ফৌজা সিং
| ফৌজা সিং BEM | |
|---|---|
২০১৩ চনত সিং | |
| ব্যক্তিগত তথ্যাৱলী | |
| উপনাম | টাৰ্বেনড টৰ্নেডো দৌৰা বাবা শিখ অতিমানৱ[1] |
| ৰাষ্ট্ৰীয়তা | বৃটিছ |
| জন্ম | ১ এপ্ৰিল, ১৯১১ (claimed) বিয়াস পিণ্ড, পঞ্জাব প্ৰদেশ, বৃটিছ ভাৰত |
| মৃত্যু | ১৪ জুলাই, ২০২৫ বিয়াস পিণ্ড, পঞ্জাব, ভাৰত |
| সক্ৰিয় হৈ থকা সময় | ২০০০-২০১৩ |
| উচ্চতা | ১.৭২ মিটাৰ (U=ft}}) |
| ওজন | ৫৩ কিলোগ্ৰাম (১১৭ পাউণ্ড) |
| ক্ৰীড়া | |
| দেশ | যুক্ত ৰাজ্যUnited Kingdom |
| ক্ৰীড়া | মাৰাথন |
| অৱসৰ | 24 February 2013[2][3] |
| 20 April 2023-ত নবীকৰণ কৰা হৈছে। | |
ফৌজা সিং ( ইংৰাজী: : Fauja Sing ; মৃত্যু ১৪ জুলাই ২০২৫) এগৰাকী বৃটিছ ভাৰতীয় মাৰাথন দৌৰবিদ। তেও ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশত জন্ম গ্ৰহণ কৰিছিল। সেই সময়ত যিহেতু জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা ব্যৱস্থা নাছিল,সেইবাবে তেওঁ নিজৰ বয়স প্ৰমাণ কৰিবলৈ জন্ম প্ৰমাণপত্ৰ দাঙি ধৰিব পৰা নাছিল ফলত তেওঁৰ বয়স তৃতীয় পক্ষই পৰীক্ষা কৰিব পৰা নাছিল। জীৱনৰ পৰবৰ্ত্তী সময়ত ফৌজা সিং এজন মাৰাথন দৌৰবিদ হৈ পৰে, আৰু সমগ্ৰ বিশ্বতে মাৰাথন দৌৰত অংশগ্ৰহণ কৰে।
জীৱনত তেওঁ বিভিন্ন বয়সৰ শ্ৰেণীত বহুতো বিশ্ব ৰেকৰ্ড গঢ়িছিল, কিন্তু সেই বোৰৰ কোনোটোৱেই ৰেকৰ্ড হিচাপে স্বীকৃতি লাভ নকৰিলে। ২০০৩ চনৰ লণ্ডন মাৰাথনত তেওঁৰ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ সময় ৬ ঘণ্টা ২ মিনিট আছিল,[4] আৰু ৯০ বছৰৰ ওপৰ বয়সৰ শ্ৰেণীৰ বাবে দাবী কৰা তেওঁৰ মাৰাথনৰ সৰ্বশ্ৰেষ্ঠ সময় ৫ ঘণ্টা ৪০ মিনিট আছিল — যিটো ২০০৩ চনৰ টৰণ্ট’ ৱাটাৰফ্ৰণ্ট মাৰাথনত তেওঁ ৯২ বছৰ বয়সত দৌৰিছিল বুলি দাবী কৰা হৈছিল।[5][6] ২০২৫ চনত পঞ্জাৱত এটা হিট এণ্ড ৰান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।
জীৱনী
[সম্পাদনা কৰক]প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ফৌজা সিং ধিন্ডসাই দাবী কৰিছিল যে তেওঁ ১৯১১ চনৰ ১ এপ্ৰিলত বৃটিছ ভাৰতৰ পঞ্জাবৰ জলন্ধৰৰ বিয়াস পিণ্ড গাঁৱত জন্মগ্ৰহণ কৰিছিল।[5] তেওঁ চাৰিজন ভাই-ভনিৰ ভিতৰত আটাইতকৈ সৰু আছিল। ফৌজা সিঙে পাঁচ বছৰ বয়সলৈকে খোজ কাঢ়িব নোৱাৰিছিল। তেওঁৰ ভৰি ক্ষিণ আৰু দুৰ্বল আছিল, আৰু তেওঁ বেছি দূৰলৈ খোজ কাঢ়িবও নোৱাৰিছিল। এই কাৰণেই তেওঁক প্ৰায়য়ে ঠাট্টা কৰা হৈছিল, আৰু পৰৱৰ্তী দশ বছৰৰ বাবে তেওঁক "ডণ্ডা" (পঞ্জাবী: ਡੰਡਾ — অৰ্থাৎ লাঠি) উপনামেৰে মাতিছিল। যৌৱন অৱস্থাত, ফৌজা সিং এগৰাকী উৎসাহী অপেছাদাৰী দৌৰবিদ আছিল, অৱশ্যে ভাৰত বিভাজনৰ সময়ছোৱাত তেওঁ দৌৰা কাৰ্য এৰি দিছিল।[7]
