ফ্ৰান্সিস্কা মুটাপি
| ফ্ৰান্সিস্কা মুটাপি | |
|---|---|
| জন্ম | জিম্বাবুৱে |
| পেচা | গ্ল’বেল হেল্থ ইনফেকচন এণ্ড ইমিউনিটিৰ অধ্যাপক |
| দাম্পত্যসঙ্গী | মাৰ্ক উলহাউচ[1] |
| শৈক্ষিক পটভূমি | |
| শিক্ষা | জিম্বাবুৱে বিশ্ববিদ্যালয় অক্সফৰ্ড বিশ্ববিদ্যালয় |
| শৈক্ষিক কৰ্ম | |
| শাখা | পৰজীৱবিজ্ঞান ইমিউন'লজী |
| প্ৰতিষ্ঠানসমুহ | এডিনবাৰ্গ বিশ্ববিদ্যালয় |
ফ্ৰান্সিস্কা মুটাপি বিশ্ব স্বাস্থ্য সংক্ৰমণ আৰু প্ৰতিৰোধ ক্ষমতাৰ অধ্যাপিকা, এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ গ্ল'বেল হেল্থ একাডেমীৰ সহ-পৰিচালক আৰু নেচনেল ইনষ্টিটিউট ফৰ হেল্থ ৰিচাৰ্চ (এন আই এইচ আৰ) গ্ল'বেল হেল্থ ৰিচাৰ্চ ইউনিট টেকলিং ইনফেকচনছ টু বেনিফিট আফ্ৰিকাৰ উপ-সঞ্চালিকা।[2] এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰপৰা অধ্যাপিকা পদ লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা।[3]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মুটাপিৰ জন্ম হৈছিল জিম্বাবুৱেত আৰু ডাঙৰ-দীঘল হৈছিল।[4] ১৯৯১ চনত জিম্বাবুৱে বিশ্ববিদ্যালয়ৰপৰা জৈৱ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি বি এছ চি প্ৰগ্ৰেমৰ ছাত্ৰ বঁটা আৰু জৈৱ বিজ্ঞানৰ শ্ৰেষ্ঠ বি এছ চি অনাৰ্ছ ছাত্ৰ বঁটা লাভ কৰে।[5] অক্সফৰ্ড বিশ্ববিদ্যালয়ৰপৰা জৈৱ বিজ্ঞানত ডিফিল লাভ কৰে, বেইট ট্ৰাষ্ট স্কোলাৰ হিচাপে।[4] অক্সফৰ্ডৰ লিনাক্ৰে কলেজৰ প্ৰাক্তন ছাত্ৰী।[6]
কেৰিয়াৰ
[সম্পাদনা কৰক]
পি এইচ ডি সম্পূৰ্ণ কৰাৰ পাছত মুটাপিয়ে ১৯৯৭ চনৰপৰা ১৯৯৯ চনলৈকে ইনষ্টিটিউট অৱ ট্ৰপিকেল মেডিচিন এণ্টৱাৰ্পত পোষ্ট ডক্টৰেট প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পিছত তেওঁ অক্সফৰ্ডৰ ছেইণ্ট হিল্ডাছ কলেজ আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত বক্তৃতা প্ৰদান কৰে।[4] বাৰ্কবেক কলেজৰ অণুজীৱবিজ্ঞান বিভাগ আৰু গ্লাছগো বিশ্ববিদ্যালয়ৰ ক্লিনিকেল পশু চিকিৎসা অধ্যয়ন বিভাগতো কাম কৰি আহিছে।[7]
২০০২ চনত মুটাপিয়ে মেডিকেল ৰিচাৰ্চ কাউন্সিল ট্ৰেইনিং ফেল'শ্বিপত এডিনবাৰ্গ বিশ্ববিদ্যালয়ত যোগদান কৰে।[5] এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ বায়'লজিকেল ছায়েন্স স্কুলৰ ৰিডাৰ হিচাপে মুটাপিৰ গৱেষণা বিশ্ব স্বাস্থ্য আৰু গ্ৰীষ্মমণ্ডলীয় ৰোগৰ ওপৰত আছিল, বিশেষকৈ শামুকত বিকশিত হোৱা পৰজীৱী কৃমিৰদ্বাৰা হোৱা ৰোগ স্কিষ্ট'ছ'মিয়াছিছ/বিলহাৰ্জিয়াৰ অধ্যয়নত বিশেষজ্ঞ আছিল।[7] তেওঁৰ কামে বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ঔষধ কোম্পানী মাৰ্ক KgaAদ্বাৰা বিলহাৰ্জিয়াক জনস্বাস্থ্যৰ চিন্তা হিচাপে অগ্ৰাধিকাৰ দিয়াত অৰিহণা যোগাইছিল।[7]
২০১২ চনত মুটাপি ৰয়েল ছ'চাইটি অৱ এডিনবাৰ্গৰ ইয়ং একাডেমীৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।[8] ২০১৫ চনত আফ্ৰিকান একাডেমী অৱ চাইন্সেছৰ ফেলো নিৰ্বাচিত হয়[8] আৰু জিম্বাবুৱে একাডেমী অৱ চাইন্সেছৰ ফেলো।[9]
