সমললৈ যাওক

ফ্ৰেড ৰামছ্‌ডেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফ্ৰেড ৰামছ্‌ডেল
Fred Ramsdell
জন্ম হাৰ্ভি জেমছ অল্টাৰ
০৪ ডিচেম্বৰ, ১৯৬০ (৬৫ বছৰ)
আমহাৰ্ষ্ট, ইলিনয়, আমেৰিকা যুক্তৰাষ্ট্ৰ
ক্ষেত্ৰ ৰোগ প্ৰতিৰোধবিজ্ঞানী
জনা যায় পৰিধীয় সহিষ্ণুতা (peripheral tolerance)
উল্লেখনীয় বঁটা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা (২০২৫)

ফ্ৰেডেৰিক জে "ফ্ৰেড" ৰামছ্‌ডেল (ইংৰাজী: Frederick J. "Fred" Ramsdell, জন্ম:৪ ডিচেম্বৰ, ১৯৬০, আমহাৰ্ষ্ট, ইলিনয়) এজন আমেৰিকান ৰোগপ্ৰতিৰোধবিদ আৰু ছান ফ্ৰান্সিস্কোৰ পাৰ্কাৰ ইনষ্টিটিউট ফৰ কেন্সাৰ ইমিউন'থেৰাপিৰ গৱেষণা সঞ্চালক। ২০২৫ চনত পৰিধীয় সহিষ্ণুতা(peripheral tolerance)ৰ ক্ষেত্ৰত কৰা আৱিষ্কাৰৰ বাবে তেওঁ শ্বিমন ছাকাগুচি আৰু মেৰী ই ব্ৰুংকোৰ সৈতে যৌথভাৱে চিকিৎসা-বিজ্ঞান নোবেল বঁটা লাভ কৰে। বঁটাৰ এক তৃতীয়াংশ ধনৰাশি তেওঁ পুৰস্কাৰ হিচাপে লাভ কৰিব৷[1] [2]

ফ্ৰেড ৰামছ্‌ডেলে ১৯৮৩ চনত ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ১৯৮৭ চনত লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰোগ প্ৰতিৰোধ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

প'ষ্ট ডক্টৰেট কৰি থকা সময়ত ফ্ৰেড ৰামছ্‌ডেলে নেচনেল ইনষ্টিটিউট অৱ হেল্থত কাম কৰিছিল আৰু তাৰ পিছত ছিয়াটল অঞ্চলৰ বায়’টেক কোম্পানীত কাম কৰিছিল। তেওঁ কেইবাটাও জৈৱ প্ৰযুক্তি কোম্পানী যেনে- ডাৰউইন মলিকুলাৰ/চেলটেক, জাইমোজেনেটিক্স, ন’ভ’ নৰ্ডিস্ক, আৰু এটাইৰ ফাৰ্মাত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে। ২০১৬ চনৰ আৰম্ভণিৰ পৰাই তেওঁ ছান ফ্ৰান্সিস্কোৰ পাৰ্কাৰ ইনষ্টিটিউট ফৰ কেন্সাৰ ইমিউন’থেৰাপিৰ গৱেষণা সঞ্চালক হিচাপে কাম কৰি আহিছে।

ফ্ৰেড ৰামছ্‌ডেলে আৰু তেওঁৰ দলটোৱে স্কাৰফি এন্দুৰ আৰু আইপিইএক্স চিনড্ৰম নামৰ গুৰুতৰ স্ব-প্ৰতিৰোধী ৰোগ থকা শিশুৰ ক্ষেত্ৰত ফৰ্কহেড বক্স প্ৰটিন পি৩ (FOXP3) চিনাক্ত কৰে। তেওঁলোকে অধিক গৱেষণাৰ জৰিয়তে নিৰ্ণয় কৰিলে যে নিয়ন্ত্ৰক T-কোষৰ বিকাশত FOXP3-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বঁটা-সন্মান

[সম্পাদনা কৰক]
  • ২০১৭ চনত ৰামছ্‌ডেলে শ্বিমন ছাকাগুচি আৰু আলেকজেণ্ডাৰ ৰুডেনস্কিৰ সৈতে যৌথভাৱে পলিআৰ্থাইটিছৰ গৱেষণাৰ বাবে ক্ৰেফৰ্ড বঁটা লাভ কৰে। "আৰ্থাৰাইটিছ আৰু অন্যান্য স্ব-প্ৰতিৰোধী ৰোগত ক্ষতিকাৰক প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়া প্ৰতিহত কৰা নিয়ন্ত্ৰক টি কোষৰ আৱিষ্কাৰ"ৰ বাবে তেওঁক উল্লেখ কৰা হৈছিল।[3]
  • ফ্ৰেড ৰামছ্‌ডেলক শ্বিমন ছাকাগুচি আৰু মেৰী ই ব্ৰুংকভৰ সৈতে ২০২৫ চনৰ শৰীৰবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। পৰিধীয় ৰোগ-প্ৰতিৰোধী সহিষ্ণুতা (peripheral immune tolerance)ৰ দিশত কৰা আৱিষ্কাৰৰ বাবে তেওঁলোকলৈ এই বঁটা আগবঢ়োৱা হয়৷[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nobel Prize 2025 in Medicine awarded to Mary E. Brunkow, Fred Ramsdell and Shimon Sakaguchi for discoveries in immune tolerance Read more at: https://economictimes.indiatimes.com/news/science/nobel-prize-2025-in-medicine-awarded-to-mary-e-brunkow-fred-ramsdell-and-shimon-sakaguchi-for-discoveries-in-immune-tolerance/articleshow/124335972.cms?utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst". Economic TImes. 6th October 2025. https://economictimes.indiatimes.com/news/science/nobel-prize-2025-in-medicine-awarded-to-mary-e-brunkow-fred-ramsdell-and-shimon-sakaguchi-for-discoveries-in-immune-tolerance/articleshow/124335972.cms?from=mdr। আহৰণ কৰা হৈছে: 6 October 2025. 
  2. 2.0 2.1 "Press release". Noble Prize. 06th October 2025. https://www.nobelprize.org/prizes/medicine/2025/press-release/। আহৰণ কৰা হৈছে: 6 October 2025. 
  3. "The Crafoord Prize in Polyarthritis 2017". crafoordprize.se. Archived from the original on January 12, 2017. https://web.archive.org/web/20170112020808/http://www.crafoordprize.se/press/arkivpressreleases/thecrafoordprizeinpolyarthritis2017.5.470b0073156f7766c064a8.html। আহৰণ কৰা হৈছে: April 6, 2019. 
  4. "They understood how the immune system is kept in check". Noble Prize. https://www.nobelprize.org/prizes/medicine/2025/popular-information/। আহৰণ কৰা হৈছে: 6 October 2025. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]