দৌৰৰ প্ৰতি থকা আবেগক সংকল্পলৈ পৰিবৰ্তন
[সম্পাদনা কৰক]১৯৯২ চনত তেওঁৰ পত্নীৰ মৃত্যু হয় আৰু তাৰ পিছতেই প্ৰসুতি সম্পৰ্কীয় জটিলতাত তেওঁৰ জেষ্ঠা কন্যাৰও মৃত্যু হয়। ১৯৯৪ চনৰ আগষ্ট মাহত তেওঁৰ পঞ্চম পুত্র কুলদীপ এটা নিৰ্মাণ দুৰ্ঘটনাত মৃত্যু হয়। এই সকলো ঘটনাই ফৌজা সিংৰ জীৱনত নতুন লক্ষ্য স্থাপন কৰাৰ দৃঢ় সংকল্প জগায় আৰু[1] ১৯৯৫ চনত তেও দৌৰ প্রতি থকা নিজৰ আৱেগক উৎসাহলৈ ৰূপান্তৰ কৰি পুনৰ দৌৰিবলৈ উভতি আহে।
তেওঁ ১৯৯০ দশকৰ সময়ছোৱাত ইংলেণ্ডলৈ প্ৰব্ৰজন কৰে আৰু ইলফৰ্ডত তেওঁৰ আন এজন পুত্ৰৰ সৈতে বাসকৰে ।[8]
৮৯ বছৰ বয়সত সিঙে দৌৰক গুৰুত্বসহকাৰে লৈছিল আৰু আন্তৰ্জাতিক মাৰাথন প্ৰতিযোগিতাত অংশ ল’বলৈ আৰম্ভ কৰে। যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে এচেক্সৰ ৰেডব্ৰিজত প্ৰশিক্ষণৰ বাবে উপস্থিত হৈছিল, তেতিয়া তেওঁ থ্ৰী পিছ ছুট পিন্ধিছিল। তেওঁক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকে তেওঁৰ সকলো পৰিকল্পনা, পোছাকসহ, পুনৰ সংগঠিত কৰিব লগা হৈছিল। ফৌজা সিঙে তেওঁৰ প্ৰথম দৌৰ — লণ্ডন মাৰাথন — ২০০০ চনত দৌৰে।[9] তেওঁৰ প্ৰশিক্ষকৰ মতে, ফৌজা সিংয়ে সহজেই ২০ কিলোমিটাৰলৈকে দৌৰিছিল আৰু তেওঁ ভাবিছিল যে মাৰাথন দৌৰ মাত্ৰ ২৬ কিলোমিটাৰ, ২৬ মাইল (অর্থাৎ ৪২ কিলোমিটাৰ) নহয়। এই বাস্তৱতা বুজি পোৱাৰ পিছতহে তেওঁ একান্তভাৱে প্ৰশিক্ষণ আৰম্ভ কৰিছিল।[10]
ফৌজা সিঙে তেওঁৰ দাবী কৰা বয়স শ্ৰেণীত মাত্ৰ ৯৪ মিনিটৰ ভিতৰত একেটা প্ৰতিযোগিতাৰ সময়ছোৱাতেই ২০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ, ১ মাইল আৰু ৩০০০ মিটাৰ দৌৰত যুক্তৰাজ্যৰ ৰেকৰ্ড উন্নত কৰিছিল।[11][12][13] যদিও, এইবোৰ বৰ্তমান স্বীকৃত ৰেকৰ্ড হিচাপে তালিকাভুক্ত নহয়।[14]
১০০ বছৰ বয়সত, ফৌজা সিঙে এটা দিনতেই আঠটা বয়সভিত্তিক বিশ্ব ৰেকৰ্ড স্থাপন কৰিবলৈ চেষ্টা কৰে আৰু সফল হয়। এই অনন্য ক্ৰীড়া প্ৰতিযোগিতা — Ontario Masters Association Fauja Singh Invitational Meet — কানাডাৰ অন্টেৰিঅ’ৰ টৰণ্ট’ চহৰৰ বাৰ্চমাউন্ট ষ্টেডিয়ামত আয়োজন কৰা হৈছিল। কানাডাৰ বিষয়াৰ দ্বাৰা সময় গণনা কৰা এই দৌৰত, তেওঁ নিম্নলিখিত সময়ত বিভিন্ন দৌৰ সম্পন্ন কৰেঃ১০০ মিটাৰ: ২৩.