সমললৈ যাওক

ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ শ্বেলিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ শ্বেলিং

১৮৩৫ চনত অংকিত শ্বেলিং
সম্পূৰ্ণ নাম ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ শ্বেলিং
অন্য নাম ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ ফন শ্বেলিং (১৮০৮ চনৰ পৰা)
জন্ম ২৭ জানুৱাৰী, ১৭৭৫
লেয়নবেৰ্গ, ৱুৰ্টেম্বেৰ্গ, পবিত্ৰ ৰোমান সাম্ৰাজ্য
মৃত্যু ২০ আগষ্ট, ১৮৫৪ (৭৯ বছৰ)
বাড ৰাগাজ, চুইজাৰলেণ্ড
যুগ ১৯ শতিকাৰ দৰ্শন
অঞ্চল পাশ্চাত্য দৰ্শন
ধাৰা জাৰ্মান আদৰ্শবাদ
অন্যান্য মতবাদসমূহ
আগ্ৰহ প্ৰকৃতিদৰ্শন, প্ৰাকৃতিক বিজ্ঞান, নন্দনশাস্ত্ৰ, অধিবিদ্যা, জ্ঞানতত্ত্ব, খ্ৰীষ্টীয় দৰ্শন
উল্লেখযোগ্য কৰ্ম
তালিকা
প্ৰতিষ্ঠান য়েনা বিশ্ববিদ্যালয়
ৱুৰ্ৎছবুৰ্গ বিশ্ববিদ্যালয়
এৰ্লাঙন বিশ্ববিদ্যালয়
লুদৱিশ-মাক্সিমিলিয়ান্স-বিশ্ববিদ্যালয় ম্যুনশ্যন
ফ্ৰীড্ৰিশ ৱিলহেল্ম বিশ্ববিদ্যালয় বেৰ্লিন
স্বাক্ষৰ

ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ শ্বেলিং (জাৰ্মান: Friedrich Wilhelm Joseph Schelling, pronounced [ˈfʁiːdʁɪç ˈvɪlhɛlm ˈjoːzɛf ˈʃɛlɪŋ]; ২৭ জানুৱাৰী ১৭৭৫ – ২০ আগষ্ট ১৮৫৪) আছিল এজন জাৰ্মান দাৰ্শনিকদৰ্শনৰ মানদণ্ডগত ইতিহাসত তেওঁক জাৰ্মান আদৰ্শবাদৰ বিকাশৰ মধ্যবিন্দু হিচাপে গণ্য কৰা হয়, য'ত তেওঁৰ স্থান আছিল তেওঁৰ প্ৰাৰম্ভিক জীৱনৰ গুৰু য়'হান গটলীব ফিশট্য আৰু তেওঁৰ এসময়ৰ বিশ্ববিদ্যালয়ৰ সতীৰ্থ, প্ৰাৰম্ভিক বন্ধু তথা পৰৱৰ্তী সময়ৰ প্ৰতিদ্বন্দ্বী গেয়ৰ্গ ৱিলহেল্ম ফ্ৰীড্ৰিশ হেগলৰ মাজত। শ্বেলিংৰ দৰ্শনৰ ক্ৰমবিৱৰ্তনশীল প্ৰকৃতিৰ বাবে ইয়াৰ ব্যাখ্যা কৰাটো কঠিন বুলি ধৰা হয়।

শ্বেলিংৰ চিন্তাধাৰাক মূলতঃ অৱহেলা কৰা হৈছিল, বিশেষকৈ ইংৰাজীভাষী বিশ্বত। ইয়াৰ এটা অন্যতম প্ৰধান কাৰণ আছিল হেগেলৰ আধিপত্য, যাৰ পৰিপক্ব কৰ্মসমূহত শ্বেলিংক ভাৱবাদৰ বিকাশৰ এক সামান্য পাদটীকা হিচাপেহে চিত্ৰিত কৰা হৈছিল। শ্বেলিংৰ প্ৰকৃতিদৰ্শনকো বিজ্ঞানীসকলে ইয়াৰ উপমাধৰ্মী প্ৰৱণতা আৰু অভিজ্ঞতাভিত্তিক দিশৰ অভাৱৰ বাবে সমালোচনা কৰিছিল।[7] অৱশ্যে পৰৱৰ্তী সময়ৰ একাংশ দাৰ্শনিকে শ্বেলিংৰ সামগ্ৰিক কৰ্মৰাজি পুনৰীক্ষণ কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Nectarios G. Limnatis, German Idealism and the Problem of Knowledge: Kant, Fichte, Schelling, and Hegel, Springer, 2008, pp. 166, 177.
  2. Frederick Beiser, German Idealism: The Struggle Against Subjectivism, 1781–1801, Harvard University Press, 2002, p. 470.
  3. The term absoluter Idealismus occurs for the first time in 1802. See Ueber das Verhältniß der Naturphilosophie zur Philosophie überhaupt or Vorlesungen über die Methode des academischen Studiums.
  4. Frederick Beiser, German Idealism: The Struggle Against Subjectivism, 1781–1801, Harvard University Press, 2002, p. 483.
  5. Friedrich Wilhelm Joseph Schelling, Ideen zu einer Philosophie der Natur als Einleitung in das Studium dieser Wissenschaft (1797): Second Book, ch. 7: "Philosophie der Chemie überhaupt".
  6. Friedrich Wilhelm Joseph von Schelling by Saitya Brata Das in Internet Encyclopedia of Philosophy, 2011.
  7. Zalta, Edward N., ed (19 July 2012). "Friedrich Wilhelm Joseph von Schelling". Stanford Encyclopedia of Philosophy. https://plato.stanford.edu/entries/schelling/.