ফৰুগ ফাৰোখজাদ
| ফৰুগ ফাৰোখজাদ | |
|---|---|
| জন্ম | ফৰুগজামান ফাৰোখজাদ আৰাঘী ২৯ ডিচেম্বৰ ১৯৩৪[1] তেহৰাণ, ইম্পেৰিয়েল ইৰান |
| মৃত্যু | ১৩ ফেব্ৰুৱাৰী, ১৯৬৭ (৩২ বছৰ) তেহৰাণ, ইম্পেৰিয়েল ষ্টেট অৱ ইৰান |
| সমাধিস্থল | জাহিৰ দৌলে কবৰস্থান |
| পেচা | কবি, চলচ্চিত্ৰ নিৰ্মাতা |
| ৰাষ্ট্ৰীয়তা | ইৰানী |
| দাম্পত্যসংগী | পাৰভিজ শ্বাপুৰ (বি. ১৯৫২; বিবি. ১৯৫৫) |
| সহযোগী | ইব্ৰাহিম গোলেস্তান (১৯৬০–১৯৬৭) |
| সন্তান | কাময়াৰ হোছেইন (দত্তক) |
| আত্মীয়-স্বজন | ফেৰেডৌন ফাৰোখজাদ (ভাতৃ) পুৰান ফাৰোখজাদ (ভগ্নী) |
ফৰুগ ফাৰোখজাদ (ফাৰ্চী: فروغ فرخزاد; ২৯ ডিচেম্বৰ ১৯৩৪ – ১৪ ফেব্ৰুৱাৰী ১৯৬৭) এগৰাকী প্ৰভাৱশালী ইৰানী কবি আৰু চলচ্চিত্ৰ পৰিচালক আছিল।[2] তেওঁ এগৰাকী বিতৰ্কিত আধুনিকতাবাদী কবি আৰু পৰম্পৰা বিৰোধী নাৰীবাদী লেখিকা আছিল।[3][4][5] মাত্ৰ ৩২ বছৰ বয়সতে এটা পথ দুৰ্ঘটনাত ফাৰোখজাদৰ মৃত্যু হয়।
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]ফৰুগ ফাৰোখজাদৰ জন্ম ১৯৩৪ চনৰ ২৯ ডিচেম্বৰত ইৰানৰ তেহৰাণত হৈছিল। তেওঁৰ পিতৃ আছিল কৰ্মজীৱী সামৰিক বিষয়া কৰ্ণেল মহম্মদ বাঘেৰ ফাৰোখজাদ (ফাৰ্চী ফাৰোখজাদ পৰিয়ালটো মূলতঃ টাফ্ৰেছৰ আছিল) আৰু মাতৃ তুৰান ভাজিৰী-তাবাৰ। সাতজন সন্তানৰ ভিতৰত চতুৰ্থ সন্তান (আনসকল আছিল আমিৰ, মাছৌদ, মেহৰদাদ, ফেৰেডৌন, পুৰান আৰু গ্ল’ৰিয়া) ফৰুগে নৱম শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছিল আৰু তাৰ পিছত এখন ছোৱালীৰ হস্তশিল্প বিদ্যালয়ত চিত্ৰকলা আৰু চিলাই কাম শিকিছিল।
১৬ বছৰ বয়সত তেওঁ ব্যংগ লেখক পাৰভিজ শ্বাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ চিত্ৰকলা আৰু চিলাইৰ ক্লাছ লৈ নিজৰ শিক্ষা অব্যাহত ৰাখে আৰু স্বামীৰ সৈতে আহভাজলৈ স্থানান্তৰিত হয়। এবছৰৰ পাছত তেওঁলোকৰ একমাত্ৰ সন্তান কাময়াৰ শ্বাপুৰৰ জন্ম হয় (যি 'দ্য ৰিটাৰ্ন' কবিতাটোৰ মূল বিষয়-বস্তু আছিল)।
"পাৰভিজৰপৰা পৃথক হোৱাৰ পিছত আৰু পিছলৈ বিবাহ বিচ্ছেদ (১৯৫৪) হোৱাৰ পিছত, তেওঁ পুত্ৰৰ তত্ত্বাৱধানৰ অধিকাৰ হেৰুৱাইছিল কাৰণ তেওঁৰ কেইবাটাও প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁৰ পুত্ৰ কাময়াৰক (যাক তেওঁ মৰমেৰে কা্মী বুলি মাতিছিল) তেওঁৰপৰা কাঢ়ি লৈ পাৰভিজ আৰু তেওঁৰ পৰিয়ালে প্ৰতিপালন কৰিছিল। ফৰুগক পুত্ৰক লগ ধৰাৰ খুব কম অধিকাৰ দিয়া হৈছিল আৰু ল’ৰাটোক এই ধাৰণাৰে ডাঙৰ-দীঘল কৰা হৈছিল যে তেওঁৰ মাকে কবিতা আৰু নিজৰ যৌন সুখৰ অন্বেষণত তাক পৰিত্যাগ কৰিছে। তেওঁৰ পুত্ৰই তেওঁক ইচ্ছাকৃতভাৱে পৰিত্যাগ কৰা বুলি ভবাৰ চিন্তাটোৱেই ফৰুগৰ বাবে চৰম দুখ আৰু নিৰন্তৰ যন্ত্ৰণাৰ উৎস আছিল।" [6] ১৯৫৫ চনৰ ছেপ্টেম্বৰ মাহত মানসিক স্নায়ৱিক ভাঙোনৰ পিছত ফাৰোখজাদক এমাহৰ বাবে এটা মানসিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।[7]