১৪ ছেকেণ্ডত,২০০ মিটাৰ: ৫২.২৩ ছেকেণ্ডত,৪০০ মিটাৰ: ২ মিনিট ১৩.৪৮ ছেকেণ্ডত,৮০০ মিটাৰ: ৫ মিনিট ৩২.১৮ ছেকেণ্ডত,১৫০০ মিটাৰ: ১১ মিনিট ২৭.৮১ ছেকেণ্ডত,১ মাইল: ১১ মিনিট ৫৩.৪৫ ছেকেণ্ডত,৩০০০ মিটাৰ: ২৪ মিনিট ৫২.৪৭ ছেকেণ্ডত,৫০০০ মিটাৰ: ৪৯ মিনিট ৫৭.৩৯ ছেকেণ্ডত।
এই দৌৰবোৰত তেওঁ তেওঁৰ বয়স শ্ৰেণীৰ বাবে একেদিনাই পাঁচটা বিশ্ব ৰেকৰ্ড স্থাপন কৰিছিল।[15] কিছুমান ইভেণ্টত আগতে কোনো ৰেকৰ্ডধাৰী নাছিল, কাৰণ ১০০ বছৰৰ ওপৰৰ বয়সৰ কোনোলোকেই এই দৌৰত অংশ লোৱা নাছিল। তেওঁৰ কিছুমান সময় M95 বয়স শ্ৰেণীৰ তালিকাভুক্ত বিশ্ব ৰেকৰ্ডতকৈ যথেষ্ট উন্নত।[16] তিনিদিন পাছত, ২০১১ চনৰ ১৬ অক্টোবৰত, ফৌজা সিঙে প্ৰথম ১০০ বছৰীয়া ব্যক্তি হিচাপে এটা মাৰাথন সম্পূর্ণ কৰাৰ দাবী কৰা হৈছিল — তেওঁ Toronto Waterfront Marathon সম্পূৰ্ণ কৰিছিল ৮ ঘণ্টা ১১ মিনিট ৬ ছেকেণ্ডত।[17] যিহেতু আৰম্ভণিৰ বন্দুক ফুটুৱাৰ ১৪ মিনিটৰ পিছত তেও আৰম্ভণি ৰেখা পাৰ হৈছিল,যত বয়স শ্ৰেণীৰ ৰেকৰ্ডৰ বাবে দাখিল কৰা চৰকাৰী সময় আছিল ৮:২৫:১৭,ফলত ইয়াক স্বীকৃতি দিয়া নহৈছিল।[18]
ফৌজা সিঙৰ জীৱনী টাৰ্বেনড টৰ্নেডো শীৰ্ষক কিতাপখন ২০১১ চনৰ ৭ জুলাই তাৰিখে বৃটেইনৰ হাউচ অফ লৰ্ডছৰ এটলি ৰুমত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। নৰ্উড গ্ৰীণৰ লৰ্ড ইয়ং এণ্টনি আৰু ব্ৰিটিছ ক্রাউন ক’ৰ্টৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ছাৰ মোটা সিঙে। চণ্ডীগড়ৰ স্তম্ভলেখক তথা সাহিত্যিক খুছৱন্ত সিঙে এই গ্ৰন্থখন লিখিছিল।[9][19] ২০১১ চনৰ অক্টোবৰ মাহত নিৰামিষভোজী সিং পেটা (People for the Ethical Treatment of Animals) অভিযানত অংশগ্ৰহণ কৰা আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হয়।[20]
২০১২ চনত তেওঁ লণ্ডনৰ গ্ৰীষ্মকালীন অলিম্পিক খেলত অলিম্পিক শিখা লৈ অহা এক "শিখা বাহক" হিচাপে অংশ গ্ৰহণ কৰিছিল।[21]
২০১৩ চনৰ ২৪ ফেব্ৰুৱাৰীত হংকং মাৰাথনত অংশগ্ৰহণ কৰাৰ পিছত[2] সিঙে প্ৰতিযোগিতামূলক দৌৰৰ পৰা অৱসৰ ল'ব বুলি উল্লেখ কৰে। তেওঁ হংকং মাৰাথনত ১০ কিলোমিটাৰ দৌৰ ১ ঘণ্টা ৩২ মিনিট ২৮ ছেকেণ্ডত সম্পূৰ্ণ কৰে,[3][21] অৱসৰৰ পিছতো সিঙে ইভেণ্টত মাৰাথন দৌৰবিদসকলক উৎসাহিত কৰি ভাল পাইছিল।