ফৰিদা কোকিখেল আফ্ৰিদি
ফৰিদা "কোকিখেল" আফ্ৰিদি | |
---|---|
জন্ম | খায়বৰ জনজাতি এলেকা,ফেডাৰেল প্ৰশাসিত জনজাতীয় অঞ্চল (FATA), পাকিস্তান |
মৃত্যু | হায়াতাবাদ, পেছাৱৰ, পাকিস্তান |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
শিক্ষা | লিংগ অধ্যয়নত স্নাতকোত্তৰ |
পেচা | নাৰীবাদী, মহিলাৰ অধিকাৰকৰ্মী |
সংস্থা | Society for Appraisal and Women Empowerment in Rural Areas (SAWERA) |
জনা যায় | মহিলা অধিকাৰ কৰ্মী, চাৱেৰাৰ সহ-প্ৰতিষ্ঠাপক |
ফৰিদা কোকিখেল আফ্ৰিদি (ইংৰাজী: Fareeda Kokikhel Afridi) আছিল এগৰাকী পাকিস্তানী নাৰীবাদী, পাকিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। ২০১২ চনৰ জুলাই মাহত ২৫ বছৰ বয়সত কামলৈ যোৱাৰ পথত তেওঁ গুলীবিদ্ধ হয়।[1][2][3]
আফগানিস্তানৰ সীমান্তৱৰ্তী পাকিস্তানৰ উত্তৰ-পশ্চিমৰ এটা দৰিদ্ৰ অৰ্ধস্বায়ত্তশাসিত অঞ্চল ফেডাৰেল প্ৰশাসনিক জনজাতি অঞ্চল (FATA)ৰ অংশ খাইবাৰ জনজাতীয় অঞ্চলত আফ্ৰিদিৰ জন্ম আৰু প্ৰতিপালন হৈছিল। [4]
বিশ্ববিদ্যালয়ৰ পৰা লিংগ অধ্যয়নত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্কুলত পঢ়ি থকাৰ সময়তে তেওঁৰ ভগ্নী নূৰ জিয়া আফ্ৰিদিৰ সৈতে ছ'চাইটি ফৰ এপ্ৰেইজেল এণ্ড ৱমেন এম্পাৱাৰমেণ্ট ইন ৰুৰেল এৰিয়াছ (SAWERA) প্ৰতিষ্ঠা কৰে, যিটো মহিলা পৰিচালিত এন জি অ' যিয়ে ফাটাত মহিলা সবলীকৰণৰ প্ৰচাৰ কৰে।[5][6]
আফ্ৰিদীয়ে পাকিস্তান চৰকাৰ, তালিবান আৰু পাকিস্তানী সমাজৰ পিতৃতান্ত্ৰিক স্বৰূপৰ সমালোচনা কৰিছিল।[7]
২০১২ চনৰ জুন মাহত তেওঁ সাংবাদিকক কয় যে তেওঁক ভাবুকি দিয়া হৈছে। তেওঁৰ বন্ধু আৰু সহকৰ্মীসকলে এই ভাবুকিৰ উৎপত্তি ফাটা তালিবান উগ্ৰপন্থীৰ পৰা হোৱা বুলি সন্দেহ কৰিছিল।[7]
২০১২ চনৰ ৫ জুলাইত পেছাৱৰৰ উপকণ্ঠ অঞ্চল হায়াতাবাদত ঘৰৰ পৰা ওলাই আহি আফ্ৰিদীয়ে দুজন মটৰ চাইকেল আৰোহীয়ে তেওঁৰ মূৰত এবাৰ আৰু ডিঙিত দুবাৰ গুলী চলায় আৰু তাৰ পিছত পলায়ন কৰে। চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Activist's killing reverberates in Pakistan
- ↑ Woman NGO worker shot dead in Peshawar
- ↑ Yusufzai, Zahir (5 July 2012). "A Feminist, Women Rights Activist Killed". FATA Research Centre. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303235204/http://frc.com.pk/news/a-feminist-women-rights-activist-killed/। আহৰণ কৰা হৈছে: 29 October 2012.
- ↑ Zia, Asad (5 July 2012). "Militancy: A progressive voice for tribal women silenced in targeted attack". The Express Tribute (with the International Herald Tribune). http://tribune.com.pk/story/403834/militancy-a-progressive-voice-for-tribal-women-silenced-in-targeted-attack/। আহৰণ কৰা হৈছে: 8 July 2012.
- ↑ "About SAWERA". Safe World for Women. Archived from the original on 18 February 2012. https://web.archive.org/web/20120218142715/http://www.asafeworldforwomen.org/partners-in-asia/partners-in-pakistan/sawera.html। আহৰণ কৰা হৈছে: 8 July 2012.
- ↑ Positive Pakistanis: Sister act
- ↑ 7.0 7.1 Pakistani Women's Rights Activist Fareeda 'Kokikhel' Afridi Shot Dead in Peshawar
- ↑ Crowstaff, Chris (7 July 2012). "Pakistani Women's Rights Activist Fareeda 'Kokikhel' Afridi Shot Dead in Peshawar". TrustLaw (Thomson Reuters). Archived from the original on 5 July 2013. https://archive.today/20130705174634/http://www.trust.org/trustlaw/blogs/the-word-on-women/Pakistani-womens-rights-activist-fareeda-kokikhel-afridi-shot-dead-in-peshawar। আহৰণ কৰা হৈছে: 8 July 2012.