বঙ্গদৰ্শন

বঙ্গদৰ্শন হ'ল ১৮৭২ চনত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে প্ৰতিষ্ঠা কৰা এখন বাংলা সাহিত্য আলোচনী।[1] এইখন ১৯০১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পাদনাত পুনৰ প্ৰকাশিত হৈছিল। এই আলোচনীখনে বাঙালীৰ পৰিচয় গঢ়িবলৈ আৰু বঙ্গত ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
বঙ্কিমৰ বহুতো উপন্যাস এই আলোচনীখনত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল আৰু ইয়াত সংস্কৃত পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰী, সাহিত্য সমালোচক অক্ষয়চন্দ্ৰ সৰকাৰ আৰু আন বহুতো বুদ্ধিজীৱীৰ ৰচনা প্ৰকাশিত হৈছিল। আলোচনীখনে পুৰাণ, বেদ আৰু বেদান্তৰ ওপৰত বহুতো প্ৰবন্ধ প্ৰকাশ কৰিছিল, যি বাঙালী বুদ্ধিজীৱী সমাজত আধুনিকতাৰ নামত অহা নতুন ধাৰণাবোৰৰ লগত মিলাই আৰু সেয়া গ্ৰহণ কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ এটা প্ৰচেষ্টা আছিল।[2]
আলোচনীখন কেৱল জ্ঞান বিতৰণৰ মাধ্যমৰ বাবে নহয়, ইয়াত থকা আকৰ্ষণীয় কাহিনীবোৰ পঢ়িবলৈ পাঠকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল, বিশেষকৈ বঙ্কিমৰ উপন্যাসৰ পৰৱৰ্তী খণ্ডৰ বাবে। বাঙালী বুদ্ধিজীৱী পাঠকৰ উপৰি বাংলা পঢ়িব পৰা বহুতো মহিলা পাঠকৰ মাজতো আলোচনীখন জনপ্ৰিয় আছিল।
এই আলোচনীখনত প্ৰথম ধাৰাবাহিক উপন্যাস হিচাপে ১৮৭৩ চনত প্ৰকাশিত হৈছিল চমকপ্ৰদ বিষবৃক্ষ। ইয়াৰ পিছত সেই বছৰতেই প্ৰকাশিত হৈছিল ইন্দিৰা আৰু ১৮৭৪ চনত যুগলাঙ্গুৰীয়। পৰৱৰ্তী সময়ত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ প্ৰায় সকলো উপন্যাস এই আলোচনীখনত প্ৰকাশিত হৈছিল।
১৮৭৬ চনত ৰাধাৰাণী আৰু চন্দ্ৰশেখৰ প্ৰকাশিত হোৱাৰ পিছত আলোচনীখনে এক বিৰতিৰ সন্মুখীন হৈছিল। কিন্তু কিছুদিনৰ ভিতৰতে বঙ্কিমৰ ভায়েক সঞ্জীৱচন্দ্ৰ চট্টোপাধ্যায়ে ইয়াক পুনৰ আৰম্ভ কৰিছিল আৰু বঙ্কিমো মুখ্য লেখক হিচাপে অংশগ্ৰহণ কৰিছিল। ১৮৭৭ৰপৰা ১৮৮১ৰ ভিতৰত ইয়াত প্ৰকাশিত উপন্যাসসমূহত আছিল ৰজনী, কৃষ্ণকান্তৰ উইল আৰু ৰাজপুত বিষয়ক উপন্যাস ৰাজসিংহ। বিশেষকৈ ১৮৮২ চনত প্ৰকাশিত আনন্দমঠ উপন্যাসখনে সন্ন্যাসী যোদ্ধাৰ বিদ্ৰোহৰ কাহিনী বৰ্ণনা কৰিছিল। যদিও যুদ্ধটো মুছলিম বাহিনীৰ বিৰুদ্ধে, কিন্তু পটভূমিত ইংৰাজ চৰকাৰৰ উপস্থিতি দেখুওৱা হৈছে। এই উপন্যাসতেই বন্দে মাতৰম গীতটো অন্তৰ্ভুক্ত।
ঊনবিংশ শতিকাৰ বঙ্গদেশত এই আলোচনীখনৰ প্ৰভাৱৰ গভীৰতা ৰবীন্দ্ৰনাথ ঠাকুৰৰ শৈশৱৰ স্মৃতিৰে অনুমান কৰা যায় — আলোচনীখন আৰম্ভ হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১১ বছৰ।