[22] মালয়েছিয়াত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক চৰ্দিকলা দৌৰৰ বাবে সিঙে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে যিটো তেওঁৰ সন্মানত ‘১০১ আৰু দৌৰ’ শীৰ্ষক থিম প্ৰদান কৰা হয়। অৱসৰৰ পিছতো তেওঁ এনে অনুষ্ঠানত অংশগ্ৰহণ কৰি থাকিল, ২০১৪ চনত ৫ কে চাৰ্ডিকালা দৌৰত অংশগ্ৰহণ কৰে।[23]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সিংৰ উচ্চতা আছিল ১.৭২ মিটাৰ (৫ ফুট ৮ ইঞ্চি) আৰু ওজন ৫২ কিগ্ৰা (১১৫ পাউণ্ড)। তেওঁ নিজৰ শাৰীৰিক সুস্থতা আৰু দীঘল জীৱনৰ বাবে ধুম্ৰপান আৰু মদ্যপান এৰাই থকাৰ লগতে সাধাৰণ নিৰামিষ আহাৰ অনুসৰণ কৰাক কৃতিত্ব দিছিল।[24] তেওঁ কয়, "মই বেছি পৰিমাণৰ খাদ্যবস্তুৰ বিষয়ে সাৱধান। মোৰ আহাৰ সৰল — ফুলকা, দাল, সেউজীয়া তৰকাৰি, দৈ আৰু গাখীৰ। মই পৰাঠা, পকৌড়া, ভাত বা আন যিকোনো ভজা খাদ্য নাখাওঁ। মই বহু পৰিমাণে পানী আৰু আদা দিয়া চাহ খাওঁ। মই নেতিবাচক চিন্তাসমূহ আতৰাই ৰাতি সোনকালে ভগৱানৰ নাম লৈ শুই পৰো।"[5] মাৰাথনৰ বিষয়ে কথা পাতি তেওঁ কয়: "প্ৰথম ২০ মাইল কঠিন নহয়। শেষ ৬ মাইল মই ভগৱানৰ সৈতে কথা পাতি দৌৰো।"[5]
মৃত্যু
[সম্পাদনা কৰক]সিংৰ মৃত্যু হয় ১৫ জুলাই ২০২৫ তাৰিখে, পঞ্জাবৰ তেওঁৰ নিজ গাঁৱত বিঅছ পিণ্ডত এটা ৰাস্তা পাৰ হোৱা সময়ত এখন এছ.ই.ভি.-এ খুন্দা মৰাৰ ফলত।[25][26] গাড়ীখনৰ চালক গাড়ী ৰখোৱা বা তেওঁক হাস্পতাললৈ ননিয়া কাৰণে পিছত গ্ৰেপ্তাৰ কৰা হয়।[27] আৰক্ষীয়ে এই ঘটনাটোক হিট-এণ্ড-ৰণ (আঘাত কৰি পলাই যোৱা) অপৰাধ হিচাপে বিবেচনা কৰিছে। অভিযুক্তজন এজন ২৬ বছৰীয়া কানাডা-আধাৰিত লোক, যাৰ ওচৰত ২০২৭ চনলৈ ভাৰতত কাৰ্য অনুমতি আছে।[28]
শিখ ইন দা চিটি
[সম্পাদনা কৰক]সিং আছিল “শিখ ইন দা চিটি” বুলি আত্ম-ঘোষণা কৰা এটা শিখ দলৰ আটাইতকৈ বয়স্ক সদস্য। এই "গ’ল্ডেন অল্ডিজ" দলে ২০০৯ চনত এডিনব’ৰা মাৰাথন ৰিলেত দৌৰি অংশ লৈছিল, য’ত আন তিনিজন শিখ সদস্যৰ বয়স আছিল ৭৯, ৭৯ আৰু ৮০ বছৰ।[29] SITC (Sikhs in the City) দৌৰৰ দলটো বৰ্তমান পূৰ্ব লণ্ডনত আধাৰিত এক সু-প্ৰতিষ্ঠিত গোট, যি পৃথিৱীৰ নানা ঠাইত আন্ত-ধৰ্মীয় গোটৰ সৈতে একেলগে মাৰাথনত অংশ লয় আৰু ফৌজা সিংৰ স্বেচ্ছাসেৱী সংস্থাবোৰৰ বাবে ধন সংগ্ৰহ কৰে।[30]
বিবাদসমূহ
[সম্পাদনা কৰক]পঞ্জাব নিৰ্বাচন ২০১২
