সমললৈ যাওক

ফ্ৰাংকা পটেণ্টে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফ্ৰাংকা পটেণ্টে

২০১৯ চনত পটেণ্টে
জন্ম ২২ জুলাই, ১৯৭৪ (৫২ বছৰ)
মুন্সষ্টাৰ, নৰ্থ ৰাইন-ৱেষ্টফেলিয়া, পশ্চিম জাৰ্মানী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৫–বৰ্তমান
দাম্পত্যসঙ্গী ডেৰেক ৰিচাৰ্ডছন (বি. ২০১২)
সন্তান ২

ফ্ৰাংকা পটেণ্টে (ইংৰাজী: Franka Potente; জন্ম: ২২ জুলাই, ১৯৭৪) এগৰাকী জাৰ্মান অভিনেত্ৰী। তেওঁ প্ৰথমবাৰৰ বাবে কমেডী ছবি আফটাৰ ফাইভ ইন দ্য ফৰেষ্ট প্ৰাইমেভাল (১৯৯৫)-ত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ বাভেৰিয়ান ফিল্ম এৱাৰ্ড লাভ কৰে। ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত একচন থ্ৰিলাৰ ছবি ৰান লোলা ৰান-ৰ জৰিয়তে তেওঁ বিশেষ স্বীকৃতি লাভ কৰে আৰু এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাম্বি বঁটা লাভ কৰে। টেলিভিছন ছবি অপাৰ্নবল (১৯৯৮)-ত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে বাভেৰিয়ান টেলিভিছন বঁটাৰ মনোনয়ন লাভ কৰিছিল।

জাৰ্মান চলচ্চিত্ৰ জগতত পাঁচ বছৰ ধৰি জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত পটেণ্টেয়ে ব্ল (২০০১) নামৰ বায়’গ্ৰাফিকেল ক্ৰাইম ছবিখনৰ জৰিয়তে হলিউডলৈ যাত্ৰা কৰে। পৰৱৰ্তী সময়ত তেওঁ দ্য বৰ্ণ আইডেণ্টিটী (২০০২) আৰু দ্য বৰ্ণ ছুপ্ৰিমেচী (২০০৪)-ত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত হৈ পৰে। তেওঁ চে (২০০৮) ছবিত কমিউনিষ্ট বিপ্লৱী তামাৰা বাংকে আৰু দ্য কনজুৰিং ২ (২০১৬) ছবিত মনোবিজ্ঞানী অনিতা গ্ৰেগৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অন্যান্য উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে এনাটমী (২০০০), দ্য প্ৰিন্সেছ এণ্ড দ্য ৱাৰিয়ৰ (২০০০), ক্ৰীপ (২০০৪), ৰোমুলাচ, মাই ফাদাৰ (২০০৭), আইখমেন (২০০৭), আৰু মিউজ (২০১৭)।

পটেণ্টেয়ে কপাৰ (২০১২–২০১৩), টেবু (২০১৭), ক্লজ, টাইটানছ আৰু ইকো ৩ আদি টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ আমেৰিকান হৰৰ ষ্ট’ৰী: এছাইলাম (২০১২) আৰু দ্য ব্ৰীজ (২০১৪)-ৰ দ্বিতীয় ছিজনত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পটেণ্টেৰ জন্ম পশ্চিম জাৰ্মানীৰ মুন্সষ্টাৰত হৈছিল আৰু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দুই সন্তানৰ ভিতৰত ডাঙৰ।[1] তেওঁ ওচৰৰে ডুলমেনত ডাঙৰ-দীঘল হৈছিল।[2] তেওঁৰ মাতৃ হিল্ডেগাৰ্ড এগৰাকী চিকিৎসা সহায়িকা আৰু পিতৃ ডায়েটাৰ পটেণ্টে এজন শিক্ষক। তেওঁৰ ইটালীয় উপাধিটো তেওঁৰ আজু-ককাকৰ পৰা আহিছে, যি ছিচিলীৰ এজন শ্লেটাৰ (শিলৰ কাম কৰা মিস্ত্ৰী) আছিল আৰু ১৯ শতিকাত জাৰ্মানীলৈ প্ৰব্ৰজন কৰিছিল। ১৭ বছৰ বয়সত পটেণ্টে টেক্সাছৰ হিউষ্টনৰ উপকণ্ঠ অঞ্চল হাম্বলত এজন বিনিময় ছাত্ৰ (exchange student) হিচাপে কেইমাহমান অতিবাহিত কৰিছিল।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Agentur Heppeler". Agenturheppeler.de. Archived from the original on 18 July 2011. https://web.archive.org/web/20110718193938/http://www.agenturheppeler.de/special.php?id=313&lang=de। আহৰণ কৰা হৈছে: 24 October 2010.
  2. ↑ "Franka Potente". franka-potente.org. 22 July 1974. http://www.franka-potente.org। আহৰণ কৰা হৈছে: 24 October 2010.
  3. ↑ "Ein Star auf der Suche nach immer Neuem". Berliner Morgenpost. 6 March 2005. http://www.morgenpost.de/content/2005/03/06/politik/739194.html। আহৰণ কৰা হৈছে: 24 October 2010.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]