১৮৮০ দশকৰ অন্তত আলোচনীখনৰ প্ৰকাশ সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।


নতুন বঙ্গদৰ্শন
[সম্পাদনা কৰক]১৯০১ চনত শৈলেশচন্দ্ৰ মজুমদাৰৰ উদ্যোগত নতুন বঙ্গদৰ্শন প্ৰকাশিত হৈছিল আৰু ইয়াৰ সম্পাদক আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। ঠাকুৰে ১৯০৫ চনলৈকে আলোচনীখনৰ সম্পাদনা কৰিছিল।[3] এই আলোচনীখনত ৰবীন্দ্ৰনাথৰ বহু লেখা প্ৰকাশিত হৈছিল; তাৰ আগলৈকে তেওঁ মূলতঃ চুটিগল্প লিখিছিল, কিন্তু আলোচনীখনৰ দায়িত্বই তেওঁৰ মনত উপন্যাস লিখাৰ প্ৰেৰণা জাগ্ৰত কৰিছিল। তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ উপন্যাস চোখেৰ বালি এই আলোচনীখনত ধাৰাবাহিক ৰূপে প্ৰকাশিত হৈছিল[4] আৰু এইখন উপন্যাসে বাংলা সাহিত্যৰ অন্যতম জনপ্ৰিয় মনস্তাত্ত্বিক উপন্যাস হিচাপে খ্যাতি লাভ কৰিছিল। আলোচনীখন মাহেকীয়া হিচাপে প্ৰকাশিত হৈছিল।[5]
আলোচনীখনৰ দৰ্শন আগৰ বঙ্গদৰ্শনৰ দৰেই আছিল, যাৰ উদ্দেশ্য আছিল উন্মেষমান ৰাষ্ট্ৰীয়তাবাদী মনোভাবক দাঙি ধৰা। প্ৰকাশকৰ কাৰ্যালয়, যাক "মজুমদাৰ লাইব্ৰেৰী" বোলা হৈছিল, বহুতো বুদ্ধিজীৱী আৰু সাহিত্যপ্ৰেমীৰ মিলনৰ ঠাই হৈ পৰিছিল। বঙ্গভঙ্গ আন্দোলনৰ সময়ত আলোচনীখনে প্ৰতিবাদৰ এক জ্বালামুখী ৰূপ লৈছিল। ৰবীন্দ্ৰনাথৰ গীতাঞ্জলি যুগৰ (আৰু তাৰ আগৰ) বহুতো কবিতা ইয়াত প্ৰকাশিত হৈছিল; ইয়াৰ ভিতৰত আছিল আমাৰ সোনাৰ বাংলা, যি আজি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ulka Anjaria (8 July 2015). A History of the Indian Novel in English. Cambridge University Press. পৃষ্ঠা. 32. ISBN 978-1-107-07996-0. https://books.google.com/books?id=ZU3zCQAAQBAJ&pg=PA33। আহৰণ কৰা হৈছে: 25 August 2016.
- ↑ Simonti Sen (2005). Travels to Europe: self and other in Bengali travel narratives, 1870-1910. Orient Blackswan.
- ↑ Kiran Sharma (December 2020). "Rabindranath Tagore’s Views on Science and Spiritualism". Literary Herald খণ্ড 6 (4): 145. http://tlhjournal.com/uploads/products/18.kiran-sharma-article.pdf.
- ↑ প্ৰভাতকুমাৰ মুখোপাধ্যায়, ৰবীন্দ্ৰজীৱনকথা, আনন্দ প্ৰকাশন, বঙ্গাব্দ ১৩৮৮, পৃঃ ৫৫।
- ↑ Ulka Anjaria (2015). A History of the Indian Novel in English. Cambridge University Press. পৃষ্ঠা. 69. ISBN 978-1-107-07996-0. https://books.google.com/books?id=ZU3zCQAAQBAJ&pg=PA33.