[সম্পাদনা কৰক]সিং ৰাজা সাঁসী বিধানসভা সমষ্টিৰ অন্তৰ্গত কুকৰানৱালা গাঁৱত পিপল’ছ পাৰ্টি অৱ পঞ্জাবৰ প্ৰাৰ্থীৰ নিৰ্বাচনী সভাত অংশ লৈছিল, য’ত তেওঁ দলটোক সমৰ্থন জনাইছিল বুলি সংবাদ মাধ্যমে প্ৰকাশ পায়।[31] যি-হেতুকে "Sikhs in the City" গোটটোৱে এই ঘটনাটোক "ফৌজা সিংক ৰাজনৈতিক উদ্দেশ্যত অপব্যৱহাৰ কৰা" বুলি সমালোচনা কৰে আৰু কয় যে দলটোৱে "এজন বৃদ্ধ ব্যক্তিৰ সংবেদনশীল অৱস্থাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে।"[32]
বয়সৰ প্ৰমাণীকৰণ
[সম্পাদনা কৰক]Guinness World Records-এ সিংক নিজৰ ৰেকৰ্ড বুকত অন্তর্ভুক্ত কৰাৰ পৰা অস্বীকাৰ কৰে, কাৰণ তেওঁ নিজৰ বয়স প্ৰমাণ কৰিবলৈ জন্ম প্ৰমাণপত্ৰ দাঙি ধৰিব পৰা নাছিল।[33] সেই সময়ত ভাৰতৰ গাঁওসমূহত সাধাৰণতে জন্ম প্ৰমাণপত্ৰ প্ৰদান কৰা নহৈছিল।[34] সিংয়ে নিজৰ ব্ৰিটিছ পাছপ’ৰ্টত জন্মতাৰিখ ১ এপ্ৰিল ১৯১১ বুলি উল্লেখ থকা প্ৰমাণ হিচাপে দাঙি ধৰাৰ চেষ্টা কৰিছিল।[21]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]১৩ নৱেম্বৰ ২০০৩ তাৰিখে, আমেৰিকাৰ National Ethnic Coalition নামৰ এটি জাতিগত গৌৰৱ আৰু সহিষ্ণুতাৰ পক্ষে কাম কৰা গোটে ফৌজা সিংক Ellis Island Medal of Honor প্ৰদান কৰে। Coalition-ৰ অধ্যক্ষ উইলিয়াম ফুগাজীয়ে কৈছিল যে, সিং হৈছে জাতিগত সহিষ্ণুতাৰ এটি প্ৰতীক, আৰু তেওঁৰ দৌৰে ১১ ছেপ্টেম্বৰ সন্ত্রাসবাদী আক্ৰমণেৰে সৃষ্টি হোৱা বিভাজন দূৰ কৰাত সহায় কৰে। ফুগাজীয়ে কৈছিল, "তেওঁ সকলোতকৈ ডাঙৰ অনুপ্ৰেৰণা," আৰু এই বঁটাটো লাভ কৰা প্ৰথম অ-আমেৰিকান নাগৰিক হিচাপে সিংৰ নাম ঘোষণা কৰিছিল। ২০১১ চনত, তেওঁৰ সফলতাৰ বাবে ফৌজা সিংক "Pride of India" শিৰোনামেৰে বঁটা প্ৰদান কৰা হয় এজন UK-ভিত্তিক সংগঠনৰ দ্বাৰা।[35] জুলাই ২০১২ চনত, সিংয়ে অলিম্পিক টর্চ লৈ গৈছিল।[36] ২০১৫ চনৰ নতুন বছৰৰ সন্মান তালিকাত তেওঁক ক্ৰীড়া আৰু দান-ধ্যানৰ ক্ষেত্ৰত সেউজ অৱদানৰ বাবে British Empire Medal (BEM) প্ৰদান কৰা হয়।[37][38]
সাফল্য সমূহ
[সম্পাদনা কৰক]দৌৰা মাৰাথনসমূহ
[সম্পাদনা কৰক]লণ্ডন (৬ বাৰ), টৰণ্টো (২ বাৰ), নিউ ইয়র্ক (১ বাৰ)[39]
প্ৰধান মাৰাথন সময়সমূহ
[সম্পাদনা কৰক]• লণ্ডন মাৰাথন ২০০০: ৬ ঘণ্টা ৫৪ মিনিট[39]
• লণ্ডন মাৰাথন ২০০১: ৬ ঘণ্টা ৫৪ মিনিট[39]
• লণ্ডন মাৰাথন ২০০২: ৬ ঘণ্টা ৪৫ মিনিট[39]
• লণ্ডন মাৰাথন ২০০৩: ৬ ঘণ্টা ০২ মিনিট[39]
• টৰণ্টো ৱাটাৰফ্ৰণ্ট মাৰাথন ২০০৩: ৫ ঘণ্টা ৪০ মিনিট[39]
• নিউ ইয়র্ক চিটি মাৰাথন ২০০৩: ৭ ঘণ্টা ৩৫ মিনিট[39]
• লণ্ডন মাৰাথন ২০০৪: ৬ ঘণ্টা ০৭ মিনিট[39]
