ফ্ল’ৰিয়ানা গাৰো
| ফ্ল’ৰিয়ানা গাৰো | |
|---|---|
| জন্ম | ১৫ ফেব্ৰুৱাৰী, ১৯৮৭ (৩৯ বছৰ) ডুৰেছ, আলবেনিয়া |
| শিক্ষানুষ্ঠান | চিটি কলেজ অফ নিউয়ৰ্ক |
| পেচা | মুখপাত্ৰ, টেলিভিছন পৰিৱেশিকা, সাংবাদিক |
| উচ্চতা | ১.৮০ মিটাৰ (৫ ফুট ১১ ইঞ্চি) |
| অংশীদাৰ | এনিছ দাচি |
| সন্তান | আদিয়া দাচি, প্ৰিয়াম দাচি |
| আত্মীয়-স্বজন | চোফোক্লি গাৰো আৰু টেউটা গাৰো |
| 'Beauty pageant titleholder' | |
| Title | মিছ ৱৰ্ল্ড আলবেনিয়া ২০১২ |
| Hair color | মুগা |
| Eye color | মুগা |
| Major competition(s) |
মিছ ৱৰ্ল্ড আলবেনিয়া ২০১২ (বিজয়ী) মিছ ৱৰ্ল্ড ২০১২ (স্থান লাভ কৰা নাছিল) |
| ৱেবছাইট | |
| florianagaro | |
ফ্ল’ৰিয়ানা গাৰো (ইংৰাজী: Floriana Garo; জন্ম: ১৫ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী আলবেনিয়ান টেলিভিছন পৰিৱেশিকা, ৰাজনৈতিক মুখপাত্ৰ আৰু প্ৰাক্তন মিছ আলবেনিয়া।
তেওঁ ২০১২ চনৰ মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল।[1]
গাৰো টিভি ক্লানৰ বিনোদনমূলক অনুষ্ঠান জো ভেটাম মোডেৰ প্ৰথমগৰাকী সূত্ৰধাৰ হোৱাৰ লগতে আলবেনিয়াৰ এবিচি নিউজৰ প্ৰথমগৰাকী বতৰ পৰিৱেশিকা আছিল। ইয়াৰ উপৰি তেওঁ ২০১১ চনৰপৰা আলবেনিয়াৰ কোৰ্টেফিয়েল কাপোৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপেও কাম কৰি আহিছে।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ডুৰেছত জন্মগ্ৰহণ কৰা ফ্ল’ৰিয়ানা কলেজৰ অধ্যাপক চোফোক্লি গাৰো আৰু চিকিৎসক টেউটা গাৰোৰ কন্যা। ২০০২ চনত তেওঁ পৰিয়ালৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায় আৰু তাত আঠ বছৰ ধৰি বসবাস কৰে।
গাৰো চিটি কলেজ অফ নিউয়ৰ্কৰ স্নাতক। তেওঁ তাত আন্তৰ্জাতিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু বিশ্ববিদ্যালয়ৰ ভলীবল দলত খেলিছিল। তেওঁ ২০০৭ আৰু ২০০৯ চনত 'প্লেয়াৰ অফ দ্য ইয়াৰ' বঁটা লাভ কৰিছিল। তেওঁ ইংৰাজী, আলবেনিয়ান, ইটালীয়ান আৰু ফৰাচী ভাষা সাৱলীলভাৱে ক’ব পাৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]২০১১ চনৰ এপ্ৰিল মাহৰ পিছত এবিচি নিউজৰ প্ৰথম আৰু একমাত্ৰ মহিলা বতৰ এংকৰ হিচাপে পৰিগণিত হৈছে ফ্ল’ৰিয়ানা।
ফ্ল'ৰিয়ানাই একেৰাহে ৫ বছৰ ধৰি জো ভেটেম মোড শ্ব'টোৰ লেখিকা আৰু আয়োজক হিচাপে কাম কৰি আহিছে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৭ চনত গাৰোৱে তেওঁৰ স্বামী ছুইছ-আলবেনিয়ান অধিবক্তা এনিছ দাচিৰ সৈতে এটা পৰিয়াল আৰম্ভ কৰিবলৈ জেনেভালৈ যায়। এই দম্পতীটোৰ আদিয়া আৰু প্ৰিয়াম নামৰ দুটা সন্তান আছে।
২০২১ চনৰ জানুৱাৰী মাহৰপৰা গাৰোৱে তেওঁৰ পৰিয়ালৰ সৈতে তিৰানালৈ যায়। তেওঁ ২০২৫ চনৰ আলবেনিয়ান সংসদীয় নিৰ্বাচনত অফিচিয়েল কেম্পেইন মুখপাত্ৰ হিচাপে ডেম’ক্ৰেটিক পাৰ্টিত অৰিহণা যোগাবলৈ তাত বসবাস কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Press release (24 July 2012). "CCNY-Groomed Miss Albania Shoots for the Stars – Floriana Garo, Class of 2011, Is Miss World Contestant". City University of New York. http://www.ccny.cuny.edu/news/Floriana-Garo-wins-Miss-Albania.cfm। আহৰণ কৰা হৈছে: 29 July 2014.