৰণ কৰা হৈছে: 2025-10-19.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]