• গ্লাসগ’ চিটি হাফ মাৰাথন ২০০৪: ২ ঘণ্টা ৩৩ মিনিট[39]
• টৰণ্টো ৱাটাৰফ্ৰণ্ট হাফ মাৰাথন ২০০৪: ২ ঘণ্টা ২৯ মিনিট ৫৯ ছেকেণ্ড[39]
• টৰণ্টো ৱাটাৰফ্ৰণ্ট মাৰাথন ২০১১: ৮ ঘণ্টা ১১ মিনিট[39]
• লণ্ডন মাৰাথন ২০১২: ৭ ঘণ্টা ৪৯ মিনিট ২১ ছেকেণ্ড[39]
অন্য দৌৰ আৰু ৰেকৰ্ড
[সম্পাদনা কৰক]• হংকং মাৰাথন (১০ কিমি) ২০১২: ১ ঘণ্টা ৩৪ মিনিট (চেৰিটীৰ বাবে $২৫,৮০০ সংগ্ৰহ)[40]
• ইউকে পাৰ্কৰাণ ২০১২: বয়স অনুসৰি গ্ৰেড কৰা ৰেকৰ্ডধাৰী — ১৭৯.০৪% (সময়: ৩৮ মিনিট ৩৪ ছেকেণ্ড)[41]
• হংকং মাৰাথন (১০ কিমি) ২০১৩: ১ ঘণ্টা ৩২ মিনিট ২৮ ছেকেণ্ড[42]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Wee, Lea (13 December 2012). "Running gave him second wind". The Straits Times (Singapore): পৃষ্ঠা 24.
- ↑ 2.0 2.1 "New Delhi Marathon runner Fauja Singh to retire after one last run 3rd of September". পৃষ্ঠা 169. Archived from the original on 25 January 2013. https://web.archive.org/web/20130125060049/http://www.hindustantimes.com/India-news/NewDelhi/Marathon-runner-Fauja-Singh-to-retire-after-one-last-run/Article1-999041.aspx.
- ↑ 3.0 3.1 "At 101, Fauja Singh completes his final marathon". Agence France-Presse. 24 February 2013. Archived from the original on 26 February 2013. https://web.archive.org/web/20130226234019/http://sports.ndtv.com/othersports/othersports/item/204074-at-101-fauja-singh-completes-his-final-marathon?pfrom=home-otherstories.
- ↑ Ashenden, Mark (30 June 2005). "Life Begins at 90". BBC News. http://news.bbc.co.uk/sport2/hi/funny_old_game/4631111.stm.
- ↑ 5.0 5.1 5.2 5.3 Rana, Vijay (19 April 2004). "At 93, Adidas Marathon man Fauja runs with god as partner". The Indian Express. http://www.indianexpress.com/oldStory/45350. ""I run while talking to God.""
- ↑ "Runner, 94, finishes capital race". BBC News. 12 June 2005. http://news.bbc.co.uk/1/hi/scotland/4084162.stm.
- ↑ "Fauja Singh, known as the world's oldest marathoner, has died" (en-GB ভাষাত). Runner's World. 2025-07-15. https://www.runnersworld.com/uk/news/a65411422/fauja-singh-dies/। আহৰণ কৰা হৈছে: 2025-07-16.
