সমললৈ যাওক

ফ্ৰেংকফুট গ্ৰন্থমেলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Frankfurter Buchmesse

২০০৮ চনত প্ৰদৰ্শনী হল
স্থিতি সক্ৰিয়
ধৰণ বহু ধৰণৰ
স্থান ফ্ৰেংকফৰ্ট বাণিজ্য মেলা গ্ৰাউণ্ড
অৱস্থান ফ্ৰেংকফৰ্ট এম মেইন
দেশ জাৰ্মানী
প্ৰথম সন্মিলন 17th century
modern era: 1949
উপস্থিতি ২৮৬,০০০
আধিকাৰিক ৱেবছাইট www.buchmesse.de/en
সন্মুখভাগ

ফ্ৰংকফুট গ্ৰন্থমেলা (ইংৰাজী: Frankfurt Book Fair) হ'ল বৃহৎ সংখ্যক প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰি অনুষ্ঠিত কৰা গ্ৰন্থমেলা। এই গ্ৰন্থমেলা হৈছে বিশ্বৰ সৰ্ববৃহৎ গ্ৰন্থমেলা। অক্টোবৰৰ মাজভাগত পাঁচ দিনীয়া বাৰ্ষিক অনুষ্ঠানটো জাৰ্মানীৰ ফ্ৰেংকফৰ্ট আম মেইনৰ ফ্ৰেংকফৰ্ট বাণিজ্য মেলাৰ খেলপথাৰত অনুষ্ঠিত হয়। প্ৰথম তিনিদিন কেৱল পেছাদাৰী দৰ্শনাৰ্থীৰ বাবে সীমাবদ্ধ। সাধাৰণ জনতাই সপ্তাহৰ শেষৰ ফালে মেলাত উপস্থিত থাকে। জাৰ্মান পাব্লিচাৰ্ছ এণ্ড বুকচেলাৰ্ছ এছ’চিয়েশ্যনৰ সহযোগী প্ৰতিষ্ঠান ফ্ৰেংকফৰ্টাৰ বুচমেছ জিএমবিএইচৰ উদ্যোগত এই গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। ২০১৭ চনত ১০০খনতকৈও অধিক দেশৰ ৭,৩০০ৰো অধিক প্ৰদৰ্শক আৰু ২ লাখ ৮৬ হাজাৰতকৈ অধিক দৰ্শকে অংশগ্ৰহণ কৰে।[1]

ফ্ৰেংকফাৰ্টাৰ বুচমেছে মেলাৰ টাৱাৰৰ সৈতে (Messeturm, ২০০৪)

ফ্ৰেংকফৰ্ট গ্ৰন্থমেলাৰ পৰম্পৰা ৫০০ বছৰতকৈও অধিক পুৰণি। ছপা কিতাপৰ আবিৰ্ভাৱৰ আগতে ফ্ৰেংকফৰ্টৰ সাধাৰণ বাণিজ্য মেলাখনেই দ্বাদশ শতিকাৰ পৰাই হাতেৰে লিখা কিতাপ বিক্ৰীৰ স্থান আছিল। ফ্ৰেংকফৰ্টৰ ওচৰৰ মাইনজত জোহানেছ গুটেনবাৰ্গে চলনশীল আখৰেৰে ছপা বিকশিত কৰাৰ পিছৰ দশকবোৰৰ কোনোবা এটা সময়ত এখন ছপাশাল আৰু প্ৰকাশকৰ মেলা প্ৰতিষ্ঠা হৈছিল। যদিও ফ্ৰেংকফৰ্ট গ্ৰন্থমেলাৰ কোনো আনুষ্ঠানিক প্ৰতিষ্ঠা তাৰিখৰ নথিভুক্ত কৰা হোৱা নাই। ১৪৬২ চনৰ ভিতৰত এই গ্ৰন্থমেলা নিশ্চিতভাৱে প্ৰতিষ্ঠা হৈছিল, যিটো বছৰত আইনী বিবাদৰ পিছত গুটেনবাৰ্গৰ ছপাশালৰ কাম গ্ৰহণ কৰা ছপাশাল জোহান ফাষ্ট আৰু পিটাৰ শ্ব'ফাৰে নিজৰ কামবোৰ ফ্ৰেংকফৰ্টলৈ স্থানান্তৰিত কৰিছিল।[2]

