ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো
| ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো | |
|---|---|
![]() অৰ্ডাৰ অৱ নেচনেল আৰ্টিষ্টৰ পৰা ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো | |
| জন্ম | ফ্ৰান্সিস্কা ৰেয়েছ ০৯ মাৰ্চ, ১৮৯৯ বোকায়ু, বুলাকান, ফিলিপাইন গণৰাজ্য |
| মৃত্যু | ২১ নৱেম্বৰ, ১৯৮৩ (৮৪ বছৰ) মানিলা, ফিলিপাইন |
| পেচা | লোক-নৃত্যশিল্পী, শিক্ষাবিদ |
| উল্লেখযোগ্য কৰ্ম | ফিলিপাইন ফোক ডান্সেছ এণ্ড গেমছ (১৯২৬) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰিপাব্লিক এৱাৰ্ড অৱ মেৰিট (১৯৫৪), ৰমন মেগছেছে বঁটা (১৯৬২), অৰ্ডাৰ অৱ নেচনেল আৰ্টিষ্ট অৱ দা ফিলিপাইনছ |
ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো (ইংৰাজী: Francisca Reyes-Aquino; ৯ মাৰ্চ ১৮৯৯ – ২১ নবেম্বৰ ১৯৮৩) এগৰাকী ফিলিপিনো লোক-নৃত্যশিল্পী আৰু শিক্ষাবিদ আছিল। তেওঁ ফিলিপাইনৰ লোক-নৃত্যৰ ওপৰত কৰা গৱেষণাৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ ৰিপাব্লিক এৱাৰ্ড অৱ মেৰিট আৰু ৰমন মেগছেছে বঁটা লাভ কৰিছিল। তেওঁক ফিলিপাইনৰ নৃত্য জগতৰ এগৰাকী ৰাষ্ট্ৰীয় শিল্পী হিচাপে অভিহিত কৰা হয়।[1]
জীৱনী
[সম্পাদনা কৰক]১৮৯৯ চনৰ ৯ মাৰ্চত বুলাকানৰ বোকায়ুত ফ্ৰান্সিস্কাৰ জন্ম হৈছিল। ৰেয়েছ-একুইনোৱে ফিলিপাইন বিশ্ববিদ্যালয়ৰ পৰা শাৰীৰিক শিক্ষা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল[2] আৰু বষ্টনৰ চাৰ্জেণ্ট কলেজত অধ্যয়ন কৰিছিল।
ফিলিপাইন বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰী হিচাপে লোক-নৃত্য আৰু লোক-গীতৰ ওপৰত কৰা গৱেষণা আছিল ৰেয়েছ-একুইনোৰ আটাইতকৈ উল্লেখযোগ্য কামসমূহৰ ভিতৰত অন্যতম। স্নাতকোত্তৰ অধ্যয়ন অব্যাহত ৰাখি তেওঁ ১৯২১ চনৰ পৰা মধ্য আৰু উত্তৰ লুজানৰ দুৰ্গম গাঁওবোৰলৈ ভ্ৰমণ কৰি গৱেষণাৰ কাম আৰম্ভ কৰিছিল।[3][4]
১৯২৬ চনত তেওঁ ফিলিপাইন ফোক ডান্সেছ এণ্ড গেমছ শীৰ্ষক এখন গৱেষণা পত্ৰ প্ৰকাশ কৰে, য'ত তেওঁ পূৰ্বে লিপিবদ্ধ নোহোৱা স্থানীয় উৎসৱ, ৰীতি-নীতি আৰু খেল-ধেমালিৰ বিষয়ে উল্লেখ কৰিছিল। ৰেয়েছ-একুইনোৱে তেওঁৰ কিতাপসমূহৰ জৰিয়তে টিনিক্লিং, মাগলালাটিক, লুবি-লুবি, পলকা চা নায়ন আদি বিভিন্ন নৃত্য আৱিষ্কাৰ কৰিছিল আৰু সেইবোৰৰ শিক্ষা দিছিল।[5] চৰকাৰী আৰু ব্যক্তিগত উভয় প্ৰতিষ্ঠানৰ শিক্ষক আৰু প্ৰশিক্ষকসকলৰ কথা মনত ৰাখিয়েই তেওঁৰ এই গৱেষণা পত্ৰখন প্ৰস্তুত কৰা হৈছিল।[4] ১৯২৭ চনত ফিলিপাইন বিশ্ববিদ্যালয়ৰ সভাপতি জৰ্জ বোকোবোৰ আনুষ্ঠানিক সমৰ্থনত এই কাম আৰু অধিক সম্প্ৰসাৰিত কৰা হয়। পৰৱৰ্তী সময়ত তেওঁ বিশ্ববিদ্যালয়ৰ অনুষদৰ সদস্য হিচাপে ১৮ বছৰ সেৱা আগবঢ়াইছিল।[3]
১৯৪০-ৰ দশকত তেওঁ শিক্ষা ব্যুৰ’ত শাৰীৰিক শিক্ষাৰ পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ফিলিপাইনৰ যুৱ প্ৰজন্মৰ মাজত তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে শিক্ষা বিভাগে তেওঁৰ কামসমূহ বিতৰণ কৰিছিল আৰু লোক-নৃত্যৰ শিক্ষাক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছিল। ১৯৫৪ চনত ৰাষ্ট্ৰপতি ৰমন মেগছেছেই তেওঁক "ফিলিপিনো সংস্কৃতিৰ উন্নতিৰ বাবে আগবঢ়োৱা অসামান্য অৱদান"ৰ বাবে ৰিপাব্লিক এৱাৰ্ড অৱ মেৰিট প্ৰদান কৰে।[4][6] শাৰীৰিক শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবেই এই বিষয়টো আমেৰিকাৰ স্কুলীয়া পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰা হৈছিল।[7]