- ↑ Turnbull, Simon (24 February 2013). "Age catches up with Fauja Singh". The Independent (London). https://www.independent.co.uk/sport/general/athletics/age-catches-up-with-fauja-singh-8508316.html.
- ↑ 9.0 9.1 "Fauja Singh: Marathoner, poster boy, 100 yrs old". NDTV. 8 July 2011. http://www.ndtv.com/article/india/fauja-singh-marathoner-poster-boy-100-yrs-old-117750.
- ↑ Carney, John (3 February 2012). "Marathon man, 100, takes challenges in his stride". South China Morning Post. http://topics.scmp.com/news/hk-news-watch/article/Marathon-man-100-takes-challenges-in-his-stride.
- ↑ "The Real Singh, the Real King (Fauja Singh)". Curry Bear. April 2010. http://www.currybear.com/wordpress/?p=4239। আহৰণ কৰা হৈছে: 16 October 2011.
- ↑ "94-year-old breaks 5 records within 94 minutes". British Masters Athletic Federation. Archived from the original on 17 October 2011. https://web.archive.org/web/20111017173311/http://www.bvaf.org.uk/oldnews.htm। আহৰণ কৰা হৈছে: 16 October 2011.
- ↑ "Who Are The Oldest People on Our Planet? And, Why Are They That Healthy?". Diabetes Diet Dialogue. 14 July 2007. http://diabetesdietdialogue.wordpress.com/2007/07/14/who-are-the-oldest-people-on-our-planet-and-why-are-they-that-healthy-part-4। আহৰণ কৰা হৈছে: 16 October 2011.
- ↑ "UK Age Group Track Records". Masters Athletics UK. Archived from the original on 27 May 2022. https://web.archive.org/web/20220527190815/https://mastersathletics.co.uk/uk-age-group-track-records/। আহৰণ কৰা হৈছে: 15 September 2022.
- ↑ "M100 Indian sets 8 world records in succession? Check ID first". Masterstrack.com. Archived from the original on 31 October 2011. https://web.archive.org/web/20111031133913/http://masterstrack.com/2011/10/20285/। আহৰণ কৰা হৈছে: 16 October 2011.
- ↑ "100 Year Old Fauja Singh Sets EIGHT World Records in a Row". Ontario Masters Athletics. 13 October 2011. http://www.ontariomastersathletics.ca/?p=2407। আহৰণ কৰা হৈছে: 16 October 2011.
- ↑ "Another marathon milestone for centenarian". The Tribune. 17 October 2011. http://www.tribuneindia.com/2011/20111018/main6.htm.
- ↑ "Scotiabank Toronto Waterfront Marathon". Sport Stats. Archived from the original on 23 October 2013. https://web.archive.org/web/20131023054441/http://www.sportstats.ca/displayResults.xhtml?racecode=47498। আহৰণ কৰা হৈছে: 16 October 2011.
- ↑ "100-year-old Sikh marathoner's biography released in Britain". The Indian Express. 8 July 2011. http://www.indianexpress.com/news/100year-old-sikh-marathoners-biography-rel/814740.
- ↑ "100-year-old marathoner Fauja Singh becomes PETA's poster boy". The Times of India. 21 October 2011. https://timesofindia.indiatimes.com/sports/off-the-field/100-year-old-marathoner-fauja-singh-becomes-petas-poster-boy/articleshow/10441985.cms.
- ↑ 21.0 21.1 21.2 Duggal, Saurabh (15 July 2025). "World's 'oldest' marathon runner dies at 114 in hit-and-run". https://www.bbc.com/news/articles/cpqnppnx0z1o.
- ↑ Kanthwal, Gaurav Kanthwal (30 April 2023). "What keeps Fauja Singh going". The Tribune. https://www.tribuneindia.com/news/comment/what-keeps-fauja-singh-going-503214.
- ↑ Azrul Mohd Khalib (31 October 2014), "Running with the Turbaned Tornado", Malay Mail, https://www.malaymail.com/news/opinion/2014/10/31/running-with-the-turbaned-tornado/773763
- ↑ Johnston, Lauren (17 October 2011). "100-year-old Fauja Singh sets world record: Oldest runner to complete a marathon". Daily News (New York). http://www.nydailynews.com/blogs/running_dialogue/2011/10/100-year-old-fauja-singh-sets-world-record-oldest-runner-to-complete-a-mara.