তাৎপৰ্য

[সম্পাদনা কৰক]

অংশগ্ৰহণ কৰা প্ৰকাশন কোম্পানীসমূহৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ফ্ৰেংকফুৰ্টৰ গ্ৰন্থমেলা হৈছে বিশ্বৰ সৰ্ববৃহৎ কিতাপৰ বাণিজ্য মেলা। আন্তঃৰাষ্ট্ৰীয় চুক্তি আৰু ব্যৱসায়ৰ বাবে ইয়াক বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থমেলা বুলি গণ্য কৰা হয়। প্ৰকাশক, এজেণ্ট, কিতাপ বিক্ৰেতা, লাইব্ৰেৰিয়ান, শিক্ষাবিদ, চিত্ৰকৰ, সেৱা প্ৰদানকাৰী, চলচ্চিত্ৰ প্ৰযোজক, অনুবাদক, পেছাদাৰী আৰু বাণিজ্যিক সংস্থা, প্ৰতিষ্ঠান, শিল্পী, লেখক, প্ৰাচীন গ্ৰন্থবিদ, চফ্টৱেৰ আৰু মাল্টিমিডিয়া যোগানকাৰী সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। দৰ্শকে প্ৰকাশন বজাৰৰ বিষয়ে তথ্য লাভ কৰিবলৈ, নেটৱৰ্ক কৰিবলৈ আৰু ব্যৱসায় কৰিবলৈও সুযোগ লাভ কৰে আৰু পাঠকে নিজৰ প্ৰয়োজনীয় কিতাপ বিছাৰি পায়।

জাৰ্মান পাব্লিচাৰ্ছ এণ্ড বুকচেলাৰ্ছ এছ'চিয়েচনৰ সহযোগী প্ৰতিষ্ঠান ফ্ৰেংকফাৰ্টাৰ বুকমেছ জিএমবিএইচৰ উদ্যোগত এই মেলাৰ আয়োজন কৰা হয়। [3] অক্টোবৰৰ মাজভাগত পাঁচদিনীয়া বাৰ্ষিক এই গ্ৰন্থমেলা জাৰ্মানীৰ ফ্ৰেংকফৰ্ট এম্ মেইনৰ ফ্ৰেংকফৰ্ট বাণিজ্য মেলাৰ খেলপথাৰত অনুষ্ঠিত হয়। প্ৰথম তিনিদিন কেৱল বাণিজ্যিক দৰ্শনাৰ্থীৰ বাবে সীমাবদ্ধ। সাধাৰণ জনতাই ছুটিৰ দিনত উপস্থিত থাকিব পাৰে।

২০০৯ চনত প্ৰায় ১০০খন দেশৰ ৭,৩১৪জন প্ৰদৰ্শকে ৪ লাখৰো অধিক কিতাপ উপস্থাপন কৰিছিল আৰু প্ৰায় ৩ লাখ দৰ্শকে এই মেলাত অংশগ্ৰহণ কৰিছিল।

২০১৬ চনত ৭৫খন দেশৰ ১০ হাজাৰতকৈ অধিক সাংবাদিকে এই মেলাৰ বিষয়ে প্ৰতিবেদন দিছিল আৰু গ্ৰন্থমেলাখনত ১০৬খন দেশৰ ৭,১৩৫জন প্ৰকাশক তথা বিক্ৰেতাৰ লগতে ১৭২,২৯৬ জনতকৈ অধিক দৰ্শক একত্ৰিত হৈছিল।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. Elm, Karina (December 4, 2018). "Meet the German Booksphere! Facts & Figures for Europe's largest book market". insights.netgalley.com. https://insights.netgalley.com/meet-the-german-booksphere/। আহৰণ কৰা হৈছে: 10 January 2023. 
  2. Weidhaas, Peter (2007-10-31) (en ভাষাত). A History of the Frankfurt Book Fair. Dundurn Press. পৃষ্ঠা. 25. ISBN 978-1-55002-744-0. https://books.google.com/books?id=vw2j2IR6rwcC&q=%2522frankfurt%2520book%2520fair%2522%2520%2522by%2520the%2520year%25201462%2522&pg=PA25। আহৰণ কৰা হৈছে: 29 January 2023. 
  3. "Get to know Frankfurter Buchmesse". https://www.buchmesse.de/en/about-us। আহৰণ কৰা হৈছে: 5 July 2018.