বৰ্তমান মুটাপি বিশ্ব স্বাস্থ্য সংক্ৰমণ আৰু প্ৰতিৰোধ ক্ষমতাৰ অধ্যাপিকা আৰু তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ গ্ল'বেল হেল্থ একাডেমীৰ সহ-পৰিচালক।[9] মুটাপি এন আই এইচ আৰ গ্ল'বেল হেল্থ ৰিচাৰ্চ ইউনিট টি আই বি এ (টেকলিং ইনফেকচনছ টু বেনিফিট আফ্ৰিকা)ৰ উপ-সঞ্চালকও, যিয়ে আফ্ৰিকান দেশসমূহত প্ৰমাণভিত্তিক নীতিৰ ওপৰত গৱেষণা ৰূপায়ণৰ ক্ষেত্ৰত বিজ্ঞান, প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু আৰ্থ-সামাজিক বিজ্ঞানৰ প্ৰতি লক্ষ্য ৰাখি এক সামগ্ৰিক পদ্ধতি গ্ৰহণ কৰে।[10]
২০১৮ চনত মুটাপিক বিলহাৰ্জিয়াৰ চিকিৎসাৰ ওপৰত কৰা কামৰ স্বীকৃতি স্বৰূপে এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ বঁটা প্ৰদান কৰা হয়।[11] পিছৰ বছৰ মুটাপিক ব্ৰিটেইনৰ গ্ল'বেল চেলেঞ্জছ ৰিচাৰ্চ ফাণ্ডৰ পৰামৰ্শদাতা ব'ৰ্ডৰ সদস্য নিযুক্তি দিয়া হয়।[12]
বৈজ্ঞানিক কামৰ উপৰি মুটাপি এগৰাকী চিত্ৰশিল্পী, তেওঁৰ কামৰপৰা পোৱা ধন জিম্বাবুৱেৰ শিক্ষাৰ সহায়ত ব্যৱহাৰ কৰে।[3][13]
গৱেষণা
[সম্পাদনা কৰক]এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ মুটাপিৰ লেব পেৰাচাইট ইমিউন'-এপিডেমিঅ'লজি গ্ৰুপে ব্যক্তিৰ ভিতৰত আৰু জনসংখ্যাৰ মাজত প্ৰধানকৈ আফ্ৰিকাত হেলমিন্থৰ প্ৰতি প্ৰতিৰোধ ক্ষমতাৰ সঁহাৰিৰ ওপৰত গৱেষণা কৰে।[14]
ইয়াৰ উপৰি তেওঁৰ গৱেষণাই শিশুৰ বাবে স্কিষ্ট'ছ'মিয়াছিছ সংক্ৰমণৰ বিৰুদ্ধে ফলপ্ৰসূ একমাত্ৰ ঔষধ প্ৰাজিকোৱাণ্টেলৰ প্ৰস্তুতি প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছে।[10] বৰ্তমান এই ঔষধটো এটা ডাঙৰ বড়ি যিটো উচ্চ বিপদজনক আৰু শিশুৱে ইয়াক প্ৰায়ে গ্ৰহণ কৰিবলৈ অনিচ্ছুক হয়।
বৰ্তমান বিলহাৰ্জিয়াকে ধৰি হেলমিন্থ কৃমিৰ সংক্ৰমণৰ কোনো ভেকচিন উপলব্ধ নহয়। এই পৰজীৱীসমূহৰ বাবে নতুন ভেকচিন প্ৰাৰ্থী প্ৰস্তুত কৰাত মুটাপিয়ে প্ৰটিঅ’মিক্সৰ পদ্ধতিৰ পথ-প্ৰদৰ্শক। ইয়াৰ বাবে গণ বৰ্ণালীবিজ্ঞানৰ ব্যৱহাৰ কৰি পৰজীৱী এণ্টিজেন (প্ৰটিন যিয়ে অভিযোজিত প্ৰতিৰোধ ক্ষমতা সক্ৰিয় কৰে) বিচাৰি উলিওৱা হয় যিবোৰ ফলপ্ৰসূ ভেকচিনৰ বাবে উপাদান।[14]
আফ্ৰিকাৰ দৰিদ্ৰ অঞ্চলত একাধিক ভিন্ন ৰোগকাৰক জীৱাণুৰদ্বাৰা সংক্ৰমণ হোৱাটো এটা সাধাৰণ পৰিঘটনা। মুটাপিয়ে ইয়াৰ বহু উদাহৰণৰ ওপৰত গৱেষণাৰ পথ-প্ৰদৰ্শক হৈছে, যেনে মেলেৰিয়া আৰু স্কিষ্ট'ছ'মিয়াছিছৰ সৈতে সংক্ৰমণ, আৰু একাধিক ভিন্ন মেলেৰিয়া প্ৰজাতিৰ সংক্ৰমণ।[15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Man cleared in 'go home' race row on Lismore, The Oban Times
- ↑ "Francisca Mutapi" (en-US ভাষাত). Uniting to Combat NTDs. Archived from the original on 2021-12-22. https://web.archive.org/web/20211222080057/https://unitingtocombatntds.org/about-us/governance/board/francisca-mutapi/। আহৰণ কৰা হৈছে: 2021-12-22.