ফাৰোখজাদে ১৯৫৮ চনত ইউৰোপত ন মাহ অতিবাহিত কৰিছিল। ইৰানলৈ ঘূৰি অহাৰ পাছত চাকৰিৰ সন্ধানত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা তথা লেখক ইব্ৰাহিম গোলেস্তানক লগ পায়। গোলেস্তানে তেওঁৰ স্বাধীনভাৱে জীয়াই থকা আৰু মনৰ ভাব প্ৰকাশ কৰাৰ প্ৰৱণতাক অধিক শক্তিশালী কৰি তুলিছিল আৰু তেওঁলোকৰ মাজত এক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।[8]
কুষ্ঠৰোগত আক্ৰান্ত ইৰানীয়সকলক লৈ এখন ছবি নিৰ্মাণ কৰিবলৈ তাব্ৰিজলৈ যোৱাৰ পূৰ্বে তেওঁ 'দ্য ৱাল' আৰু 'দ্য ৰেবেলিয়ন' নামৰ আৰু দুটা খণ্ড প্ৰকাশ কৰে। ১৯৬২ চনৰ এই তথ্যচিত্ৰখনৰ নাম আছিল দ্য হাউচ ইজ ব্লেক, যাক 'ইৰানিয়ান নিউ ৱেভ' আন্দোলনৰ এক অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰা হয়।[9] ১২ দিনীয়া শ্বুটিং চলি থকাৰ সময়তে তেওঁ দুজন কুষ্ঠৰোগীৰ সন্তান হোছেইন মানচুৰীৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হয়। তেওঁ ল’ৰাটোক দত্তক লৈ মাকৰ ঘৰত ডাঙৰ-দীঘল কৰিবলৈ লৈ আহে।
১৯৬৪ চনত তেওঁ ৰী বৰ্ণ প্ৰকাশ কৰে। সেই সময়ত তেওঁৰ কবিতাৰ শৈলী পূৰ্বৰ ইৰানীয় কাব্যিক পৰম্পৰাতকৈ সম্পূৰ্ণ পৃথক আছিল।
মৃত্যু
[সম্পাদনা কৰক]১৯৬৭ চনৰ ১৪ ফেব্ৰুৱাৰীত মাত্ৰ ৩২ বছৰ বয়সতে এক পথ দুৰ্ঘটনাত ফাৰোখজাদৰ মৃত্যু হয়।[5] যদিও তেওঁৰ মৃত্যুৰ প্ৰকৃত পৰিস্থিতিক লৈ বহু তৰ্ক-বিতৰ্ক চলি আহিছে, চৰকাৰী তথ্য অনুসৰি তেওঁ সন্মুখৰপৰা অহা এখন স্কুল বাছক বচাবলৈ নিজৰ জীপখন হঠাতে ঘূৰাই দিওঁতে গাড়ীৰপৰা চিটকি পৰিছিল আৰু পদপথৰ শিলত মূৰত আঘাত পাইছিল। চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰা হৈছিল। অৱশ্যে ফাৰজানেহ মিলানীয়ে তেওঁৰ 'ফৰুগ ফাৰোখজাদ: আ লিটাৰেৰী বায়’গ্ৰাফী ৱিথ আনপাব্লিচড লেটাৰ্চ' নামৰ কিতাপখনত ইব্ৰাহিম গোলেস্তানৰ এটা সাক্ষাৎকাৰ উল্লেখ কৰিছে, য’ত গোলেস্তানে ফৰুগৰ অন্তিম মুহূৰ্তত তেওঁৰ কোলাতেই শেষ-নিশ্বাস ত্যাগ কৰা বুলি কৈছে।[10] ফাৰোখজাদৰ মৃত্যুৰ পাছত প্ৰকাশ পোৱা কবিতা "লেট আছ বিলীভ ইন দ্য ডন অৱ দ্য ক’ল্ড চিজন"ক বহুতৰে মতে ফাৰ্চী ভাষাৰ অন্যতম শ্ৰেষ্ঠ আধুনিক কবিতা হিচাপে গণ্য কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Farzaneh Milani (11 March 2016). Forough Farrokhzhad's Biography & Unpublished Letters (Video). Library of Congress. Event occurs at 12:31-13:00. Retrieved 17 August 2017.