- ↑ "Marathon Runner Fauja Singh Passes Away at 114". Babushahi. 14 July 2025. https://www.babushahi.com/view-news.php?id=207558.
- ↑ "Marathon runner Fauja Singh dies in road accident in Jalandhar". The Tribune. 14 July 2025. https://www.tribuneindia.com/news/punjab/marathon-runner-fauja-singh-dies-in-road-accident-in-punjabs-jalandhar/.
- ↑ Driver held for hit-and-run death of world's 'oldest' marathon runner, BBC News, 16 July 2025, https://www.bbc.co.uk/news/articles/c2d0yep9d37o
- ↑ Bond, Meredith (2025-07-16). "Canadian-based man charged in hit-and-run of world's oldest marathon runner, Fauja Singh" (en ভাষাত). CityNews Toronto. https://toronto.citynews.ca/2025/07/16/canadian-based-man-charged-in-hit-and-run-of-worlds-oldest-marathon-runner-fauja-singh/। আহৰণ কৰা হৈছে: 2025-07-16.
- ↑ Potter, Laura (20 June 2009). "Glad to be grey". The Guardian (London, UK). https://www.theguardian.com/society/2009/jun/20/fauja-singh-marathon-runners.
- ↑ "History of Sikhs in the City". Archived from the original on 16 February 2018. https://web.archive.org/web/20180216084639/http://www.sikhsinthecity.org/history-archive/.
- ↑ "Fauja Singh runs for PPP". The Indian Express. 24 January 2012. http://www.indianexpress.com/news/fauja-singh-runs-for-ppp/903130.
- ↑ "100-year-old marathoner's family miffed with political party". NDTV. 25 January 2012. Archived from the original on 29 January 2012. https://web.archive.org/web/20120129011923/http://sports.ndtv.com/othersports/athletics/item/184553-100-year-old-marathoners-family-miffed-with-political-party.
- ↑ Longman, Jeré. "Fauja Singh, Marathon Runner at an Advanced Age, is Dead". The New York Times. https://www.nytimes.com/2025/07/14/sports/fauja-singh-dead.html.
- ↑ "Fauja Singh, 100, won't make Guinness". Associated Press. ESPN. https://www.espn.com/olympics/trackandfield/story/_/id/7143946/guinness-certify-100-year-old-fauja-singh-marathon.
- ↑ "Centenarian Fauja Singh does it again". The Times of India. 5 February 2012. http://timesofindia.indiatimes.com/sports/more-sports/athletics/Centenarian-Fauja-Singh-does-it-again/articleshow/11766409.cms.
- ↑ "Fauja Singh, 101, dazzles in Olympic Torch relay". The Times of India. 21 July 2012. http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Fauja-Singh-101-dazzles-in-Olympic-Torch-relay/articleshow/15080036.cms.
- ↑
You must specify issue=, startpage=, and date= when using {{London Gazette}}. Available parameters:
ৰাজনৈতিক কাৰ্যালয়সমূহ পূৰ্বৱৰ্তী
মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰকোচবিহাৰৰ মহাৰাজ
১৯১১–১৯১৩পৰৱৰ্তী
মহাৰাজ জিতেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ - ↑ "2015 New Year Honours List". Archived from the original on 2 January 2015. https://web.archive.org/web/20150102104907/https://www.gov.uk/government/uploads/system/uploads/attachment_data/file/391413/New_Year_Honours_List_2015.pdf.
- ↑ 39.00 39.01 39.02 39.03 39.04 39.05 39.06 39.07 39.08 39.09 39.10 39.11 "Fauja Singh: Oldest marathon runner an inspiration for youngsters". International Olympic Committee. 14 July 2025. https://www.olympics.com/en/news/who-is-fauja-singh-oldest-indian-origin-british-marathon-runner। আহৰণ কৰা হৈছে: 15 July 2025.
- ↑ Nikolas, Katerina (6 February 2012). "Oldest marathon runner 'Turbaned Torpedo' runs in HK marathon". Digital Journal. http://www.digitaljournal.com/article/319104.
- ↑ "home | parkrun UK". www.parkrun.org.uk. https://www.parkrun.org.uk/.
- ↑ "At 101, Fauja Singh completes his final marathon | Other Sports - More | NDTVSports.com". Archived from the original on 26 February 2013. https://web.archive.org/web/20130226234019/http://sports.ndtv.com/othersports/othersports/item/204074-at-101-fauja-singh-completes-his-final-marathon?pfrom=home-otherstories। আহৰণ কৰা হৈছে: 24 February 2013.