- 1 2 "Linacre College Oxford News Autumn 2017, Issue 52" (en ভাষাত). Linacre College, Oxford. Archived from the original on 2017-10-13. https://web.archive.org/web/20171013131144/http://www.linacre.ox.ac.uk/file/2214/download.
- 1 2 3 "Member Spotlight for Dr. Francisca Mutapi | Connecting our members with evidence and expertise" (en ভাষাত). www.ghdonline.org. https://www.ghdonline.org/malaria/discussion/member-spotlight-for-dr-francisca-mutapi/। আহৰণ কৰা হৈছে: 2018-10-09.
- 1 2 "Prof Francisca Mutapi | Parasite Immuno-epidemiology Group" (en ভাষাত). pig.bio.ed.ac.uk. Archived from the original on 2023-01-09. https://web.archive.org/web/20230109161541/https://pig.bio.ed.ac.uk/prof-francisca-mutapi। আহৰণ কৰা হৈছে: 2018-10-09.
- ↑ "Alumna awarded Professorship at University of Edinburgh | Linacre College" (en ভাষাত). www.linacre.ox.ac.uk. Archived from the original on 2018-10-09. https://web.archive.org/web/20181009211549/http://www.linacre.ox.ac.uk/about/news/alumna-awarded-professorship-university-edinburgh। আহৰণ কৰা হৈছে: 2018-10-09.
- 1 2 3 Media, MTC. "Science Scotland" (en-UK ভাষাত). www.sciencescotland.org. Archived from the original on 2018-10-09. https://web.archive.org/web/20181009211339/http://www.sciencescotland.org/feature.php?id=274। আহৰণ কৰা হৈছে: 2018-10-09.
- 1 2 "Future Africa" (en-gb ভাষাত). www.futureafrica.science. Archived from the original on 2018-10-10. https://web.archive.org/web/20181010011143/http://www.futureafrica.science/index.php/profile/francisca-mutapi-46। আহৰণ কৰা হৈছে: 2018-10-09.
- 1 2 "WHO Guideline Development Group proposal. Guidelines for implementation of control and elimination of schistosomiasis and verification of interruption of transmission" (en-GB ভাষাত). World Health Organization. https://www.who.int/schistosomiasis/news/public-consultation-experts-guideline-development-group/en/index13.html। আহৰণ কৰা হৈছে: 2018-10-09.
- ↑ "The African-led TIBA partnership: tackling neglected diseases | Pediatric Praziquantel Consortium" (en ভাষাত). www.pediatricpraziquantelconsortium.org. Archived from the original on 2020-10-22. https://web.archive.org/web/20201022035351/https://pediatricpraziquantelconsortium.org/news-events/african-led-tiba-partnership-tackling-neglected-diseases। আহৰণ কৰা হৈছে: 2018-10-09.
- ↑ "Professor Francisca Mutapi awarded Chancellor's Award for Impact" (en ভাষাত). The University of Edinburgh. 31 January 2018. https://www.ed.ac.uk/biology/news-events/news-2018/professor-francisca-mutapi-awarded-chancellor-s-aw.
- ↑ "Strategic Advisory Group - UK Research and Innovation". www.ukri.org. Archived from the original on 2019-02-20. https://web.archive.org/web/20190220062911/https://www.ukri.org/research/global-challenges-research-fund/strategic-advisory-group/। আহৰণ কৰা হৈছে: 2019-02-19.
- ↑ "Artists and Illustrators: Francisca Mutapi" (en ভাষাত). www.artistsandillustrators.co.uk. Archived from the original on 2018-11-09. https://web.archive.org/web/20181109234720/https://www.artistsandillustrators.co.uk/francisca-mutapi। আহৰণ কৰা হৈছে: 2018-11-09.
- 1 2 "Parasite Immuno-epidemiology Group Research" (en ভাষাত). pig.bio.ed.ac.uk. Archived from the original on 2023-01-09. https://web.archive.org/web/20230109153956/https://pig.bio.ed.ac.uk/research। আহৰণ কৰা হৈছে: 2018-10-09.
- ↑ Osakunor, Derick Nii Mensah; Sengeh, David Moinina; Mutapi, Francisca (2018-09-20). "Coinfections and comorbidities in African health systems: At the interface of infectious and noninfectious diseases" (en ভাষাত). PLOS Neglected Tropical Diseases খণ্ড 12 (9). doi:10.1371/journal.pntd.0006711. ISSN 1935-2735. PMID 30235205.