- ↑ Dabashi, Hamid (20 November 2012). The World of Persian Literary Humanism. Harvard University Press. পৃষ্ঠা. 290–. ISBN 978-0-674-07061-5. https://books.google.com/books?id=wqWIhuwtppUC&pg=PT290.
- ↑
- Daniel, Elton L.; Mahdi, Ali Akbar (2006). Culture and Customs of Iran. Greenwood Press. পৃষ্ঠা. 81–82. ISBN 978-0-313-32053-8.
- ↑ Janet Afary (9 April 2009). Sexual Politics in Modern Iran. Cambridge University Press. পৃষ্ঠা. 283–. ISBN 978-1-107-39435-3. https://books.google.com/books?id=rwYmAgAAQBAJ&pg=PT283.
- 1 2 Parvin Paidar (24 July 1997). Women and the Political Process in Twentieth-Century Iran. Cambridge University Press. পৃষ্ঠা. 168–. ISBN 978-0-521-59572-8. https://books.google.com/books?id=2CP61Ke2cTQC&pg=PA168.
- ↑ from Sin: Selected Poems of Forugh Farrokhzad by Sholeh Wolpe, University of Arkansas Press, 2007
- ↑ Rahimi Bahmany, Leila (2015-03-01). Mirrors of Entrapment and Emancipation : Forugh Farrokhzad and Sylvia Plath. Leiden University Press. doi:10.24415/9789087282240. ISBN 978-90-8728-224-0. http://oapen.org/search?identifier=642714.
- ↑ Dehghan, Saeed Kamali (2017-02-12). "Former lover of the poet known as Iran's Sylvia Plath breaks his silence" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/books/2017/feb/12/forough-farrokhzad-iranian-poet-ebrahim-golestan-slyvia-plath.
- ↑ "Forugh Farrokhzad". IMDb. https://www.imdb.com/name/nm1265720/bio। আহৰণ কৰা হৈছে: 2017-10-20.
- ↑ زندگی نامه ادبی فروغ فرخ زاد همراه با نامههای چاپ نشده
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ফৰুগ ফাৰোখজাদ সম্পৰ্কীয় মিডিয়া ফাইল।- ফৰুগ ফাৰোখজাদ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Website with poems by Farrokhzad
- Words Without Borders Campus
- The Legendary Iranian Poet Who Gave Me Hope, Literary Hub
- Interview on Pusle Berlin
- I Have Sinned. Forugh Farrokhzad in Best American Poetry blog Archived 2025-09-13 at the Wayback Machine
- Iran Chamber's Article on Forugh
- Terrestrial Verses Forough's poem translated by Mohammad Rajabpur
- Interview with Simin Behbahani on the occasion of the fortieth anniversary of Forugh Farrokhzad's death on Thursday 13 February 2007 (BBC Persian)
- Forugh Farrokhzad's poem Reborn as translated and recited by Sholeh Wolpé