ৰেয়েছ-একুইনোৰ আন কেইবাখনো কিতাপ প্ৰকাশ পাইছিল, যাৰ ভিতৰত ফিলিপাইন নেচনেল ডান্সেছ (১৯৪৬), জিমনাষ্টিকছ ফৰ গাৰ্লছ (১৯৪৭), ফাণ্ডামেণ্টেল ডান্স ষ্টেপছ এণ্ড মিউজিক (১৯৪৮), ফৰেন ফোক ডান্সেছ (১৯৪৯), ডান্সেছ ফৰ অল অকেচন (১৯৫০), প্লেগ্ৰাউণ্ড ডেম’নষ্ট্ৰেচন (১৯৫১) আৰু ফিলিপাইন ফোক ডান্সেছ (প্ৰথমৰ পৰা ষষ্ঠ খণ্ডলৈ) অন্যতম।[2]
মৃত্যু, উত্তৰাধিকাৰ আৰু সন্মান
[সম্পাদনা কৰক]১৯৮৩ চনৰ ২১ নবেম্বৰত ফিলিপাইনৰ মানিলাত ফ্ৰান্সিস্কাৰ মৃত্যু হয়।[2]
ৰেয়েছ-একুইনোৱে তেওঁৰ কামৰ বাবে ১৯৬২ চনত চৰকাৰী সেৱাৰ বাবে ৰমন মেগছেছে বঁটা আৰু ১৯৭৩ চনত ফিলিপাইনৰ নৃত্য জগতৰ এগৰাকী ৰাষ্ট্ৰীয় শিল্পী হিচাপে স্বীকৃতি লাভ কৰে।[2][3][4]
২০১৯ চনৰ ৯ মাৰ্চত তেওঁৰ ১২০তম জন্ম জয়ন্তী উদযাপনৰ বাবে আৰু ফিলিপিনো নৃত্যলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ফ্ৰান্সিস্কাক মৰণোত্তৰভাৱে এটা গুগল ডুগলৰ জৰিয়তে সন্মানিত কৰা হয়। এই ডুগলটোত তেওঁৰ জনপ্ৰিয় পৰম্পৰাগত ফিলিপিনো নৃত্যক চিত্ৰিত কৰা হৈছিল।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Francisca Reyes Aquino.p.38-47. The National Artists of the Philippines. Cultural Center of the Philippines. and National Commission for Culture and the Arts. Anvil Publishing.2004. ISBN 971-27-0783-0
- ↑ 2.0 2.1 2.2 2.3 "5 women who pioneered Filipino folk and modern dance" (en ভাষাত). Rappler. 27 April 2019. https://www.rappler.com/life-and-style/arts-culture/women-of-filipino-dance। আহৰণ কৰা হৈছে: 2021-01-20.
- ↑ 3.0 3.1 3.2 "Aquino, Francisca Reyes". Ramon Magsaysay Award Foundation. http://www.rmaf.org.ph/newrmaf/main/awardees/awardee/profile/109। আহৰণ কৰা হৈছে: 5 February 2016.
- ↑ 4.0 4.1 4.2 4.3 "Francisca Reyes Aquino". The National Commission for Culture and the Arts. 2 June 2015. Archived from the original on 7 February 2016. https://web.archive.org/web/20160207230218/http://ncca.gov.ph/about-culture-and-arts/culture-profile/national-artists-of-the-philippines/francisca-reyes-aquino/। আহৰণ কৰা হৈছে: 5 February 2016.
- ↑ Bulan, Amierielle Anne (2019-03-09). "How Francisca Reyes-Aquino sought and fought for our country's folk dances" (en-US ভাষাত). NOLISOLI. Archived from the original on 2020-11-23. https://web.archive.org/web/20201123155232/https://nolisoli.ph/58676/francisca-reyes-aquino-abulan-20190309/। আহৰণ কৰা হৈছে: 2021-01-20.
- ↑ "Did you know: National Artist for Dance Francisca Reyes-Aquino". Philippine Daily Inquirer. 21 November 2014. http://newsinfo.inquirer.net/652060/did-you-know-national-artist-for-dance-francisca-reyes-aquino.
- ↑ Gonsalves, Theodore. The Day the Dancers Stayed.
- ↑ "Francisca Reyes-Aquino's 120th Birthday". Google. 9 March 2019. https://doodles.google/doodle/francisca-reyes-aquinos-120th-birthday/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ফ্ৰান্সিস্কা ৰেয়েছ-একুইনো সম্পৰ্কীয় মিডিয়া ফাইল।
