সমললৈ যাওক

ফ্ৰা আফাই মণি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফ্ৰা আফাই মণি  
লেখক ছানথৰ্ন ফু
শিৰোনাম พระอภัยมณี
দেশ থাইলেণ্ড
ভাষা থাই
প্ৰকাৰ মহাকাব্যিক কবিতা
মিডিয়া প্ৰকাৰ সমুত থাই
পৃষ্ঠা সংখ্যা ১৪২২

ফ্ৰা আফাই মণি (ইংৰাজী: Phra Aphai Mani) থাই কবি ছানথৰ্ন ফুৰ (থাই: สุนทรภู่) দ্বাৰা ৰচিত ৪৮,৭০০ শাৰীৰ এটা মহাকাব্যিক কবিতা৷ ছানথৰ্ন ফুক "ৰত্তানাকোচিন কবি" (থাই: กวีเอกแห่งกรุงรัตนโกสินทร์)[ক 1] বুলি জনা যায়। এই কবিতাক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়। ৪৮,৬৮৬ টা দ্বৈত কবিতাৰ সৈতে ইয়াক থাই ভাষাৰ আটাইতকৈ দীঘল একক কবিতা হিচাপে তালিকাভুক্ত কৰা হৈছে। ১৮২২ চনত ছানথৰ্ন ফুৱে এই মহাকাব্যৰ ৰচনাৰ কাম আৰম্ভ কৰে আৰু ১৮৪৪ চনত ইয়াক সমাপ্ত কৰে৷ এই কাব্যখন ৰচনা কৰোঁতে তেওঁক প্ৰায় ২২ বছৰ সময় লাগিল। ইয়াৰ উপৰিও ই থাই লোককথাসমূহৰ ভিতৰত অন্যতম কিংবদন্তি যাক ছবি আৰু কমিকছৰ ৰূপত বহু পৰিমাণে অভিযোজিত কৰা হৈছে। কাব্যখনৰ মূল নায়ক হৈছে ৰাজকুমাৰ আফাই মণি, জলপৰী আৰু ফিচুইয়া সমুত নামৰ এগৰাকী মহিলা অগ্ৰেছ বা ৰাক্ষসী যিয়ে নিজকে এগৰাকী ধুনীয়া ছোৱালীলৈ ৰূপান্তৰিত কৰিব পাৰে।

যদিও ফ্ৰা আফাই মণিত বহুতো পৌৰাণিক জীৱ আৰু অতিপ্ৰাকৃতিক নায়কৰ বিষয়ে বৰ্ণনা কৰা হৈছে, তথাপিও ইয়াৰ আন থাই মহাকাব্যৰ পৰা প্ৰধান পাৰ্থক্য হ’ল যে ই খুন চেং খুন ফায়েনৰ দৰে সুপৰিচিত লোককথাৰ আধাৰত নিৰ্মিত মহাকাব্যৰ দৰে নহয়, এই মহাকাব্যখন মূলতঃ ছানথৰ্ন ফুৱে নিজেই সৃষ্টি কৰিছে। তদুপৰি দক্ষিণ-পূব এছিয়াৰ পশ্চিমীয়া উপনিবেশিকৰণৰ সময়ছোৱাত ফ্ৰা আফাই মণিৰ ৰচনা কৰা হৈছিল আৰু ফলস্বৰূপে কাহিনীটোৰ বহু অংশত ভাড়াতীয়া সৈনিকৰ পৰা আৰম্ভ কৰি জলদস্যুলৈকে ইউৰোপীয় বংশৰ চৰিত্ৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। থাইলেণ্ডৰ কিছুমান সাহিত্য সমালোচকে বিশ্বাস কৰে যে ছানথৰ্ন ফুৱে ফ্ৰা আফাই মণিক ফেণ্টাচি দুঃসাহসিক অভিযানমূলক কাহিনীৰ ৰূপত ঔপনিৱেশিকতাবাদ বিৰোধী কাহিনী হিচাপে ৰচনা কৰিছিল।[1]

ফ্ৰা আফাই মণি মহাকাব্যৰ মূল কাহিনী অনুসৰি ৰত্তনা ৰাজ্যৰ ৰাজকুমাৰ ফ্ৰা আফাই মণিক তেওঁৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ পিছত সিংহাসনত আৰোহণ কৰাৰ যোগ্যতা অৰ্জন কৰাৰ উদ্দেশ্যেৰে বিদেশত অধ্যয়ন কৰিবলৈ পঠিয়াইছিল। সাগৰ যাত্ৰাত তেওঁ ফিচুইয়া সমুত নামৰ এগৰাকী চদ্মবেশী ইয়াৰ বিয়া কৰাবলৈ বাধ্য হয় আৰু তেওঁলোকৰ চিন সমুদ্ৰা (สินสมุทร) নামৰ এজন পুত্ৰৰ জন্ম হয়। কেই বছৰমানৰ পিছত আফাই আৰু তেওঁৰ পুত্ৰ দুয়ো ফিচুইয়া সমুদ্ৰাক প্ৰবঞ্চনা কৰি পলায়ন কৰে।[2] অৱশেষত তেওঁ ফিচুইয়া সমুদ্ৰাক হত্যা কৰে।[3]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

এই জনপ্ৰিয় কিংবদন্তিটোৰ ওপৰত আধাৰত দ্য এডভেঞ্চাৰ অৱ চুডছাকৰ্ণ, লিজেণ্ড অৱ চুডছাকৰ্ণ আদিকে ধৰি বহুকেইখন থাই চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও এই জনপ্ৰিয় কাহিনীটোৰ ভিত্তিত আপাইমানী ছাগা নামেৰে এখন থাই কমিক ধাৰাবাহিকো নিৰ্মাণ কৰা হৈছে। থাইলেণ্ডৰ কো ছামেট দ্বীপ আৰু পুয়েক টিয়ান বিলৰ দৰে কিছুমান অঞ্চলত ফ্ৰা আফাই মানিৰ কাহিনীৰ সৈতে জড়িত কিছুমান মূৰ্তিও স্থাপন কৰা হৈছে৷[4][5] হেৰ মানেলিগ (Herr Mannelig) নামৰ ছুইডেন এটা বেলাডত এই ধৰণৰ অনুৰূপ কাহিনী দেখিবলৈ পোৱা যায়।

  1. This honorific title applied to Phu is a play on the "Bard of Avon" title applied to famous playwright Shakespeare.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]